অশ্বমেধিক পৰ্ব

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

অশ্বমেধিক পৰ্ব বা অশ্বমেধ পৰ্ব (সংস্কৃত: आश्वमेधिकपर्व) ভাৰতীয় মহাকাব্য মহাভাৰতৰ অষ্টাদশটা পৰ্বৰ চতুৰ্দশ পৰ্ব। পৰম্পৰাগতভাৱে ইয়াত ২টা খণ্ড আৰু ৯৬টা অধ্যায় আছে।[1][2] সমালোচনাত্মক সংস্কৰণত এখন উপ-পুথি আৰু ৯২টা অধ্যায় আছে।[3][4]

কৃষ্ণ আৰু ব্যাসে যুধিষ্ঠিৰক অশ্বমেধ অনুষ্ঠান সম্পন্ন কৰিবলৈ পৰামৰ্শ দিয়াৰ পৰা অশ্বমেধিক পৰ্বৰ আৰম্ভণি ঘটিছে।

যুধিষ্ঠিৰে প্ৰকাশ কৰে যে যুদ্ধৰ বাবে কোষাগাৰ খালী হৈ আছে। কৃষ্ণই মেৰু পৰ্বতৰ ওচৰৰ হিমাৱতত সোণ খননৰ পৰামৰ্শ দিয়ে। তেওঁ ৰজা মুৰাত্তৰ কাহিনী শুনায়। যুধিষ্ঠিৰে সোণ খনন, নিজৰ কোষাগাৰ পূৰণ আৰু অশ্বমেধিকা অনুষ্ঠান সম্পন্ন কৰাৰ প্ৰচেষ্টাৰে আগবাঢ়ি যায়।[5]

গ্ৰন্থখনত ৩৬টাতকৈও অধিক অধ্যায় থকা অনুগীতা পৰ্ব সন্নিৱিষ্ট হৈছে যাক কৃষ্ণই ক্ষুদ্ৰ-ভাগৱত বুলি বৰ্ণনা কৰিছে। অৰ্জুনে কৃষ্ণক কৈছে যে তেওঁ শান্তিৰ সময়ত ভাগৱতৰ প্ৰজ্ঞা স্মৰণ কৰিবলৈ অক্ষম আৰু পুনৰ কৃষ্ণৰ প্ৰজ্ঞা শুনিবলৈ আগ্ৰহী। কৃষ্ণই অনুগীতা (আক্ষৰিক অৰ্থত পৰৱৰ্তী গীতা) - ব্ৰাহ্মণৰ পত্নী আৰু ব্ৰহ্মাৰ মাজত হোৱা বাৰ্তালাপ হিচাপে আবৃত্তি কৰে। পণ্ডিতসকলে অনুগীতাক মধ্যযুগীয় কালত অশ্বমেধিকা পৰ্বত ভুৱা সংযোজন, আৰু মূল মহাভাৰতৰ বিকৃতকৰণ বুলি মত প্ৰকাশ কৰিছে।[6][7]

গাঁথনি আৰু অধ্যায়সমূহ[সম্পাদনা কৰক]

অশ্বমেধৰ পৰামৰ্শ দিয়া অৱস্থাত কৃষ্ণ

অশ্বমেধিক পৰ্বত পৰম্পৰাগতভাৱে ২টা উপ-পৰ্ব (অংশ) আৰু ৯৬টা অধ্যায় আছে।[1] এইকেইটা হৈছে:[8][9]

  1. অশ্বমেধিক পৰ্ব (অধ্যায়: ১–১৫)
  2. অনুগীতা পৰ্ব (অধ্যায়: ১৬–৯৬)

