সমললৈ যাওক

ৱিকিপত্ৰিকা, জুলাই-২০২১

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
দশম বৰ্ষ | জুলাই | ২০২১ | সপ্তম সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত এখেতসকলৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক৷
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

মই বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰ। ডিজিটেল মাধ্যমত অসমীয়া ভাষা লিখাৰ প্ৰয়াস, কৈশোৰ কালৰ পৰাই আছিল। ২০১২ চনত ফে’চবুকৰ একাউণ্ট খোলাৰ পাছৰে পৰা এই বিষয়টোকলৈ সচেতন হৈছিলোঁ। কিছু বছৰৰ পাছত মোবাইল ফোনত অসমীয়া লিপি লিখিব পৰাৰ অৱস্থা এটা হ’ল। এইদৰেই ব্যক্তিগত পৰ্যায়ত অসমীয়া লিপি লিখাৰ প্ৰয়াস কৰি আহিছিলোঁ। স্নাতক পৰ্যায়ত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ বৌদ্ধিক পৰিৱেশটোৱে এই গতিক ত্বৰান্বিত কৰিলে। অসমীয়া বিষয়ক প্ৰধান হিচাপে লৈ পঢ়োঁতে স্নাতক চতুৰ্থ ষাণ্মাসিকত ‘কম্পিউটাৰত অসমীয়া ভাষাৰ প্ৰয়োগ’ শীৰ্ষক এখন বাধ্যতামূলক কাকত পঢ়িবলগীয়া হৈছিল। এই কাকতখনৰ বাধ্য-বাধকতাৰ উপৰিও মহাবিদ্যালয় পৰ্যায়ত আলোচনী সম্পাদনাৰ লগত জড়িত হ’বলগীয়া হোৱাৰ বাবে ডিজিটেল মাধ্যমত অসমীয়া ভাষা লিখাটো অপৰিহাৰ্য হৈ উঠিছিল। ড॰ অৰবিন্দ ৰাজখোৱা ছাৰে এই ক্ষেত্ৰত বাট দেখুৱাইছিল।

পাঠ্যক্ৰমৰ বিষয়ৰ সন্ধান কৰোঁতে, অথবা কৌতূহল নিবাৰণৰ বাবে ভূমুকি মাৰোঁতে ইংৰাজী আৰু অসমীয়া ৱিকিপিডিয়াৰ সৈতে পৰিচিতি হৈছিল। কিন্তু সেইয়া আছিল পৰ্যটকসুলভ সাক্ষাৎ। অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে মনত খাঁজ কটাকৈ শুনিছিলোঁ নৰ্থ লখিমপুৰ কলেজৰ অগ্ৰজ, বৰ্তমানৰ সক্ৰিয় ৱিকিমিডিয়ান ভাস্কৰ ভূঞা আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ প্ৰাণকৃষ্ণ বৰগোহাঞি দাদাৰ পৰা অগা-পিছাকৈ। তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষাৰ্থী হোৱাৰ পাছত ৱিকিপিডিয়াৰ প্ৰবন্ধ লিখাৰ পৰিৱেশটোৰে জড়িত হোৱাৰ পৰিস্থিতি আহি পৰিল। দ্বিতীয় ষাণ্মাসিকৰ কাকত, ‘‘সৃষ্টিশীল লেখা, সম্পাদনা আৰু অসমীয়া ডি টি পি’’ শীৰ্ষক কাকতখনৰ পাঠ্য নিৰ্দেশক জ্যোতিষ্মান দাস ছাৰে দিয়া গৃহকৰ্মৰ অংশ হিচাপে ৱিকিপিডিয়াত ‘সংস্কৃতি’ বিষয়ক প্ৰবন্ধ লিখিবলগীয়া হ’ল। ইতিমধ্যে এই বিষয়ত এটা অতিথি বক্তৃতা অসমীয়া ৱিকিমিডিয়াৰ পুৰণি সদস্য গীতাৰ্থ বৰদলৈয়ে আমাক ২৩ মাৰ্চ, ২০২১ তাৰিখে প্ৰদান কৰিছিল। মই প্ৰবন্ধ লিখাৰ বিধা হিচাপে বাচি লৈছিলোঁ, মোৰ গৃহ ঠাই লখিমপুৰৰ ঘিলামৰাৰ ওচৰৰ লখিমপুৰ আৰু ধেমাজি জিলাৰ বিভিন্ন প্ৰাচীন ধৰ্মীয় স্থলসমূহ। সেই অনুসৰি অনন্ত থান (আশ্ৰম), ঘুগুহা দৌল, শ্ৰী শ্ৰী কেশৱচৰণ আতা থান সত্ৰ, মণিপুৰী আই গোসাঁনী থান ইত্যাদি প্ৰবন্ধসমূহ যোগ কৰিলোঁ। ইনফ’ বক্স দিয়া, ৱিকিমিডিয়াত ফটো আপলোড কৰি ৱিকিপিডিয়াৰ প্ৰবন্ধৰ লগত যোগ দিয়া আদিবোৰ কৰি ভালেখিনি নতুন অভিজ্ঞতা লাভ কৰিলোঁ, যিটোৱে মনত বহুখিনি আনন্দ দিলে।

