সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২২

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
একাদশ বৰ্ষ| জুন | ২০২২ | ষষ্ঠ সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত তেওঁৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক।
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
ৰনোজ জ্যোতি বৰুৱা

 নমস্কাৰ! সকলোকে সম্ভাষণ জনালোঁ। “জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী।” আইৰ মুখৰ ভাষাক লৈ সদায় গৰ্ব অনুভৱ কৰি আহিছোঁ। ভাষাটোক ভাল পোৱাৰ অনুভূতি স্বয়ংক্ৰিয়। কিন্তু ভাষাটোৰ বাবে কাম কৰাৰ বীজত সাৰ পানী যোগাইছে ৱিকিৰ প্ৰকল্পসমূহে। ৱিকিৰ বিভিন্ন প্ৰকল্পৰ সৈতে জড়িত হৈ অতি আনন্দিত হৈছোঁ।

 অসমীয়া ভাষাত লেখা মেলা কৰাৰ এখন ডিজিটেল মঞ্চ বিচাৰি আছিলোঁ বহুদিনৰ পৰাই। আশা কৰিছিলোঁ ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ সম্প্ৰসাৰণ হওক, অসমীয়া ভাষাই বিশ্ব দৰবাৰত স্বীকৃতি পাওক। ৱিকিৰ সৈতে জড়িত হৈ এই স্বপ্ন বিকশিত হ’ল। ইণ্টাৰনেটৰ সুবিধা লোৱাৰ পৰাই বিভিন্ন কথা জানিবলৈ চেষ্টা কৰিছিলোঁ। অসমীয়া ভাষাত কিবা সন্ধান কৰিলে যদি তথ্যসহ ওলাইছিল, তাৰ প্ৰথম স্থানত আছিল ৱিকিপিডিয়া। সেয়ে ৱিকিত সন্নিবিষ্ট প্ৰবন্ধ, পৃষ্ঠা আদি আগ্ৰহেৰে পঢ়িছিলোঁ। পিছলৈ গম পালোঁ যে, যিকোনো মানুহেই ৱিকিপিডিয়াত বৰঙণি আগবঢ়াব পাৰে। প্ৰথমে মই ৱিকিমিডিয়াৰ প্ৰকল্পসমূহৰ ভিতৰত ৱিকিপিডিয়াত লিখা আৰম্ভ কৰিছিলোঁ। প্ৰথম প্ৰবন্ধটো লিখোঁতে অজয় দাস দাদাই সহায় কৰি দিছিল। পিছলৈ বিভিন্ন অসুবিধাত অগ্ৰজসকলে যথেষ্ট সহায় কৰি আগবঢ়াই নিলে। কিবা ভুল দেখিলে লগে লগে শুধৰাই দিয়া, থাকি যোৱা অংশ অন্তৰ্ভুক্ত কৰা আৰু কত কি! এটা কথা ভাল লাগিছে, অসমীয়া ৱিকিৰে জড়িত থকা সক্ৰিয় সদস্যসকল প্ৰতিটো কাৰ্যতে যথেষ্ট উদ্যমী আৰু সচেতন। ভাষাৰ ওপৰত থকা তেওঁলোকৰ জ্ঞান অনস্বীকাৰ্য্য। হয়তো ভাষাটোৰ বাবে কাম কৰাৰ তেওঁলোকে আজন্ম সংকল্প লৈছে! তেওঁলোকৰ সহায়ৰ বাবেই কম সময়তে যথেষ্টখিনি শিকিব পাৰিলোঁ। বৰ্তমান ৱিকিউৎসৰ সম্পাদনাৰ কামো শিকি থকাৰ লগতে ৱিকি উদ্ধৃতিটো সামান্য বৰঙণি আগবঢ়াইছোঁ। আগলৈ আন আন ৱিকি প্ৰকল্পবোৰতো ভুমুকি মাৰিবলৈ চেষ্টা কৰিম।

 ৱিকিপিডিয়া হ’ল এক মুক্ত বিশ্বকোষ। যিকোনো লোকেই ইয়াত বৰঙণি আগবঢ়াব পাৰে। ভাষাৰ স্বাৰ্থত কাম কৰিব বিচৰা লোকে দ্বিধাহীন ভাৱে ৱিকিৰ প্ৰকল্পত হাত উজান দিব পাৰে। মাত্ৰ ৱিকিৰ নিয়মসমূহ মানি চলিলেই হ’ল। নতুনকৈ লিখিবলৈ বিচৰাসকলে কোনো শংকা অবিহনে নিজকে ৱিকিৰ সৈতে সংযুক্ত কৰিব পাৰে।

