অসম এছ'চিয়েচন অফ নৰ্থ আমেৰিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসম এছ'চিয়েচন অফ নৰ্থ আমেৰিকা বা চমুকৈ আনা (ইংৰাজী: Assam Association of North America) হৈছে কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি উত্তৰ আমেৰিকাত বাস কৰা ভাৰতৰ অসমবাসী, তেওঁলোকৰ প্ৰজন্ম তথা বৈবাহিক সুত্ৰত অনা-অসমীয়া পতি বা পত্নীৰ এক জাতীয় সংগঠন। এই সংগঠনৰ আগতে কানাডাৰ টৰণ্টো চহৰত আৰু নিউইয়ৰ্ক চহৰত আঞ্চলিক অসমীয়া সংগঠন আছিল যদিও আনা উত্তৰ আমেৰিকাৰ প্ৰথম অসমীয়া জাতীয় সংগঠন। এই সংগঠনৰ বিষয়ববীয়াসকল বিভিন্ন স্বেচ্ছাসেৱী কাৰ্যকলাপৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমীয়া ভাষা সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰচাৰ কৰিবলৈ চেষ্টা কৰে আৰু লগতে অসমৰ ৰাজনৈতিক, ভাষিক, তথা সামাজিক সংকট আৰু সমস্যাৰ সময়ত মতামত আৰু সহায় আগ বঢ়ায়। তেওঁলোক অসমীয়া ভাষা আৰু সংস্কৃতিক লৈ যথেষ্ট গৌৰৱান্বিত আৰু এই সমৃদ্ধ ঐতিহ্য ভৱিষ্যত প্ৰজন্মলৈ আগবঢ়াবৰ বাবে তেওঁলোকে বহুতো কল্যাণমূলক কাৰ্যকলাপ কৰে।[1]

আনা হৈছে গণতান্ত্ৰিক নিয়ম আৰু প্ৰক্ৰিয়াৰ এক সংগঠন। ১৯৮০ চনৰ ১৮ জানুৱাৰীত উত্তৰ আমেৰিকাৰ অতিকে সৰু অসমীয়া সমাজখনৰ সীমিত সংখ্যক সদস্যৰ সৈতে টেক্সাচৰ হিউষ্টন চহৰত এই সংগঠন আৰম্ভ হৈছিল। সময়ৰ সোঁতত উত্তৰ আমেৰিকাৰ অসমীয়া সমাজখন বঢ়াৰ ফলত আজি ই এক বিশাল সংগঠন। আনাৰ দুটা ভগ্নী সংগঠন হʼল আছাম ফাউণ্ডেচন অফ নৰ্থ আমেৰিকা (আফনা)আৰু অসম সাহিত্য সভা, উত্তৰ আমেৰিকা (আছনা)। আফনা এটি দানশীল জনহিতকৰ লাভহীন সংগঠন যি ব্যক্তিগত, সামুহিক, তথা আন উৎসৰ পৰা জনহিতকৰ কামৰ বাবে ধন সংগ্ৰহ কৰে। উত্তৰ আমেৰিকাত অসমীয়া ভাষা-সাহিত্যৰ পৃষ্ঠপোষকতা কৰিবলৈ আৰু নতুন প্ৰজন্মৰ মাজত অসমীয়া ভাষা প্ৰসাৰ কৰিবলৈ আছনা হৈছে মূল অসম সাহিত্য সভাৰ ভাৰতৰ বাহিৰৰ প্ৰথম শাখা সভা। এই দুই সংগঠনৰে নিজ নিজ ক্ষেত্ৰৰ কাৰ্যকলাপ, নেতা আৰু কাৰ্যবাহী সমিতি আছে।[1]

চমু বুৰঞ্জী[সম্পাদনা কৰক]

