সমললৈ যাওক

অৰুণ গোবিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰুণ গোবিল

২০০৯ চনত গোবিল
জন্ম ১২ জানুৱাৰী, ১৯৫৮ (৬৮ বছৰ)
মিৰাত, উত্তৰ প্ৰদেশ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা
  • অভিনেতা
  • প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ১৯৭৭ – বৰ্তমান
জনা যায় ৰামায়ণশ্ৰীৰাম
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী শ্ৰীলেখা গোবিল
সন্তান
আত্মীয়-স্বজন তৱচ্চুম (খুলশালী)[1]

অৰুণ গোবিল (ইংৰাজী: Arun Govil, জন্ম: ১২ জানুৱাৰী ১৯৫৮) এগৰাকী ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ।[2][3][4] তেওঁ হিন্দী, ভোজপুৰী, ব্ৰজ ভাষা, ওড়িয়া আৰু তেলেগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ৰামানন্দ সাগৰৰ জনপ্ৰিয় টেলিভিচন ধাৰাবাহিক ৰামায়ণ (১৯৮৭) -ত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে অধিক জনাজাত। তেওঁ প্ৰশান্ত নন্দৰ “পহেলী” (১৯৭৭) -ৰ যোগেদি বলীউডত আত্মপ্ৰকাশ কৰিছিল।[5] তেওঁ কনক মিশ্ৰাৰ চাৱান কো আনে দো (১৯৭৯) আৰু সত্যেন বসুৰ চাঞ্চ কো আঞ্চ নেহী (১৯৭৯) -ত অভিনয় কৰিছিল।[6][7] তেওঁ ৰামানন্দ সাগৰৰ বিক্ৰম ঔৰ বেতাল (১৯৮৫) -ত এটি সৰু চৰিত্ৰৰে আত্মপ্ৰকাশ কৰিছিল।[8] ৰামানন্দ সাগৰৰামায়ণ ধাৰাবাহিকত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ ১৯৮৮ চনত মুখ্য ভূমিকা শিতানত শ্ৰেষ্ঠ অভিনেতাৰ আপট্ৰ’ন বঁটা (Uptron Award) লাভ কৰিছিল। তেওঁ ৰামানন্দ সাগৰৰ লৱ কুশত পুনৰ ৰামৰ চৰিত্ৰত অভিনয় কৰিছিল।[9]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

অৰুণ গোবিলক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে ২৫ মাৰ্চ ২০২৪-ত উত্তৰ প্ৰদেশৰ মীৰাট লোকসভা সমষ্টিৰ পৰা মনোনীত কৰা হয়।[10] ৪ জুন ২০২৪-ত তেওঁ মীৰাট লোকসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰি লোকসভালৈ নিৰ্বাচিত হয়।[11]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Nargis, Meena Kumari, Madhubala, Suraiya... they all loved me". www.rediff.com. https://www.rediff.com/movies/report/i-never-became-a-big-heroine-tabassum/20141029.htm আহৰণ কৰা হৈছে: 2018-11-11.
  2. "Birthday wishes for Amit, Navina, Yash and Arun" (en ভাষাত). Tellychakkar Dot Com. 2012-10-30. https://www.tellychakkar.com/tv/tv-news/birthday-wishes-amit-navina-yash-and-arun আহৰণ কৰা হৈছে: 2020-02-18.
  3. "Arun Govil movies, filmography, biography and songs - Cinestaan.com". Cinestaan. Archived from the original on 2018-04-02. https://web.archive.org/web/20180402040905/https://www.cinestaan.com/people/arun-govil-10221 আহৰণ কৰা হৈছে: 2018-04-01.
  4. "Arun Govil - BollywoodMDB" (en ভাষাত). www.bollywoodmdb.com. http://www.bollywoodmdb.com/celebrities/arun-govil/6141 আহৰণ কৰা হৈছে: 2018-04-01.
  5. "Paheli (1977) - Review, Star Cast, News, Photos | Cinestaan". Cinestaan. Archived from the original on 2018-11-11. https://web.archive.org/web/20181111003048/https://www.cinestaan.com/movies/paheli-4741 আহৰণ কৰা হৈছে: 2018-11-10.
  6. "Sawan Ko Aane Do (1979) - Review, Star Cast, News, Photos | Cinestaan". Cinestaan. Archived from the original on 2018-11-11. https://web.archive.org/web/20181111001543/https://www.cinestaan.com/movies/sawan-ko-aane-do-5029 আহৰণ কৰা হৈছে: 2018-11-10.
  7. "Saanch Ko Aanch Nahin (1979) - Review, Star Cast, News, Photos | Cinestaan". Cinestaan. Archived from the original on 2018-11-11. https://web.archive.org/web/20181111001516/https://www.cinestaan.com/movies/saanch-ko-aanch-nahin-4962 আহৰণ কৰা হৈছে: 2018-11-10.
  8. "Vikram Aur Betaal: It was great storytelling with a twist" (en ভাষাত). 2016-05-12. https://www.hindustantimes.com/tv/vikram-aur-betaal-it-was-great-storytelling-with-a-twist/story-0oiq7ZcvrkkgQqNFJMi0FN.html.
  9. "Luv Kush, Uttar Ramayan episodes". www.youtube.com. https://www.youtube.com/playlist?list=PL4E0DC6FA3D54BCBA আহৰণ কৰা হৈছে: 2018-11-11.
  10. The Hindu (24 March 2024). "Kangana Ranaut, Arun Govil, Maneka Gandhi in BJP fifth list; Varun Gandhi dropped" (en-IN ভাষাত). https://www.thehindu.com/elections/lok-sabha/lok-sabha-elections-2024-bjp-releases-111-more-candidates-on-march-24-2024/article67988538.ece.
  11. "Arun Govil To Rachana Banerjee, Celebrity Winners Of Lok Sabha Elections 2024". ABP news. https://news.abplive.com/photo-gallery/entertainment/celebrities-arun-govil-to-rachana-banerjee-celebrity-winners-of-lok-sabha-elections-2024-celebrity-wins-this-lok-sabha-election-2024-1693339.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]