পুতলা নাচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পুতলা নাচৰ পুতলা পৰিচালনা কৰি থকাৰ দৃশ্য

পুতলা নাচ (ইংৰাজী: Marionette) হৈছে পুতলা বা পাপেট (Puppet)-সমূহক ৰছি লগাই ওপৰৰ পৰা পৰিচালনা কৰা এক কলা।পুতলা নাচক ভাৰতীয় নাট্য সাহিত্যৰ আদি বুলি কোৱা হয়। পাচালী সাহিত্য নামৰ পাচালিকাৰ পৰা উদ্ভৱ হোৱা সাহিত্যৰ মুলো হৈছে এই পুতলা।পুতলা নাচত নৃত্য-গীত আৰু নাটকীয় মুদ্ৰাৰ সংযোগ ঘটে। এই পুতলা নাচক আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক সম্পদ বুলিও অভিহিত কৰা হয়।[1]


অসমৰ পুতলা নাচ[সম্পাদনা কৰক]

অসমপুতলা নাচ কিমান প্ৰাচীন তাক জনাৰ নিৰ্ভৰযোগ্য উপায় নাই৷ কিন্তু শংকৰদেৱৰ আদি-দশমত ইয়াৰ উল্লেখ থকালৈ চাই পুতলা নাচৰ প্ৰচলন শংকৰী যুগৰ আগৰ পৰাই চলি আহিছিল বুলি ভবাৰ অৱকাশ পোৱা যায়। অতি পুৰণি কালত ভাগৱত, কালিকাপুৰাণ, গুৰুচৰিতত পুতলা নাচৰ উপস্থিতিৰ উমান পোৱা যায়। মহাপুৰুষ শঙ্কৰদেৱৰ দ্বাৰ ৰচিত চিহ্নযাত্ৰা নাট খনিত পুতলা নাচৰ অভিনয় কলা অন্তৰ্ভুক্ত কৰিছিল। চিহ্নযাত্ৰা নাটকত চিহ্ন আঁকি আখ্যানৰ বিশদ বিৰবণ বুজাবলৈ চেষ্টা কৰা হৈছিল।অসমত ব্যৱসায়িক ভিত্তত পুতলা নাট্যদল হিচাপে ৰাজহুৱা সভা-সমিতি, গুৰুজনাৰ জন্মোসৱ, নামঘৰ প্ৰতিষ্ঠাৰ দিন আদিত পুতলা নাট প্ৰৰ্দশন কৰা হয়।[1]


পুতলা প্ৰস্তুত প্ৰণালী[সম্পাদনা কৰক]

পুতলাৰ নিৰ্মান বিজ্ঞান জগতৰ লগত খাপ খোৱাকৈ দৈনিক কল-কাৰখানাত গঢ় লৈ উঠিছে।সাধাৰণতে কাঠ, বাঁহ, কুঁহিলা, কাপোৰ, কলথৰুৱা আদিৰে এফুট বা ডেৰফুট কৈ সাজি বিভিন্ন ৰঙৰ কাগজ-কাপোৰ আদি মেৰিয়াই ৰঙৰ প্ৰলেপ সানি সজাই পৰাই অভিনয়ৰ বাবে প্ৰস্তুত কৰি তোলা হয়। মানুহ নাইবা দেৱতা, জন্তু আদিৰ আকৃতিৰ সাজ-সজ্জা কৰি বাস্তৱ ৰূপ দিয়াৰ পিছত সূক্ষধাৰে কলা সূতাৰ দ্বাৰা অৰ্থপূৰ্ণভাবে সঞ্চালন কৰি জীৱন্ত ৰূপত পৰিচালনা কৰে।আজিৰ দিনত পুতলা প্ৰস্তুত কৰা পদ্ধতি উন্নত হৈছে, যেনে-প্লাষ্টিক, চেলুলইড, টিন, লো আদিৰেও পুতলা তৈয়াৰ কৰা হয়।বিশেষকৈ ধৰ্ম্মীয় আখ্যানৰ ওপৰত ইয়াৰ কাহিনীসমূহ সজোৱা হয়। ৰামায়নৰ কাহিনীকেই বেছিকৈ পুতলা নাচত ব্যৱহাৰ কৰা হয়।[1]

