ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২২

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
একাদশ বৰ্ষ| আগষ্ট | ২০২২ | অষ্টম সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত তেওঁৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক।
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

 দিনটোৰ সময়বোৰ কোনো কাম নকৰাকৈ পাৰ হোৱাটো মোৰ বাবে অসহ্যকৰ। বিদ্যালয় আৰু ঘৰৰ কামৰ উপৰি আন কিবাকিবি কামত নিজক ব্যস্ত ৰাখিলেও, মই কৰা কোনো এটা কামতে সন্তুষ্ট নাছিলোঁ। তাৰপিছত, ক’ভিদ অতিমাৰীৰ ভৰপক সময়ত যেতিয়া সকলো গৃহবন্দী হৈ থাকিবলগীয়া হৈছিল, তেতিয়া দিনটোৰ কৰিবলগীয়া কামখিনি কৰাৰ পিছৰ সময়খিনি অসহনীয় হৈ পৰিছিল, আৰু তেতিয়াই মোৰ ভাতৃসম মৃদুল কুমাৰ শৰ্মাৰ পৰামৰ্শমতে ৱিকিপিডিয়াত এটা একাউণ্ট খুলিলোঁ। ইয়াত একাউণ্ট খোলাৰ কথাটো মনলৈ আহিয়েই আছিল, কেৱল ক্ষেত্ৰখনৰ বিষয়ে ভালদৰে জনা নাছিলোঁ বাবে আগবঢ়া হোৱা নাছিল। একাউণ্ট খোলাৰ পিছত মই ৱিকিউৎসত কাম কৰিবলৈ ল’লোঁ। প্ৰাথমিক জ্ঞানখিনি Any desk এপৰ জৰিয়তে মৃদুলে শিকাই দিলে, আৰু তাৰপিছত ধীৰে ধীৰে প্ৰৱেশ কৰিলোঁ ৱিকিৰ জগতখনত। আগতে মোৰ আজৰি সময়খিনি ৱিকিউৎসৰ বাবে উছৰ্গা কৰিছিলোঁ আৰু এতিয়া ৱিকিপিডিয়াৰ বাবে মোৰ আজৰি সময় নাই। ই মোৰ মনে বিচাৰি থকা আৰু এতিয়া সকলোতকৈ বেছি তৃপ্তিদায়ক কাম। সম্প্ৰতি ৱিকিপিডিয়া, ৱিকিউৎস আৰু ৱিকিউদ্ধৃতিত পাৰ্যমানে সময় দিবলৈ চেষ্টা কৰিছোঁ।

 প্ৰাৰম্ভিক কালত বহুদিনলৈ মই ৱিকিউৎসতে কাম কৰিলোঁ। নাজানিছিলোঁ একোৱেই। ইণ্টাৰনেটৰ বিভিন্ন সঁজুলি আৰু কম্পিউটাৰৰ জ্ঞান একেবাৰে সীমাৱদ্ধ আছিল। কিন্তু আমাৰ ৱাট্চআপ গোটটোৰ জৰিয়তে প্ৰবীণ সদস্য সকলোৱে আগুৱাই যোৱাত সহায় কৰিলে। ইয়াত ’প্ৰবীণ’ শব্দই বয়োজ্যেষ্ঠজনক নুবুজায়, যিয়ে আগৰে পৰা এই ক্ষেত্ৰখনৰ লগত জড়িত, সিয়েই প্ৰবীণ।

 বহুতে ৱিকিপিডিয়াৰ বিষয়ে জানে, কিন্তু ৱিকিউৎসৰ বিষয়ে জ্ঞাত নহয়। ৱিকিপিডিয়াত নিৰ্ভৰযোগ্য তথ্যক ভিত্তি কৰি নানা বিষয়ত প্ৰবন্ধ লিখা হয়। ৱিকিউৎসত কপিৰাইট উকলা কিতাপ-পত্ৰ, বিভিন্ন নথি, আৰু স্বইচ্ছাৰে দান দিয়া কিতাপৰ মুদ্ৰণ সংশোধন কৰি text format-অত সংৰক্ষণ কৰা হয়। ইয়াৰ বাবে কিছুমান ’বিশেষ কৌশল’ প্ৰয়োগ কৰা হয়। কৌশলসমূহ জ্যেষ্ঠ ৱিকিপিডিয়ানে অনলাইন বা অফলাইন কৰ্মশালাৰ জৰিয়তে সময়ে সময়ে শিকাই দিয়ে, অথবা কিবা জানিবলগীয়া থাকিলে গোটত সমস্যাটোৰ কথা উল্লেখ কৰিলে, প্ৰায় লগে লগেই কোনোবা নহয় কোনোবা এগৰাকীয়ে সমাধানৰ পথ দেখুৱাই দিয়ে। এই ক্ষেত্ৰত সকলোৱেই নতুন সদস্যৰ ক্ষেত্ৰত অধিক তৎপৰ।

