বেলকনিত ভগৱান
বেলকনিত ভগৱান God on The Balcony | |
---|---|
ছবিখনৰ আনুষ্ঠানিক প'ষ্টাৰ | |
পৰিচালক | বিশ্বজিৎ বৰা |
ৰচনা | বিশ্বজিৎ বৰা |
প্ৰযোজক | নুৰুল চুলতান |
অভিনয়ত |
|
চিত্ৰগ্ৰহণকাৰী | শ্বিতাংশু খামাৰী |
সম্পাদনা | বিশ্বজিৎ বৰা |
সংগীত পৰিচালক | বিশাল খত্ৰী |
মুক্তি |
৭ অক্টোবৰ ২০২২ |
দৈৰ্ঘ্য |
৮৮ মিনিট |
দেশ | ভাৰত |
ভাষা | অসমীয়া ভাষা |
বেলকনিত ভগৱান (ইংৰাজী: God on the Balcony) হৈছে অসমীয়া ভাষাত নিৰ্মিত আৰু বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত, লিখিত আৰু সম্পাদিত এখন ড্ৰামাভিত্তিক চলচ্চিত্ৰ৷ ২০২০ চনৰ নৱেম্বৰ মাহত কলিকতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰখনৰ প্ৰথমটো প্ৰিমিয়াৰ হয়৷ [1] মইনা প্ৰডাকচনৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰিছে নুৰুল ছুলতানে৷ উল্লেখ্য যে, ছবিখন দেশ-বিদেশৰ একাধিক চলচ্চিত্ৰ মহোৎসৱত এতিয়ালৈকে প্ৰদৰ্শিত হৈছে৷ [2] কলিকতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰখনৰ পৰিচালকে ভাৰতীয় ভাষাৰ শিতানত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে৷ ২০২১ বৰ্ষৰ ৪ জুলাইৰ পৰা ১১ জুলাইলৈ লণ্ডনত অনুষ্ঠিত হোৱা ৰেইনবো চলচ্চিত্ৰ মহোৎসৱত ছবিখনে বিশেষ বঁটা লাভ কৰে৷ [3]
এটা বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত ছবিখনত হৰিশ খান্না, প্ৰণামী বৰা, পৰিনন্ধী জীমা চুলতানাই অভিনয় কৰিছে৷ ছবিখনে ২০২২ বৰ্ষৰ ৭ অক্টোবৰত ছবিগৃহত মুক্তিলাভ কৰে।[4]
সংক্ষিপ্ত কাহিনী
[সম্পাদনা কৰক]অসম, ভাৰতৰ এখনি পিছপৰা গাঁৱৰ পটভূমিত ছবিখন নিৰ্মাণ কৰা হৈছে৷ ছবিখনৰ কাহিনীভাগ খগেন নামৰ কৃষকজনক কেন্দ্ৰ কৰি আৱৰ্তিত হয়৷ খগেনৰ পত্নীৰ এটা দুৰ্ঘটনাত মৃত্যু হৈছে৷ এম্বুলেন্স নথকাত খগেনে মৃত পত্নীৰ নিথৰ দেহটো চাইকেলতে কঢ়িয়াই নিবলৈ যত্নপৰ হয়৷ শিলগুটি দিয়া পথবোৰেৰে মৃত পত্নী আৰু কনিষ্ঠ জীয়েকজনীৰ সৈতে ঘৰলৈ উভতি আহোঁতে খগেনে দুজন সংবাদদাতাক লগ পায়৷ ইয়াৰ পিছতে তেওঁলোকৰ যাত্ৰাটোৱে এটা ভিন্ন ৰূপ লয়৷ [5]
উল্লেখ্য যে, ছবিখনৰ কাহিনীটো এটা বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত৷ উৰিষ্যাৰ দাৰিদ্ৰ-পীড়িত ব্যক্তি দন মাঝীয়ে চৰকাৰৰ নিৰ্লিপ্ততাৰ বাবে নিজৰ পত্নীৰ দেহটো প্ৰায় দহ কিলোমিটাৰ পৰ্যন্ত নিজৰ কান্ধত কঢ়িয়াই নিছিল৷ [6]
কলা-কুশলী
[সম্পাদনা কৰক]ছবিখনৰ কলা-কুশলীসকলৰ নাম [7] তলত উল্লেখ কৰা হ'ল -
অভিনয়ত
[সম্পাদনা কৰক]ক্ৰমিক নং | অভিনয়-শিল্পী | চৰিত্ৰ |
---|---|---|
১ | হৰিশ খান্না | খগেন |
২ | প্ৰণামী বৰা | নুমলী |
৩ | সুনীত বৰা | প্ৰণৱ |
৪ | বিনোদ লাল দাস | বিধায়কৰ সহকাৰী |
৫ | অৰুণ হাজৰিকা | মন্ত্ৰী |
৬ | ৰাজীৱ ক্ৰ' | প্ৰহৰী |
৭ | ইভা মহন্ত | জীনা |
৮ | পৰিনন্ধী জীমা চুলতানা | কুঁৱলী |
আনসকল কুশলী
[সম্পাদনা কৰক]ক্ৰমিক নং | নাম | দায়িত্ব |
---|---|---|
১ | বিশ্বজিৎ বৰা | পৰিচালনা, চিত্ৰনাট্য-ৰচনা আৰু সম্পাদনা |
২ | নুৰুল চুলতান | প্ৰযোজনা |
৩ | সীতাংশু খামাৰী | চিত্ৰগ্ৰহণ |
৪ | জয়ন্ত ফুকন | কলা-নিদেৰ্শনা |
৫ | লোপামুদ্ৰা গগৈ | সাজসজ্জা |
৬ | আকাশ ডেকা | মুখসজ্জা |
