সমললৈ যাওক

বুম্বা ৰাইড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বুম্বা ৰাইড

বুম্বা ৰাইডৰ পোষ্টাৰ
পৰিচালক বিশ্বজিৎ বৰা
ৰচনা বিশ্বজিৎ বৰা, লোপামুদ্ৰা গগৈ
প্ৰযোজক লুইত কুমাৰ বৰ্মন, কৌশিক হাজৰিকা, বিশ্বজিৎ বৰা, বিনোদ লাল দাস
অভিনয়ত ইন্দ্ৰজিত পেগু (বুম্বা)
চিত্ৰগ্ৰহণকাৰী জিতেন বড়ো, অতুল স্বৰ্গীয়াৰী
সম্পাদনা বিশ্বজিৎ বৰা
সংগীত পৰিচালক নয়ন মণি বৰ্মন
মুক্তি
২০২১-ত চেঞ্চৰ চাৰ্টিফিকেট প্ৰাপ্ত
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া-মিচিং

বুম্বা ৰাইড (ইংৰাজী: Boomba Ride) ২০২১ চনত চেঞ্চৰ চাৰ্টিফিকেট লাভ কৰা মিচিং সমাজৰ পটভূমিত নিৰ্মিত এখন অসমীয়া-মিচিং চলচ্চিত্ৰ। পৰিচালনা কৰিছে বিশ্বজিৎ বৰাই। বুম্বা ৰাইড বুম্বা নামৰ এটি শিশু আৰু তেওঁৰ বিদ্যালয়খনৰ কাহিনী।[1] বুম্বা ৰাইডক মিচিং ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে ২০২১ চনৰ ৰজত কমল বঁ‌টা প্ৰদান কৰা হয়।[2]

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

বুম্বা ৰাইডত অসমৰ চৰকাৰী শিক্ষাব্যৱস্থাৰ বৰ্তমানৰ অৱস্থাক এক ব্যংগাত্মক ৰূপত দাঙি ধৰা হৈছে। বুম্বা এটি সাত বা আঁঠ বছৰীয়া শিশু, যি দুখীয়া বিধৱা মাকৰ লগত থাকে।[3] বুম্বা তাৰ স্কুলৰ একমাত্ৰ ছাত্ৰ। বুম্বাই স্কুল এৰিলেই স্কুলখন বন্ধ হৈ যাব, আৰু তাৰ লগতে বন্ধ হ'ব স্কুলৰ সকলো কৰ্মচাৰীৰ দৰ্মহা।[4] সেয়ে স্কুল-কৰ্তৃপক্ষই বিভিন্ন লোভ দেখুৱাই বুম্বাক স্কুলত ৰখাৰ যত্ন কৰে: যেনে লোকেল মুৰ্গী আৰু টকা। বুম্বাৰো এই সকলো কথা জ্ঞাত আৰু সেয়ে সি সুযোগৰ লাভ উঠাবলৈ যত্নপৰ হয়। এই টনা-আজোৰাই ছবিখনত হাস্যৰ সৃষ্টি কৰে।[4] হাস্যৰ মাজতে শিক্ষা-ব্যৱস্থাৰ এক চিন্তনীয় প্ৰতিচ্ছবি দাঙি ধৰা হৈছে, আৰু লগতে জীৱনৰ আশাও ছবিখনত ফুঁটি উঠিছে।[3]

নিৰ্মাণ

[সম্পাদনা কৰক]

ছবিখনৰ দৈৰ্ঘ্য ৭৬ মিনিট। মিচিং সমাজৰ পটভূমিত নিৰ্মিত এই ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰা। ছবিখনৰ প্ৰযোজক লুইত কুমাৰ বৰ্মন, কৌশিক হাজৰিকা, বিশ্বজিৎ বৰা আৰু বিনোদ লাল দাস। ইন্দ্ৰজিৎ পেগু, সদাগৰ ডাও, হিৰণ্য পেগু আৰু দিপালী পেগুৱে ছবিখনত অভিনয় কৰিছে।[5] অভিনয় কৰা প্ৰত্যেকজনেই প্ৰথম চিনেমাত অভিনয় কৰিছে।[4]

বুম্বা ৰাইডে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। আই.এম.ডি.বিত ছবিখনৰ ৰেটিং ১০ৰ ভিতৰত ৯.৬।[1] পুণে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত[5] আৰু ভাৰতীয় পেনোৰামাৰ কাহিনী চলচ্চিত্ৰ শিতানত[6] ছবিখন প্ৰদৰ্শিত হৈছে। ডেফ ক্ৰকডাইলৰ সহায়ত ছবিখনে আমেৰিকা যুক্তৰাষ্ট্ৰতো মুক্তি লাভ কৰিছে।[7] কাঁন চলচ্চিত্ৰ মহোৎসৱৰ মাৰ্চু ডু ফিল্মতো এই ছবিখন প্ৰদৰ্শনৰ বাবে চয়ন কৰা হয়।[8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ইয়ালৈ যাওক: 1.0 1.1 আই এম ডি বি। বুম্বা ৰাইড (২০২১) https://www.imdb.com/title/tt17037804/
  2. "69th National Film Awards 2021". Ministry of Information & Broadcasting. https://pib.gov.in/PressReleasePage.aspx?PRID=1951758। আহৰণ কৰা হৈছে: 24 August 2023. 
  3. ইয়ালৈ যাওক: 3.0 3.1 দ্য নিউজমিল। https://thenewsmill.com/boomba-ride-biswajeet-boras-latest-film-is-about-education-and-dreaming-big/
  4. ইয়ালৈ যাওক: 4.0 4.1 4.2 স্ক্ৰ'ল। বুম্বা ৰাইড কেপ্সাৰ্চ দ্য চ'চিয়'ইকনমিক ষ্টে'ট অৱ ৰুৰেল এজুকেচন। https://scroll.in/reel/1006586/assamese-film-boomba-ride-captures-the-seriocomic-state-of-rural-education
  5. ইয়ালৈ যাওক: 5.0 5.1 পুণে ফিল্ম ফেষ্টিভেল। https://www.piffindia.com/boomba-ride.php
  6. আই পি এফ এফ। https://filmguide.iffigoa.org/detail/?id=5097
  7. ডেডলাইন। https://deadline.com/2022/03/distributors-deaf-crocodile-films-gratitude-films-team-north-american-releases-sri-lankan-historical-drama-children-of-the-sun-indian-satire-boomba-ride-1234986925/
  8. ইষ্ট ম'জ'। https://www.eastmojo.com/news/2022/05/06/cannes-screening-for-assamese-movie-boomba-ride/

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]