সাংবাদিকতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
বাতৰি ফটোগ্ৰাফাৰ আৰু প্ৰতিবেদকসকলক নিউয়ৰ্ক মহানগৰত এটা পুলিচ লাইনৰ পিছফালে অপেক্ষা কৰি থকা দেখা গৈছে, ১৯৯৪ চনৰ মে' মাহত

সাংবাদিকতা (ইংৰাজী: Journalism) হৈছে তথ্যৰ ওপৰত আধাৰিত আৰু প্ৰমাণৰ সৈতে সমৰ্থিত সাম্প্ৰতিক ঘটনাবোৰৰ ওপৰত প্ৰতিবেদন প্ৰস্তুতকৰণ আৰু বিতৰণৰ কাৰ্য। সাংবাদিকতা শব্দটো জীৱিকাৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাৰ লগতে সহযোগিতামূলক মাধ্যমৰ ক্ষেত্ৰটো প্ৰযোজ্য যি প্ৰমাণৰ ওপৰত আধাৰিত তথ্য সংগ্ৰহ আৰু প্ৰকাশ কৰে। সাংবাদিকতা মাধ্যমৰ ভিতৰত অন্তৰ্ভুক্ত আছে প্ৰিণ্ট, টেলিভিছন, ৰেডিঅ', ইণ্টাৰনেট আৰু পূৰ্বতে নিউজ ৰিল।

সাংবাদিকতাৰ উপযুক্ত ভূমিকাৰ ধাৰণা দেশভেদে পৃথক হয়। কিছুমান দেশত সংবাদ মাধ্যমবোৰ চৰকাৰী হস্তক্ষেপৰ দ্বাৰা নিয়ন্ত্ৰিত হয় আৰু সম্পূৰ্ণৰূপে স্বতন্ত্ৰ নহয়।[1] আন কিছু দেশত সংদাফ মাধ্যমবোৰ চৰকাৰৰ পৰা স্বতন্ত্ৰ আৰু ব্যক্তিগত উদ্যোগ হিচাপে কাম কৰে। মিডিয়া সংগঠনবোৰ কেনেদৰে চলে আৰু পুঁজি কেনেকৈ যোগান ধৰে তাৰ ভিন্নতাৰ ওপৰত নিৰ্ভৰ কৰি দেশবোৰে বাক স্বাধীনতা আৰু নিন্দাৰ গোচৰবোৰ চম্ভালিবৰ বাবে ভিন্ন আইনৰ ৰূপায়ণ কৰিব পাৰে।

ইণ্টাৰনেট আৰু স্মাৰ্টফোনৰ প্ৰসাৰে একবিংশ শতিকাৰ আৰম্ভণিৰ পৰা সংবাদ মাধ্যমৰ দৃশ্যপটত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে। ই প্ৰিণ্ট মিডিয়াৰ ব্যৱহাৰত এক পৰিৱৰ্তন সৃষ্টি কৰিছে, কিয়নো বাতৰি কাকত, আলোচনী বা টেলিভিছন নিউজ চেনেলৰ দৰে পৰম্পৰাগত ফৰ্মেটৰ বিপৰীতে মানুহে ই-ৰিডাৰ, স্মাৰ্টফোন আৰু অন্যান্য ব্যক্তিগত ইলেক্ট্ৰনিক সঁজুলিৰ জৰিয়তে বাতৰি লাভ কৰে। বাতৰি সংগঠনবোৰত তেওঁলোকৰ ডিজিটেল শাখা সম্পূৰ্ণৰূপে মুদ্ৰাকৰণৰ প্ৰত্যাহ্বান আহিছে, লগতে তেওঁলোকে প্ৰিণ্ট মিডিয়াত প্ৰকাশ কৰা প্ৰসংগটো উন্নত কৰিবলৈ প্ৰত্যাহ্বান লাভ কৰিছে। বাতৰি কাকতবোৰৰ ডিজিটেল ৰাজহৰ বিকাশৰ হাৰতকৈ দ্ৰুত গতিত প্ৰিণ্ট ৰাজহৰ হাৰ হ্ৰাস পোৱা দেখা গৈছে।[2]

নৈতিকতা আৰু মানদণ্ড[সম্পাদনা কৰক]

যদিও সাংবাদিকতাৰ বিভিন্ন বিদ্যমান ক'ডৰ মাজত কিছু পাৰ্থক্য আছে, বেছিভাগৰে সাধাৰণ উপাদানসমূহৰ মাজত আছে – সত্যতা, শুদ্ধতা, বস্তুনিষ্ঠতা, নিৰপেক্ষতা আৰু ৰাজহুৱা দায়বদ্ধতা – এইবোৰ বাতৰিযোগ্য তথ্য আহৰণ আৰু ইয়াৰ প্ৰচাৰৰ ক্ষেত্ৰত প্ৰযোজ্য।[3][4][5][6][7]

বিল কোভাচ আৰু টম ৰোজেনষ্টিয়েলে তেওঁলোকৰ গ্ৰন্থ 'এলিমেণ্ট অফ জাৰ্ণলিজম'-ত সাংবাদিকসকলৰ বাবে কেইবাটাও নিৰ্দেশনা প্ৰস্তাৱ কৰিছে।[8] তেওঁলোকৰ দৃষ্টিভংগী হৈছে যে সাংবাদিকতাৰ প্ৰথম আনুগত্য হৈছে নাগৰিকসকলৰ প্ৰতি আৰু সেয়ে সাংবাদিকসকল সত্য ক'বলৈ বাধিত আৰু তেওঁলোকে সমাজৰ শক্তিশালী ব্যক্তি তথা প্ৰতিষ্ঠানসমূহৰ এক স্বতন্ত্ৰ নিৰীক্ষণ হিচাপে কাম কৰিব লাগিব। এই দৃষ্টিভংগিত সাংবাদিকতাৰ মূল লক্ষ্য হৈছে প্ৰমাণীকৰণৰ অনুশাসনৰ জৰিয়তে নাগৰিকসকলক নিৰ্ভৰযোগ্য তথ্য প্ৰদান কৰা।