 অসমীয়া ৱিকি প্ৰকল্পসমূহ যথেষ্ট আগবাঢ়িছে আৰু আগলৈও এই যাত্ৰা অব্যাহত থাকিব। পাৰ্য্যমানে সকলোৱে হাত উজান দিলে এই যাত্ৰা আৰু বেছি ত্বৰান্বিত হ’ব বুলি আশা কৰিছোঁ। -Baruah ranuj (বাৰ্তা) 16:09, 29 May 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

এলিজাবেথ চেজ অলচেন এগৰাকী আমেৰিকান অভিনেত্ৰী। কেলিফৰ্ণিয়াৰ শ্বাৰমান অকছত জন্মগ্ৰহণ কৰা অলচেনে চাৰি বছৰ বয়সতে অভিনয় কৰিবলৈ আৰম্ভ কৰে। ২০১১ চনত থ্ৰিলাৰ মাৰ্থা মাৰ্চি মে মাৰ্লিনত তেওঁৰ প্ৰথম চলচ্চিত্ৰ চৰিত্ৰত অভিনয় কৰিছিল-যাৰ বাবে তেওঁ প্ৰশংসিত হৈছিল আৰু ক্ৰিটিক্স চয়ছ মুভি বঁটাৰ বাবে মনোনীত হৈছিল। তাৰ পিছত হ'ৰৰ ছবি চাইলেণ্ট হাউছত তেওঁ অভিনয় কৰিছিল। ইয়াৰ বাবে অলচেনে বাফটা ৰাইজিং ষ্টাৰ বঁটাৰ মনোনয়ন লাভ কৰে। দুবছৰৰ পিছত তেওঁ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছ মিডিয়া ফ্ৰেঞ্চাইজিত ৱাণ্ডা মেক্সিমফ/স্কাৰলেট উইচৰ চিত্ৰণৰ বাবে অলচেনে বিশ্বব্যাপী স্বীকৃতি লাভ কৰে। তেওঁ ছুপাৰহিৰো ছবি এভেঞ্জাৰছ: এজ অৱ আল্ট্ৰন (২০১৫), কেপ্তেইন আমেৰিকা: চিভিল ৱাৰ (২০১৬), এভেঞ্জাৰছ: ইনফিনিটি ৱাৰ (২০১৮)ত অভিনয় কৰে। ডাক্তৰ ষ্ট্ৰেঞ্জ ইন দ্য মাল্টিভাৰ্ছ অৱ মেডনেছ (২০২২), মিনিচিৰিজ ৱাণ্ডাভিজন (২০২১) গুৰুত্বপূৰ্ণ ছবি। ৱাণ্ডাভিজনৰ বাবে তেওঁ প্ৰাইমটাইম এমি বঁটা আৰু গোল্ডেন গ্ল’ব বঁটাৰ বাবে মনোনয়ন লাভ কৰে। সবিশেষ ইয়াত পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ আলাবৈৰ ৰণৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
মে’-২০২২ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ১০৮

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. ‎জন হেনৰি
  2. ক্লড শ্বেনন
  3. আৰ্টোৰ শ্ব'পেনহাৱাৰ
  4. ছন ক’নাৰী
  5. এলিজাবেথ অলচেন

অন্যান্য

  1. ‎দ্য টাও অৱ পুহ
  2. মুৰাদ টাকলা
  3. অমৰ একুশে গ্ৰন্থমেলা
  4. নৱযান
  5. ‎নাছা
  6. থেৰবাদ
  7. মহাযান
  8. প্ৰাক-সাম্প্ৰদায়িক বৌদ্ধ ধৰ্ম
  9. আমাজন কিণ্ডল
  10. বৌদ্ধ আধুনিকতাবাদ
  11. স্কাৰলেট ৱিচ্ছ
  12. চতুৰাৰ্য সত্য
  13. ‎অষ্টাংগিক আৰ্য মাৰ্গ
  14. আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ
  15. শীল (বৌদ্ধ ধৰ্ম)
  16. দ্য গডফাদাৰ (চলচ্চিত্ৰ)
  17. পুনৰ্জন্ম (বৌদ্ধ ধৰ্ম)
  18. সংসাৰ (বৌদ্ধ ধৰ্ম)
  19. মহাযান সূত্ৰ
  20. আৰম্ভণিৰ বৌদ্ধ গ্ৰন্থ
  21. পালি ধৰ্মশাস্ত্ৰ
  22. শৰণ লোৱা (বৌদ্ধ ধৰ্ম)
  23. পেৰিছ
  24. ‎ৰয়টাৰ্ছ
  25. ‎আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস
  26. ব্ৰিটিছ কলম্বিয়া
  27. লিটল মাৰ্মেইড
  28. ৰেড কাৰ্পেট
  29. হিন্দু দৰ্শন
  30. ‎ক'ৰ্চেৰা

