সৌমাৰ নন্দিনী (উপন্যাস)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৌমাৰ নন্দিনী  
লেখক জুৰি শইকীয়া
প্ৰচ্ছদ শিল্পী দিগন্ত বিজয়
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় ঐতিহাসিক
প্ৰকাৰ উপন্যাস
প্ৰকাশক বনলতা প্ৰকাশন
প্ৰকাশ ২০১৫ (দ্বিতীয় প্ৰকাশ ২০১৭)
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ২৮২
আই.এচ.বি.এন. 978-93-92750-78-9

সৌমাৰ নন্দিনী (ইংৰাজী: Soumar Nandini) জুৰি শইকীয়াই ৰচনা কৰা এখন বুৰঞ্জীমূলক অসমীয়া উপন্যাস। ২০১৫ চনত উপন্যাসখনে বনলতা প্ৰকাশনৰ বেনাৰত মুদ্ৰিত ৰূপ লাভ কৰে। ২০১৭ চনত উপন্যাসখন দ্বিতীয়বাৰৰ বাবে প্ৰকাশ পায়।

উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে চুতীয়াসকলৰ ৰাণী সাধনী

প্ৰথম অৱস্থাত লেখিকাই বুৰঞ্জীত পোৱা সমল আৰু ক্ষেত্ৰ অধ্যয়ণৰ শেষত 'বীৰাংগনা সাধনী আৰু সূৰ্য উঠা দেশ' নামৰ এক বুৰঞ্জীমূলক প্ৰবন্ধ সংকলন প্ৰস্তুত কৰি বনলতাৰ স্বত্বাধিকাৰৰ কাষ চাপে। কিন্তু তেওঁ ইয়াৰ পৰিৱৰ্তে এখন উপন্যাস লিখাৰ প্ৰস্তাৱ দিয়ে। এইদৰেই সৌমাৰ নন্দিনীৰ ৰচনাৰ সূত্ৰপাত ঘটে। [1]

পটভূমি[সম্পাদনা কৰক]

চুতীয়া ৰজা ধীৰনাৰায়ণৰ দিনৰে পৰা সৌমাৰ নন্দিনীৰ কাহিনীভাগ আৰম্ভ হৈছে। গ্ৰন্থখনত চুতীয়াসকলৰ শাসনকালৰ এছোৱা সময়ৰ বৰ্ণনা দাঙি ধৰা হৈছে। সাধনীৰ দেশপ্ৰেম আৰু জাতিপ্ৰেমৰ ওপৰত আলোকপাত কৰাৰ লগতে সেই সময়ৰ চুতীয়া দেশ, শাসন-ব্যৱস্থা, সমাজ-ব্যৱস্থা, বিভিন্ন থলুৱা খাদ্যৰ প্ৰস্তুত প্ৰণালী, চুতীয়া ৰাজবংশৰ দ্বাৰা পালিত পূজা পদ্ধতি, ৰণ কৌশল, বিবাহ পদ্ধতি আৰু অন্যান্য লোকাচাৰৰ বিষয়েও উপন্যাসখনত সামৰি লোৱা হৈছে।[1]

লেখিকৰ চমু পৰিচয়[সম্পাদনা কৰক]

সৌমাৰ নন্দিনীৰ লেখিকা জুৰি শইকীয়া এগৰাকী সাংবাদিক, শিক্ষয়িত্ৰী আৰু লেখিকা। 'সাঁ‌জবাতি' আৰু 'ৰাধিকা' তেওঁৰ দ্বাৰা ৰচিত অন্য দুখন গ্ৰন্থ।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 জুৰি শইকীয়া (২০১৫). লেখিকাৰ ক'বলগীয়া. বনলতা. ISBN 978-93-92750-78-9.