মঞ্চ প্ৰস্তুত প্ৰণালী[সম্পাদনা কৰক]

পুতলা নাচ মঞ্চখন বাঁহ আৰু কাঠৰ তক্তাৰ সহায়ত সজোৱা হয়। ওপৰ ভাগ ধুনীয়া ৰঙীন ৰঙীন কাপোৰেৰে ঢাকি লোৱা হয়। মঞ্চৰ তিনিওফালে কলা আঁৰ কাপোৰেৰে ঢাকনি দিয়া হয়। দৰ্শকৰ কাৰণে সন্মুখৰ ফালটো খোলা থাকে। মঞ্চৰ দীঘ প্ৰায় পাঁচ-ছয় মিটাৰ মান আৰু ওখই প্ৰায় এক-ডেৰ মিটাৰ মান কৰা হয়। সন্মুখৰ ফালে অৰ্থাত্ দৰ্শকৰ ফালে এখন আঁৰ কাপোৰ লগোৱা থাকে, প্ৰথমে দৰ্শনী আৰম্ভ হোৱাৰ আগে আগে সন্মুখৰ আঁৰ কাপোৰখন ভিতৰৰ পৰা টানি মুকলি কৰি দিয়া হয়।[1]


পুতলা নাচৰ প্ৰকাৰ[সম্পাদনা কৰক]

ভাৰতৰ অন্যান্য ঠাইৰ দৰে অসমতো দুই শ্ৰেণীৰ পুতলা নাচৰ প্ৰচলন আছে বুলি জনা যায়। তাৰোপৰি হাত পুতলা আৰু মাৰি পুতলাৰ ঠাই বিশেষে প্ৰচলন দেখা যায়।

  1. কাঠ পুতলা
  2. ছায়া পুতলা
  3. হাত পুতলা,
  4. মাৰি পুতলা,

পুতলা নাচৰ অভিনয় প্ৰক্ৰিয়া[সম্পাদনা কৰক]

অভিনয়ৰ বাবে প্ৰস্তুত কৰা পুতলাবোৰৰ হাত ভৰি আৰু ডিঙি দৰ্শকে দেখা নোপোৱাকৈ ক’লা সূতা এডাল বান্ধি আঁৰ কাপোৰ আঁৰত থকা এজন ব্যক্তিয়ে ভিতৰৰ পৰা পুতলাবোৰ পৰিচালনা কৰে। আঁৰ কাপোৰ আঁৰত থকা ব্যক্তিজনে ক’লা সূতাৰ সহায়ত অৰ্থপূৰ্ণ আৰু জীৱন্ত ৰূপত পুতলাবোৰ পৰিচালনা কৰে। সূতা ধৰি প্ৰদৰ্শন কৰা এই কাৰ্য পৰাই পিছলৈ নিশ্চয় সূত্ৰধাৰ শব্দটো অহা বুলি ভবাৰ থল আছে। নাটকত সূত্ৰধাৰে পুতলাৰ দ্বাৰা অভিনয় কৰায়।খোল,তাল আদিৰ তালে তালে পৰিবেশ উত্তপ্ত কৰি তোলে।পুতলা নাচ অভিনয়ৰ সময়ত নল বা খাগৰী,কলপাত, বাঁহেৰে সজা পেঁপাৰ সহায়ত অভিনয় বিশ্বাসযোগ্য কৰি তুলিবলৈ বিভিন্ন ধৰণৰ পুতলাৰ মাত উলিয়াই বচন মাতে। ইয়াৰ লগে লগে বায়ন নামৰ এজন পাৰদৰ্শী ব্যক্তিয়ে পুতলাৰ বচন আৰু অভিনয় ব্যাখ্যা কৰি গৈ থাকে। পুতলা নাচ প্ৰদৰ্শনৰ বাবে এখন সুকীয়া মঞ্চৰ প্ৰয়োজন। দৰ্শক আৰু মঞ্চৰ মাজৰ ঠাইখিনিত গায়ন-বায়নৰ দলটি থাকে, সৰ্ম্পূন দলটিত মুঠ ছয়,সাতজন মান লোক থাকে। গায়ন-বায়নৰ গীতৰ মাজেদি অভিনয়ৰ কাহিনীভাগে বিকাশ লাভ কৰে। পুতলাই বায়নৰ লগত কথা পাতি ৰাইজক হঁহুৱায়।এই নাচত নৱৰস থাকে।গায়ন-বায়নৰ দলটিৰ কাষতে থকা মঞ্চৰ আঁৰকাপোৰৰ সিপাৰেদি পুতলাবোৰৰ প্ৰৱেশ আৰু প্ৰস্থান দেখুওৱা হয়। সূত্ৰধাৰ সকলে পুতলাৰ সহায়ত ধৰ্মীয় আখ্যানৰ পৰা আৰম্ভ কৰি আন বিভিন্ন আখ্যান ব্যাখ্যা আৰু অভিনয় কৰি দেখুৱাই।[1]