৭ | বিশাল খত্ৰী | নেপথ্য সংগীত |
৮ | সুজিৎ বৰা | কালাৰিষ্ট |
৯ | প্ৰণাম দেশাই | প্ৰথম সহকাৰী পৰিচালক |
১০ | সুভাষিনী বৰা | দ্বিতীয় সহকাৰী পৰিচালক |
১১ | প্ৰজ্ঞানাভ বৰা | তৃতীয় সহকাৰী পৰিচালক |
১২ | ৰিংকু বড়ো | SFX ৰেকৰ্ডিং/ ধ্বনি ৰেকৰ্ডিং |
১৩ | জ্যোতি চেতিয়া | ধ্বনি ব্যৱস্থাপক (ছাউণ্ড ডিজাইনাৰ) |
১৪ | জ্যোতি চেতিয়া | ধ্বনি ব্যৱস্থাপক (ছাউণ্ড ডিজাইনাৰ) |
১৫ | পল্লৱ জ্যোতি মহন্ত | স্থিৰ ফটোগ্ৰাফী |
১৬ | অতুল স্বৰ্গিয়াৰী | প্ৰথম সহকাৰী কেমেৰা |
১৭ | জাকিৰ হুছেইন | গেফাৰ (gaffer, ছবিখনৰ বিদ্যুতৰ দায়িত্বত থকা মূল মানুহ) |
চলচ্চিত্ৰ মহোৎসৱত
[সম্পাদনা কৰক]বেলকনিত ভগৱান এতিয়ালৈকে একাধিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে৷ তাৰে কেইখনমান তলত উল্লেখ কৰা হ'ল-
ভাৰতত
[সম্পাদনা কৰক]- ২৪তম কলিকতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, প্ৰিমিয়াৰ, (নৱেম্বৰ, ২০২০)
- ২৫তম কেৰেলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (১১ ফেব্ৰুৱাৰী, ২০২১)
- ১৯তম পুণে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ৷ [6]
বিদেশত
[সম্পাদনা কৰক]- ১৯সংখ্যক ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (জানুৱাৰী, ২০২১)
- ২৪সংখ্যক ছাংহাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
- ২১সংখ্যক নিউইয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ
- ১৮সংখ্যক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ, ষ্টুটগাৰ্ট, জাৰ্মানী
- ২০সংখ্যক ইমাজিন ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, মাদ্ৰিদ, স্পেইন (মে', ২০২১)[6]
- লাছা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ব্ৰাজিল৷ [8]
- ২২ সংখ্যক ৰেইনব' চলচ্চিত্ৰ মহোৎসৱ, লণ্ডন ৷ [3]
বঁটা-সন্মান
[সম্পাদনা কৰক]- ২০২০ চনত কলিকতাত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হয় আৰু পৰিচালক বিশ্বজিৎ বৰাই ভাৰতীয় ছবিৰ শিতানত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে৷ [9]
- ২০২১ বৰ্ষত লণ্ডনত ৰেইনবো চলচ্চিত্ৰ সমাজৰ দ্বাৰা আয়োজিত ২২ সংখ্যক "ৰেইনবো চলচ্চিত্ৰ মহোৎসৱ"ত ছবিখন প্ৰদৰ্শিত হয় আৰু বিশেষ বঁটা লাভ কৰে৷ উক্ত মহোৎসৱ ৪ জুলাইৰ পৰা ১১ জুলাইলৈ অনুষ্ঠিত হৈছিল৷ [3]
সমালোচনা
[সম্পাদনা কৰক]ছবিখনৰ প্ৰসংগত লেবাননত থকা চলচ্চিত্ৰ সমালোচক জোছেফ কৰ্কমাজে মন্তব্য কৰে যে-...The filmmaker portraits in his movie, a socio-economic context of a region, his own, that is a microcosm of an entire country that is struggling to develop.[10]
আনহাতে 'স্ক্ৰল ডট ইন'ত নন্দিনী ৰামনাথে মন্তব্য কৰিছে যে-ছবিখনৰ ব্যাপক সমাদৰৰ লগত বোধহয় ক'ভিড-১৯ৰ ভয়াৱহ প্ৰভাৱ কিছুমান সংপৃক্ত হৈ আছে৷ কিয়নো মহামাৰীয়ে উন্নত আৰু অনুন্নত দেশৰ মাজত থকা স্বাস্থ্যসেৱাৰ পাৰ্থক্যবোৰ উন্মোচিত কৰিছে৷[11]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ IMDB. "God on the Balcony (2020) Release Info". IMDB. https://www.imdb.com/title/tt13599570/releaseinfo?ref_=tt_dt_rdat। আহৰণ কৰা হৈছে: 20 July 2021.
