সমললৈ যাওক

বিশ্বজিৎ বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশ্বজিৎ বৰা
জন্ম ৮ আগষ্ট, ১৯৭৯ (৪৬ বছৰ)
গোলাঘাট, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান গোলাঘাট বাণিজ্য মহাবিদ্যালয়
পেচা চলচ্চিত্ৰ পৰিচালক, লেখক আৰু সম্পাদক
সক্ৰিয় হৈ থকা সময় ২০০১-বৰ্তমান
দাম্পত্যসঙ্গী লোপামুদ্ৰা গগৈ বৰা

বিশ্বজিৎ বৰা (ইংৰাজী: Biswajeet Bora; জন্ম: ৮ আগষ্ট ১৯৭৯) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, লেখক তথা সম্পাদক। নিৰ্মাণৰ সময়ত কাৰ্বন নিৰপেক্ষ ভাৰতৰ প্ৰথমখন ছবি ২০১৫ চনত মুক্তিলাভ কৰা 'এইচা হে জাহান'ৰ জৰিয়তে তেওঁ পৰিচালক হিচাপে প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰিছিল।[1][2] তেওঁৰ 'বেলকনিত ভগৱান'(২০২০) ছবিখনে ২৬ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ ৰয়েল বেংগল টাইগাৰ ট্ৰফী আৰু ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ ষ্টুটগাৰ্টত জাৰ্মান তাৰকাকে ধৰি ৯টা বঁটা লাভ কৰে।[3] ২০২২ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱৰ সময়ত মাৰ্চে ডু ফিল্মত প্ৰদৰ্শিত ছখন ভাৰতীয় ছবিৰ ভিতৰত তেওঁৰ বুম্বা ৰাইড (২০২১) অন্যতম আছিল।[4][5]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৭৯ চনৰ ৮ আগষ্ট তাৰিখে অসমৰ গোলাঘাট জিলাৰ ১ নং শেনচোৱা গাঁৱত বিশ্বজিৎ বৰাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম পূৰ্ণ চন্দ্ৰ বৰা আৰু মাতৃ মঞ্জু বৰা।[6][7] ১৬ বছৰ বয়সতে তেওঁ অপেছাদাৰী নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল।[2] তাৰপিছত তেওঁ গোলাঘাটৰ এভাৰগ্ৰীণ ড্ৰামা এণ্ড ফিল্ম ইনষ্টিটিউটত নামভৰ্তি কৰে। তেওঁ যুদ্ধ কলাৰ চৰ্চাও আৰম্ভ কৰি ১৯৯৯ চনত ব্লেক বেল্ট লাভ কৰে। পিছলৈ বৰাই নিজৰ মনোযোগ অসমীয়া বাতৰি কাকতত চলচ্চিত্ৰৰ বিষয়ে লিখাৰ লগতে নাটক পৰিচালনাৰ দিশলৈ স্থানান্তৰিত কৰে। ২০০১ চনত গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যৰ ডিগ্ৰী লাভ কৰে তাৰ পিছত মুম্বাইলৈ গৈ চলচ্চিত্ৰ সম্পাদনাৰ কাম আৰম্ভ কৰে।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

মুম্বাইত বৰাই চলচ্চিত্ৰ সম্পাদক[2] হিচাপে কাম কৰাৰ আগতে 'এজাক জোনাকীৰ জিলমিল'ত (২০০৭) ধৰি কেইবাটাও প্ৰকল্পত সহযোগী পৰিচালক হিচাপে কাম কৰিছিল।[8][2] ২০০৯ চনত বৰাৰ তথ্যচিত্ৰ এঞ্জেল অৱ দ্য এবৰিজিনেলছ: ড° ভেৰিয়াৰ এলউইন, জাৰ্মানীৰ বলীউড বিয়ণ্ড ফিল্ম ফেষ্টিভেল আৰু তুৰস্কত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক নৃতত্ত্ব আৰু নৃতাত্ত্বিক বিজ্ঞান সংঘৰ সন্মিলনত প্ৰদৰ্শিত হৈছিল।[9][3][10] ২০১৫ চনত তেওঁ 'এইছা য়েহ জাহান' নামৰ ছবিখনৰ চিত্ৰগ্ৰহণ প্ৰক্ৰিয়াৰ সময়ত কাৰ্বন নিৰপেক্ষ হোৱা প্ৰথমখন ভাৰতীয় ছবি পৰিচালনা কৰে।[11][8] ইয়াৰ পিছত তেওঁ 'বহ্নিমান' (২০১৬), ফেঁহুজালি: দ্য ডন (২০১৭), আৰু ৰক্তবীজ (২০১৮) পৰিচালনা কৰে।[8][3] ভাৰতত ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ সময়ত বৰাই চিত্ৰগ্ৰহণ কৰা 'বেলকনিত ভগৱান'[7] ২০২১ চনত ২৬ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।