১৯৭০ৰ দশকৰ শেষ ভাগত আৰু ১৯৮০ৰ দশকৰ আদি ভাগত অসমত চলি থকা অসমীয়া ৰাইজৰ অসম আন্দোলনৰ পটভূমিত ১৯৮০ চনত আনাৰ জন্ম হৈছিল । দাতি কাষৰীয়া দেশৰ, মূলতঃ বাংলাদেশৰ অবৈধ অনুপ্ৰবেশকাৰীৰ সোঁতত অসমীয়া জাতি নিজৰ জন্মস্থানতে সংখ্যালঘু হৈ অস্তিত্ব হেৰুৱাৰ শংকা তথা ঐকিক ভাষা আৰু সংস্কৃতি লোপ পোৱাৰ শংকাত স্বতঃস্ফুত ভাৱে এই ৰাইজৰ আন্দোলন ছয় বছৰ (১৯৭৯-১৯৮৫) চলাৰ পিছত আৰু ৮৬০ জন লোক শ্বহীদ[2] হোৱাৰ পিছত ভাৰত চৰকাৰে ৰাইজৰ শংকা দূৰ কৰিবলৈ এক অসম চুক্তি[3] চাক্ষৰ কৰিছিল। আন্দোলনৰ এই সময় চোৱাত আনাই আন্দোলনৰ সম্পূৰ্ণ সমৰ্থনত ভাৰত আৰু অসম চৰকাৰলৈ অসমৰ ৰক্ষণা-বেক্ষনৰ বাবে স্মাৰকপত্ৰ দিছিল, এমনেষ্টি ইন্টাৰনেশ্যনলৈ আৰু নানান বাতৰি কাকত, বৈদ্যুতিক মাধ্যমলৈ লিখা-লিখি কৰিছিল। আনা আৰম্ভ হোৱাৰ পিছতে ৱাশ্বিংটন ডি০চি০ৰ ভাৰতীয় দূতাবাসৰ প্ৰতিনিধি জ্বি০ পাৰ্থসাৰথি [1]আহি হিউষ্টনত আনাৰ বিষয়ববীয়া আৰু সদস্য কিছুমানক লগ ধৰি অসমৰ পৰিস্থতিৰ আলোচনা কৰিছিল। ১৯৮০ চনতে আগষ্ট মাহত আনাই উত্তৰ আমেৰিকাৰ হিউষ্টন চহৰত প্ৰথম অসম সভা পাতে যি সভা এতিয়ালৈ প্ৰতি বছৰে উত্তৰ আমেৰিকাৰ বিভিন্ন চহৰত হৈ আহিছে।

১৯৮২ চনত আনাৰ সংবিধান আনুস্থানিক ভাৱে গৃহিত হয়। সেই সংবিধান মতে পৰৱৰ্ত্তী কালত প্ৰতি বছৰ ৪ জুলাইৰ নিকটতম সপ্তাহান্তত অসম সভা পতা নিৰ্ধাৰিত হয়। সেই বছৰতে প্ৰবাসী অসমীয়া ৰাইজে ভাৰতীয় দূতাবাসৰ ওচৰত অসমৰ ৰাইজৰ দাবীৰ সমৰ্থনত প্ৰতিবাদ প্ৰদৰ্শন কৰে। ১৯৮২ চনতে আনাৰ ভগ্নী সংগঠন আফনা আৰু আছনাৰ সৃষ্টি হয়।

আন্দোলনৰ সমৰ্থনৰ উপৰিও, আনাই প্ৰবাসী ৰাইজৰ ঠিকনা ডিৰেক্টৰি, বাতৰি পত্ৰিকা (নিউজলেটাৰ), আদি প্ৰকাশ কৰিবলৈ লয়। আমেৰিকালৈ উচ্চ শিক্ষাৰ বাবে অহাৰ ইচ্ছা থকা লোকৰ সহায়ৰ বাবে প্ৰবাসী ৰাইজে এখন পুস্তিকাও ছপা কৰি উলিয়ায়। আৰম্ভনিতে আনাৰ সদস্য ভৰ্ত্তি মাচুল মাথো ছয় (৬) আমেৰিকান ডলাৰ আছিল।

সাংবিধানিক মতে আনাৰ মূল উদ্দেশ্য আছিল

(১) অসম, অসমীয়া জাতি-ভাষা-সংস্কৃতিৰ ৰক্ষণা-বেক্ষনত সহায়, সহযোগ, আৰু প্ৰয়োজন অনুসৰি অসম আৰু অসমীয়াৰ প্ৰতি হোৱা অন্যায়ৰ প্ৰতিবাদ

(২) উত্তৰ আমেৰিকাৰ নতুন প্ৰজন্মক অসমীয়া ভাষা-সংস্কৃতিৰ আভাস দিয়া আৰু নিজৰ শিপা (ৰুট) ৰ প্ৰতি গৌৰৱান্বিত কৰি তোলা

