ৰাধা বিনোদ বৰ্মন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ড০ ৰাধা বিনোদ বৰ্মন
Dr Radha Binod Barman

পৰিসংখ্যাবিদ ড০ ৰাধা বিনোদ বৰ্মন
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান
পেচা পৰিসংখ্যাবিদ
জনা যায়
  • ৰিচাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ উপ-অধ্যক্ষ
  • ৰাষ্ট্ৰীয় পৰিসংখ্যা আয়োগৰ প্ৰাক্তন অধ্যক্ষ[1]
পিতৃ-মাতৃ যোগেন্দ্ৰ চন্দ্ৰ বৰ্মন, হিৰণবালা বৰ্মন
বঁটা, সন্মান, পুৰস্কাৰ আদি অধ্যাপক পি চি মাহালানবিচ ৰাষ্ট্ৰীয় বঁটা (২০২১)[2]

ড০ ৰাধা বিনোদ বৰ্মন (ইংৰাজী: Dr Radha Binod Barman) হৈছে অসম, ভাৰতৰ এগৰাকী পৰিসংখ্যাবিদ৷ তেখেতে ভাৰতৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত উপ-অধ্যক্ষ আৰু ৰাষ্ট্ৰীয় পৰিসংখ্যা আয়োগৰ অধ্যক্ষ হিচাপেও কৰ্ম-নিৰ্বাহ কৰিছিল৷ চৰকাৰী পৰিসংখ্যা শিতানলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ড০ বৰ্মনলৈ ২০২১ চনৰ অধ্যাপক পি চি মাহালানবিছ ৰাষ্ট্ৰীয় বঁটা ঘোষণা কৰা হয়৷ [2]তেখেতৰ একাধিক গৱেষণা-পত্ৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কাকতাদিত প্ৰকাশিত হৈছে৷

পৰিয়াল আৰু শিক্ষা[সম্পাদনা কৰক]

ড০ ৰাধা বিনোদ বৰ্মনৰ পিতৃ প্ৰয়াত যোগেন্দ্ৰ নাথ বৰ্মন আছিল এগৰাকী কৃষক৷ আনহাতে মাতৃৰ নাম হৈছে হিৰণবালা বৰ্মন৷

১৯৬৪ চনত ড০ বৰ্মনে বৰপেটাস্থিত সজনীকান্ত হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰে আৰু গুৱাহাটীকটন কলেজত প্ৰাক্-বিশ্ববিদ্যালয় শিক্ষা গ্ৰহণ কৰে৷ তেখেতে পৰিসংখ্যা বিজ্ঞানত স্নাতকসহ ১৯৬৮ চনত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰে৷ ১৯৭০ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰে৷ ইয়াতো তেখেতে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অৰ্জন কৰে৷ পৰৱৰ্তী কালত আইআইটি মাদ্ৰাছৰ পৰা ডক্টৰেট ডিগ্ৰী দখল কৰি ১৯৭৫ চনত আইএছএছত যোগদান কৰে৷ [2]

কৰ্মজীৱন[সম্পাদনা কৰক]

ড০ ৰাধা বিনোদ বৰ্মনে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক আৰু উপ-অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ পৰৱৰ্তী কালত তেখেত ৰাষ্ট্ৰীয় পৰিসংখ্যা আয়োগৰ অধ্যক্ষৰ আসনো অলংকৃত কৰে৷ তেখেতৰ কেইবাখনো গৱেষণা-পত্ৰ দেশ-বিদেশৰ কাকত-পত্ৰিকাত প্ৰকাশিত হৈছে৷ [2]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

ভাৰত চৰকাৰৰ চৰকাৰী পৰিসংখ্যা শিতানত ২০২০ চনত পোনপ্ৰথমবাৰৰ বাবে অধ্যাপক পি চি মহালানবিছ ৰাষ্ট্ৰীয় বঁটা প্ৰৱৰ্তন কৰা হৈছিল৷ পৰিসংখ্যাৰ ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা ব্যক্তিক উক্ত সন্মান প্ৰদান কৰা হয়৷ ২০২১ চনৰ বাবে এই বঁটাটি আগবঢ়োৱা হৈছে ড০ ৰাধা বিনোদ বৰ্মনলৈ৷ ভাৰতৰ চৰকাৰী পৰিসংখ্যা পদ্ধতিৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে তেখেতলৈ এই বঁটাটি আগবঢ়োৱা হয়৷ ভাৰত চৰকাৰৰ সচিব আৰু ভাৰতৰ মুখ্য পৰিসংখ্যাবিদ ড০ জি পি সামন্তই ড০ ৰাধা বিনোদ বৰ্মনলৈ প্ৰেৰণ কৰা চিঠিত উক্ত কথা সদৰী কৰে৷[2]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

বৰ্তমান ৰাধা বিনোদ বৰ্মন মুম্বাইৰ নিবাসী৷[2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. https://www.business-standard.com/article/economy-policy/barman-to-head-national-statistical-commission-116050500043_1.html
  2. 2.0 2.1 2.2 2.3 2.4 2.5 মিশ্ৰ, বেদব্ৰত (২৮ জুন, ২০২১). "অসমৰ সু-সন্তান পৰিসংখ্যাবিদ ড০ ৰাধা বিনোদ বৰ্মনলৈ ৰাষ্ট্ৰীয় বঁটা". দৈনিক অসম. প্ৰকাশক গুৱাহাটী. পৃষ্ঠা ১ আৰু ২. https://dainikasam.assamtribune.com/full-page-pdf/epaper/pdf/2021/06/28/dainik-asam/2385#&gid=pswgname0&pid=1। আহৰণ কৰা হৈছে: 28 June 2021.