 ৱিকিউৎসত যি কিতাপৰ মুদ্ৰণ সংশোধন কৰা হয়, সেইকিতাপ ছপাৰূপৰ হুবহু নকল কৰা হয়, অৰ্থাৎ ছপা কিতাপখনত যদি কিবা ভুলো থাকে, ৱিকিউৎসৰ স্বেচ্ছাসেৱীয়ে সেয়া শুধৰাব নোৱাৰে। ৱিকিউৎস এক পুথিভঁৰাল। ছপাৰূপৰ কিতাপবোৰ ইয়াত নিৰ্ভয়ে সংৰক্ষণ কৰিব পাৰি। মোৰ ২০১০ চনত প্ৰকাশ পোৱা “একুৰি এটা গল্প’’ নামৰ সংকলনখন ৱিকিউৎসত সংৰক্ষণ কৰি ৰাখিছোঁ। ৱিকিউৎসত কাম কৰি মই ভাল পাওঁ। ইয়াত মুদ্ৰণ সংশোধনৰ কৰি যাওঁতে বহু পুৰণি কিতাপৰ বিষয়ে, যিবোৰ আমি কেতিয়াও পঢ়া নাই, তাৰ বিষয়ে জনা নাই; তেনে বহু মূল্যবান কিতাপৰ বিষয়ে জানিব পাৰি, পঢ়িব পাৰি।

 ইণ্টাৰনেটত অসমীয়া ভাষাৰ শক্তিশালী স্থিতি হোৱা মানে কি নিশ্চয় কাকো বুজাব নালাগে। ৱিকিউৎসৰ এমুঠিমান সদস্যই সদায়েই ইয়াৰ ভঁৰাল টনকিয়াল কৰিবলৈ অহৰহ চেষ্টা কৰি আছে। পাৰিলে, আপুনিও হাত উজান দিয়ক। কপিৰাইট উকলা কিতাপ যদি আছে তাৰ সন্ধান দিয়ক। নাইবা, আপুনি নিজে লিখা কিতাপ ৱিকিউৎসলৈ আগবঢ়াওক। অনাগত ভৱিষ্যতলৈ আপোনাৰ কিতাপ সংৰক্ষিত হৈ থাকিব। ৱিকিউৎস বা ৱিকিপিডিয়াত কাম কৰিবলৈ ভাষা বিশেষজ্ঞ হ’ব নালাগে। সকলোৱে অৰ্থাৎ যিকোনো বয়সৰ, যিকোনো শিক্ষাগত অৰ্হতাৰ লোকে ইয়াত কাম কৰিব পাৰে। এটাই মাত্ৰ প্ৰয়োজন, আগ্ৰহ। ৱিকিপিডিয়া বা ৱিকিউৎসত কাম কৰিলে কোনো পাৰিশ্ৰমিক নাপায়। অৱশ্যে ইয়াত কৰা কামসমূহ অৰ্থাৎ সম্পাদনাসমূহ কোন সদস্যই কিমান আৰু কেতিয়া কৰে, সেই সকলো সংৰক্ষিত হৈ থাকে। যিকোনো পৃষ্ঠাৰ ইতিহাস চালেই সেয়া গম পোৱা যায়।