যুধিষ্ঠিৰে আত্মীয়-স্বজনৰ মৃত্যুত হুমুনিয়াহ কাঢ়ি থকাৰ পৰা এই পৰ্ব আৰম্ভ হয়। ধৃতৰাষ্ট্ৰ, ব্যাস আৰু বাসুদেৱে কাহিনী কথনেৰে তেওঁক দুখ-কষ্ট ত্যাগ কৰি যশস্যাৰ বাবে উপহাৰ আদি প্ৰদান কৰি যজ্ঞ কৰিবলৈ সান্ত্বনা দিয়ে। অনুগীতা উপ-পৰ্বত কৃষ্ণই অৰ্জুনক দিয়া ভাগৱত শিক্ষাৰ পুনৰাবৃত্তি কৰিছে। অৰ্জুনে কৃষ্ণক যুদ্ধৰ সময়ত তেওঁক কোৱা পবিত্ৰ বাণীসমূহৰ পুনৰাবৃত্তি কৰিবলৈ কয় কিয়নো সেই কথা তেওঁ পাহৰি গৈছে। কৃষ্ণই তেওঁৰ মতানৈক্য দেখুৱাই কয় যে হয় তেওঁ বিশ্বাসৰ পৰা ভ্ৰষ্ট হৈছে অথবা তেওঁৰ বোধশক্তি ভাল নহয় কাৰণ তেওঁ সেই সময়ত কোৱা কথাখিনিৰ বিতংভাৱে পুনৰাবৃত্তি কৰাটো অসম্ভৱ। কিন্তু কৃষ্ণই স্নেহপৰৱশ হৈ তেওঁক ব্ৰহ্মৰ স্বৰূপ জানিবলৈ আন এক প্ৰাচীন কাহিনী কয়।[5] ইয়াৰ পিছত কৃষ্ণ দ্বাৰকালৈ ঘূৰি আহে। কৃষ্ণ ঘূৰি অহাৰ সময়ত তেওঁ তপস্যা উতংকক লগ পায় যি তেওঁক যুদ্ধত নিৰপেক্ষ হোৱাৰ বাবে অভিশাপ দিবলৈ চেষ্টা কৰে। কৃষ্ণই তেওঁৰ কাৰ্য্যৰ বাবে ক্ষমা খুজি কয় যে নিম্নস্তৰৰ অভিশাপে তেওঁক তললৈ নমাই দিব নোৱাৰে আৰু অভিশাপে পুণ্যৰ ধ্বংস কৰে। তেওঁ উতংকক কয় যে তেওঁ শান্তিৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল, কিন্তু বুদ্ধি বা শক্তিৰে ভাগ্যক অতিক্ৰম কৰাটো অসম্ভৱ। তাৰ পিছত কৃষ্ণই তেওঁক অন্ধকাৰ, আবেগ আৰু ভালপোৱাৰ ওপৰত বক্তৃতা দি কয় যে ধৰ্ম তেওঁৰ বাবে অতি প্ৰিয়। গতিকে ধৰ্মক পুনৰুদ্ধাৰ কৰাৰ বাবে আনৰ সহায়ত প্ৰতিটো যুগত তেওঁ বিভিন্ন গৰ্ভত জন্ম লৈছিল। তেওঁ ধাৰ্মিকতাক ৰক্ষা কৰাৰ বাবে আৰু ইয়াক প্ৰতিষ্ঠা কৰাৰ বাবে এই কাম কৰিছিল। দেৱতা, গন্ধৰ্ব, নাগ, যক্ষ বা ৰাক্ষসৰ মাজত য'তেই বাস নকৰক কিয়, তেওঁ সেই নিৰ্দিষ্ট নীতি অনুসৰি জীয়াই আছিল আৰু কাম কৰিছিল। জন্মসূত্ৰে তেওঁ এতিয়া মানৱতাৰ ক্ৰমত আছে আৰু তেওঁ মানুহ হিচাপে কাম কৰিব লাগিব। পিছত কৃষ্ণই এক বৰদানেৰে নিজৰ প্ৰকৃত ৰূপ দেখুৱায়। কৃষ্ণই দ্বাৰকালৈ উভতি অহাৰ লগে লগে বসুদেৱ আদিক যুদ্ধৰ বৰ্ণনা কৰে আৰু পিছলৈ নিজৰ শক্তিৰে জন্মতে মৃত পৰীক্ষিতক পুনৰুজ্জীৱিত