অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ अखिल भारतीय विद्यार्थी परिषद | |
---|---|
চমু নাম | অ:ভা:বি:প: |
নীতিবাক্য | জ্ঞান-শীল-একতা (Knowledge-Character-Unity) |
প্ৰতিষ্ঠা | ১৯৪৮ |
ধৰণ | ছাত্ৰ সংগঠন |
প্ৰধান কাৰ্যালয় | মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
ৰাষ্ট্ৰীয় সভাপতি | ড° নাগেশ ঠাকুৰ |
ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক |
বিনয় বিদ্ৰে |
ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক |
সুনীল আম্বেদকাৰ |
মূল ক্ষমতা | ৰাষ্ট্ৰীয় ছাত্ৰশক্তি |
ৱেবছাইট | www.abvp.org |
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ইং: Akhil Bharatiya Vidyarthi Parishad ),সৰ্বভাৰতীয় পৰ্যায়ত শিক্ষাৰ ক্ষেত্ৰত কৰ্মৰত সোপন্থী ছাত্ৰ সংগঠন । অ ভা বি প ৰ প্ৰতিষ্ঠা হৈছিল ১৯৪৮ চনত আৰু পিছলৈ 1949 চনৰ 9 জুলাই তাৰিখে আনুষ্ঠানিক ভাৱে পঞ্জীভুত হয়।[1] ই ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন ৷ [2]
২০১৪চনৰ নবেম্বৰৰ অনুসৰি ড° নাৰ্গেশ ঠাকুৰ(চিমলা)পৰিষদৰ ৰাষ্ট্ৰীয় সভাপতি আৰু বিনয় বিদ্ৰে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক পদত অধিস্থিত । [3]
সূচী
ইতিহাস[সম্পাদনা কৰক]
ছাত্ৰশক্তিক ৰাষ্ট্ৰ পুনৰ্নিৰ্মাণৰ বাবে উদ্বুদ্ধ কৰাৰ লক্ষৰে অ ভা বি প ৰ জন্ম হৈছিল ভাৰতৰ স্বাধীনতাৰ এবছৰ পিছতে ১৯৪৮ চনত । কেইজন মান ছাত্ৰ শিক্ষকে আগভাগ লোৱা পৰিষদৰ পৰিৱৰ্তি সময়ত ১৯৪৯ চনৰ ৯ জুলাইত পঞ্জীভূত হয় ।প্ৰথম কেইবছৰমান ধীৰ গতিত আগবঢ়া পৰিষদখন, ১৯৫৮ চনত য়চৱন্ত কেলকাৰে দায়িত্ব লোৱাৰ পিছত নতুন গতি লাভ কৰে। কেলকাৰ আছিল বম্বেৰ এজন প্ৰৱক্তা ।তেওঁ পৰিষদৰ বৰ্তমানৰ অৱস্থা পোৱাত অগ্ৰণী ভূমিকা পালন কৰিছিল । তেওঁক পৰিষদৰ মুখ্য গুৰি ধৰোতা হিছাপে অভিহিত কৰা হয় ।[4]
ক্ৰমান্বয়ে পৰিষদৰ কৰ্মৰ পৰিসৰ ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়লৈ বিয়পি পৰিল ।[5] ভাজপাৰ ছাত্ৰ সংগঠন বুলি এক গুজৱ চলি থাকে যদিও, পৰিষদ প্ৰকৃততে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ(আৰ এচ এচ)ৰ হে ছাত্ৰ সংগঠন বুলি নিজকে অভিহিত কৰে ।[6][7] ইয়াৰ প্ৰতিষ্ঠা ভাজপাতকৈ বহু আগত৷ অৱশ্যে পৰিষদে ভাজপাৰ যুৱ সংগঠন ভাৰতীয় যুৱ মৰ্চাৰ লগত কিছু সমযত যুটীয়া কাৰ্যসূচী গ্ৰহণ কৰে ৷[8][9]
কাৰ্যকলাপ[সম্পাদনা কৰক]
পৰিষদে ৰাষ্ট্ৰীয় অখণ্ডতাৰ লক্ষ্যৰে বহুতো প্ৰকল্প হাতত লৈছে । তদুপৰি সামাজিক দায়িত্ব বোধেৰে বিভিন্ন অৰ্থ-সামাজিক সমস্যা তথা অন্যান্য সমস্যাৰ সমাধানৰ লক্ষ্যৰে বহুতো প্ৰকল্প হাতত লৈছে ।পৰিষদে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সমূহ হ’ল[উদ্ধৃতিৰ প্ৰয়োজন]:
- কিতাপ-বেংক
- আন্তঃমহাবিদ্যলয় আৰু আন্তঃবিশ্ববিদ্যালয়ভিত্তিক সংগীত প্ৰতিযোগীতা
- চিত্ৰাংকণ প্ৰতিযোগীতা
- সাহিত্য প্ৰতিযোগীতা
- ছাত্ৰ লিখক মিট
- ক্ৰীড়া মিট
- প্ৰযুক্তি, চিকিৎসা,ব্যৱস্থাপনা ও কৃষি সম্পৰ্কীয় ছাত্ৰ কৰ্মশালা
- অভিযান্ত্ৰিক ও প্ৰযুক্তিবিদ্যা প্ৰদৰ্শণী
- Students' Vacation Employment Bureau
- First Class First Felicitation functions
- Social participation camps
- Personality development camps
- Indo-foreign Students' Bureau
- Study circles and art circles
- My Home is India
ইয়াৰ উপৰিও পৰিষদে শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণে কাম কৰি আহিছে । [10] বিভিন্ন বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা জৰিয়তেও এই সমস্যাবোৰ সমাধানত গুৰুত্ব আৰোপ কৰিছে।
অভাবিপৰ বিভিন্ন উপসংস্থাসমূহ[সম্পাদনা কৰক]