 ৱিকিউৎসৰ দৰে ৱিকিউদ্ধৃতি নামে আন এটা প্ৰকল্পৰ কাম কৰি থকা হৈছে, য’ত থাকিব পৃথিৱীৰ বিখ্যাত লোকৰ স্মৰণীয় উক্তি, অসমীয়া ফকৰা যোজনা, সাঁথৰ, জতুৱা ঠাচ-খণ্ডবাক্য, শ্লোগান, ডাকৰ বচন আৰু অসমৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ উল্লেখযোগ্য বাক্যসমূহ। আশাকৰোঁ, এই প্ৰকল্পও অতি শীঘ্ৰে ৰাইজৰ মাজলৈ যাব পাৰিব।

 ইয়াৰ মাজতে, ৱিকিবন্ধুসকলৰ প্ৰেৰণাত ৱিকিপিডিয়াত প্ৰবন্ধ লিখিবলৈ ল’লোঁ। প্ৰথম প্ৰবন্ধটো আছিল, “অচিন মোমাইদেউ’’ৰ জীৱনৰ বিষয়ে লিখা। নিৰন্তৰ অসমীয়া ভাষাৰ সেৱাৰ্থে কাম কৰা আমাৰ স্বেচ্ছাসেৱকসকলে দহহাজাৰৰ ওপৰত অসমীয়া প্ৰবন্ধ লিখি অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰিছে। এইখিনিতে সদায় এটা অসুবিধা অনুভৱ কৰোঁ। সেইটো হ’ল, তথ্যৰ অভাৱ। ৱিকিপিডিয়াত প্ৰবন্ধ লিখোঁতে, পূৰ্বে প্ৰকাশিত (অনলাইন-অফলাইন) তথ্যৰ ওপৰত ভিত্তি কৰি আৰু তাৰ বিতং উল্লেখ কৰিহে লিখিব পাৰি। অসমীয়া ভাষাত কিছুমান বিষয়ৰ তথ্যৰ বৰ অভাৱ। যোৱা ইং ১১ আৰু ১২ জুন, ২০২২ তাৰিখে গুৱাহাটীৰ হোটেল গ্ৰেণ্ডৱৰত হোৱা কৰ্মশালাত আমাৰ প্ৰশিক্ষক জয়ন্ত নাথ চাৰে যেতিয়া কৈছিল, “অসমীয়া ৱিকিপিডিয়াত দহহাজাৰৰ বেছি প্ৰবন্ধ আছে, কিন্তু অসম সম্বন্ধে বহু কম।” তেতিয়া মনতে সংকল্প লৈছিলোঁ, ৱিকিপিডিয়াত মই কেৱল অসমৰ মানুহ, অসমৰ সংস্কৃতিৰ বিষয়েই লিখিম। কিন্তু, লিখিবলৈ লৈ যথেষ্ট পৰিশ্ৰম কৰিবলগীয়া হৈছিল। কাৰণ, অসমৰ জাতি-জনগোষ্ঠীৰ বৰ্ণাঢ্য সংস্কৃতিৰ বিষয়ে লিখিবলৈ তথ্যৰ বৰ অভাৱ। এনেকুৱা নহয় যে, “মই জানো, গতিকে লিখিম”। ৱিকিপিডিয়াত “ক’ৰপৰা জানিলোঁ” তাৰ উল্লেখ অৱশ্যেই লাগে। তথাপিও, বহু পুৰণি কাকত আলোচনী আদি খুঁচৰি যি পাৰোঁ, মোৰ প্ৰিয় বিষয় “আমাৰ ভাষা সংস্কৃতি”ৰ বিষয়ে লিখি আছোঁ, লিখি যাম। ৱিকিপিডিয়াতো প্ৰবন্ধ লিখোঁতে কোনে লিখিলে তাৰ উল্লেখ নাথাকে আৰু একেটা প্ৰবন্ধকে সদস্যসকলে উপযুক্ত তথ্যৰ আধাৰত বাৰে বাৰে সম্পাদনা কৰিব পাৰে। কোনো মতবাদৰ অনুগামী নহৈ সম্পূৰ্ণ নিৰপেক্ষতাৰে প্ৰবন্ধসমূহ লিখাটো বিশেষ লক্ষণীয় কথা। অসমীয়া ৱিকিপিডিয়াৰ সদস্যসংখ্যা হেজাৰতকৈও বেছি। কিন্তু ইয়াত সক্ৰিয় হৈ থকা সদস্যসংখ্যা আঙুলিমূৰত লেখিব পৰা। বহুতে, উৎসাহত একাউণ্ট খোলে, কিন্তু কোনো অদৃশ্য কাৰণত কিছুদিনৰ পিছতেই নিষ্ক্ৰিয় হৈ যায়। ২০০২ চনৰ পৰা যিসকল শ্ৰদ্ধেয় ব্যক্তিৰ সুদূৰপ্ৰসাৰী চিন্তাৰ ফলত অসমীয়া ৱিকিপিডিয়াৰ জন্ম হৈছিল, সেইসকললৈ শ্ৰদ্ধা জনাই, তেখেতসকলে আঙুলিয়াই দিয়া বাটেৰে অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধিৰ বাবে আগলৈয়ো একেদৰেই কাম কৰি যাবলৈ সংকল্পবব্ধ; কেৱল বিচাৰোঁ সকলোৰে সহযোগিতা আৰু সক্ৰিয়তা।