কৰে। কৃষ্ণৰ পৰামৰ্শৰ পিছত যুধিষ্ঠিৰে অশ্বমেধৰ ৰাজকীয় অনুষ্ঠানৰ সূচনা কৰে। এই অনুষ্ঠানটো বছৰজোৰা কাৰ্যসূচীৰে চলে আৰু ঘোঁৰাটোৱে যিকোনো ভূমিত যিকোনো দিশতে ইচ্ছামতে বিচৰণ কৰে। ঘোঁৰাটোৰ পিছতে অৰ্জুনৰ নেতৃত্বত এটা সেনাবাহিনী থাকে, যাৰ কাম হ’ল ঘোঁৰাটোৰ মুক্ত গতিবিধিৰ ওপৰত আপত্তি দৰ্শোৱা যিকোনো শাসকক প্ৰত্যাহ্বান জনোৱা। এই অনুষ্ঠানে যুধিষ্ঠিৰক সম্ৰাট হিচাপে প্ৰাধান্য আৰোপ কৰাৰ লগতে আন শাসক আৰু ৰাজ্যৰ দ্বাৰা তেওঁৰ স্বীকৃতি প্ৰতিষ্ঠা কৰে। বাটত অৰ্জুনে ভগদত্তৰ পুত্ৰ ত্ৰিগৰ্তাৰ নাতি সৈন্ধৱসকলৰ সৈতে যুঁজিছিল। ভাতৃৰ কথা অনুসৰি সাধাৰণভাৱে যুঁজি থকা অৰ্জুনক তেওঁলোকে পৰাস্ত কৰিবলৈ সক্ষম হৈছিল যদিও অৱশেষত তেওঁলোক পৰাজিত হয় আৰু অৰ্জুনে তেওঁলোকক প্ৰাণে নামাৰি এৰি দিয়ে। যেতিয়া অৰ্জুন মণিপুৰত উপস্থিত হয় তেতিয়া সি ঠাইৰ শাসক বব্ৰুবাহনে তেওঁৰ অনুগামীসকলৰ সৈতে তেওঁক আদৰণি জনায়। অৰ্জুনে ইয়াক অনুমোদন নকৰে আৰু তেওঁক যুদ্ধ কৰিবলৈ প্ৰত্যাহ্বান জনায়। নাগকন্যা উলুপীৰ কথামতে দুয়ো যুদ্ধত লিপ্ত হয় আৰু যুঁজৰ শেষত দুয়ো ইজনে সিজনক আঘাত কৰি ঢলি পৰে। যুদ্ধত কৰা পৰিশ্ৰমৰ বাবে অৰ্জুনৰ মৃত্যু হয়। অৰ্জুনৰ পত্নী চিত্ৰাংগদা আহি পুত্ৰৰ দ্বাৰা স্বামীৰ মৃত্যুৰ বাবে বিলাপ কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁ ঘূৰি নাহিলে আত্মহত্যাৰ প্ৰতিজ্ঞা কৰে। অৰ্জুনৰ আনগৰাকী পত্নী উলুপীয়ে অৱশেষত তেওঁৰ ৰহস্যময় ৰত্ন ব্যৱহাৰ কৰি তেওঁক পুনৰুজ্জীৱিত কৰে আৰু তেওঁলোকক নিজৰ উদ্দেশ্য কয়। ইয়াৰ পিছত অৰ্জুনে পুনৰ ঘোঁৰাটো অনুসৰণ কৰে। উভতি অহাৰ সময়ত তেওঁ সহদেৱ, চেদি, গান্ধাৰসকলৰ সৈতে যুদ্ধ কৰি তেওঁলোকক পৰাস্ত কৰে। বছৰৰ শেষত বিজয়ী অৰ্জুনৰ সৈন্য আৰু ঘোঁৰা সম্ৰাটৰ ৰাজধানীলৈ উভতি যায়। যেতিয়া সকলো মানুহক উপহাৰ দিয়া হৈ যায় তেতিয়া তালৈ এটা অৰ্ধ-সোণালী নেউল আহি সেই বলিদানক কোনো ধন-সম্পত্তি আৰু পশু বলি নিদিয়াকৈ এটা ব্ৰাহ্মণ পৰিয়ালে কৰা কেৱল গুড়ি কৰা যৱৰ সৈতে তুলনা কৰি হীন সিদ্ধ কৰে আৰু অন্তৰ্ধান হয়।[1]

