ব্ৰাহ্মণবাৰিয়া জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

ব্ৰাহ্মণবাৰিয়া জিলা (বঙালী: ব্ৰাহ্মণবাড়িয়া) বাংলাদেশৰ দক্ষিণ-পূবৰ চিটাগং বিভাগৰ এটা প্ৰশাসনিক এলেকা। উপজিলাৰ সংখ্যা অনুসৰি, ব্ৰাহ্মণবাৰিয়া বাংলাদেশৰ এখন "এ" শ্ৰেণীৰ জিলা। শিক্ষা আৰু সংস্কৃতিৰ আসন হিচাপে পৰিচিত ব্ৰাহ্মণবাৰিয়া জিলাক বাংলাদেশৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়।

অৱস্থান আৰু আয়তন[সম্পাদনা কৰক]

ব্ৰাহ্মণবাৰিয়া জিলাৰ আয়তন হৈছে ১,৯২৭.১১ বৰ্গ কিলোমিটাৰ (৪,৭৬,১৯৯ একৰ)। জিলাখন চিটাগং বিভাগৰ উত্তৰতম অংশত ২৩°৩৯´-ৰ পৰা ২৪°১৬´ উত্তৰ অক্ষাংশত আৰু ৯০°৪৪´-ৰ পৰা ৯১°৫১´ পূব দ্ৰাঘিমাংশত অৱস্থিত।

চাৰিসীমা[সম্পাদনা কৰক]

  • উত্তৰ: কিশোৰগঞ্জ জিলা আৰু হবিগঞ্জ জিলা
    • উত্তৰ-পূব: হবিগঞ্জ জিলা
  • দক্ষিণ: কুমিল্লা জিলা
  • পূব: ভাৰতৰ ত্ৰিপুৰা ৰাজ্য
  • পশ্চিম: নাৰায়ণগঞ্জ জিলা, নৰসিংদী জিলা আৰু কিশোৰগঞ্জ জিলা অৱস্থিত।

ইতিহাস[সম্পাদনা কৰক]

প্ৰাচীন আৰু মধ্যযুগীয়[সম্পাদনা কৰক]

প্ৰাচীন কালত বৰ্তমানৰ ব্ৰাহ্মণবাৰিয়া অঞ্চল প্ৰাচীন বংগৰ সমতট অঞ্চলৰ এটা অংশ আছিল। বংগৰ বাৰ ভূঞাৰ নেতা ইছা খানৰ জন্ম বৰ্তমানৰ ব্ৰাহ্মণবাড়িয়া জিলাৰ চৰাইল অঞ্চলত হৈছিল। পিছত তেওঁ অঞ্চলটোত তেওঁৰ প্ৰথম ৰাজধানী স্থাপন কৰিছিল যেতিয়া তেওঁ চৰাইল পৰগণাৰ জমিদাৰী লাভ কৰিছিল।

ব্ৰিটিছ যুগ[সম্পাদনা কৰক]

১৭৬৫ চনত বংগৰ দেৱানী লাভৰ পিছত, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ত্ৰিপুৰাক দুটা ভাগত বিভক্ত কৰে। তেওঁলোক ত্ৰিপুৰা আৰু চাকলা ৰৌশনাবাদ। ১৭৮১ চনত, চৰাইল পৰগণাৰ উপৰিও, বৃহত্তৰ কুমিল্লা আৰু নোৱাখালী থকা এখন জিলা ব্ৰিটিছে গঠন কৰিছিল আৰু ইয়াক টিপাৰা জিলা (Tippera) বা ত্ৰিপুৰা জিলা নাম দিছিল। ত্ৰিপুৰা জিলাৰ দুটা পৰিচয় আছিল। সাধাৰণতে, ত্ৰিপুৰা জিলাৰ অৰ্থ হৈছে সমগ্ৰ জিলা আৰু টিপাৰা প্ৰপাৰ মানে চাকলা ৰৌশনাবাদ। কিন্তু ইংৰাজসকলে এই জিলাখনক ৰৌশনাবাদ ত্ৰিপুৰা বুলি কৈছিল। ৰাজহ সংগ্ৰহৰ সুবিধাৰ বাবে ইয়াক ১৭৮৯ চনত ত্ৰিপুৰা জিলা বুলি অভিহিত কৰা হৈছিল। ত্ৰিপুৰাক ১৭৯০ চনত প্ৰশাসনিক ক্ষমতা থকা জিলা হিচাপে ঘোষণা কৰা হৈছিল।