 অসমীয়া ৱিকিপিডিয়া সদস্য আৰু তথ্যৰে সমৃদ্ধিশালী হওক, সেই কামনাৰে, সকলোলৈ নমস্কাৰ জনালোঁ।


Pranamikaadhikary (বাৰ্তা) 04:37, 31 July 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

আধাৰ হৈছে এক ১২ অংকৰ একক পৰিচয় নম্বৰ যাক ভাৰতৰ নাগৰিক আৰু আৱাসী বিদেশী নাগৰিকসকলে স্ব-প্ৰণোদিতভাৱে প্ৰাপ্ত কৰিব পাৰে যিসকলে তেওঁলোকৰ বায়োমেট্ৰিক আৰু জনগাঁথনিগত তথ্যৰ ওপৰত আধাৰিত কৰি আবেদন কৰাৰ তাৰিখৰ ঠিক আগতে বাৰ মাহত ১৮২ দিনতকৈ অধিক সময় ভাৰতত অতিবাহিত কৰিছে। আধাৰ আইন, ২০১৬ৰ ব্যৱস্থা অনুসৰি ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধিকাৰক্ষেত্ৰৰ অধীনত ভাৰত চৰকাৰে জানুৱাৰী ২০০৯ ত স্থাপিত এক বিধিবদ্ধ কৰ্তৃপক্ষ ইউনিক আইডেণ্টিফিকেচন অথৰিটি অফ ইণ্ডিয়া (ইউআইডিএআই)ৰ দ্বাৰা তথ্য সংগ্ৰহ কৰা হৈছে।

আধাৰ হৈছে বিশ্বৰ সৰ্ববৃহৎ বায়মেট্ৰিক আইডি প্ৰণালী। বিশ্ব বেংকৰ মুখ্য অৰ্থনীতিবিদ পল ৰোমাৰে আধাৰক "বিশ্বৰ আটাইতকৈ অত্যাধুনিক আইডি কাৰ্যসূচী" বুলি বৰ্ণনা কৰিছে। আধাৰ বাসস্থানৰ প্ৰমাণ হিচাপে বিবেচিত কিন্তু নাগৰিকত্বৰ প্ৰমাণ নহয়, আধাৰে নিজেই ভাৰতত বাস কৰাৰ কোনো অধিকাৰ প্ৰদান নকৰে। ২০১৭ চনৰ জুন মাহত গৃহ মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে নেপাল আৰু ভূটানলৈ যোৱা ভাৰতীয়সকলৰ বাবে আধাৰ বৈধ চিনাক্তকৰণ নথি নহয়। ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ যশৱন্ত সিনহাৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
জুলাই-২০২২ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ২০৪

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. কেডুচিয়াছ
  2. মেৰিনা ভিয়াজভস্কা
  3. মাৰিয়াম মিৰ্জাখানী
  4. শ্বিঞ্জ’ আবে
  5. ৰামশৰণ দৰ্নাল
  6. জুল ভাৰ্ন
  7. জোহান হৰি
  8. এডাম গ্ৰাণ্ট
  9. শ্বেৰিল ছেণ্ডবাৰ্গ