বৰাৰ ছবিসমূহে কলকাতা, পুনে, ঢাকা,[12][13] চাংহাই, ষ্টুটগাৰ্ট, নিউয়ৰ্ক, কেৰালা, বাৰ্চিলোনা,[14] মেলবৰ্ণ, ছান ফ্ৰান্সিস্কো,বেংগালুৰু, ৱাশ্বিংটন ডি চি, ৰাজস্থান, গুৱাহাটী[15] আৰু দিল্লী আদি চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে।[16] ইয়াৰ লগতে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় পেনোৰামা ইমাজিন ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ,[17] থাৰ্ড আই এছিয়ান চলচ্চিত্ৰ মহোৎসৱ, ৰেইনব' চলচ্চিত্ৰ মহোৎসৱ, লাছা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, জাগৰণ চলচ্চিত্ৰ মহোৎসৱ আদিতো তেওঁৰ চলচ্চিত্ৰ প্ৰদৰ্শিত হৈছে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

বিশ্বজিৎ বৰা তেওঁৰ পত্নী লেখক আৰু ফেশ্বন ডিজাইনাৰ লোপামুদ্ৰা গগৈ বৰা আৰু তেওঁলোকৰ একমাত্ৰ পুত্ৰ ট্ৰয়ৰ সৈতে মুম্বাইত বসবাস কৰে।[18]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
চলচ্চিত্ৰবৰ্ষবঁটাঅনুষ্ঠানফলাফলউৎস
এইচা য়েহ জাহান২০১৪আন্তঃৰাষ্ট্ৰীয় উৎকৃষ্টতাৰ বঁটাআন্তৰ্জাতিক পৰিৱেশ, স্বাস্থ্য আৰু সংস্কৃতি চলচ্চিত্ৰ মহোৎসৱবিজয়ী[11]
শ্ৰেষ্ঠ চলচ্চিত্ৰলছ এঞ্জেলেছ স্বতন্ত্ৰ চলচ্চিত্ৰ মহোৎসৱমনোনীত[19]
ছিলভাৰ বঁটাআন্তৰ্জাতিক স্বতন্ত্ৰ চলচ্চিত্ৰ মহোৎসৱবিজয়ী[19]
স্বীকৃতি বঁটামেক্সিকো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱবিজয়ী[19]
২০১৭শ্ৰেষ্ঠ চলচ্চিত্ৰচতুৰ্থ অৰুণাচল চলচ্চিত্ৰ মহোৎসৱবিজয়ী
বহ্নিমান২০১৬আচাম টক্‌ছ শ্ৰেষ্ঠ পৰিচালক বঁটাবিজয়ী[19]
বেলকনিত ভগৱান২০২১শ্ৰেষ্ঠ পৰিচালকৰ গোল্ডেন ৰয়েল বেংগল টাইগাৰ বঁটা২৬তম কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱবিজয়ী[8][12]
ইকুইলিটি ইন চিনেমা বঁটাইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অফ মেলবৰ্ণবিজয়ী[20]
শ্ৰেষ্ঠ পৰিচালকমনোনীত[21]
শ্ৰেষ্ঠ ভাৰতীয় ছবিমনোনীত[21]
স্কুল ফিল্ম অফ দাঅষ্টম ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল ষ্টুগাৰ্টবিজয়ী
জাৰ্মান ষ্টাৰ অফ ইণ্ডিয়াবিজয়ী
শ্ৰেষ্ঠ পৰিচালক (ভাৰতীয় চলচ্চিত্ৰ)কলকাতা চলচ্চিত্ৰ মহোৎসৱবিজয়ী[17]
সন্মানীয় উল্লেখলাছা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱবিজয়ী[17]
বিশেষ উল্লেখৰেইনব' চলচ্চিত্ৰ মহোৎসৱবিজয়ী
শ্ৰেষ্ঠ চলচ্চিত্ৰঅষ্টম ৰাজস্থান আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱবিজয়ী
২০২২শ্ৰেষ্ঠ এছিয়ান চলচ্চিত্ৰ১৩শ বেংগালুৰু আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱবিজয়ী[22]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বৰ্ষনামভাষাপৰিচালকপ্ৰযোজকৰচনাঅভিনয়উৎস
২০০৮এজাক জোনাকীৰ জিলমিলঅসমীয়াহয়সহ-প্ৰযোজকহয়[10][3]
২০১০এঞ্জেল অফ দা এবৰিজিনেলছ: ডাঃ ভেৰিয়াৰ এলুইনইংৰাজীহয়[9][10][3]
২০১৫এইচা য়েহ জাহানহিন্দীহয়হয়[11][12][3][2]
২০১৬বহ্নিমান অসমীয়াহয়হয়হয়[3][2][8]
২০১৭ফেঁহুজালি: দা ডন অসমীয়াহয়হয়হয়[23]
২০১৮ৰক্তবীজঅসমীয়াহয়হয়[23]
২০১৯ধোঁৱে চে ধোঁৱে টকহিন্দীহয়হয়[23]
২০২০বেলকনিত ভগৱানঅসমীয়াহয়হয়[8]
২০২১লখিমীঅসমীয়াহয়সহ-প্ৰযোজকহয়[23]
বুম্বা ৰাইড মিচিং/অসমীয়াহয়হয়হয়[24][25][12]
২০২৩বীৰাংগনা সাধনীহিন্দী/অসমীয়াহয়হয়[26]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Biswajeet Bora: I have always wanted to make a movie that celebrates nature". timesofindia.com. http://timesofindia.com/entertainment/hindi/bollywood/news/Biswajeet-Bora-I-have-always-wanted-to-make-a-movie-that-celebrates-nature/articleshow/48188141.cms আহৰণ কৰা হৈছে: 21 January 2017.