(৩) বৈচিত্ৰময় উত্তৰ আমেৰিকাত অসমীয়া সংস্কৃতিৰ বিনিময় কৰা

১৯৮০ ৰে পৰা আনাই প্ৰতি বছৰে অসম সভাৰ লগতে সাংস্কৃতিক অনুস্থানত অসমীয়া সংস্কৃতিৰ (বিভিন্ন শৈলীৰ নৃত্য, গীত, নাট-ভাওনা) প্ৰদৰ্শন কৰি আহিছে। নৃত্য-গীতৰ প্ৰতিযোগিতা পাতি বটা বিতৰণ কৰিছে। অসমৰ স্বনামধন্য শিল্পী, সাহিত্যিক, আদিক "সন্মানিত আজীৱন সদস্য"ৰূপে স্বীকৃতি দিছে। তেনে কিছুমান "সন্মানিত আজীৱন সদস্য" হ'ল ড০ ভূপেন হাজৰিকা, ড০ বীৰেন্দ্ৰনাথ দত্ত, আৰু ড০ মামণি ৰয়চম গোস্বামী। আনাই শিল্পী, সাহিত্যিক, সমাজ সেৱী, আৰু প্ৰাকৃতিক পৰিৱেশবিদক সন্মানিত অতিথি হিচাপে আমন্ত্ৰণ কৰি সন্মান যাচি আহিছে আৰু তেওঁলোকৰ পাৰদৰ্শিতাৰে সমজুৱাক আনন্দিত কৰা তথা চিন্তামূলক কথোপকথনৰ সুযোগ দিছে। উত্তৰ আমেৰিকাৰ অসমীয়া সমাজৰ প্ৰজন্ম তথা প্ৰাপ্তবয়স্ক লোকক তেওঁলোকৰ সমাজ সেৱা, বিবিধ বৰঙণি তথা কৃতিত্বৰ বাবে সন্মান প্ৰদান কৰিছে।

আনাৰ বৰ্ত্তমানৰ প্ৰকল্প[সম্পাদনা কৰক]

আনাৰ বহল পৰিসৰৰ চলন্ত প্ৰকল্পবোৰৰ বিষয়ে তলত দিয়া হʼল।[4]

  • অসম আৰু অসমীয়া ভাষা, সংস্কৃতি সম্পৰ্কিয় ভিডিঅ' আৰু এনিমেচন: ভিডিঅ' আৰু এনিমেচন কৰ্মশালা
  • অসমীয়া ভাষাৰ ডিজিটেলকৰণ: অসমীয়া বা অসম সম্পৰ্কীয় কিতাপৰ আন ভাষাত অনুবাদ। অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ সৃষ্টি আৰু অসমীয়া ৱিকিছৰ্ছ সমৃদ্ধ আৰু তাৰ প্ৰচাৰ।
  • অসমীয়া ভাষা শিক্ষাৰ প্ৰচাৰ: আমেৰিকাৰ অসমীয়া বিদ্যালয়ৰ শিক্ষাৰ্থীৰ স্বীকৃতি আৰু প্ৰমাণপত্ৰ
  • নতুন প্ৰজন্মৰ মাজত অসমীয়া ভাষা প্ৰচাৰ:সাধু শুনো আহা
  • আমেৰিকাৰ লাইব্ৰেৰী অৱ কংগ্ৰেছত অসমীয়া আৰু ইংৰাজী ভাষাত প্ৰকাশিত অসমীয়া লিখকৰ কিতাপ, আলোচনী আদি সংৰক্ষণ

শেহতীয়া কাৰ্যকলাপ[সম্পাদনা কৰক]

  • আনাই ২০১৯ চনত গৃহীত হোৱা নাগৰিকত্ব সংশোধনী আইন (চিএএ)ক লৈ উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছিল। এই পত্ৰত আনাই মোদীক অসম চুক্তি সম্পূৰ্ণৰূপে ৰূপায়ণ কৰিবলৈ আহ্বান জনাইছিল [5]
  • আনাই ২০২০ চনৰ ৮ মাৰ্চত ভাৰতীয় পৰিবেশকৰ্মী পদ্মশ্ৰী যাদৱ পায়েঙৰ সৈতে এটি সাক্ষাৎকাৰ কৰে [6]
  • আনাই ২০২০ চনৰ মে মাহত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ সৈতে এটা আন্তঃৰাষ্ট্ৰীয় ৱেবিনাৰ পৰিচালনা কৰিছিল।এই ৱেবিনাৰত ডিজিটাইজেচনৰ দ্বাৰা বিৰল আৰু পুৰণি অসমসাহিত্য সংৰক্ষণ, পৰৱৰ্তী প্ৰজন্মৰ অসমবাসীক জড়িত কৰাৰ সৃষ্টিশীল উপায় বিকশিত কৰাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা হয়। এই ৱেবিনাৰত অষ্ট্ৰেলিয়া, জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰ, ওমান, কুৱেইট, ব্ৰিটেইন, স্কটলেণ্ড, নেডাৰলেণ্ড, কানাডা, দিল্লী, মুম্বাই, বেংগালুৰু আদিৰ অংশগ্ৰহণকাৰীসকলে এই লক্ষ্যৰ প্ৰতি তেওঁলোকৰ প্ৰচেষ্টা ভাগ বতৰা কৰে আৰু যিকোনো ধৰণে সভাক সহায় কৰাৰ আশ্বাসৰ সৈতে শইকীয়াৰ দৃষ্টিভংগীক সমৰ্থন কৰে।[7]

তথ্য উৎস[সম্পাদনা কৰক]