অন্যান্য

  1. ধম্মপদ
  2. ‎ইউনেস্কোৰ প্ৰতিনিধিত্বমূলক ৰচনাৰ সংগ্ৰহ
  3. ইণ্টাৰনেট আৰ্কাইভ
  4. বিশ্ব জনসংখ্যা দিৱস
  5. থৰ: লাভ এণ্ড থাণ্ডাৰ
  6. গুগল বুকছ
  7. বাংলাদেশৰ প্ৰধানমন্ত্ৰী
  8. ‎অনুবিছ
  9. ছেট (মিচৰীয় দেৱতা)
  10. কাকৱিন ৰামায়ণ
  11. ছাবল্টাৰ্ণ ষ্টাডিজ
  12. হাপি (দেৱতা)
  13. ৰামছৰ সন্মিলন
  14. বিশ্ব জলাশয় দিৱস
  15. ছেখমেট

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. এম এছ স্বামীনাথন
  2. জয়দেৱ
  3. মৃণাল সেন
  4. বিষ্ণু শৰ্মা
  5. গুৰু দত্ত
  6. ঋত্বিক ঘটক
  7. ৰাজশেখৰ
  8. জগদীপ ধনখড়
  9. টেমজেন ইমনা এলং লংকুমেৰ
  10. সঞ্জীৱ সান্যাল
  11. নানজিয়াম্মা
  12. অশ্বঘোষ
  13. পসেনদি
  14. বিন্দ্যাৰাণী দেৱী‎

পৌৰাণিক ভাৰতীয় সংস্কৃতি আৰু আখ্যান

  1. ধৰ্মপাল (বৌদ্ধ ধৰ্ম)
  2. ‎কিন্নৰ

অন্যান্য

  1. আধাৰ (ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ)
  2. সৰস্বতী মন্দিৰ
  3. শিৱ পুৰাণ
  4. পতঞ্জলিৰ যোগসূত্ৰ
  5. অদ্ভুত ৰামায়ণ
  6. পৈশাচী (ভাষা)
  7. অপভ্ৰংশ
  8. কৃত্তিবাসী ৰামায়ণ
  9. পালি ভাষা
  10. ৰামচৰিতমানস
  11. জিএছটি
  12. ভট্টিকাব্য
  13. সংস্কৃত সাহিত্য
  14. কম্ব ৰামায়ণ
  15. জী টিভি
  16. ‎ৰজ্মনামা
  17. নেচনেল জিঅ'গ্ৰাফিক (ভাৰতীয় টিভি চেনেল)
  18. মহাকাব্য
  19. শিলিগুড়ি
  20. শুভপল্লব

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. সুদক্ষিণা শৰ্মা
  2. ভগৱতী প্ৰসাদ বৰুৱা
  3. ‎প্ৰশান্ত কুমাৰ দাস
  4. ‎অনিল বৰা
  5. গুণেশ্বৰী দেৱী
  6. কিশোৰ দাস
  7. মৃদুল হালৈ
  8. লীনা শৰ্মা
  9. অৰূপ কুমাৰ নাথ
  10. বুদ্ধিন্দ্ৰনাথ ভট্টাচাৰ্য
  11. বিপিনপাল দাস
  12. আনন্দিৰাম দাস
  13. ‎ইদ্ৰিছ আলি
  14. ‎ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী
  15. ‎প্ৰদীপ আচাৰ্য্য
  16. শৈলেন ভৰালী
  17. কুমুদ গোস্বামী
  18. শিৱানন্দ কাকতি
  19. দেৱব্ৰত দাস
  20. মহম্মদ পিয়াৰ
  21. ‎নয়ন প্ৰসাদ
  22. উমাকান্ত বৈৰাগী
  23. হৰেন্দ্ৰনাথ বৰঠাকুৰ
  24. ৰীমা বৰা
  25. জয়কান্ত গন্ধীয়া
  26. পদুমী গাজলু
  27. অৰ্ধেন্দু কুমাৰ দে
  28. প্ৰদ্যুৎ কুমাৰ ডেকা
  29. দীপামণি হালৈ মহন্ত