  2. 1 2 3 4 5 6 7 Rohini Nag (2016-11-26). "Path Finder". Box Office India. Archived from the original on 2017-02-03. https://web.archive.org/web/20170203210817/http://boxofficeindia.co.in/path-finder/ আহৰণ কৰা হৈছে: 2017-01-22.
  3. 1 2 3 4 5 6 7 Anurag Barman. "Gear Up for Biswajeet Bora's Bahniman". Kothasobi.com. Archived from the original on 2017-02-02. https://web.archive.org/web/20170202004240/http://www.kothasobi.com/movie/assamese-film-bahniman-by-biswajeet-bora/ আহৰণ কৰা হৈছে: 2017-01-22.
  4. Sadanand, B. (2022-05-15). "‘Boomba Ride’ in Cannes, but Assam sending bureaucrats to festival. Why?". East Mojo. Archived from the original on 2023-06-23. https://web.archive.org/web/20230623213730/https://www.eastmojo.com/assam/guwahati/2022/05/15/boomba-ride-in-cannes-so-why-is-assam-sending-bureaucrats-to-the-festival/ আহৰণ কৰা হৈছে: 2023-06-22.
  5. Srivastav, Simran (2022-05-17). "Cannes Film Festival 2022: From Rocketry to Boomba Ride, list of Indian films to screen at fest". Jagran. https://english.jagran.com/entertainment/cannes-film-festival-2022-from-rocketry-to-boomba-ride-list-of-films-to-screen-at-fest-10043528 আহৰণ কৰা হৈছে: 2023-06-22.
  6. "Educating Boomba". Daily Excelsior. 2021-01-08. https://www.dailyexcelsior.com/educating-boomba/ আহৰণ কৰা হৈছে: 2023-06-22.
  7. 1 2 Ramnath, Nandini (2021-04-25). "In Assamese film ‘God on the Balcony’, a snapshot of death caused by governmental apathy". Scroll.in. https://scroll.in/reel/993207/in-assamese-film-god-on-the-balcony-a-snapshot-of-death-caused-by-governmental-apathy আহৰণ কৰা হৈছে: 2023-06-22.
  8. 1 2 3 4 5 6 "God on the Balcony". New York Indian Film Festival. 2021. https://www.nyiff.us/film/God-on-the-Balcony_91/ আহৰণ কৰা হৈছে: 2023-06-22.
  9. 1 2 "Angel of the Aboriginals". University of Cambridge Digital Himalaya. http://www.digitalhimalaya.com/collections/films/angel/ আহৰণ কৰা হৈছে: 2023-06-22.
  10. 1 2 3 Deka, Prantik. "'Aisa Yeh Jahaan'-India's First Carbon Neutral Film is all Set to Release". Kothasobi.com. Archived from the original on 2017-02-02. https://web.archive.org/web/20170202004243/http://www.kothasobi.com/movie/aisa-yeh-jahaan-indias-first-carbon-neutral-film-is-all-set-to-release/ আহৰণ কৰা হৈছে: 2017-01-22.
  11. 1 2 3 "‘India’s first carbon neutral film’ captures simplicity of Northeast". The News Mill. 2015-07-24. https://thenewsmill.com/2015/07/indias-first-carbon-neutral-film-captures-simplicity-of-northeast/ আহৰণ কৰা হৈছে: 2023-06-22.
  12. 1 2 3 4 "Boomba Ride". Pune International Film Festival. https://www.piffindia.com/boomba-ride.php আহৰণ কৰা হৈছে: 2023-06-22.
