সমললৈ যাওক

দিলীপ শইকীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দিলীপ শইকীয়া
লোকসভাৰ সাংসদ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
জুন, ২০২৪
পূৰ্বসূৰী নতুন সমষ্টি গঠন
সমষ্টি দৰং উদালগুৰি
লোকসভাৰ সাংসদ
কাৰ্যকাল
২০১৯  জুন, ২০২৪
পূৰ্বসূৰী ৰমেন ডেকা
উত্তৰসূৰী সমষ্টি ভংগ
সমষ্টি মঙ্গলদৈ সমষ্টি, অসম
ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, ভাৰতীয় জনতা পাৰ্টী
কাৰ্যকাল
ছেপ্টেম্বৰ, ২০১৯  জুলাই, ২০২৩
ভাৰতীয় জনতা পাৰ্টী অসমৰ ৰাজ্যিক সভাপতি
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৬ জানুৱাৰী, ২০২৫
পূৰ্বসূৰী ভৱেশ কলিতা
ব্যক্তিগত তথ্য
জন্ম ১ ছেপ্টেম্বৰ, ১৯৭৩ (৫২ বছৰ)
নলবাৰী, অসম [1]
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টী (২০১৫-বৰ্তমানলৈ)
দাম্পত্যসঙ্গী নিজু বৰ্মন শইকীয়া
সন্তান কৃষ্টি শইকীয়া
পিতৃ-মাতৃ প্ৰবীন শইকীয়া (পিতৃ)
শিক্ষানুষ্ঠান গুৱাহাটী কমাৰ্চ কলেজ (গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত)
পেচা ৰাজনীতিবিদ

দিলীপ শইকীয়া (ইংৰাজী: Dilip Saikia) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ ৰাজ্যিক সভাপতি। ২০১৯ চনত ভাৰতৰ সাধাৰণ নিৰ্বাচনত মঙ্গলদৈ সমষ্টিৰ পৰা প্ৰথমবাৰলৈ লোকসভালৈ ভাৰতীয় জনতা পাৰ্টীৰ পৰা নিৰ্বাচিত হয়।[2] অসমত সমষ্টিৰ পুনৰ্নিৰ্ধাৰণ হোৱাৰ পাছত ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত শইকীয়াই দৰং উদালগুৰি সমষ্টিৰ পৰা ৩২৯০১২ ভোটৰ ব্যৱধানত নিকটতম প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি নৱ গঠিত সমষ্টিটোৰ প্ৰথমজন সাংসদ নিৰ্বাচিত হয়। [3] তেওঁ ছেপ্টেম্বৰ ২০১৯ চনৰ পৰা জুলাই ২০২৩ চনলৈকে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আছিল।[4] পূৰ্বে তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক আৰু সাংগঠনিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]