সমললৈ যাওক

ভল্‌গাৰ পৰা গংগা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভল্‌গাৰ পৰা গংগা  

গ্ৰন্থখনৰ ষষ্ঠ সংস্কৰণৰ বেটুপাত
লেখক ৰাহুল সাংকৃত্যায়ন
শক্তিনাথ বৰুৱা (অনুবাদক)
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ অনূদিত গ্ৰন্থ
প্ৰকাশ ১৯৬৮, প্ৰথম প্ৰকাশ (প্ৰকাশক: পুথিঘৰ)
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৩৫১
আই.এচ.বি.এন. 81-7665-353-5

ভল্‌গাৰ পৰা গংগা (ইংৰাজী: From Volga to Ganga) গ্ৰন্থখন পণ্ডিত তথা ভ্ৰমণ কাহিনী লেখক ৰাহুল সাংকৃত্যায়নে ১৯৪৩ চনত লিখা ২০টা ঐতিহাসিক কল্পকাহিনীৰ সংকলন 'বোল্‌গাচে গংগা'ৰ অসমীয়া অনুবাদ। এই গ্ৰন্থখনৰ অনুবাদক শক্তিনাথ বৰুৱা

সাংকৃত্যায়নে ৰাছিয়া, কোৰিয়া, জাপান, চীন আদি বিভিন্ন দেশ ভ্ৰমণ কৰিছিল, য’ত তেওঁ এই দেশসমূহৰ ভাষা আয়ত্ত কৰিছিল আৰু সাংস্কৃতিক অধ্যয়নৰ কৰ্তৃপক্ষ আছিল। গল্পবোৰত সামূহিকভাৱে ইউৰেছিয়াৰ স্তৰৰ পৰা ভল্‌গা নদীৰ আশে-পাশে থকা অঞ্চললৈ আৰ্যসকলৰ প্ৰব্ৰজনৰ অনুসন্ধান কৰা হৈছে; তাৰ পিছত হিন্দুকুশ আৰু হিমালয় আৰু উপ-হিমালয় অঞ্চলৰ মাজেৰে তেওঁলোকৰ গতিবিধি; আৰু ভাৰতৰ উপমহাদেশৰ ভাৰত-গংগা সমভূমিলৈ এই সকলৰ বিস্তাৰ। খ্ৰীষ্টপূৰ্ব ৬০০০ত আৰম্ভ হোৱা এই গ্ৰন্থখনৰ কামৰ অন্ত পৰে ১৯৪২ চনত।

প্ৰকাশনৰ ইতিহাস আৰু অনুবাদ[সম্পাদনা কৰক]

১৯৩৮ চনত সংকৃত্যায়নে প্ৰথম উপন্যাস জিনে কে লিয়ে ৰচনা কৰিছিল। তেওঁ ১৯৪১-৪২ চনত ভাগৱত শৰণ উপাধ্যায়ৰ ঐতিহাসিক কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। পৰৱৰ্তী সময়ত ভাৰতীয় স্বাধীনতা আন্দোলনত অংশ লোৱাৰ বাবে হাজৰিবাগ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অৱস্থাত তেওঁ ২০টা চুটিগল্প ৰচনা কৰে।[1] ১৯৪৩ চনত প্ৰথম প্ৰকাশ হোৱা[2] এই গ্ৰন্থখন আধুনিক ভাৰতীয় সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ হিন্দী গ্ৰন্থ হিচাপে গণ্য কৰা হয়।[1]

অসমীয়াৰ বাদেও এই গ্ৰন্থখন মাৰাঠী, বাংলা, ইংৰাজী, কানাড়া, তামিল, মালয়ালম, তেলেগু, পাঞ্জাবীকে ধৰি বহু ভাষালৈ অনুবাদ কৰা হৈছে আৰু এইসমূহৰ কেইবাটাও সংস্কৰণ প্ৰকাশ হৈ ওলাইছে। ইয়াৰ উপৰিও ৰাছিয়ান, চেক, পোলিছ চীনা, আৰু বহুতো বিদেশী ভাষালৈয়ো গ্ৰন্থখনৰ অনুবাদ হয়।[1] এই গ্ৰন্থখন বৰ্তমান ভাৰতীয় সাহিত্যৰ ইতিহাসত এখন ক্লাছিক হিচাপে গণ্য কৰা হয়। ১৯৫৪ চনত প্ৰথম বাংলা অনুবাদ প্ৰকাশ পায়। ১৯৪৯ চনত প্ৰথম কান্নাই মুথাইয়াহে তামিল অনুবাদটি প্ৰকাশ কৰে।