  13. "Bomba Ride screened at 52nd Indian Panorama". Assam Times. 2021-11-22. https://assamtimes.org/content/bomba-ride-screened-52nd-indian-panorama আহৰণ কৰা হৈছে: 2023-06-22.
  14. "God on the Balcony". Asian Film Festival Barcelona. Archived from the original on 2023-06-10. https://web.archive.org/web/20230610040354/https://asianfilmfestival.barcelona/2021/film-item/god-on-the-balcony/ আহৰণ কৰা হৈছে: 2023-06-22.
  15. "Guwahati International Film Festival 2018 to begin tomorrow". Guwahiti Plus. 2018-10-24. https://guwahatiplus.com/guwahati/guwahati-international-film-festival-2018-to-begin-tomorrow আহৰণ কৰা হৈছে: 2023-06-23.
  16. Thokchom, Khelen (2021-08-15). "Manipuri film to open at NE cine fest". The Telegraph. https://www.telegraphindia.com/north-east/manipuri-film-to-open-at-ne-cine-fest/cid/1393759 আহৰণ কৰা হৈছে: 2023-06-23.
  17. 1 2 3 Sarkar, Shilpa (2021-06-24). "Biswajeet Bora’s ‘God on The Balcony’ to be screened at Stuttgart Film Festival". East Mojo. Archived from the original on 2023-07-02. https://web.archive.org/web/20230702083155/https://www.eastmojo.com/entertainment/2021/06/24/biswajeet-boras-god-on-the-balcony-to-be-screened-at-stuttgart-film-festival/ আহৰণ কৰা হৈছে: 2023-06-22.
  18. "‘Boomba Ride’ shows education transforms rural life: Biswajeet". The GOAN. 2021-11-24. https://www.thegoan.net/tg-life/%E2%80%98boomba-ride%E2%80%99-shows-education-transforms-rural-life-biswajeet/77180.html আহৰণ কৰা হৈছে: 2023-06-22.
  19. 1 2 3 4 "Biswajeet Bora’s 'Aisa Yeh Jahaan' wins hearts and accolades world wide". APN News. 2015-07-23. https://www.apnnews.com/biswajeet-boras-aisa-yeh-jahaan-wins-hearts-and-accolades-world-wide/ আহৰণ কৰা হৈছে: 2023-06-22.
  20. "IFFM 2021 Awards Online". Indian Film Festival Melbourne. https://www.iffm.com.au/iffm2021/iffm-awards.html আহৰণ কৰা হৈছে: 2023-06-23.
  21. 1 2 Ajmera, Lipika. "‘God on the Balcony’ gets 3 nominations at 12th Indian Film Festival of Melbourne". The News Mill. https://thenewsmill.com/2021/08/god-on-the-balcony-3-nominations-indian-film-festival-melbourne/ আহৰণ কৰা হৈছে: 2023-06-22.
  22. "‘God On The Balcony’ Bags Best Asian Film 2020 Award At BIFF '22". The Hills Times. 2022-03-29. Archived from the original on 2023-06-02. https://web.archive.org/web/20230602121007/https://thehillstimes.in/featured/god-on-the-balcony-bags-best-asian-film-2020-award-at-biff-22 আহৰণ কৰা হৈছে: 2023-06-22.
  23. 1 2 3 4 "God on the Balcony (Biswajeet Bora) India. Offcial section". Imagine India Festival. 2021-01-18. https://imagineindiafestival.com/2021/01/18/god-on-the-balcony-biswajeet-bora-india-offcial-section/ আহৰণ কৰা হৈছে: 2023-06-22.
  24. Korkmaz, Joseph (2021-11-27). "Boomba Ride: Biswajeet Bora’s latest film is about education and dreaming big". The News Mill. https://thenewsmill.com/2021/11/boomba-ride-biswajeet-boras-latest-film-is-about-education-and-dreaming-big/ আহৰণ কৰা হৈছে: 2023-06-22.
  25. Ramnath, Nandini (2021-10-03). "Assamese film ‘Boomba Ride’ captures the seriocomic state of rural education". Scroll.in. https://scroll.in/reel/1006586/assamese-film-boomba-ride-captures-the-seriocomic-state-of-rural-education আহৰণ কৰা হৈছে: 2023-06-22.
  26. "Director Biswajit Bora to direct a film on queen Sati Sadhani in both Assamese and Hindi". Sentinel Assam. 2020-12-16. https://www.sentinelassam.com/guwahati-city/director-biswajit-bora-to-direct-a-film-on-queen-sati-sadhani-in-both-assamese-and-hindi-516592 আহৰণ কৰা হৈছে: 2023-06-22.

বিশ্বজিৎ বৰা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।