মোক কিছু আশ্চৰ্য-চকিত কৰি ২০২১ বৰ্ষৰ জুন মাহৰ অসমীয়া ৱিকিপত্ৰিকাত মোক ‘প্ৰতিভাবান ন-সম্পাদকৰ পদক’ প্ৰদান কৰিলে। এই ঘোষণাই একেসময়তে ৱিকিপিডিয়াত লিখিবলৈ আগ্ৰহৰ সৃষ্টি কৰিলে আৰু কিছু সংকোচবোধৰো সৃষ্টি কৰিলে। ইমান কম সময়তে মোৰ নামটোৱে পদকৰ তালিকাত আসন লাভ কৰিব বুলি ভবা নাছিলোঁ। তাৰ উপৰিও জুলাই মাহৰ ৱিকিপত্ৰিকাত ‘ৱিকিপিডিয়ানৰ মনৰ কথা’ৰ শিতান মোক লিখিবলৈ সুবিধা দিয়া হ’ল। অকপটে স্বীকাৰ কৰিছোঁ, ইমানখিনি স্বীকৃতিৰে অসমীয়া ৱিকিপিডিয়া সমাজে মোক ঋণীহে কৰিলে। এই ঋণ ৱিকিপিডিয়াত ভালেখিনি বৰঙণি আগ নবঢ়োৱালৈকে পূৰণ নহয়!

অসমীয়া ৱিকিপিডিয়াৰ জগতখনত প্ৰৱেশ কৰিহে অনুভৱ হৈছে, কিদৰে নিৰলে এচাম কী-বৰ্ডৰ সেনানীয়ে অলপো উচ্চ-বাচ্য নকৰাকৈ প্ৰকৃত জাতীয়তাবাদত ব্ৰতী হৈ আছে। এই প্ৰতিগৰাকী সেনানীলৈ মোৰ অপৰিসীম শ্ৰদ্ধা।

-Debasish Buragohain Ghilamara (বাৰ্তা) 17:06, 1 July 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

ভাৰতীয় শিল্পকলা হৈছে চিত্ৰ কৰ্ম, ভাস্কৰ্য, মাটিৰ শিল্প, বয়ন শিল্প আদিৰ এটা মিশ্ৰিত ৰূপ। ভৌগোলিক পৰিসীমাৰ ভিতৰত এই শিল্পই ভাৰতৰ ওচৰ চুবুৰীয়া দেশ সমূহকো প্ৰতিনিধিত্ব কৰে য'ত বৰ্তমানৰ ভাৰত, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, নেপাল, ভূটান আৰু আফগানিস্তানৰ পূব প্ৰান্ত অন্তৰ্ভুক্ত হৈ আছে। বৰ্তমানৰ আধুনিক কলা আৰু পৰম্পৰাগত ভাৰতীয় শিল্প কলাত এই আৰ্হিৰ প্ৰভাৱ আছে।

