২০২১ৰ অসম ভূমিকম্প
| তাৰিখ | ২০২১-০৪-২৮ |
|---|---|
| প্ৰাৱল্য | ৬.০ Mw[1] ৬.৪ [2] |
| গভীৰতা | ৩৪ কিঃমিঃ (২১ মাইল) |
| অভিকেন্দ্ৰ | 26°46′52″N 92°27′25″E / 26.781°N 92.457°E |
| দেশ বা অঞ্চল(সমূহ) | বাংলাদেশ, চীন, ম্যানমাৰ, ভূটান, আৰু ভাৰত |
| সৰ্বাধিক তীব্ৰতা | VII (অতি শক্তিশালী) |
| Aftershocks | ছয়, পৰৱৰ্তী বৃহৎ কম্পনাংক ৪.৭ Mw [3] |
| হতাহত | ২জন মৃত, ১২জন আঘাতপ্ৰাপ্ত |
২০২১ চনৰ অসম ভূমিকম্প ২০২১ চনৰ ২৮ এপ্ৰিলৰ ০৭:৫১ বজাত ভাৰতৰ অসমৰ ঢেকীয়াজুলিৰ পৰা ১১ কিলোমিটাৰ (৭ মাইল) দূৰত্বত ৩৪.০ কিলোমিটাৰ (২১.১ মাইল) গভীৰতাত হোৱা ৰিচটাৰ স্কেলৰ ৬.০ মাত্ৰাৰ এটা ভূমিকম্প৷[1][4][5] ভূমিকম্পটো মুখ্য চহৰ গুৱাহাটীৰ পৰা ১৪০ কিলোমিটাৰ (৮৬ মাইল) উত্তৰে ৩৪ কিলোমিটাৰ (২১ মাইল) গভীৰতাত উৎপত্তি হৈছিল। এই ভূঁইকপৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে কমেও ১২জন লোক আঘাতপ্ৰাপ্ত হৈছিল।
টেকটনিক চেটিং
[সম্পাদনা কৰক]অসম অঞ্চলৰ টেকটনিকছত ভাৰতীয়, বাৰ্মা আৰু ইউৰেছিয়ান প্লেটৰ অভিসৰণ ঘটিছে। মূল হিমালয়ান থ্ৰাষ্টৰ পৰা বিস্তাৰিত মেইন ফ্ৰন্টেল থ্ৰাষ্ট, মেইন বাউণ্ডেৰী থ্ৰাষ্ট আৰু মেইন চেণ্ট্ৰেল থ্ৰাষ্ট আদি শাখাসমূহৰ ক্ৰিয়াৰ ফলত ১৯৫০ৰ বৰভুমিকম্পৰ দৰে বৃহৎ ভূমিকম্প এই অঞ্চলত সংঘটিত হয়।
কাৰণ
[সম্পাদনা কৰক]
হিমালয়ৰ পাদদেশৰ এক সামান্য গভীৰতাৰ তীৰ্যক-পিছলি যোৱাৰ ফলত ভূমিকম্পটো সংঘটিত হৈছিল। [6][7] ভাৰতৰ নেচনেল চেণ্টাৰ ফৰ চিচমোলজীৰ বিশ্লেষণে প্ৰকাশ কৰিছিল যে ভূমিকম্পত মুখ্য ফ্ৰণ্টাল থ্ৰাষ্টৰ ওচৰত কপিলী ফল্টৰ কাষত পিছলি যায়। [8] এইটো এক উত্তৰ-পূৱ গাঁথনি যি শ্বিলং মালভূমিৰ পূৱৰ পৰা অসম উপত্যকাৰ মাজেৰে ভূটানলৈকে যায়। ইয়াৰ মুঠ আনুমানিক দৈঘ্য ৩০০ কিঃমিঃ দৈৰ্ঘ্য, আৰু প্ৰস্থ ৩০ কিঃমিঃ।[9] ইয়াৰ মুখ্য স্লিপ চেঞ্চ হৈছে সোঁ-পাৰ্শ্বীয় ষ্ট্ৰাইক-স্লিপ। [10]
একেটা ফল্টৰ ফলতেই ২০০৯ চনত ভূটানত ৬.১ প্ৰাৱল্যৰ ভূমিকম্প হৈছিল বুলি ধাৰণা কৰা হয়, যাৰ ফলত ১১জন লোক নিহত হয় আৰু প্ৰায় একডজন লোক আহত হয়। [11] একেটা কাৰণতেই ১৮৬৯ আৰু ১৯৪৩ চনত আন দুটা ৭.০+ প্ৰবল্যৰ ভূমিকম্পই অসম উপত্যকাক জোকাৰি গৈছিল, লগতে ২০১৬ চনৰ ইম্ফলৰ ভয়ংকৰ ভূমিকম্পৰ কাৰণো এইটোৱেই আছিল বুলি ধাৰণা কৰা হয়।[9]