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. ‎মধ্বাচাৰ্য
  2. ৰামানুজাচাৰ্য
  3. শিৱকুমাৰ শৰ্মা (সন্তুৰ বাদক)
  4. ৰূপ কুমাৰ ৰাথোৰ
  5. ‎ভগৱন্ত সিং মান
  6. মনীষ সিসোদিয়া
  7. চানা ঈৰশাদ মাট্টু
  8. সঞ্জয় মিশ্ৰ
  9. ‎নিথিন
  10. ভুৱন বাম
  11. শোভিতা ধূলিপালা
  12. গীতাঞ্জলি শ্ৰী
  13. ত্ৰিভুৱনদাস কিশিভাই পেটেল
  14. সীতা দেৱী
  15. কৃষ্ণকুমাৰ কুনাথ (কেকে)‎

পৌৰাণিক ভাৰতীয় সংস্কৃতি আৰু আখ্যান

  1. অশ্বমেধ
  2. পুৰুষমেধ
  3. ‎জগন্নাথ
  4. অশ্বমেধিক পৰ্ব
  5. যজ্ঞ

অন্যান্য

  1. চেৰামন জুমা মছজিদ
  2. বিৰিয়ানি
  3. জ'মাট'
  4. ‎চুইগী
  5. গৌড়ীয় বৈষ্ণৱবাদ
  6. ‎বংগ
  7. দ্য বুদ্ধ এণ্ড হিজ ধম্ম
  8. কুমাঊঁনী ভাষা
  9. পঞ্চায়ত (দূৰদৰ্শন ধাৰাবাহিক)
  10. মহল্লা ক্লিনিক
  11. মেঘালয়ৰ বিদ্যালয় শিক্ষা পৰিষদ
  12. আগৰতলা
  13. অপাৰেচন ফ্লাড
  14. হৰিৎ প্ৰদেশ
  15. আগৰতলা পৌৰ নিগম

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. শিৱনাথ বৰ্মন‎
  2. ৰণগৌৰা নাৰ্জাৰী
  3. সিদ্ধাৰ্থ ভট্টাচাৰ্য
  4. দিগন্ত বৰ্মন
  5. ভূপেন বৰা
  6. অন্তৰা নন্দী
  7. ৰমেন্দ্ৰ নাৰায়ণ কলিতা
  8. মামুন ইমদাদুল হক চৌধুৰী
  9. প্ৰসেনজিৎ চৌধুৰী‎
  10. জাদুৰাম ডেকা বৰুৱা
  11. নন্দ তালুকদাৰ

চলচ্চিত্ৰ বিষয়ক

  1. ‎বুম্বা ৰাইড

অন্যান্য

  1. যোৰহাট আইন মহাবিদ্যালয়‎
  2. কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান
  3. বৈঠকী
  4. জাল খোৱা
  5. ‎বহুৱা
  6. অসম জাতীয় বিদ্যালয়
  7. গুণোৎসৱ
  8. যোৰহাট গৌৰৱ যাত্ৰা
  9. গুৱাহাটী পৌৰ নিগম

সানমিহলি

  1. বাদামী টুনি
  2. মৌখাটি
  3. হেপা
  4. মেচেকা
  5. ‎জহামাল
  6. হাগা গেন্দেৰা
  7. মুচি গেন্দেৰা
  8. খটীয়া পহু
  9. ‎হমফবিয়া
  10. আবেগ
  11. জৈৱবিদ্যুৎ
  12. আৱিষ্কাৰ মতবাদ
  13. শিলকতৰা
  14. এছিয়াৰ ৰেঘা থকা ফেঁচা
  15. গুপ্তভাষা
  16. বহিৰ্বিবাহ
  17. ধেমেলীয়া সম্পৰ্ক
  18. বংশ
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
উল্লেখনীয় ৱিকিমিডিয়ান