গ্ৰন্থ বিষয়ক

  1. ইতিহাসৰ ছাঁ-পোহৰত পুৰণি গুৱাহাটী
  2. ‎আগবাৰীত ফুলিলে সোণে মোৰ চম্পা
  3. ‎কাইলৈৰ দিনটো আমাৰ হ’ব
  4. শিল্প-সংস্কৃতিৰ ৰণাঙ্গন
  5. ‎মোৰ জীৱন সোঁৱৰণ
  6. ‎বহল ব্যাকৰণ
  7. ‎নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা
  8. অকলে আছোঁ কুশলে আছোঁ
  9. লাম্‌বাদা নাচৰ শেষত
  10. কীৰ্তন ঘোষা সংকলন
  11. নিৰ্বাচিত সমালোচনা
  12. ‎চলচ্চিত্ৰৰ ৰসাস্বাদন
  13. ক্ল'জ আপ
  14. বাণীকান্ত ৰচনাৱলী
  15. ‎জ্যোতিপ্ৰসাদ ৰচনাৱলী
  16. বাঘে টাপুৰ ৰাতি (গল্প সংকলন)
  17. ‎মক্‌ড্ৰিল (গল্প সংকলন)
  18. ভল্‌গাৰ পৰা গংগা
  19. কবি অমূল্য বৰুৱাৰ জীৱন আৰু সমকালীন সময়
  20. সাউদ আৰু অন্যান্য গল্প
  21. গাঁওবুঢ়া (নাটক)
  22. হেম বৰুৱাৰ ভ্ৰমণ সাহিত্য
  23. ভগা জখলাত খোজ (আত্মজীৱনীমূলক গ্ৰন্থ)
  24. এইপিনে কি আছে (গল্প সংকলন)
  25. তৃতীয়ত্বৰ গল্প
  26. টাই সংস্কৃতিৰ ৰূপৰেখা

চলচ্চিত্ৰ বিষয়ক

  1. বৰশী (চলচ্চিত্ৰ)

অন্যান্য

  1. ‎ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ
  2. ‎আমাৰ প্ৰতিনিধি
  3. গল্প চিৰিজ
  4. বিদৰ্ভ
  5. চন্দ্ৰপুৰ, গুৱাহাটী
  6. ‎আসাম বিলাসিনী (আলোচনী)
  7. শিলালিপি (মুখপত্ৰ)
  8. থাপনা (মুখপত্ৰ)
  9. টাই ভেটি
  10. মণিৰাম দেৱানৰ গীত
  11. মৰাণ (বিধানসভা সমষ্টি)
  12. ডিব্ৰুগড় (বিধানসভা সমষ্টি)
  13. লাহোৱাল (বিধানসভা সমষ্টি)
  14. দুলিয়াজান (বিধানসভা সমষ্টি)
  15. নাহৰকটীয়া (বিধানসভা সমষ্টি)
  16. টিংখং (বিধানসভা সমষ্টি)
  17. থিয়নাম
  18. তিনিচুকীয়া (বিধানসভা সমষ্টি)
  19. ডিগবৈ (বিধানসভা সমষ্টি)
  20. মাৰ্ঘেৰিটা (বিধানসভা সমষ্টি)
  21. চাবুৱা (বিধানসভা সমষ্টি)
  22. বিষহৰি থান