ভাৰতীয় শিল্পকলাৰ আৰম্ভণি বুলি ঐতিহাসিক যুগৰো পূৰ্বৰ ভাৰতীয় সভ্যতাক নিৰ্দেশ কৰা হয়। যি নেকি বিংশ শতিকাতকৈ ৩০০০ বছৰ পুৰণি সভ্যতাক বুজায়। তেতিয়াৰ পৰা বৰ্তমানলৈকে ভাৰতীয় শিল্পকলাত নানান সাংস্কৃতিক তথা ধৰ্মীয় প্ৰভাৱ পৰে যেনেঃ হিন্দু শিল্পকলা, বৌদ্ধ শিল্পকলা, জৈন শিল্পকলা, শিখ শিল্পকলা আৰু ইছলামিক শিল্পকলা।

ধৰ্মীয় পৰম্পৰাৰ এই জটিল মিশ্ৰণৰ স্বত্বেও, সাধাৰণতে, যিকোনো সময়ত আৰু স্থানত প্ৰচলিত শৈল্পিক শৈলীমুখ্য ধৰ্মীয় গোটবোৰে ভাৰতীয় শিল্পকলাৰ ভাগ বতৰা কৰি আহিছে।

ঐতিহাসিক কলা সমূহ, মুখ্যতঃ শিল আৰু ধাতুৰ ভাস্কৰ্য, সমূহ ভাৰতীয় জলবায়ুত আন মাধ্যমতকৈ ভালদৰে জীয়াই আছে আৰু বেছিভাগ অৱশিষ্টই এটা ভাল অৱয়বত উদ্ধাৰ হৈছে। খনন কাৰ্যত উদ্ধাৰ হোৱা বিভিন্ন শিলত নথকা বহুতো অতি গুৰুত্বপূৰ্ণ প্ৰাচীন সন্ধান ভাৰতৰ ওচৰ চুবুৰীয়া শুষ্ক জলবায়ুৰ ৰাষ্ট্ৰ সমূহত উদ্ধাৰ হৈছে। ভাৰতীয় অন্ত্যেষ্টিক্ৰিয়া আৰু দৰ্শনীয় পৰম্পৰাৰ বাবে কবৰ সমূহত উদ্ধাৰ হ'ব পৰা সামগ্ৰী সমূহৰ ক্ষেত্ৰত ভাৰতে বৰঙণি আগবঢ়াব পৰা নাই, যি নেকি ঐতিহাসিক উদ্ঘাটনৰ এক মুখ্য উৎস।

ভাৰতীয় শিল্প শৈলীক ঐতিহাসিকভাৱে ভাৰতীয় উপমহাদেশৰ বাহিৰতো অনুসৰণ কৰিছিল, তিব্বত, দক্ষিণ পূব এছিয়া আৰু চীনত বিশেষভাৱে ভাৰতীয় শিল্পৰ প্ৰভাৱ আছিল। ভাৰতীয় কলাৰ প্ৰভাৱ বিশেষকৈ মধ্য এছিয়া আৰু ইৰাণ আৰু ইউৰোপৰ দৰে ঠাই সমূহতো পৰিলক্ষিত হৈছে।

ইয়াত বিতংকৈ পঢ়ক


যোৱা মাহৰ ভাল প্ৰবন্ধ ৰ'জাৰ ফেডেৰাৰৰ বিষয়ে ইয়াত পঢ়ক
সৃষ্টি কৰা প্ৰবন্ধসমূহ
জুন-২০২১ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ৯০

  1. শাক-পাচলি
  2. সমাজ
  3. ৰাজনৈতিক দল
  4. কূটনীতি
  5. পুৰুষ
  6. মৃত্যুদণ্ড
  7. দৰিদ্ৰতা
  8. গোলকীয় নাগৰিকত্ব
  9. সাংবাদিকতা
  10. ৰক্ষণশীলতাবাদ
  11. সাম্যবাদ
  12. স্থাপত্য
  13. ফটোগ্ৰাফী

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. ফ্ৰেংক কামেনি
  2. মাৰ্গেৰিটা হেক
  3. লালন
  4. নোভাক জʼকোভিচ

