ৱিকিপিডিয়ানৰ মনৰ কথা 
|
অসমীয়া ৱিকিউৎসৰ দক্ষতা বিকাশ কৰ্মশালাৰ এটি মুহূৰ্ত।
যোৱা ১১ আৰু ১২জুন তাৰিখে অসমীয়া ৱিকিপিডিয়াৰ ভগ্নীপ্ৰকল্প ৱিকিউৎসৰ (Digital library) এখন উচ্চপৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈ যায়। সমল ব্যক্তি হিচাপে CIS-A2kৰ ফালৰ পৰা জয়ন্ত নাথ ডাঙৰীয়াৰ তত্ত্বাৱধানত অসমৰ বিভিন্ন প্ৰান্তৰ বহুকেইজন সক্ৰিয় সদস্যই প্ৰশিক্ষণ গ্ৰহণ কৰে।
(পৰিচয় পৰ্বৰ আলোচনা)
- স্কেনাৰ প্ৰকল্প: অসমীয়া পুৰণি-ন, আপুৰুগীয়া গ্ৰন্থসমূহ স্কেনিং কৰিবলৈ অসমীয়া ভাষাৰ ৱিকিউৎসক এটা উচ্চ-পৰ্যায়ৰ স্কেনাৰ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হয়। কৰ্মশালাৰ সমল ব্যক্তি জয়ন্ত নাথৰ মতে, এই প্ৰকল্পৰ বাবে কমেও ৪০-৫০খন কিতাপ যোগাৰ কৰি ল'ব পাৰিলে আমি স্কেনাৰ এটাৰ বাবে সমূহীয়াকৈ আবেদন জনাব পাৰোঁ। এইধৰণৰ কামৰ বাবে অসমীয়া ভাষাৰ ৱিকিউৎসৰ এজন সদস্য বা স্বেচ্ছাসেৱকে দায়িত্ব ল'লে তেওঁক চিআইএছ-এটুকেৰ ফালৰ পৰা উপযুক্ত পাৰিশ্ৰমিক দিয়াটো নীতিগত কথা বুলি জয়ন্ত নাথে দোহাৰে। স্কেনাৰটো প্ৰয়োজনবিশেষে অসমৰ এঠাইৰ পৰা আন এঠাইলৈ নিব পৰা যাব আৰু অসমীয়া ৱিকিউৎসৰ অভ্যন্তৰীণ বিচাৰ-বিবেচনামতে ইয়াৰ ব্যৱহাৰ হ'ব। এনেধৰণৰ প্ৰকল্প অন্যান্য ভাষাৰ ৱিকিউৎসত ইতিমধ্যেই আৰম্ভ হৈছে।
- GLAM প্ৰকল্প: GLAM ৰ অৰ্থ হৈছে Galleries, Library, Archive and Museums)। একোটা বিশেষ অঞ্চলৰ সাংস্কৃতিক অনুষ্ঠান বা প্ৰতিষ্ঠানৰ সমল বা সংগ্ৰহিত তথ্যসমূহ বিভিন্ন কৌশলেৰে ৱিকিপিডিয়া বা ৱিকিউৎসত সংৰক্ষণ কৰাৰ এক বিশেষ প্ৰকল্প। উদাহৰণস্বৰূপে, আমি অসমৰ সংগ্ৰহালয় বা ঐতিহ্যমণ্ডিত ঠাইৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি তেওঁলোকৰ দ্বাৰা সংৰক্ষিত সমলসমূহৰ ছবি তুলি ৱিকিপিডিয়াৰ প্ৰকল্পত সংৰক্ষণ কৰিব পাৰোঁ। প্ৰকল্পটো Photo documentationৰ লেখীয়া। ইয়াৰ বাবে প্ৰয়োজনীয় কেমেৰাকে আদি কৰি সঁজুলি চিআইএছ-এ২কেয়ে যোগান ধৰিব।
- গ্ৰন্থ সংগ্ৰহ: পুৰণি গ্ৰন্থৰ বাবে আমি অসমৰ প্ৰধান বিশ্ববিদ্যালয়সমূহৰ পুথিভঁৰালৰ লগত বুজাবুজিৰ চুক্তি বা যিকোনো উপযুক্ত উপায়েৰে যোগাযোগ কৰিব পাৰোঁ আৰু তেওঁলোকৰ দ্বাৰা সংগ্ৰহিত কিতাপ ৱিকিউৎসৰ বাবে আগবঢ়াবলৈ অনুৰোধ কৰিব পাৰোঁ। আমি কথা পাতিব পাৰোঁ ব্যক্তিগতভাৱে গ্ৰন্থ-সংগ্ৰহ কৰি ৰখা ব্যক্তিৰ লগত। নতুবা বিশ্ববিদ্যালয়ৰ লগত অসমীয়া ৱিকিউৎস মধ্যস্থতাকাৰী হিচাপে জড়িত হৈ চিআইএছ-এটুকেৰ লগত এইবিষয়ত পোনপটীয়াকৈ কথা পাতিব পাৰি।