৩৫১পৃষ্ঠাৰ অসমীয়া সংস্কৰণটি প্ৰথম বাৰলৈ ১৯৬৮ চনৰ জুলাই মাহত পুথিঘৰ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত হয়। গ্ৰন্থখনৰ প্ৰচ্ছদ অংকন কৰিছে তপোন চট্টোপধ্যায়ে। গ্ৰন্থখনৰ ভাৰতীয় মূল্য ২৫০ টকা।

কাহিনী সমূহ[সম্পাদনা কৰক]

ভল্‌গাৰ পৰা গংগা হৈছে পিছলৈ আৰ্য নামেৰে পৰিচয় লাভকৰা ইণ্ডো–ইউৰোপীয় লোকসকলৰ ইতিহাসৰ আলমত লিখা ৮০০০বছৰৰ প্ৰায় ১০ হাজাৰ কিলোমিটাৰ পৰিসৰৰ ইতিহাসৰ ২০টা গল্পৰ এক সংকলন[3] এই গল্প কেইটা হৈছে-

  1. নিশা
  2. দিবা
  3. অমৃতাশ্ব
  4. পুৰুহূত
  5. পুৰুধান
  6. অঙ্গিৰা
  7. সূদাস
  8. প্ৰবাহণ
  9. বন্ধুল মল্ল
  10. নাগদত্ত
  11. প্ৰভা
  12. সুপৰ্ণ যৌধেয়
  13. দুৰ্মুখ
  14. চক্ৰপাণি
  15. বাবা নূৰদীন
  16. সুৰৈয়া
  17. ৰেখা ভগত
  18. মঙ্গল সিং
  19. সফদৰ
  20. সুমেৰ

প্ৰথম কাহিনী "নিশা" খ্ৰীষ্টপূৰ্ব প্ৰায় ৬০০০ চনত ককেচিয়াত (দক্ষিণ ৰাছিয়া) বাস কৰা গুহাবাসীৰ বিষয়ে। এই কাহিনীটোৱে আমাক মানৱ জীৱনৰ ৩৬০ পুৰুষৰ আগৰ অৱস্থালৈ লৈ যায়। সেই কালত ভাৰত, পাৰস্য, ইউৰোপৰ জাতিসমূহ একেটা গোষ্ঠীৰে আছিল। সেই সময়ত সমাজ বা ইয়াৰ পূৰ্বসূৰী আছিল মাতৃতান্ত্ৰিক আৰু সেয়ে কাহিনীটোৰ নামকৰণ কৰা হৈছে পৰিয়ালৰ নেত্ৰী ‘নিশা’ৰ নামেৰে। যদিও ২০টা গল্পৰ সকলোবোৰেই স্বাধীন, তথাপিও ইয়াক যি ক্ৰমত সজাই তোলা হৈছে, সেইটোৱে এটা অতি গুৰুত্বপূৰ্ণ উদ্দেশ্য পূৰণ কৰে। ইয়াত মাতৃতান্ত্ৰিক সমাজৰ পৰা (প্ৰথম দুটা গল্প) পিতৃতান্ত্ৰিক সমাজলৈ (বাকীবোৰ) ক্ৰমান্বয়ে পৰিৱৰ্তন, স্বাধীনতাৰ পৰা দাসত্ত্বলৈ, দাসত্ত্বক গ্ৰহণ কৰাৰ পৰা ইয়াৰ ঘৃণা আৰু ইয়াৰ দৰে ক্ৰমান্বয়ে পৰিৱৰ্তন হোৱা দেখা যায়। মানুহ নতুনকৈ উন্নিত অস্ত্ৰ-শস্ত্ৰৰ প্ৰতি সতৰ্ক আছিল ইয়াৰ ফলতেই পুৰণি শিলৰ সঁজুলিবোৰ দ্ৰুতগতিত সলনি হৈ আহিছিল। চতুৰ্থটো গল্প – "পুৰুহুত" (তাজিকিস্তান ২৫০০ খ্ৰীষ্টপূৰ্ব)ত সেই সময়ছোৱাত কেনেকৈ অস্ত্ৰ-শস্ত্ৰৰ দৌৰ আৰম্ভ হৈছিল আৰু উত্তৰবাসীৰ ক্ষতিসাধন কৰি দক্ষিণৰ লোকসকলে কেনেকৈ বহু ধন-সম্পত্তি সংগ্ৰহ কৰিছিল, সেই বিষয়ে কোৱা হৈছে।[3]