ক্ষয়-ক্ষতি
[সম্পাদনা কৰক]ভূমিকম্পৰ ফলত সমীপৱৰ্তী অঞ্চলৰ অট্টালিকাবোৰত মধ্যমীয়া ক্ষয়-ক্ষতি হয় যদিও সম্পূৰ্ণৰূপে ধ্বস হোৱাৰ খবৰ পোৱা হোৱা নাছিল। [12] প্ৰভাৱিত অট্টালিকাবোৰৰ ভিতৰত নগাঁৱৰ এটা বহুমহলীয়া অট্টালিকা ইয়াৰ কাষতে থকা আন এটা অট্টালিকাৰ দিশে হেলনীয়া হৈছিল আৰু ওচৰৰ অট্টালিকাত ভেজা দি ৰৈছিল। ঘৰ আৰু বাণিজ্যিক ভৱনৰ দেৱালতো ফাঁট আদি দেখা গৈছিল। ইটা আদি খহি বাহন আদি ক্ষতিগ্ৰস্ত হৈছিল। [13] উৎপত্তি স্থলৰ ওচৰে পাজৰে ভূমিস্খলন, মাটি ফাটি পানীৰ নিৰ্গমন আৰু মাটিৰ দ্ৰৱীকৰণৰ খবৰ পোৱা গৈছিল। [14] চুবুৰীয়া ৰাজ্য ভূটানৰ অট্টালিকাসমূহৰো ক্ষয়ক্ষতিৰ খবৰ পোৱা গৈছিল আৰু দুজন ব্যক্তি আহত হৈছিল। [15] ভূমিকম্পৰ ফলত হোৱা আতংকত হৃদৰোগত আক্ৰান্ত হৈ কামৰূপ মেট্ৰ' আৰু নগাঁও জিলাৰ দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন দহজন লোক আঘাতপ্ৰাপ্ত হয়।[16][17]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "M 6.0 - 9 km NNW of Dhekiajuli, India". USGSearthquake.usgs.gov. https://earthquake.usgs.gov/earthquakes/eventpage/us7000dy3b/executive। আহৰণ কৰা হৈছে: 14 May 2021.
- ↑ "Strong earthquake of 6.4 magnitude hits Assam". Business Today (India). https://www.businesstoday.in/latest/trends/breaking-earthquake-of-64-magnitude-hits-assam/story/437724.html। আহৰণ কৰা হৈছে: 28 April 2021.
- ↑ "Explained: In Assam earthquake, reminder of seismic hazard along HFT faultline". The Indian Express. https://indianexpress.com/article/explained/explained-in-assam-earthquake-reminder-of-seismic-hazard-along-hft-faultline-7292770/। আহৰণ কৰা হৈছে: 28 April 2021.
- ↑ "Northeast India hit by magnitude 6.4 earthquake" (en ভাষাত). The Independent. 2021-04-28. https://www.independent.co.uk/asia/india/india-earthquake-today-assam-latest-b1838656.html। আহৰণ কৰা হৈছে: 2021-04-28.