পৌৰাণিক আখ্যান

  1. অচাইৰিছ
  2. ৰা (সূৰ্যদেৱতা)

অন্যান্য

  1. কানাডাৰ খিলঞ্জীয়া লোকসকলৰ আবাসিক স্কুল ব্যৱস্থা
  2. ব্ৰাহ্মণবাৰিয়া জিলা
  3. লাগুনা ডেল মাউলে (আগ্নেয়গিৰি)
  4. ফাৰাও
  5. অসম এছ'চিয়েচন অফ নৰ্থ আমেৰিকা
  6. কাৰ্লা ৱাকাৰৰ হত্যাকাণ্ড

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. ৰাজেন্দ্ৰ কেশৱলাল শ্বাহ
  2. জ্ঞানেন্দ্ৰ প্ৰতাপ সিং
  3. ছবিলাল উপাধ্যায়
  4. শিল্পা শেট্টী
  5. সুৰেশ ৱাডকৰ
  6. বিনোদ ৰাথোৰ
  7. বুদ্ধদেৱ দাসগুপ্ত
  8. সৌন্দৰ্যা
  9. প্ৰণতি নায়ক
  10. নিৰ্মল চাইনী
  11. লালা লাজপত ৰায়
  12. অঞ্জলী ভৰদ্বাজ
  13. যামিনী ৰয়
  14. সত্যজিৎ জেনা
  15. চনু ছুড
  16. উদিত নাৰায়ণ

পৌৰাণিক ভাৰতীয় আখ্যান

  1. ৰাহু
  2. কামদেৱ
  3. চন্দ্ৰ (দেৱতা)
  4. বিদুৰ

চলচ্চিত্ৰ বিষয়ক

  1. জাদুগৰ (২০২১ চলচ্চিত্ৰ)
  2. পৰায়া ধন (চলচ্চিত্ৰ)

অন্যান্য

  1. পশ্চিমঘাট পৰ্বতমালা
  2. ভাৰত বায়'টেক
  3. সুৰসুন্দৰী
  4. ভাৰতীয় শিল্পকলা
  5. অন্ত্যেষ্টিক্ৰিয়া
  6. দিল্লীৰ হোটেলৰ অগ্নিকাণ্ড
  7. শ্মশান
  8. চণ্ডাল

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. ‎প্ৰহ্লাদ কুমাৰ বৰুৱা
  2. কমল হাজৰিকা
  3. ‎অতুল বৰা
  4. অজন্তা নেওগ
  5. ধীৰাজ বৰা
  6. বৰযদুমণিদেৱ
  7. সতী ৰাধিকা
  8. উপেন্দ্ৰ বৰকটকী
  9. বীণা দাস মান্না
  10. ৰাধা বিনোদ বৰ্মন
  11. খগেশ্বৰ দত্ত বৰুৱা
  12. লংকাম টেৰণ

গ্ৰন্থ বিষয়ক

  1. কুৰিজন ভাৰতীয় গণিত সাধক (গ্ৰন্থ)
  2. অংক নহয় আতংক (গ্ৰন্থ)
  3. গণিতৰ কথা (গ্ৰন্থ)
  4. মিলেনিয়ামৰ সপোন (গ্ৰন্থ)

চলচ্চিত্ৰ বিষয়ক

  1. পত্নী (চলচ্চিত্ৰ)
  2. উপপথ

অন্যান্য

  1. ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান
  2. শৰ্মা মন্ত্ৰীসভা
  3. সাউৰি
  4. দেওপানী দুৰ্গা মন্দিৰ

