সৌমাৰ নন্দিনী (উপন্যাস)
| সৌমাৰ নন্দিনী | |
|---|---|
| লেখক | জুৰি শইকীয়া |
| প্ৰচ্ছদ শিল্পী | দিগন্ত বিজয় |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
| বিষয় | ঐতিহাসিক |
| প্ৰকাৰ | উপন্যাস |
| প্ৰকাশক | বনলতা প্ৰকাশন |
| প্ৰকাশ | ২০১৫ (দ্বিতীয় প্ৰকাশ ২০১৭) |
| মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
| পৃষ্ঠা সংখ্যা | ২৮২ |
| আই.এচ.বি.এন. | 978-93-92750-78-9 |
সৌমাৰ নন্দিনী[1] লেখিকা জুৰি শইকীয়াই লিখা এখন ঐতিহাসিক উপন্যাস। ২০১৫ চনত উপন্যাসখনে বনলতা প্ৰকাশনৰ বেনাৰত মুদ্ৰিত ৰূপ লাভ কৰে। ২০১৭ চনত উপন্যাসখন দ্বিতীয়বাৰৰ বাবে প্ৰকাশ পায়। উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে চুতীয়াসকলৰ ৰাণী সাধনী। প্ৰথম অৱস্থাত লেখিকাই বুৰঞ্জীত পোৱা সমল আৰু ক্ষেত্ৰ অধ্যয়ণৰ শেষত 'বীৰাংগনা সাধনী আৰু সূৰ্য উঠা দেশ' নামৰ এক বুৰঞ্জীমূলক প্ৰবন্ধ সংকলন প্ৰস্তুত কৰি বনলতাৰ স্বত্বাধিকাৰৰ কাষ চাপে। কিন্তু তেওঁ ইয়াৰ পৰিৱৰ্তে এখন উপন্যাস লিখাৰ প্ৰস্তাৱ দিয়ে। এইদৰেই সৌমাৰ নন্দিনীৰ ৰচনাৰ সূত্ৰপাত ঘটে।
লেখক পৰিচিতি
[সম্পাদনা কৰক]সৌমাৰ নন্দিনী লিখি পৰিচিত হৈ পৰা লেখিকা জুৰি শইকীয়াই নব্বৈ দশকৰপৰা প্ৰান্তিক, গৰীয়সী আদিত গল্প লেখি গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। পিছলৈ তেওঁ ২০১৫ চনত বহুপঠিত উপন্যাস সৌমাৰ নন্দিনীৰ যোগেদি অসমীয়া উপন্যাস সাহিত্যত জনপ্ৰিয়তা লাভ কৰে। তেওঁৰ সৰহসংখ্যক গ্ৰন্থ বনলতা আৰু অসম পাবলিচিং কোম্পানীয়ে প্ৰকাশ কৰিছে।[উদ্ধৃতিৰ প্ৰয়োজন]
জুৰি শইকীয়া ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী অসমীয়া ভাষাৰ লেখিকা। তেওঁ মূলতঃ বুৰঞ্জীমূলক, গৱেষণা ধৰ্মী তথা শিশু সাহিত্য সৃষ্টিত বিশেষভাৱে জড়িত। জুৰি শইকীয়া শিৱসাগৰ জিলাৰ আমগুৰিৰ হিলৈদাৰী গাঁৱৰ বাসিন্দা।[উদ্ধৃতিৰ প্ৰয়োজন]
লেখিকাৰ অন্যান্য সাহিত্য কৃতি
[সম্পাদনা কৰক]- সৌমাৰ নন্দিনী
- সাঁজবাতি
- ৰাধিকা
- নাং হিং মূলা
- নিষিদ্ধ যাত্ৰা
- কামৰূপৰ বিক্ৰমাদিত্য মহাৰাজ নৰনাৰায়ণ
- সূৰ্য্য উঠা দেশ আৰু বীৰাঙ্গনা সাধনী
শিশু গ্ৰন্থ
[সম্পাদনা কৰক]- ড° ভীমৰাও আম্বেদকাৰ
- অকণিৰ ভাগৱতৰ সাধু
- যুগান্তৰৰ জয়মতী
- শৰাইঘাটৰ লাচিত বৰফুকন
- বিশ্ব মহাবীৰ চিলাৰাই
- লক্ষ্মীনাথ বেজবৰুৱা
- মণিৰাম দেৱান
- শ্বহীদ কুশল কোঁৱৰ
- সাহসী কনকলতা বৰুৱা
- ৰত্নপীঠৰ ৰত্ন অম্বিকাচৰণ চৌধুৰী
অইল ইণ্ডিয়া শিক্ষাৰত্ন বঁটা প্ৰাপক জুৰি শইকীয়াই দুই শতাধিক প্ৰবন্ধ আৰু তিনিকুৰিৰো অধিক গল্পৰ লেখিকা।[উদ্ধৃতিৰ প্ৰয়োজন]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "কিতাপৰ বিজ্ঞাপন". https://scientiabooks.in/product/nang-hing-mula-juri-saikia/। আহৰণ কৰা হৈছে: 29 January 2026.[সংযোগবিহীন উৎস]