ইউৰোপীয় তথা আন কিছু সাংবাদিকতাৰ নৈতিকতা নীতিত,[9] জাতি, ধৰ্ম, যৌন অভিমুখীতা আৰু শাৰীৰিক বা মানসিক অক্ষমতাৰ ওপৰত আধাৰিত বাতৰিত বৈষম্যতাকলৈও উদ্বেগ প্ৰকাশ কৰা হয়।[10][11][12][13] ইউৰোপ পৰিষদৰ সংসদীয় সভাই ১৯৯৩ চনত সাংবাদিকতাৰ নৈতিকতা প্ৰস্তাৱত অনুমোদন জনাইছিল যিয়ে সাংবাদিকসকলক নিৰ্দোষ বুলি কৰা ধাৰণাক সন্মান কৰিবলৈ পৰামৰ্শ দিয়ে, বিশেষকৈ এনে ক্ষেত্ৰত য'ত গোচৰ এতিয়াও বিচাৰ হোৱা নাই।[14]

যুক্তৰাজ্যত সকলো বাতৰি কাকত ইণ্ডিপেণ্ডেণ্ট প্ৰেছ ষ্টেণ্ডাৰ্ড অৰ্গেনাইজেশ্বন নামৰ সংস্থাৰ অনুশীলন সংহিতাৰ দ্বাৰা আবদ্ধ। ইয়াত ব্যক্তিৰ গোপনীয়তাক সন্মান কৰা আৰু শুদ্ধতা নিশ্চিত কৰাৰ দৰে বিষয় অন্তৰ্ভুক্ত আছে।

এয়া বিংশ শতিকাৰ আগৰ সংবাদ মাধ্যমৰ পৰিৱেশৰ পৰা সম্পূৰ্ণ বিপৰীত, য'ত সংবাদ মাধ্যমত সৰু বাতৰি কাকত আৰু পত্ৰিকাৰ আধিপত্য আছিল যাৰ সাধাৰণতে এক স্পষ্ট আৰু প্ৰায়ে মৌলিক উদ্দেশ্য আছিল, আৰু তাত ভাৰসাম্য বা বস্তুনিষ্ঠতাৰ অভাৱ আছিল।

সাংবাদিকসকলৰ ওপৰত তৎক্ষণাৎ আৰু প্ৰতিযোগীসকলৰ আগত বাতৰি প্ৰতিবেদন কৰাৰ হেঁচাৰ বাবে, সময়লৈ প্ৰস্তুত আৰু সম্পাদনা কৰা লিখনিতকৈ তথ্যগত ত্ৰুটি অধিক সঘনাই ঘটে। এখন মুখ্য দৈনিক বাতৰি কাকতত আগদিনা প্ৰকাশিত প্ৰবন্ধৰ কেইবাটাও সংশোধন থাকিব পাৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "10 Most Censored Countries," Committee to Protect Journalists, 2 May 2012, page retrieved 23 May 2013.
  2. https://www.pewresearch.org/fact-tank/2017/06/01/circulation-and-revenue-fall-for-newspaper-industry/
  3. "Fourth Estate – Core Journalism Principles, Standards and Practices". Fourth Estate Public Benefit Corporation. https://www.fourthestate.org/core-journalism-principles/. 
  4. IFJ (International Federation of Journalists) – Declaration of Principles on the Conduct of Journalists Archived 14 November 2012 at the Wayback Machine (DOC version)
  5. "ASNE (American Society of Newspapers Editors) – Statement of Principles". http://www.asne.org/kiosk/archive/principl.htm. 
  6. "APME (Associated Press Managing Editors) – Statement of Ethical Principles". 2008-06-22. http://www.apme.com/ethics/. 
  7. "(Society of Professional Journalists) – Code of Ethics". SPJ. http://www.spj.org/ethicscode.asp. 
  8. "The Elements of Journalism: What Newspeople Should Know and the Public Should Expect – Introduction | Project for Excellence in Journalism (PEJ)". Journalism.org. 2006-06-19. http://journalism.org/node/72. 
  9. Parliamentary Assembly of the Council of Europe – Resolution 1003 (1993) on the ethics of journalism (see clause 33) Archived 26 June 2009 at the Wayback Machine
  10. UK – Press Complaints Commission – Codes of Practice (see item 12, "Discrimination") Archived 14 December 2012 at the Wayback Machine
  11. "Italy – FNSI's La Carta dei Doveri (The Chart of Duties)" (it ভাষাত). http://www.fnsi.it/Contenuto/Documentazione/CarteDeontologiche/Carta_dei_Doveri.htm.  (section "Principi")
  12. Spain – FAPE's Código Deontológico (Deontological Code) (see Principios Generales, item 7, "a")
  13. "Brazil – FENAJ's Code of Ethics" (pt ভাষাত). http://www.fenaj.org.br/federacao/cometica/codigo_de_etica_dos_jornalistas_brasileiros.pdf.  (20.8 KB) (see Article 6, item XIV)
  14. PACE Resolution 1003 (1993) on the Ethics of Journalism Archived 26 June 2009 at the Wayback Machine (see clause 22)