সানমিহলি

  1. ‎আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি
  2. ‎উপকথা
  3. চলচ্চিত্ৰ সমালোচনা
  4. সংকলন
  5. প্ৰথমখন উপন্যাস
  6. লোককথা
  7. লিখন শৈলী
  8. ধ্ৰুপদী গ্ৰন্থ
  9. ‎বাহ্যিক সাহিত্য
  10. সমালোচনাত্মক দৃষ্টি
  11. কৌতুক
  12. সাহিত্য সমালোচনা
  13. সাহিত্য তত্ত্ব
  14. সাহিত্যিক ধাৰা
  15. ‎প্ৰস্তাৱনা
  16. ‎লেখক
  17. ভ্ৰমণ সাহিত্য
  18. ডিজিটেল সাহিত্য
  19. ‎ই-বুক
  20. ‎উপন্যাসিকা
  21. ঔপনিৱেশিকোত্তৰ সাহিত্য
  22. ‎উপন্যাস
  23. জনপ্ৰিয় ইতিহাস
  24. মেটাফিক্‌চন
  25. ডিজিটেল লাইব্ৰেৰী
  26. ৱেবৰ প্ৰথম গভীৰ ক্ষেত্ৰ
  27. ‎সাহিত্যিক এজেণ্ট
  28. হাতেলিখা আলোচনী
  29. লেখকৰ ঘৰ
  30. ‎পৰ্যালোচনামূলক প্ৰবন্ধ
  31. ৰচনা কবিতা
  32. টেলিস্কোপ
  33. ‎আলোচনী
  34. ‎টুইটাৰেচাৰ
  35. প্ৰতিৰোধ সাহিত্য
  36. যাদু বাস্তৱবাদ
  37. ‎কল্পকাহিনী
  38. ইউট'পিয়ান আৰু ডিষ্ট’পিয়ান কল্পকাহিনী
  39. ‎বিকল্প সাহিত্য
  40. আত্মজীৱনী
  41. ঘঁৰিয়া
  42. শিলঘঁৰিয়া
  43. অনুবাদ
  44. দলিত সাহিত্য
  45. সাহিত্যৰ সমাজতত্ত্ব
  46. কল্পনা সাহিত্য
  47. নাৰীবাদী সাহিত্য
  48. জীৱনী
  49. সময়সাপেক্ষ কবিতা
  50. সৃষ্টিশীল অ-কল্পকাহিনী
  51. শিশু কবিতা
  52. ব্যংগ
  53. সাহিত্যত ৰবট
  54. ৰাজনৈতিক কবিতা
  55. পৰসাহিত্য
  56. নৃত্য
  57. ৰচনা
  58. পৰিৱেশবাদ
  59. ‎মনোযোগ অৰ্থনীতি
  60. অভাৰট'ন খিৰিকী
  61. হকিং সূচকাংক
  62. ৰাজনৈতিক আখ্যান
  63. ‎ভুৱা বাতৰি
  64. সংঘাত
  65. অসাম্প্ৰদায়িক
  66. আয়কৰ
  67. এক্ৰ'ফ'বিয়া
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
উল্লেখনীয় ৱিকিমিডিয়ান

কুলধৰ ৰাভা: ২০২০ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান। গোৱালপাৰা জিলাৰ এই ৱিকিমিডিয়ানজনে এতিয়ালৈকে অসমীয়া ৱিকিপিডিয়াত ৭,৩২২টা আৰু অসমীয়া ৱিকিউৎসত ৮,৬২১টা সম্পাদনা কৰিছে। ৱিকিপিডিয়াত তেওঁ সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ২৮১। তেওঁ ইনকিউবেটৰ পৰ্যায়ত থকা অসমীয়া ৱিকিউদ্ধৃতিলৈয়ো নিয়মীয়া বৰঙণি আগবঢ়াই অহাৰ লগতে সময়ে সময়ে অনুষ্ঠিত এডিটাথন, প্ৰুফৰিডাথন আৰু ৱিকিমিডিয়াৰ বিভিন্ন কৰ্মশালাসমূহতো সক্ৰিয় অংশগ্ৰহণ কৰি আহিছে। ৱিকিডাটা আৰু ৱিকিমিডিয়া কমন্সলৈয়ো তেওঁ বৰঙণি আগবঢ়াইছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “এইমাহৰ ৱিকিমিডিয়ান”, “বিশিষ্ট লেখক পদক”, “শেহতীয়া সালসলনি পদক”, “ৱিকি শতক পদক”, “বিদ্যায়তনিক গৰিমা পদক”, “অমূল্য অৱদান পদক”, “ৰামায়ণ কথকতা পদক”, “দলীয় কৰ্মৰ পদক”, “ৱিকিপত্ৰিকা পদক” আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
অনামিকা বৰুৱা
ৱিকিউদ্ধৃতিৰ নক্ষত্ৰ পদক
প্ৰণামিকা অধিকাৰী,
চাণক্য কুমাৰ দাস
সাহিত্য সৌৰভ পদক
ঈশান জ্যোতি বৰা
প্ৰশাসনীয় মেজৰ সম্পাদক
দিব্য দত্ত
তথ্যউৎস সংযোজক
ৰনোজ জ্যোতি বৰুৱা
ৱিকিপত্ৰিকা পদক
কুলধৰ ৰাভা
পঞ্চশতক তাৰকা পদক
ঈশান জ্যোতি বৰা
অমূল্য অৱদান পদক
চন্দন চিৰিং ফুকন,
অনামিকা বৰুৱা
আয়োজক পদক
অজয় দাস
গ্ৰন্থ সমাহৰণ বঁ‌টা
দীপকজ্যোতি মহন্ত
প্ৰতিভাবান ন-সম্পাদকৰ পদক
চন্দ্ৰিমা ৰাভা