সানমিহলি

  1. প্ৰাকৃতিক উপগ্ৰহ
  2. ট্ৰাইপোফোবিয়া
  3. প্ৰাথমিক আৰোপন ত্ৰুটি
  4. স্ব-সেৱা পক্ষপাতিতা
  5. বিশ্বাস পক্ষপাতিতা
  6. বেন ফ্ৰেংকলিন প্ৰভাৱ
  7. বিলম্বিত উপলব্ধি পক্ষপাতিতা
  8. কাৰ্বন পদাংক
  9. চৰাই নিৰীক্ষণ
  10. শুভংকৰ
  11. অভিনেতা
  12. ক'ভেক্সিন
  13. কালপুৰুষ (তাৰকামণ্ডলী)
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
ডাৱৰীয়া বাৰিষাৰ বতৰত কঠিয়া ৰুই থকা ৰোৱনী
আলোকচিত্ৰ শিল্পী: মৌচুম বুঢ়াগোহাঁই
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
ৰুমী বৰা
অক্লান্ত কৰ্মী পদক
মৃদুল সিংহ ফুকন
জৈৱ বৈচিত্ৰ্য পদক
পাণজিত বসুমতাৰী
ৱিকি শতক+ পদক
অনামিকা(চুমু) বড়া
ৱিকিউৎসৰ তাৰকা পদক
প্ৰণামিকা অধিকাৰী






বিশেষ অভিলেখ
জুন-২০২১ৰ বিশেষ অভিলেখ সম্পাদনা কৰক

অনামিকা বড়া আৰু নয়ন জ্যোতি নাথে নতুন প্ৰবন্ধৰ সৃষ্টিত যথাক্ৰমে শতক আৰু দ্বিশতক সম্পূৰ্ণ কৰে।

উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৮,৭৮৪ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৩১৯ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত শেহতীয়াকৈ সম্পূৰ্ণ হোৱা গ্ৰন্থৰ তালিকা:
সেউজীয়াৰ দৰে (গুণাৰাম শইকীয়া, ২০১৬)
প্ৰগতিৰ গান (উমেশ বৈশ্য,২০১০)
বিলাতী পিঠা (মাণিকি মধুৰি বৰদলৈ (নেওগ), ১৯৯৭)
এই নদী (মণ্টু কুমাৰ বৰঠাকুৰ, ২০১৮)
মইনাহঁতলৈ মজা মজা সাধুকথা (ৰত্নেশ্বৰ বৰা, ২০২১)
মুখামুখি (মণ্টু কুমাৰ বৰঠাকুৰ, ২০১৪)
সাহিত্য-মুক্তাৱলী (দণ্ডিনাথ কলিতা, ১৯৩৪)
অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল (ঈশানন্দ ভড়ালী, ১৮৮৫)
স্বপ্ন চৰিত (নন্দেশ্বৰ চক্ৰবৰ্তী, ১৯১০)
জোনবাইৰ দেশৰ সাধু (মাধন ভূঞা, ২০১৯)
উদয়, ১ম বছৰ ১ম সংখ্যা (সন্মিলিত, ১৯৪৭)
বিশ্বাসৰ বনানীকৰণ (গুণ মৰাণ, ২০১৭)


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
১বাবুল বৈশ্য৩৪৮-১৬১০৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২চন্দন চিৰিং ফুকন২৫৯--২৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৩মৃদুল সিংহ ফুকন৩১৯--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৪কুলধৰ ৰাভা১৭০৫৮-৬৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৫নয়ন জ্যোতি নাথ৩২৬২১৪১০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৬অম্লান বসুমতাৰী৪৫৫৫-১০৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৭অজয় দাস৮২-১৪৩৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৮অনামিকা(চুমু) বড়া৯৭৪৪-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৯ঈশান জ্যোতি বৰা১৩১২৪৮-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০দিব্য দত্ত২৪১৮৮৮৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১জলী ৰুমী বৰা৮১১৫-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২প্ৰণামিকা অধিকাৰী-৪৬৮-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩গীতাশ্ৰী গগৈ আপ্তে-৮২৩- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪ৰুমী বৰা-৭৭২-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫পল্লবী দত্তবৰুৱা-১৮০-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৬কন্দৰ্পজিৎ কল্লোল১৭৬--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৭Jogesh 69২১৬--১৩৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৮Ananya Taye৫২-১২- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৯প্ৰাণজ্যোতি নাথ৩৬৪৫২১৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল বিষ্ণু শ‍ইকীয়া, প্ৰিয়াংকুশ ডেকা, গীতাৰ্থ বৰদলৈ, ৰাজদ্বীপ ৰাজবংশী, ৰঞ্জিত শৰ্মা

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।