ষষ্ঠ গল্প "অংগিৰা" (খ্ৰীষ্টপূৰ্ব ১৮০০) সেই একেই নামৰ এজন ব্যক্তিৰ বিষয়ে যিজনে আৰ্য জাতিটোক তেওঁলোকৰ প্ৰকৃত সংস্কৃতিৰ বিষয়ে (বৈদিক ঋষিৰ পূৰ্বসূৰী) শিক্ষা দি আন জাতিৰ ওচৰত নিজৰ পৰিচয় হেৰুৱাৰ পৰা ৰক্ষা কৰিব বিচাৰিছে। অষ্টম কাহিনী প্ৰবাহণটো (খ্ৰীষ্টপূৰ্ব ৭০০, পাঞ্চালা) উচ্চ শ্ৰেণীৰ লোকে নিজৰ ন্যস্ত স্বাৰ্থৰ বাবে ধৰ্মৰ লগত হেতালি খেলা আৰু মানুহক কমেও ২০০০ বছৰ ধৰি অন্ধকাৰত ৰখাৰ ষড়যন্ত্ৰ কৰাৰ বিষয়ে বৰ্ণনা আছে। চাণক্য আৰু আলেকজেণ্ডাৰৰ সময়ত ভাৰতীয়, মধ্যপ্ৰাচ্য আৰু গ্ৰীকসকলে কিমান সহজে আৰু সঘনাই ইজনে সিজনৰ লগত মিহলি হৈ পৰিছিল সেয়া চাণক্যৰ এজন দাৰ্শনিক সহপাঠী পাৰস্য আৰু গ্ৰীচ ভ্ৰমণ কৰি শিকি অহা দশম কাহিনী নাগদত্ত পঢ়িলেই কেনেকৈ এথেন্স মেচিডোনিয়াৰ হাতত পৰিছিল বুজিব পাৰি। একাদশ গল্পটোত (প্ৰভা, ৫০ খ্ৰীষ্টাব্দ) গ্ৰীক নাটক কলাক অতি সুন্দৰ আৰু প্ৰামাণিকভাৱে ভাৰতীয় সংস্কৃতিত গ্ৰহণ কৰা বিখ্যাত নাট্যকাৰ অশ্বঘোষ আৰু তেওঁৰ প্ৰেৰণা সম্পৰ্কীয়। ১৫ নং কাহিনীটো বাবা নূৰদীনত(১৩০০ খ্ৰীষ্টাব্দ), চুফী ধৰ্মৰ উত্থানৰ বিষয়ে কোৱা হৈছে। সপ্তদশ গল্প ৰেখা ভগতত (১৮০০ খ্ৰীষ্টাব্দ) ইষ্ট ইণ্ডিয়া কোম্পানীৰ বৰ্বৰ শাসন আৰু ই ভাৰতৰ কিছু অংশলৈ কঢ়িয়াই অনা অৰাজকতাৰ বিষয়ে উল্লেখ কৰা হৈছে। শেষৰটো কাহিনীত ("সুমেৰ", ১৯৪২ খ্ৰীষ্টাব্দ) এজন ছাত্ৰ সুমেৰুৱে জাপানীসকলৰ বিৰুদ্ধে ছোভিয়েট ৰাছিয়াই জয়লাভ কৰাৰ উদ্দেশ্যে যুঁজিবলৈ আগবাঢ়ি যোৱাৰ কাহিনী বৰ্ণিত হৈছে। তেওঁৰ মতে এই জাতিটোৱেই মানৱতাৰ বাবে বাকী থকা একমাত্ৰ আশা।[3]

মূল লেখকৰ বিষয়ে[সম্পাদনা কৰক]