- ↑ "Northeast India hit by magnitude 6.4 earthquake" (en ভাষাত). The Independent. 2021-04-28. https://www.independent.co.uk/asia/india/india-earthquake-today-assam-latest-b1838656.html। আহৰণ কৰা হৈছে: 2021-04-28.
- ↑ "Assam Earthquake: 6.4 magnitude quake, 7 aftershocks jolt Northeast, tremors felt in Bengal". India Today. https://www.indiatoday.in/india/story/earthquake-in-northeast-tremors-felt-in-assam-north-bengal-arunachal-pradesh-1795696-2021-04-28। আহৰণ কৰা হৈছে: 28 April 2021.
- ↑ "Official Website of National Center of Seismology". seismo.gov.in. https://seismo.gov.in/MIS/riseq/interactive/index/ZVNoMWsrTTlhMEZUUXN1UEgxbUcxUT09/Reviewed। আহৰণ কৰা হৈছে: 2021-05-03.
- ↑ Chakravartty, Anupam (29 April 2021). "Assam earthquake: Known to cause deadly tremors, Kopili fault eludes experts". EastMojo. Archived from the original on 15 May 2021. https://web.archive.org/web/20210515003720/https://www.eastmojo.com/assam/2021/04/29/assam-earthquake-known-to-cause-deadly-tremors-kopili-fault-eludes-experts/.
- ↑ 9.0 9.1 Kayal, J., Arefiev, S., Baruah, S., Tatevossian, R., Gogoi, N., Sanoujam, M., Gautam, J.L., Hazarika, D., & Borah, D. (2010). "The 2009 Bhutan and Assam felt earthquakes (Mw 6.3 and 5.1) at the Kopili fault in the northeast Himalaya region". Geomatics, Natural Hazards and Risk খণ্ড 1 (3): 273-281. doi:10.1080/19475705.2010.486561.
- ↑ Kharita, Akash. "Strong earthquake jolts Assam". Temblor. doi:10.32858/temblor.171. https://temblor.net/earthquake-insights/strong-earthquake-jolts-assam-12692/। আহৰণ কৰা হৈছে: 15 May 2021.
- ↑ "M 6.1 - Bhutan". USGSearthquake.usgs.gov. https://earthquake.usgs.gov/earthquakes/eventpage/usp000h1r4/executive। আহৰণ কৰা হৈছে: 15 May 2021.
- ↑ "Quake of magnitude 6 strikes India's Assam, damages some buildings". Reuters. 2021-04-28. https://www.reuters.com/world/india/magnitude-62-earthquake-strikes-assam-india-emsc-2021-04-28/। আহৰণ কৰা হৈছে: 2021-04-28.
- ↑ "From damage caused to relief operations, Assam earthquake explained in 10 points". India Today. প্ৰকাশক New Delhi. 29 April 2021. https://www.indiatoday.in/coronavirus-outbreak/story/damage-caused-relief-operations-assam-earthquake-1796077-2021-04-29.
- ↑ "Cracked roads, tilted buildings: Assam earthquake captured in scary photos, videos". India Today. প্ৰকাশক New Delhi. 28 April 2021. https://www.indiatoday.in/india/story/massive-earthquake-assam-buildings-damaged-walls-cracked-photos-videos-1795765-2021-04-28.
- ↑ "Earthquake causes structural damage". kuenselonline.com. https://kuenselonline.com/earthquake-causes-structural-damage/.[সংযোগবিহীন উৎস]
- ↑ Saha, Abhishek (29 April 2021). "Assam earthquake: At least 10 injured, houses damaged". The Indian Express. প্ৰকাশক Guwahati. https://indianexpress.com/article/north-east-india/assam/assam-bengal-earthquake-7291892/.
- ↑ "Two die of shock after 6.4 magnitude quake in Assam". The Hindu. 28 April 2021. https://www.thehindu.com/news/national/other-states/earthquake-of-magnitude-64-strikes-assam/article34427787.ece.