ইয়াৰ উপৰি অটিআৰএছ, কপিৰাইট, কথাছবিৰ কপিৰাইট আৰু ৱিকিউৎসত কথাছবিৰ ট্ৰেন্সক্লুছন, ৱিকিপিডিয়াত নিৰপেক্ষতা, সম্পাদনা নীতি, সামাজিক মাধ্যমত ৱিকিপিডিয়াৰ সক্ৰিয়তা আদি বিষয়সমূহত থূলমূলকৈ আলোকপাত কৰা হয়।
প্ৰথম দিন (১১-০৬-২০২২)
সময়- পুৱা ৯ঃ০০ বজাৰ পৰা আবেলি ৪ঃ৩০ বজালৈকে আলোচনাৰ সংক্ষিপ্ত বিৱৰণ-
- অসমীয়া ৱিকিউৎসৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সামৰি সদস্য ঈশান জ্যোতি বৰাই এক সংক্ষিপ্ত বিৱৰণ উপস্থাপন কৰে।
- সমল ব্যক্তি জয়ন্ত নাথে ভাৰতীয় কপিৰাইট আইন সম্পৰ্কীয় কথা-বতৰাৰে প্ৰথমদিনৰ মুখ্য কাৰ্যসূচীৰ দিশে আগবাঢ়ি যায়।
- মুদ্ৰণ সংশোধন পৃষ্ঠাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত প্ৰথমে কমন্সৰ পৰা কিতাপৰ নাম কপি কৰি লৈ ৱিকিউৎসত কিতাপৰ সূচী তৈয়াৰকৰণৰ কাৰিকৰী কৌশল সম্পৰ্কে প্ৰশিক্ষাৰ্থীসকলক অৱগত কৰে।
- বেটুপাত, প্ৰথম পৃষ্ঠা, উকা পৃষ্ঠা ইত্যাদিৰ সংশোধনেৰে পৃষ্ঠা তালিকা তৈয়াৰকৰণ সম্পৰ্কীয় প্ৰশিক্ষণ আগবঢ়াই ব্যৱহাৰিকভাৱে ইয়াৰ কাৰ্যকৰীকৰণত গুৰুত্ব দিয়া হয়।
- মুদ্ৰণ সংশোধনৰ ক্ষেত্ৰত উচ্চতৰ বিকল্প সমূহ যেনে দুটা স্তম্ভত ভাগ হৈ থকা পাঠ্য উদ্ধাৰ কৰি মূল পাঠ্যৰ দৰেই পুনৰ সংশোধনকৰণৰ বিকল্প উপায় সম্পৰ্কে প্ৰশিক্ষণ।
- ট্ৰান্সক্লুডকৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য আগবঢ়াই প্ৰশিক্ষক জয়ন্ত নাথে ইয়াৰ ব্যৱহাৰিক কৌশল সমূহৰ প্ৰশিক্ষণ দিয়ে। ট্ৰান্সক্লুড হোৱা কিতাপ সমূহ pdf, epub ইত্যাদি আৰ্হিত কিদৰে মোবাইল, লেপটপ আদিত পঢ়িব পৰাকৈ আগবঢ়াই দিব পাৰি সেইসম্পৰ্কে অৱগত কৰে।
- কেনেধৰণৰ ভৱিষ্যত পন্থা হাতত ল'লে অসমীয়া ৱিকিউৎসৰ সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে ইত্যাদি সম্পৰ্কীয় এক বিশেষ কৌশলৰ আৰ্হি উপস্থাপন কৰি প্ৰশিক্ষক গৰাকীয়ে প্ৰথমটো দিনৰ কাৰ্যসূচীৰ সামৰণি মাৰে।
দ্বিতীয় দিন (১২-০৬-২০২২)
সময়- পুৱা ৯ঃ০০ বজাৰ পৰা আবেলি ৪ঃ৩০ বজালৈকে
আলোচনাৰ সংক্ষিপ্ত বিৱৰণ-