বিশেষ অভিলেখ
জুলাই-২০২২ৰ বিশেষ অভিলেখ সম্পাদনা কৰক

জুলাই মাহত অসমীয়া ৱিকিমিডিয়া পৰিয়ালৰ সক্ৰিয় সদস্য ঈশান জ্যোতি বৰাই অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ সৃষ্টিৰ ক্ষেত্ৰত পঞ্চশতক সম্পূৰ্ণ কৰে।

উল্লেখনীয় কাম সম্পাদনা কৰক
  • জুন মাহৰ ২০ তাৰিখৰ পৰা আৰম্ভ হোৱা কুৰি শতিকাৰ শ্ৰেষ্ঠ অসমীয়া এডিটাথন ২০২২ নামৰ সম্পাদনা মেলাৰো ৯ জুলাই অন্ত পৰে। এই মেলাত ৱিকিপিডিয়ানসকলে গৰীয়সী আলোচনীৰ ২০০০ চনৰ জানুৱাৰী সংখ্যাত বিংশ শতিকাৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া আৰু আন কুৰিগৰাকী শ্ৰেষ্ঠ অসমীয়াৰ তালিকাত থকা অসমীয়া ব্যক্তিসকলৰ বিষয়ে প্ৰবন্ধসমূহ উন্নীত কৰি ভাল/নিৰ্বাচিত প্ৰবন্ধৰ স্তৰলৈ নিয়াৰ বাবে বৰঙণি আগবঢ়ায়।
  • অসমীয়া ৱিকিউৎসত মুদ্ৰণ সংশোধন আৰু বৈধকৰণ সমাপ্ত হোৱা গ্ৰন্থৰ তালিকা:
এজন সঁ‌চা মানুহ (লেখক: নীলিমা বৰা, ২০০৫)
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
অনামিকা বৰুৱা ১২৬৯ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অনামিকা বড়া ১০ ৩৯ ১২ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা ৬৫৬ - - ৭৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা ১৫৩ ৯৭ - ৪১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন ৩৬০ - ৩০ ২২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ৩৪২ ৫২ ৩২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নয়ন জ্যোতি নাথ ২৮০ - ১০ ২৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নয়নজ্যোতি শৰ্মা ৬৩ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
পল্লৱী দত্ত বৰুৱা ৯৯ ২০৬ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ প্ৰণামিকা অধিকাৰী ২৪৯ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ প্ৰাণজ্যোতি নাথ ১২৯ ৬৩৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২ বাবুল বৈশ্য ৭৮ - - ৬৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩ বিশ্বজিৎ বৈশ্য ২৬ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪ মৃদুল সিংহ ফুকন ৩৬ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫ ৰনোজ জ্যোতি বৰুৱা - ১৮ ৬২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৬ ৰুমী বৰা ৫০ ২৪৩ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৭ হানিফ আলী ১৩৯ ১২ ৭০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল: অভিজিৎ মোহন, অংগৰাগ ভূঞা, খিলঞ্জীত, চন্দ্ৰিমা ৰাভা, জোনালী বৰুৱা, প্ৰদ্যুৎ প্ৰতীম দত্ত, ভাস্কৰজ্যোতি ভূঞা, মৌচিন আলী, সোণ কোঁৱৰ, Kwamikagami, MdsShakil

ইনকুবেটৰ (Wq/as): ঈশান জ্যোতি বৰা (৪৭), কুলধৰ ৰাভা (১১), চন্দন চিৰিং ফুকন (৯৭), চাণক্য কুমাৰ দাস (৫৪৫), দিব্য দত্ত (৬৫), দীপকজ্যোতি মহন্ত (৬৭), প্ৰণামিকা অধিকাৰী (৩৪৪), প্ৰিয়াংকুশ ডেকা (১৬)৷

বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।