- ↑ "”বেলকনিত ভগৱান”ৰ বিশেষ সমাদৰঃ নিৰ্বাচিত হৈছে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল মেলৱৰ্ণ ২০২১ লৈ". অসমীয়া প্ৰতিদিন. ১৪ জুলাই, ২০২১. Archived from the original on 20 July 2021. https://web.archive.org/web/20210720173337/https://www.asomiyapratidin.in/god-of-the-balcony-assamese-movie-newss/। আহৰণ কৰা হৈছে: 20 July 2021.
- ↑ 3.0 3.1 3.2 Digital desk (July 13, 2021). "লণ্ডনৰ চলচ্চিত্ৰ মহোৎসৱত জিলিকিল ‘বেলকনিত ভগৱান’". News Live. https://newslivetv.com/god-on-the-balcony-gets-at-special-award-at-prestigious-22nd-rainbow-london-film-festival/। আহৰণ কৰা হৈছে: 21 July 2021.
- ↑ "Balconit Bhogawan (God On The Balcony)". in.bookmyshow.com. https://in.bookmyshow.com/morigaon/movies/balconit-bhogawan-god-on-the-balcony/ET00341158। আহৰণ কৰা হৈছে: 13 October 2022.
- ↑ "God on the Balcony (2020) Plot". IMDB. https://www.imdb.com/title/tt13599570/plotsummary?ref_=tt_ov_pl। আহৰণ কৰা হৈছে: 20 July 2021.
- ↑ 6.0 6.1 6.2 সৰকাৰ, শিল্পা (June 24, 2021). "Biswajeet Bora’s ‘God on The Balcony’ to be screened at Stuttgart Film Festival". Eastmozo. https://www.eastmojo.com/entertainment/2021/06/24/biswajeet-boras-god-on-the-balcony-to-be-screened-at-stuttgart-film-festival/। আহৰণ কৰা হৈছে: 20 July 2021.
- ↑ "Full Cast & Crew". IMDB. https://www.imdb.com/title/tt13599570/fullcredits। আহৰণ কৰা হৈছে: 20 July 2021.
- ↑ "ব্ৰাজিলৰ লাছা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 'বেলকনিত ভগৱান'". নিয়মীয়া বাৰ্তা. 21 july,0 2021. https://niyomiyabarta.com/entertainment/god-on-the-balcony-3/। আহৰণ কৰা হৈছে: 21 July 2021.
- ↑ Staff (20 june 2021). "Biswajeet Bora’s Assamese film God on the Balcony to be screened at 18th Indian Film Festival Stuttgart". NorthEast Now. https://nenow.in/north-east-news/assam/biswajeet-boras-assamese-film-god-on-the-balcony-to-be-screened-at-18th-indian-film-festival-stuttgart.html। আহৰণ কৰা হৈছে: 21 July 2021.
- ↑ Korkmaz, Joseph (July 10, 2021). "God on the Balcony: A review by Lebanon-based critic Joseph Korkmaz". The News Mill. https://thenewsmill.com/god-on-the-balcony-film-review-joseph-korkmaz/। আহৰণ কৰা হৈছে: 21 July 2021.
- ↑ Ramnath, Nandini (25 April, 2021). "In Assamese film ‘God on the Balcony’, a snapshot of death caused by governmental apathy". Scroll.in. https://scroll.in/reel/993207/in-assamese-film-god-on-the-balcony-a-snapshot-of-death-caused-by-governmental-apathy। আহৰণ কৰা হৈছে: 21 July 2021.