- ইতিমধ্যে ট্ৰান্সক্লুড কৰি সম্পূৰ্ণ হৈ থকা কিতাপ এখনত উপ-পৃষ্ঠা কেনেকৈ সংযোগ কৰা হয় সেই বিষয়ে তত্ত্ব-কথা কিতাপখনৰ জৰিয়তে প্ৰশিক্ষক জয়ন্ত নাথে অৱগত কৰে। লগতে প্ৰায় ছয়/সাতখন কিতাপৰ উপ-পৃষ্ঠা সংযোগৰ কাম সদস্যসকলে ব্যৱহাৰিকভাৱে কৰে।
- উচ্চতৰ মুদ্ৰণ সংশোধনৰ ক্ষেত্ৰত প্ৰশিক্ষক জয়ন্ত নাথে ছবি থকা পৃষ্ঠা, ভিন্নধৰণৰ পৰিসীমা থকা পৃষ্ঠা, চিত্ৰ আৰু আখৰ একেলগে থকা পৃষ্ঠা, হাতেলিখা আলোচনীৰ পৃষ্ঠা, ৰঙীন আখৰযুক্ত পৃষ্ঠা, সুকীয়া ফণ্টযুক্ত আখৰ(বাক্য) থকা পৃষ্ঠা আদি জটিল সাঁচযুক্ত পৃষ্ঠাৰ মুদ্ৰণ সংশোধন সম্পৰ্কে প্ৰশিক্ষাৰ্থীসকলক অৱগত কৰে।
- ৱিকিউৎসৰ ভৱিষ্যত পন্থা কি কি হ'ব সেই সম্পৰ্কে পুনৰ আলোচনা কৰা হয়। সৰ্বাধিক দৰ্শন প্ৰাপ্ত কিতাপসমূহৰ মুদ্ৰণ সংশোধন শুদ্ধকৈ কৰি পৃষ্ঠা তালিকা আৰু উপপৃষ্ঠা সংযোগ কৰি সম্পূৰ্ণ কৰাৰ প্ৰথম লক্ষ্য লোৱা হয়।
অতিৰিক্তভাৱে দ্বিতীয় দিনাৰ চাহবিৰতিৰ সময়তে ৱিকিমিডিয়াৰ সক্ৰিয় সদস্য প্ৰণামিকা অধিকাৰীৰ জন্মদিন উপলক্ষে ৱিকিমিডিয়ান সকলে কেক কাটি আনন্দ-স্ফূৰ্তি কৰে। সদস্য সকলৰ মাজত মিলাপ্ৰীতিৰ বান্ধোন দৃঢ় কৰাৰ লগতে এই কৰ্মশালাখনে অসমীয়া ৱিকিউৎস প্ৰকল্পটোৰ গতিময়তাক এক অনন্য মাত্ৰা প্ৰদান কৰিব পাৰিব বুলি আশা কৰিব পাৰি।
|
ভাল প্ৰবন্ধ 
|
যশৱন্ত সিনহা এজন ভাৰতীয় প্ৰশাসক আৰু ৰাজনীতিবিদ। প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰৰ অধীনত ১৯৯০ চনৰ পৰা ১৯৯১ চনলৈ আৰু পুনৰ ১৯৯৮ চনৰ মাৰ্চ মাহৰ পৰা ২০০২ চনৰ জুলাই মাহলৈকে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অধীনত তেওঁ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০২ চনৰ জুলাই মাহৰ পৰা ২০০৪ চনৰ মে' মাহলৈকে তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৮ চনৰ ২১ এপ্ৰিলত তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা আছিল।
২০২১ চনৰ মাৰ্চ মাহত তেওঁ নিখিল ভাৰত তৃণমূল কংগ্ৰেছত যোগদান কৰে; কিন্তু ২০২২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত যৌথ বিৰোধীয়ে তেওঁলোকৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰাৰ বাবে ২০২২ চনৰ জুন মাহত তেওঁ দলৰ পৰা আঁতৰি আহে। ইয়াত বিতংকৈ পঢ়ক...
যোৱামাহৰ ভাল প্ৰবন্ধ এলিজাবেথ চেজ অলচেনৰ বিষয়ে ইয়াত পঢ়ক...