দাৰ্জিলিঙত ৰাহুল সাংকৃত্যায়নৰ আৱক্ষ মূৰ্তি।

উত্তৰ প্ৰদেশৰ আজমগড় জিলাৰ এটি ব্ৰাহ্মণ পৰিয়ালত ১৮৯৩ চনৰ ৯ এপ্ৰিল তাৰিখে জন্মগ্ৰহণ কৰা কেদাৰনাথ পাণ্ডেই আঠ বছৰ বয়সতেই কাশীত গৈ সংস্কৃত, আৰবী আৰু ফাৰ্চী ভাষা অধ্যয়ন কৰিবলৈ লয়। সেই সময়ৰে পৰা তেওঁ আৰ্য সমাজৰ লগত বিশেষভাৱে জড়িত হৈ পৰি এই সমাজৰ এজন আচাৰ্য হয়। কিছুদিনৰ পিছত তেওঁ সিংহললৈ যায় আৰু বৌদ্ধধৰ্মৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হৈ বৌদ্ধ ভিক্ষুত্ব গ্ৰহণ কৰে আৰু তেতিয়াই তেওঁৰ নতুন নামকৰণ হয় – ৰাহুল সাংকৃত্যায়ন।

ভাৰতীয় স্বাধীনতা কৰ্মী, লেখক আৰু হিন্দীত লিখা বহুভাষী আছিল। ভ্ৰমণ কাহিনীক ‘সাহিত্যিক ৰূপ’ প্ৰদান কৰাত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ আছিল ভাৰতৰ অন্যতম ভ্ৰমণকাৰী পণ্ডিত, জীৱনৰ পঞ্চল্লিশটা বছৰ নিজৰ ঘৰৰ পৰা আঁতৰত ভ্ৰমণ কৰিয়েই তেওঁ পাৰ কৰিছিল।[4] তেওঁৰ এই ভ্ৰমণবোৰ অধ্যয়নমূলক আছিল।

তেওঁ মাৰ্ক্সবাদী ধাৰণাসমূহৰ দ্বাৰা বহুলভাৱে প্ৰভাৱিত হৈছিল।[4] এই গ্ৰন্থখনৰ শেষৰ তিনিটা গল্পত এই প্ৰভাৱ সহজেই অনুভৱ কৰিব পাৰি। মংগল সিঙে (১৮ নং গল্পৰ নায়ক) ব্যক্তিগতভাৱে মাৰ্ক্স আৰু এংগেলছক চিনি পায় আৰু তেওঁ আচৰিত হৈছে যে মাৰ্ক্সে ভাৰতৰ বিষয়ে ইমানখিনি কেনেকৈ জানে। তেওঁ নিজৰ প্ৰিয় এন্নেক বুজাই দিয়ে যে কেনেকৈ বিজ্ঞান ভাৰতৰ বাবে অপৰিহাৰ্য কিন্তু দুৰ্ভাগ্যজনকভাৱে ভাৰতীয়সকলে বিশ্বাসক ইয়াৰ ওপৰত ৰাখে। ১৮৫৭ চনৰ বিদ্ৰোহত তেওঁ কঠোৰ আচৰণ বিধিৰে ব্ৰিটিছসকলৰ সৈতে যুঁজিবলৈ আগবাঢ়ি যায় আৰু তিনিবছৰৰ বাবে কাৰাবাস খাটিব লগা হয়।[4] ১৯৬৩ চনৰ ১৪ এপ্ৰিলত তেখেতৰ মৃত্যু হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Prabhakar Machwe (1998). Rahul Sankrityayan (Hindi Writer). Sahitya Akademi. পৃষ্ঠা. 42–45. ISBN 978-81-7201-845-0. https://books.google.com/books?id=kPPlgMiM388C&pg=PA42. 
  2. Volgāse Gaṅgā (Book, 1943). OCLC 82212373. https://www.worldcat.org/title/volgase-ganga-6000-i-pu-se-1942-taka-manava-samajake-aitihasika-arthika-rajanaitika-pravahonka-20-kahaniyom-ke-rupamem-purna-citra/oclc/82212373। আহৰণ কৰা হৈছে: 2015-01-23. 
  3. 3.0 3.1 3.2 ৰাহুল সাংস্কৃত্যায়ণ, শক্তিনাথ বৰুৱা (অনুবাদক) (২০১৭). ভল্‌গাৰ পৰা গংগা. পুথিঘৰ, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. ISBN 81-7665-353-5. 
  4. 4.0 4.1 4.2 Sharma, R. S. (2009). Rethinking India's Past. Oxford University Press. ISBN 978-0-19-569787-2.