১৯ শতিকাৰ আৰম্ভণিৰ পৰা মাজভাগলৈকে ভাৰতত আৱিষ্কাৰ হোৱা মহাভাৰতৰ বিভিন্ন পাণ্ডুলিপিত অনুগীতাৰ ৩৬টা অধ্যায়ত নামকে ধৰি বিভিন্ন অসামঞ্জস্য দেখা যায়। তথাকথিত বোম্বাই পাণ্ডুলিপিসমূহে অনুগীতাক আৰু অধিক বিভক্ত কৰি অনুগীতা, বসুদেৱগমন, ব্ৰহ্মগীতা, ব্ৰাহ্মণগীতা, গুৰুশিষ্য সংবাদ আৰু উত্তংকোপাখ্যান আদিত বিভক্ত কৰিছে। মাদ্ৰাজ, কলিকতা আৰু আহমেদাবাদৰ পাণ্ডুলিপিত বেলেগ বেলেগ নাম দিয়া হৈছে। হলৰ মতে অনুগীতা হয়তো ১৬ বা ১৭ শতিকাৰ সময়ছোৱাত কোনোবা এটা সময়ত ৰচনা কৰি মূল গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছিল।[10]

বৈশিষ্ট্যসমূহ[সম্পাদনা কৰক]

অশ্বমেধিক পৰ্বত অনুগীতা নামৰ দাৰ্শনিক সংযোগৰ লগতে বলিদানৰ সময়ত নেউলৰ কাহিনীৰ দৰে বহুতো আখ্যান আৰু উপকথাও অন্তৰ্ভুক্ত কৰা হৈছে।

নেউলৰ সাধু : জন্তুৰ বলি নে কৰুণা[সম্পাদনা কৰক]

নীলাচকুৱা আৰু অৰ্ধাংশ সোণালী ৰঙৰ এটা নেউলে যুধিষ্ঠিৰ আৰু অন্যান্য ৰজাৰ দ্বাৰা সম্পন্ন কৰিবলৈ লোৱা যজ্ঞৰ অন্তিম অশ্বমেধিক পৰ্যায়ত দেখা দিয়ে। ই বজ্ৰৰ দৰে মানুহৰ মাতেৰে কৈছে, "হে ৰজাসকল, এই পশু বলিদান এজন উঞ্চ-ব্ৰত তপস্বীয়ে কৰা ক্ষুদ্ৰ পৰিমাণৰ যৱৰ সমান নহয়।" যুধিষ্ঠিৰে বুজি নাপাই নেউলটোক এই কথাৰ ব্যাখ্যা বিচাৰে। ই তেওঁলোকক এটা কাহিনী কয়:[5] বহুদিনৰ আগতে ভয়ংকৰ দুৰ্ভিক্ষ হৈছিল। তপস্বী আৰু তেওঁৰ পৰিয়ালৰ খাবলৈ একো নাছিল। খাদ্য বিচাৰিবলৈ তপস্বীয়ে উঞ্চ ব্ৰত থকা মানুহে যি কৰে তাকে কৰিবলৈ ৰাজী আছিল। তেওঁ ইতিমধ্যে চপোৱা পথাৰলৈ গৈ পাৰ চৰাইৰ দৰে লেছেৰি বুটলিছিল।