বৰ্ষটোৰ ঊল্লেখনীয় প্ৰবন্ধসমূহ
|
জুন-২০২২ত সৃষ্টি কৰা প্ৰবন্ধসমূহ 
|
মুঠ প্ৰবন্ধৰ সংখ্যা = ৮৮
|
|
|
নিৰ্বাচিত চিত্ৰ 
|
|
অনামিকা বড়া: ২০১৯ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এগৰাকী দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান। শিৱসাগৰ জিলাৰ এই ৱিকিমিডিয়ানগৰাকীয়ে এতিয়ালৈকে অসমীয়া ৱিকিপিডিয়াত ৩,১৫৫টা আৰু অসমীয়া ৱিকিউৎসত ১৯,৭৭৩টা সম্পাদনা কৰিছে। ৱিকিপিডিয়াত তেওঁ সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ১৫৯। তেওঁ ইনকিউবেটৰ পৰ্যায়ত থকা অসমীয়া ৱিকিউদ্ধৃতিলৈয়ো নিয়মীয়া বৰঙণি আগবঢ়াই অহাৰ লগতে সময়ে সময়ে অনুষ্ঠিত এডিটাথন, প্ৰুফৰিডাথন আৰু ৱিকিমিডিয়াৰ বিভিন্ন কৰ্মশালাসমূহতো সক্ৰিয় অংশগ্ৰহণ কৰি আহিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “এইমাহৰ ৱিকিমিডিয়ান”, “ৱিকিপত্ৰিকা পদক”, “ৰঙা লিংক অপসাৰণ পদক”, “ৱিকি শতক পদক”, “ৱিকিউৎসৰ ভোটাতৰা পদক”, “অমূল্য অৱদান পদক” আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।
|
পদক 
|
|
জুন-২০২২ৰ বিশেষ অভিলেখ 
|
|
উল্লেখনীয় কাম 
|
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১০,৩৮০ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৪১৩ খনলৈ বৃদ্ধি পালে।
- ২০ জুন পৰা অসমীয়া ৱিকিপিডিয়াত কুৰি শতিকাৰ শ্ৰেষ্ঠ অসমীয়া এডিটাথন ২০২২ নামেৰে এক সম্পাদনা মেলা অনুষ্ঠিত হৈছে। ৯ জুলাইলৈকে চলিবলগীয়া এই সম্পাদনা মেলাত গৰীয়সী আলোচনীৰ ২০০০ চনৰ জানুৱাৰী সংখ্যাত বিংশ শতিকাৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া আৰু আন কুৰিগৰাকী শ্ৰেষ্ঠ অসমীয়াৰ তালিকাত থকা অসমীয়া ব্যক্তিসকলৰ বিষয়ে প্ৰবন্ধসমূহ উন্নীত কৰি ভাল/নিৰ্বাচিত প্ৰবন্ধৰ স্তৰলৈ নিয়াৰ বাবে ৱিকিপিডিয়ানসকলে বৰঙণি আগবঢ়ায়।
- যোৱা ১১ আৰু ১২জুন তাৰিখে অসমীয়া ৱিকিপিডিয়াৰ ভগ্নীপ্ৰকল্প ৱিকিউৎসৰ (Digital library) এখন উচ্চপৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈ যায়। সমল ব্যক্তি হিচাপে CIS-A2kৰ ফালৰ পৰা জয়ন্ত নাথ ডাঙৰীয়াৰ তত্ত্বাৱধানত অসমৰ বিভিন্ন প্ৰান্তৰ বহুকেইজন সক্ৰিয় সদস্যই প্ৰশিক্ষণ গ্ৰহণ কৰে।
অসমীয়া ৱিকিউৎসৰ দক্ষতা বিকাশ কৰ্মশালাৰ এটি মুহূৰ্ত প্ৰশিক্ষণৰত অংশগ্ৰহণকাৰীসকল
|
নিৰ্বাচিত উদ্ধৃতি 
|
“
|
কোনো এটা জাতিক ডাঙৰ কৰিব লাগিলে কিছুমান সজুলিৰ আৱশ্যক৷ জাতীয় ”ডাঙৰতালৈ” সেই সজুলিবিলাক নহলে নহয়৷ কোনো বাঢ়ৈয়ে চাছ, হাতুৰি, ৰেন্দা, বটালি প্ৰভৃতি নহলে কোনো বৰপেৰা সাজিব নোৱাৰে৷ জাতীয় বৰপেৰা সাজিবলৈকো তেজৰ চাছ, বলৰ বটালি, সহিষ্ণুতাৰ ৰেন্দা, একতাৰ গজাল, স্থিৰতাৰ কৰত, গাম্ভীৰ্য্যৰ হাতুৰি, বাহ্যাড়ম্বৰৰ পাক-ভোঁহৰ, ধৰ্মনিষ্ঠাৰ খিলি, সদাচাৰৰ গৰ্ভ-গজাল লাগে৷ অসমীয়াৰ জাতীয় বৰপেৰা সাজিবলৈ এইবিলাক পূৰাপূৰ আছে৷ তেন্তে নো অসমীয়া জাতি ডাঙৰ জাতি নহব কিয় হেঁ ককাই কোৱাঁ? অসমীয়া জাতি ডাঙৰীয়া-জাতি! –অসমীয়া জাতি ডাঙৰ জাতি, লক্ষ্মীনাথ বেজবৰুৱা
|
”
|
|
পৰিসংখ্যা আৰু অন্যান্য 
|
পৰিসংখ্যা
অন্যান্য সংযোগ
ঘোষণা
|
|