নয়ন জ্যোতি নাথ: ২০১৬ চনৰ পৰা ৱিকিপিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। শোণিতপুৰৰ এই ৱিকিমিডিয়ানগৰাকীয়ে এতিয়ালৈকে অসমীয়া ৱিকিপিডিয়াত ৬,২৮৬টা আৰু অসমীয়া ৱিকিউৎসত ৯৪৭টা সম্পাদনা কৰিছে। ৱিকিপিডিয়াত তেওঁ সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৪১৫। তেওঁ ৱিকিমিডিয়া কমন্স আৰু ইনকিউবেটৰ পৰ্যায়ত থকা অসমীয়া ৱিকিউদ্ধৃতিলৈয়ো নিয়মীয়া বৰঙণি আগবঢ়াই অহাৰ লগতে সময়ে সময়ে অনুষ্ঠিত এডিটাথন আৰু প্ৰুফৰিডাথনসমূহতো সক্ৰিয় অংশগ্ৰহণ কৰি আহিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “উদীয়মান সম্পাদক পদক”, “অক্লান্ত কৰ্মী পদক”, "অমূল্য অৱদান পদক", "যৌনশিক্ষা পদক", "টাইগাৰ প্ৰবন্ধকাৰ পদক", "ৱিকি লাভছ ৱুমেন পদক" আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
ৰনোজ জ্যোতি বৰুৱা
বৌদ্ধধৰ্ম পদক
ঈশান কাশ্যপ হাজৰিকা
প্ৰতিভাবান ন-সম্পাদকৰ পদক
অভিজিৎ শৰ্মা
পক্ষীৰাজ পদক
অভিজিৎ শৰ্মা
মানৱ যৌনতা পদক
খিলঞ্জীত
দলীয় কৰ্মৰ পদক
কুলধৰ ৰাভা
অমূল্য অৱদান পদক
ঈশান কাশ্যপ হাজৰিকা
অতিথি সম্পাদক পদক
মো. সাদমান ছাকিব
ৱিকিপত্ৰিকা পদক
চন্দন চিৰিং ফুকন, নয়নজ্যোতি নাথ




বিশেষ অভিলেখ
মে’-২০২২ৰ বিশেষ অভিলেখ সম্পাদনা কৰক

মে' মাহত অসমীয়া ৱিকি পৰিয়ালৰ সক্ৰিয় সদস্য ঈশান কাশ্যপ হাজৰিকাই অসমীয়া ৱিকিপিডিয়াত ব্যক্তিগতভাৱে ত্ৰিশতক প্ৰবন্ধৰ সীমা অতিক্ৰম কৰে।

উল্লেখনীয় কাম সম্পাদনা কৰক
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক

ঔটো পৰি কপৌটো মৰিল,
বগে নিৰামহি খায়;
সখীয়তী চৰায়ে ছমাহলৈ বিনালে,
সমন্ধত একোডাল নাই।
 ফকৰা যোজনা

ভাঙনি: কপৌ, বগলী, সখীয়তী-বেলেগ বেলেগ চৰাই। কিন্তু সিহঁতৰ জাতি একেটাই। হঠাৎ হোৱা দুৰ্ঘটনাত জাতিটোৰ সকলোৱে দুঃখিত হয়। সেইদৰে, সম্বন্ধত একো নাথাকিলেও মানুহে পৰস্পৰে পৰস্পৰৰ দুখ বুজি বিপদকালত একগোট হোৱা উচিত।


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
অজয় দাস২২--(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অনামিকা বৰুৱা-২৬-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অভিজিৎ শৰ্মা২৪৯-২২(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান কাশ্যপ হাজৰিকা১৫৬--৩১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা১০৪১২-৩০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা৬১-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
খিলঞ্জীত৬৬--(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন২৮৫২৫৫৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জলী ৰুমী বৰা২৬-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০দিব্য দত্ত২১৬-১৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১নয়নজ্যোতি নাথ৭২-১৬(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২পল্লৱী দত্ত বৰুৱা-৬২-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩প্ৰণামিকা অধিকাৰী৪২৭৬-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪প্ৰাণজ্যোতি নাথ৮৩২৭-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫বাবুল বৈশ্য২৩-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৬মো. সাদমান ছাকিব১২৩১১১৭১৩০০+ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৭ৰনোজ বৰুৱা১৯৪৩৬৩৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৮ৰুমী বৰা-১১৮-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


ইনকুবেটৰ (Wq/as): কুলধৰ ৰাভা (১৪), চন্দন চিৰিং ফুকন (২৬), চাণক্য কুমাৰ দাস (১২), দিব্য দত্ত (২৯), দীপকজ্যোতি মহন্ত (২৩), প্ৰণামিকা অধিকাৰী (১৯১), প্ৰিয়াংকুশ ডেকা (১৪)৷


মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল: অভিজিৎ বৰ্মন, ইমন বেজবৰুৱা, গীতাৰ্থ বৰদলৈ, চন্দন ভাগৱতী, জলী ৰুমী বৰা, ববিতা শইকীয়া নাথ, বিশ্বজিৎ বৈশ্য, ভাস্কৰজ্যোতি ভূঞা, মৌচুমী ছেত্ৰী, মৃদুল কুমাৰ শৰ্মা, হানিফ আলী

বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।