পৰায়া ধন (১৯৭১ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(পৰায়া ধন (চলচ্চিত্ৰ)ৰ পৰা পুনঃনিৰ্দেশিত)
পৰায়া ধন

পোষ্টাৰ
পৰিচালক ৰাজেন্দ্ৰ ভাটিয়া
চিত্ৰনাট্য বেদ ৰহী
এছ কাহিল (S Khalil (dialogues))
কাহিনী সুধেন্দু ৰয়
প্ৰযোজক ৰাজেন্দ্ৰ ভাটিয়া
অভিনয়ত বলৰাজ চাহনী,
ৰাকেশ ৰোশন
হেমা মালিনী
অজিৎ খান
শুভা
চিত্ৰগ্ৰহণকাৰী কে এইচ কাপাডিয়া (K H Kapadia)
সম্পাদনা নন্দ কুমাৰ
সংগীত পৰিচালক আৰ. ডি. বৰ্মন
মুক্তি
১৯৭১
দেশ ভাৰত
ভাষা হিন্দী

পৰায়া ধন (হিন্দী: पराया धन; ইংৰাজী: Estranged Wealth) হৈছে ৰাজেন্দ্ৰ ভাটিয়াৰ দ্বাৰা পৰিচালিত ১৯৭১ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ চলচ্চিত্ৰ, য'ত অভিনয় কৰিছে- বলৰাজ চাহনী, হেমা মালিনী, ৰাকেশ ৰোশন আৰু অজিৎ খানে।[1]

প্লট[সম্পাদনা কৰক]

ৰাজ্জু ওৰফে ৰজনী (হেমা মালিনী) তেওঁৰ দেউতাক গোবিন্দৰাম (বলৰাজ চাহনী) -ৰ সৈতে ভাৰতৰ এখন সৰু গাঁৱত বাস কৰে, যি এগৰাকী সন্মানীয় ভদ্ৰলোক আৰু লগতে গাঁও চৰপঞ্চ। যেতিয়া ৰজনীৰ বয়স হৈ আহে গোবিন্দৰামে শেৱাৰামৰ পুত্ৰ শংকৰ (ৰাকেশ ৰোশন) -ৰ সৈতে তেওঁৰ বিবাহ ঠিক কৰে। শংকৰে ৰজনীক চাবলৈ আহে আৰু দুয়ো ইজনে সিজনৰ প্ৰতি আকৰ্ষিত হৈ পৰে। ৰজনীয়ে তেওঁৰ প্ৰকৃত পিতৃক তেতিয়াহে গম পায় যেতিয়া হীৰালাল (অজিৎ খান) নামৰ ডকাইত এগৰাকী কাৰাগাৰৰ পৰা পলাই আহি গোবিন্দৰামৰ ঘৰত আশ্ৰয় লয়। হীৰালাল কাৰাগাৰৰ পৰা পলাই অহাৰ পিছত গাঁওখনৰ শান্তি ভাগি পৰে। গোবিন্দৰামক হীৰালালে হত্যা কৰে আৰু অৱশেষত ৰজনীয়ে গোবিন্দৰামৰ হত্যাকাৰী ডকাইত হীৰালালক হত্যা কৰে আৰু তাৰ বাবে তেওঁ সন্মান লাভ কৰে।[2]

অভিনয়ত[সম্পাদনা কৰক]

প্ৰডাকচন[সম্পাদনা কৰক]

চলচ্চিত্ৰখনৰ মুখ্য দৃশ্য গ্ৰহণ কৰা হৈছে কুল্লু মানালীত[1]

সংগীত[সম্পাদনা কৰক]

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে আৰ. ডি. বৰ্মনে[3]

নং গীতৰ ফাঁকি কণ্ঠশিল্পী দৈৰ্ঘ্য
"আজ উনসে পহলে মুলাকাত হোগী" কিশোৰ কুমাৰ ০৫:৪৮
“আয়ো ঝুমে গায়ে” আশা ভোঁচলে, কিশোৰ কুমাৰ ০৬:৩৩
“আশা গয়ী উষা গয়ী” আশা ভোঁচলে ০৫:০৭
“দিল হায়ে মেৰা দিল” কিশোৰ কুমাৰ ০৪:০৯
“হোলী ৰে হোলী” আশা ভোঁচলে, মান্না দে ০৩:৫২
“তেৰে মেৰে জুদা হোনা (তু প্যাৰ তু প্ৰীত” লতা মংগেশকাৰ, কিশোৰ কুমাৰ ০৪:৫৬

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]