এদিন বহু ঘণ্টা কঠোৰ পৰিশ্ৰমৰ অন্তত তপস্বীয়ে এমুঠি যৱ বিচাৰি পায়। তেওঁ এয়া ঘৰলৈ অনাৰ পিছত পত্নীয়ে ৰান্ধে। যেতিয়া তেওঁ নিজৰ পুত্ৰ, বোৱাৰী, তেওঁৰ পত্নীৰ সৈতে কেইবাদিনৰ লঘোনৰ অন্তত প্ৰথম আহাৰ গ্ৰহণ কৰিবলৈ ওলাই তেতিয়াই এজন অতিথি আগমন ঘটে। তপস্বীয়ে অতিথিৰ ভৰি ধুই তেওঁৰ কুশল-বাৰ্তা সোধে। অতিথিজনে কয় যে তেওঁৰ ভোক লাগিছে। তপস্বীয়ে অতিথিক নিজৰ সিজোৱা যৱৰ ভাগটো প্ৰদান কৰে। অতিথিয়ে সেয়া শেষ কৰি কয় যে তেওঁ এতিয়াও ভোকত আছে। তপস্বীৰ পত্নীয়ে অতিথিৰ কথা শুনি নিজে অনাহাৰে থকা স্বত্বেও নিজৰ ভাগৰ যৱখিনি আগবঢ়ায়। অতিথিজনে সেয়াও শেষ কৰি কয় যে তেওঁৰ এতিয়াও ভোক গুচা নাই। তেতিয়া তপস্বীৰ পুত্ৰ-বোৱাৰীয়েও সিজোৱা যৱৰ সমস্ত অংশ তেওঁক দিয়ে। অতিথিয়ে সকলো শেষ কৰি হাঁহি হাঁহি দেৱতা ধৰ্মৰ ৰূপ ধাৰণ কৰে। তেওঁ পৰিয়ালটোক বৰদান কৰি তেওঁলোকৰ ঘৰখন খাদ্যৰে ওপচাই কয় যে উছৰ্গাৰ পৰিমাণটো নহয়, বৰঞ্চ নিজৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উছৰ্গাত যত্ন আৰু প্ৰেমৰ মানদণ্ডহে গুৰুত্বপূৰ্ণ। ইয়াৰ পিছত নেউলটোৱে সোধে যে তেওঁৰ পশুবলিয়ে ধৰ্ম দেৱতাক সন্তুষ্ট কৰিব বুলি যুধিষ্ঠিৰ আত্মবিশ্বাসী নে? যুধিষ্ঠিৰে উত্তৰ দিয়াৰ আগতেই নেউলটো অন্তৰ্ধান হয়।[1]

যজ্ঞত ঋষিসকলে প্ৰশ্ন কৰে যে পশু বলি দিয়াটো উপযুক্ত নে সকলো জীৱৰ প্ৰতি দয়া দেখুৱাব লাগে। কোনোৱে কয় যে শস্যৰ বীজ প্ৰতিষ্ঠাপন কৰি জীৱ-জন্তুবোৰক মুক্ত কৰি দিব লাগে। ঋষিসকলৰ মাজত হোৱা আলোচনা শুনি ৰজা বসুৱে অশ্বমেধিক পৰ্বত কৈছে যে, পাপী ব্যক্তিৰ পৰা পোৱা বৃহৎ দানৰ কোনো মূল্য নাই, কিন্তু প্ৰেমেৰে দিয়া সৎ ব্যক্তিৰ পৰা পোৱা সৰু সৰু উপহাৰৰো অতীৱ গুণ আছে।[2]

উদ্ধৃতি আৰু শিক্ষা[সম্পাদনা কৰক]

অনুগীতা পৰ্ব, সপ্তবিংশ অধ্যায়

সেই অৰণ্যত,[11] বুদ্ধি গছ, মুক্তি ফল, শান্তি ছাঁ;
ইয়াৰ বিশ্ৰামৰ বাবে জ্ঞান, পানীৰ বাবে সন্তুষ্টি, আৰু সূৰ্য্যৰ বাবে ক্ষেত্ৰজ্ঞ[12] আছে।