- World Organisation of Students and Youth (WOSY)
- Students for Development (SFD)[11]
- Student's Experience in Interstate Living (SEIL)
- আৰোহণ(অভিযান্ত্ৰিক উপসংস্থা, অসম)
মূখ্য প্ৰভাৱিত ঠাই[সম্পাদনা কৰক]
যদিও অভাবিপ সমগ্ৰ ভাৰতবৰ্ষ জুৰি বিয়পি আছে, তথাপিও কেইখন মান ৰাজ্যত ইয়াৰ সুদৃঢ় ভেটি আছে। সেই ৰাজ্য সমূহ হ’ল, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, হাৰিয়ানা, হিমাচল প্ৰদেশ, ৰাজস্থান, গুজৰাট, মধ্য প্ৰদেশ, ছত্তীছগঢ়, মহাৰাষ্ট্ৰ, গোৱা,আৰু কৰ্ণাটক । তদুপৰি কেন্দ্ৰীয় শাসিত অঞ্চল সমূহ হ’ল, দিল্লী, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আদি । ইয়াৰ উপৰিও পৰিষদৰ গুৰুত্বপূৰ্ণ প্ৰভাৱিত ৰাজ্য সমূহ হ’ল অসম, কেৰালা, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, ঝাৰখণ্ড, বিহাৰ, পশ্চিম বংগ আৰু পাঞ্জাৱ[উদ্ধৃতিৰ প্ৰয়োজন]।
যদিও অভাবিপ সমগ্ৰ ভাৰতবৰ্ষ জুৰি বিয়পি আছে, তথাপিও হিন্দুত্ববাদী দৃঢ়তাৰ বাবে উত্তৰ ভাৰতত ইয়াৰ প্ৰভাৱ বেছি। তৎস্বত্বেও ইয়াৰ প্ৰভাৱ কেন্দ্ৰীয় ভাৰত আৰু বাংলাদেশৰ সীমন্তৱৰ্তী ৰাজ্যসমূহটো বিৰজমান।
দিল্লী তথা উত্তৰ ভাৰতৰ অন্তৰ্গত বিশ্ববিদ্যালয়সমূহত পৰিষদৰ এক সুদৃঢ় ভেটি আছে। বিশ্ববিদ্যলয় পৰ্যায়ত চকুত লগা ভেটি নাথাকিলেও অসমৰ বিভিন্ন মহবিদ্যালয় পৰ্যায়ত পৰিষদৰ এক ভাল ভেটি আছে ।পৰিষদে সমগ্ৰ ভাৰতৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়,অভিযান্ত্ৰিক তথা বৃত্তিমুখি প্ৰতিষ্ঠানকে ধৰি গৱেষণা প্ৰতিষ্ঠানক সামৰি লৈছে। পৰিষদৰ দিল্লী বিশ্ববিদ্যালয়, হিমাচল প্ৰদেশ, ৰাজস্থানটো প্ৰভাৱ আছে[উদ্ধৃতিৰ প্ৰয়োজন] ৷
প্ৰকাশন[সম্পাদনা কৰক]
অভাবিপৰ নিজা বাৰ্তালোচনীখন হ'ল "ৰাষ্ট্ৰীয় ছাত্ৰশক্তি" ৷ এই বাৰ্তালোচনীখন নতুন দিল্লীৰ পৰা মাহেকীয়া ভাৱে হিন্দী ভাষাত প্ৰকাশ হয়৷[12] তদুপৰি পৰিষদে বিভিন্ন বিষয়ত আলোচনা-পুথি প্ৰকাশ কৰে৷
চিত্ৰ[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Foundation; retrieved 31 March 2011
- ↑ [1] retrieved on 5 September 2014
- ↑ [www.abvp.org/office-bearers "Error: no
|title=
specified when using {{Cite web}}"]. Abvp.org. www.abvp.org/office-bearers. - ↑ "ABVP history". Abvp.org. http://www.abvp.org/index.php?option=com_content&view=article&id=80&Itemid=58। আহৰণ কৰা হৈছে: 2013-05-06.
- ↑ ABVP largest in world
- ↑ "ABVP not a student wing of mim". Indiatoday.intoday.in. 2011-10-13. http://indiatoday.intoday.in/story/kbc-question-irks-abvp-apology-sought/1/154741.html। আহৰণ কৰা হৈছে: 2013-05-06.
- ↑ ABVP leaders
- ↑ Protests by BJYM, ABVP mar ICET counselling
- ↑ BJYM, ABVP protest against incursion by Chinese
- ↑ "ABVP educational reforms". Thehindu.com. 2012-09-11. http://www.thehindu.com/news/cities/Delhi/article3884573.ece। আহৰণ কৰা হৈছে: 2013-05-06.
- ↑ SFD a forum of ABVP
- ↑ "Обновление FLV Player". Abvp.org. http://www.abvp.org/index.php?option=com_content&view=article&id=65&Itemid=80। আহৰণ কৰা হৈছে: 2013-05-06.
লগতে চাওক[সম্পাদনা কৰক]
- ABVP (2005-12-24). "Resolutions". http://www.abvp.org/resolutions/.
- "ABVP urges policy to stop commercialisation of education". Deccan Herald. 2004-05-02. http://www.deccanherald.com/deccanherald/may022004/d11.asp.
- "ABVP protests against attacks on Indians in Australia". http://www.hindujagruti.org/news/7111.html.