কাৰ্লা ৱাকাৰৰ হত্যাকাণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাৰ্লা জান ৱাকাৰ
জন্ম ৩১ জানুৱাৰী, ১৯৫৭
ফোৰ্ট ৱাৰ্থ, টেক্সাছ, যুক্তৰাষ্ট্ৰ
মৃত্যু ১৯ ফেব্ৰুৱাৰী, ১৯৭৪ (১৭ বছৰ)
লেক বেনব্ৰুকৰ ওচৰত, টেক্সাছ, যুক্তৰাষ্ট্ৰ
মৃত্যুৰ কাৰণ শ্বাসৰুদ্ধ হোৱা

কাৰ্লা জান ৱাকাৰ এগৰাকী আমেৰিকান ছোৱালী যাক টেক্সাছৰ ফোৰ্ট ৱৰ্থৰ বলিং এলি পাৰ্কিং লটৰ পৰা অপহৰণ কৰাৰ পিছত ১৭ ফেব্ৰুৱাৰী, ১৯৭৪ তাৰিখে হত্যা কৰা হৈছিল। অপহৰণৰ তিনিদিন পিছত তেওঁৰ মৃতদেহ ফৰ্ট ৱৰ্থৰ পৰা মাত্ৰ ৩০ মিনিট দক্ষিণে এটা নৰ্দমা খাদত পোৱা গৈছিল।

হত্যাৰ গোচৰৰ ইতিহাস[সম্পাদনা কৰক]

অপহৰণ[সম্পাদনা কৰক]

১৯৭৪ চনৰ ১৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৱাকাৰে তেওঁৰ প্ৰেমিক ৰডনি ৰায়ৰ সৈতে ৱেষ্টাৰ্ণ হিলছ হাই স্কুলত এক নৃত্য অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ পিছত তেওঁৰ গাড়ীত বহিছিল। তেওঁলোকক দুজন অচিনাক্ত আক্ৰমণকাৰীয়ে আক্ৰমণ কৰিছিল যিয়ে হঠাতে গাড়ীখনৰ দুৱাৰ খুলিছিল। ৰডনি ৰয়ক পিষ্টলেৰে আঘাত কৰি অচেতন কৰি পেলোৱা হৈছিল। ঘটনাটোৰ তেওঁৰ অন্তিম স্মৃতি আছিল যে ৱাকাৰক এজন অজ্ঞাত ব্যক্তিয়ে ধৰি লৈছিল আৰু তেওঁ সহায়ৰ বাবে চিঞৰি আছিল। জ্ঞান ঘূৰাই পোৱাৰ পিছত তেওঁ ৱাকাৰক ক'তো দেখা নাপালে। ঘটনাটোৰ পিছত, ৰডনিয়ে লগে লগে কাৰ্লা ৱাকাৰৰ ঘৰলৈ তাইৰ মাক-দেউতাকক জনাবলৈ গৈছিল।[1][2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]