পুতলা নাচৰ সাৰ্বজনীনতা[সম্পাদনা কৰক]

অসমৰ ৰাইজক অতীজৰে পৰা এই অনুষ্ঠানটিয়ে যথেষ্ট আমোদ দি আহিছে। ভাগৱতৰ দশম স্কন্ধত ছায়া পুতলা আৰু টাটেকীয়া শব্দৰ উল্লেখ আছে। টাটেকীয়া শব্দৰ অৰ্থ হ’ল যিয়ে মানুহক ভেল্কীবাজি দেখুৱায়। পুতলা নাচ অনুষ্ঠানতো মানুহক এনেদৰে আমোদ দিয়া হয়। মাজে মাজে বহুৱা সদৃশ পুতলা সাজি দৰ্শকক আমোদ দিয়াৰ লগতে সমাজ-সমালোকৰ ভূমিকাত চৰিত্ৰটোক অৱত্তীৰ্ণ কৰোৱা দেখা যায়। সম্প্ৰতি পুতলা নাচ প্ৰচাৰ বিভাগৰ যাৱতীয় কামতো ব্যৱহাৰ কৰা দেখা গৈছে। গতিকে ইয়াক লোক অনুষ্ঠান বুলি নকৈ প্ৰচাৰমুখী অনুষ্ঠান বুলিও আখ্যা দিব পাৰি।


নলবাৰী জিলাৰ পুতলা নাচ[সম্পাদনা কৰক]

নলবাৰী জিলাৰ পুতলা নাচৰ এক ঐতিহ্য আছে আৰু ইয়াৰ পুতলা নাচে নলবাৰীৰ সাংস্কৃতিক ক্ষেত্ৰখনক চহকী কৰিছে। বিশেষকৈ নলবাৰী জিলাৰ মোহখলি গাঁৱত এনে কিছু দল আছে, যিয়ে পুতলা নাচক বৰ্তমানলৈকে জীপাল কৰি ৰাখিছে। নলবাৰী জিলাৰ টিহু ৰ পিপালিবাৰি গাঁৱত ঁ হৰেশ্বৰ শৰ্মাৰ কামৰূপীয়া পুতলা নাচ নামৰ দল আছিল যদিও তেঁও স্বাস্হ্য্ ৰ অবনতি ঘটাত দলটি পুতলা নাচ বন্ধ কৰে । শিল্পী জনৰ পুতলা সমুহ অসম ৰাজ্যিক স্ংগ্ৰহালয়ত স্ংগ্ৰহিত কৰি থোবা হৈছে ।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 লোক-সংস্কৃতিৰ কোঁহে কোঁহে, লিখক=যাদৱ সেনডেকা. অনন্ত হাজৰীকা, বনলতা, গুৱাহাটী. পৃষ্ঠা. ৯, ১০.১১. 

সহায়ক গ্ৰন্থ[সম্পাদনা কৰক]

  • অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড০ পৰমানন্দ ৰাজবংশী, ড০ নাৰায়ন দাস (পৃষ্ঠা- ২২৪)

বাহ্যিক সংযোগ[সম্পাদনা কৰক]