ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২২/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আধাৰ হৈছে এক ১২ অংকৰ একক পৰিচয় নম্বৰ যাক ভাৰতৰ নাগৰিক আৰু আৱাসী বিদেশী নাগৰিকসকলে স্ব-প্ৰণোদিতভাৱে প্ৰাপ্ত কৰিব পাৰে যিসকলে তেওঁলোকৰ বায়োমেট্ৰিক আৰু জনগাঁথনিগত তথ্যৰ ওপৰত আধাৰিত কৰি আবেদন কৰাৰ তাৰিখৰ ঠিক আগতে বাৰ মাহত ১৮২ দিনতকৈ অধিক সময় ভাৰতত অতিবাহিত কৰিছে। আধাৰ আইন, ২০১৬ৰ ব্যৱস্থা অনুসৰি ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধিকাৰক্ষেত্ৰৰ অধীনত ভাৰত চৰকাৰে জানুৱাৰী ২০০৯ ত স্থাপিত এক বিধিবদ্ধ কৰ্তৃপক্ষ ইউনিক আইডেণ্টিফিকেচন অথৰিটি অফ ইণ্ডিয়া (ইউআইডিএআই)ৰ দ্বাৰা তথ্য সংগ্ৰহ কৰা হৈছে।

আধাৰ হৈছে বিশ্বৰ সৰ্ববৃহৎ বায়মেট্ৰিক আইডি প্ৰণালী। বিশ্ব বেংকৰ মুখ্য অৰ্থনীতিবিদ পল ৰোমাৰে আধাৰক "বিশ্বৰ আটাইতকৈ অত্যাধুনিক আইডি কাৰ্যসূচী" বুলি বৰ্ণনা কৰিছে। আধাৰ বাসস্থানৰ প্ৰমাণ হিচাপে বিবেচিত কিন্তু নাগৰিকত্বৰ প্ৰমাণ নহয়, আধাৰে নিজেই ভাৰতত বাস কৰাৰ কোনো অধিকাৰ প্ৰদান নকৰে। ২০১৭ চনৰ জুন মাহত গৃহ মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে নেপাল আৰু ভূটানলৈ যোৱা ভাৰতীয়সকলৰ বাবে আধাৰ বৈধ চিনাক্তকৰণ নথি নহয়। ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ যশৱন্ত সিনহাৰ বিষয়ে ইয়াত পঢ়ক...