১৮৩০ চনত ছাগলনাইয়া (ফেনী জিলাৰ অধীনত) আৰক্ষী থানাৰ বাহিৰে বাকী বৃহত্তৰ নোৱাখালীক ত্ৰিপুৰা জিলাৰ পৰা পৃথক কৰা হয় আৰু মাইমেনসিঙৰ পৰা চৰাইল, দাউদপুৰ, হৰিপুৰ, বেজৰা আৰু সতেৰখন্দল পৰগণাক ত্ৰিপুৰাত  অন্তৰ্ভুক্ত কৰা হয়। ১৮৬০ চনৰ ব্ৰিটিছ আইনৰ অধীনত ত্ৰিপুৰাৰ তিনিটা উপ-বিভাগৰ পৰা নাছিৰনগৰ মহকুমাৰ সৃষ্টি কৰা হৈছিল। ১১ বছৰৰ পিছত, মহকুমাৰ মুখ্য কাৰ্যালয় নাছিৰনগৰৰ পৰা ব্ৰাহ্মণবাৰিয়া চহৰলৈ স্থানান্তৰিত হয়। নৱগঠিত মহকুমাটোৰ নাম আছিল ব্ৰাহ্মণবাৰিয়া। মহকুমাটোৰ অধীনত ছয়খন আৰক্ষী থানা গঠন কৰা হৈছিল। যেনে:

  • ব্ৰাহ্মণবাৰিয়া
  • চৰাইল
  • নাছিৰনগৰ
  • নবিনগৰ
  • কচবা
  • বাঞ্ছাৰামপুৰ

১৮৬৮ চনত ব্ৰাহ্মণবৰীয়া পৌৰ নগৰ হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। ১৮৭৬ চনত, ছাগলনাইয়া আৰক্ষী থানাও ত্ৰিপুৰা জিলাৰ পৰা পৃথক কৰা হৈছিল। তেতিয়াৰ পৰা ১৯৬০ চনলৈকে এই জিলাখন ত্ৰিপুৰা জিলা হিচাপে পৰিচিত হয়।

জিলা গঠন[সম্পাদনা কৰক]

১৯৮৪ চনত, বাংলাদেশৰ প্ৰায় সকলো মহকুমাক জিলালৈ উন্নীত কৰা হৈছিল। সেই শৃংখলাটোত তেতিয়াৰ কুমিল্লা জিলাৰ তিনিটা মহকুমা, কুমিল্লা, ব্ৰাহ্মণবাৰীয়া আৰু চাঁদপুৰক পৃথক জিলাৰ মৰ্যাদা দিয়া হৈছিল।

নামকৰণ[সম্পাদনা কৰক]

ব্ৰাহ্মণবৰীয়া জিলাৰ নামকৰণক লৈ বহুতো মতামত আছে। এছ. এম শ্বাহনুৰে প্ৰস্তুত কৰা "নামকৰণৰ ইতিহাস" প্ৰকাশ কৰিছে,

স্বাধীনতা সংগ্ৰাম[সম্পাদনা কৰক]

ব্ৰিটিছ বিৰোধী আন্দোলন[সম্পাদনা কৰক]

বাংলাদেশৰ মুক্তিযুদ্ধৰ ইতিহাস[সম্পাদনা কৰক]

ঐতিহ্য[সম্পাদনা কৰক]

প্ৰশাসনিক ক্ষেত্ৰসমূহ[সম্পাদনা কৰক]

ব্ৰাহ্মণবাৰীয়া জিলাত ৯খন উপজিলা, ৯খন আৰক্ষী থানা, ৫খন পৌৰসভা, ১০০টা ইউনিয়ন, ৯৯৩খন মৌজা, ১৩৩১খন গাওঁ আৰু ৬খন সংসদীয় আসন আছে।

উপজিলা[সম্পাদনা কৰক]

ব্ৰাহ্মণবাৰিয়া জিলাত মুঠ ৯খন উপজিলা আছে। উপজিলাবোৰ হৈছে:

সংসদীয় আসন[সম্পাদনা কৰক]

সংসদীয় আসন ৰাষ্ট্ৰীয় নিৰ্বাচনী অঞ্চল সংসদৰ সদস্য
(এমপি)
ৰাজনৈতিক দল
২৪৩ ব্ৰাহ্মণবাৰিয়া-১ নাছিৰনগৰ উপজিলা বদৰুদ্দোজা মোঃ ফৰহাদ হোছেন আৱামী লীগ
২৪৪ ব্ৰাহ্মণবাৰিয়া-২ চৰাইল উপজিলা আৰু আশুগঞ্জ উপজিলা আবদুছ ছাত্তাৰ ভূঞা বিএনপি
২৪৫ ব্ৰাহ্মণবাৰিয়া-৩ ব্ৰাহ্মণবাৰিয়া সদৰ উপজিলা আৰু বিজয়নগৰ উপজিলা উবায়দুল মোকতাদিৰ চৌধুৰী আৱামী লীগ
২৪৬ ব্ৰাহ্মণবাৰিয়া-৪ আখাউড়া উপজিলা আৰু কচবা উপজিলা আনিছুল হক আৱামী লীগ
২৪৭ ব্ৰাহ্মণবাৰিয়া-৫ নবীনগৰ উপজিলা এবাদুল কৰিম বুলবুল আৱামী লীগ
২৪৮ ব্ৰাহ্মণবাৰিয়া-৬ বাঞ্ছাৰামপুৰ উপজিলা এ বি তাজুল ইছলাম আৱামী লীগ

যোগাযোগ ব্যৱস্থা[সম্পাদনা কৰক]

ৰাস্তা[সম্পাদনা কৰক]

ৰেলৱে[সম্পাদনা কৰক]

জলপথ[সম্পাদনা কৰক]

বতৰ আৰু জলবায়ু[সম্পাদনা কৰক]

ব্ৰাহ্মণবাৰিয়াৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
গড় উষ্ণতা - উচ্চ °C (°F) 25 28 32 33
(91)
33
(91)
32
(90)
32
(90)
32
(90)
32
(90)
31
(88)
29
(84)
27
(81)
auto
দৈনিক গড় উষ্ণতা °C (°F) 18
(64)
22
(72)
26
(79)
28
(82)
28
(82)
29
(84)
29
(84)
29
(84)
28
(82)
27
(81)
22
(72)
22
(72)
25
(77)
গড় উষ্ণতা - নিম্ন °C (°F) 10
(50)
14
(57)
19
(66)
22
(72)
23
(73)
25
(77)
25
(77)
25
(77)
24
(75)
23
(73)
17
(63)
17
(63)
20
(68.6)
বৰ্ষাপাতৰ পৰিমাণ মি.মি (ইঞ্চি) 14.4
(0.567)
39.8
(1.567)
72.8
(2.866)
168.2
(6.622)
315.4
(12.417)
344.9
(13.579)
367.9
(14.484)
247.5
(9.744)
197.6
(7.78)
148.5
(5.846)
30.4
(1.197)
8.9
(0.35)
auto
Avg. precipitation days (≥ 0.1 mm) 4 5 7 12 19 23 28 26 22 13 3 1 auto
উৎস: Worldweatheronline[1]

ৰাজহুৱা তথ্য[সম্পাদনা কৰক]

শিক্ষা ব্যৱস্থা[সম্পাদনা কৰক]

শিক্ষানুষ্ঠানসমূহ[সম্পাদনা কৰক]

হাই স্কুল[সম্পাদনা কৰক]

মহাবিদ্যালয়[সম্পাদনা কৰক]

মাদ্ৰাছা[সম্পাদনা কৰক]

উদ্যোগ আৰু অৰ্থনীতি[সম্পাদনা কৰক]

সংস্কৃতি আৰু ক্ৰীড়া[সম্পাদনা কৰক]

পৰম্পৰাগত উৎসৱ[সম্পাদনা কৰক]

ক্ৰীড়া[সম্পাদনা কৰক]

উল্লেখযোগ্য ব্যক্তি[সম্পাদনা কৰক]

পৰ্যটন স্থান[সম্পাদনা কৰক]

গেলেৰী[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]