জ্ঞানৰ অৰণ্যৰ সৈতে পৰিচিত সকলে শান্তিৰ প্ৰশংসা কৰে।

—অনুগীতা, অশ্বমেধিক পৰ্ব, মহাভাৰত[13]
অনুগীতা পৰ্ব, অধ্যায় ৪৪

দিনবোৰ সূৰ্য্য অস্ত যোৱাৰ লগে লগে শেষ হয়, আৰু ৰাতিবোৰ সূৰ্য্য উদয় হোৱাৰ লগে লগে শেষ হয়;
সুখৰ অন্ত সদায় দুখ, আৰু দুখৰ অন্ত সদায় সুখ।

সকলো সংগতিৰ শেষৰ বাবে বিচ্ছিন্নতা থাকে, আৰু জীৱনৰ শেষৰ বাবে মৃত্যু থাকে;
সকলো কৰ্মৰ অন্ত পৰে ধ্বংসত, আৰু যি জন্ম হয়, সেই সকলোবোৰ নিশ্চয়কৈ মৃত্যুমুখত পৰে।
সকলো ক্ষণস্থায়ী, সকলো শেষ;
কেৱল জ্ঞানৰ, অন্ত নাই।

—অনুগীতা, অশ্বমেধিক পৰ্ব, মহাভাৰত[14]

ইংৰাজী অনুবাদ[সম্পাদনা কৰক]

অশ্বমেধিক পৰ্ব সংস্কৃতত ৰচনা কৰা হৈছিল। ইংৰাজী ভাষাত গ্ৰন্থখনৰ কেইবাটাও অনুবাদ উপলব্ধ। পাব্লিক ডমেইনৰ আওঁ‌তালৈ অহা ১৯ শতিকাৰ দুটা অনুবাদৰ অনুবাদক হৈছে ক্ৰমে কিছাৰী মোহন গাংগুলী[1] আৰু মন্মথ নাথ দত্ত।[2] প্ৰতিজন অনুবাদকৰ ব্যাখ্যা অনুসৰি অনুবাদসমূহ ভিন্ন।

২০১১ চনত ডেব্ৰয়ে লক্ষ্য কৰিছে[15] যে অশ্বমেধিক পৰ্বৰ সমালোচনাত্মক সংস্কৰণক সাধাৰণতে এতিয়ালৈকে ভুৱা বুলি গ্ৰহণ কৰা শ্লোক আৰু অধ্যায়সমূহ আঁতৰাই মূল অংশত সন্নিৱিষ্ট কৰাৰ পিছত, ইয়াৰ ১টা খণ্ড, ৯৬টা অধ্যায় আৰু ২,৭৪১টা শ্লোক (পদ) আছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 Ganguli, K.M. (1883-1896) "Aswamedha Parva" in The Mahabharata of Krishna-Dwaipayana Vyasa (12 Volumes). Calcutta
  2. 2.0 2.1 2.2 Dutt, M.N. (1905) The Mahabharata (Volume 14): Ashwamedha Parva. Calcutta: Elysium Press
  3. van Buitenen, J.A.B. (1973) The Mahabharata: Book 1: The Book of the Beginning. Chicago, IL: University of Chicago Press, p 478
  4. Debroy, B. (2010) The Mahabharata, Volume 1. Gurgaon: Penguin Books India, pp xxiii - xxvi
  5. 5.0 5.1 5.2 John Murdoch (1898), The Mahabharata - An English Abridgment, Christian Literature Society for India, London, pages 121-123
  6. Sharma, A. (1978), The Role of the Anugītā in the Understanding of the Bhagavadgītā, Religious Studies, 14(2), pages 261-267
  7. Anugita K.T. Telang (1882), English Translation, See Introduction
  8. "Mahābhārata (Table of Contents)". The Titi Tudorancea Bulletin. https://www.tititudorancea.com/z/mahabharata_table_of_contents.htm। আহৰণ কৰা হৈছে: 2021-03-01. 
  9. "Ashwamedhika Parva". vyasaonline.com. http://www.vyasaonline.com/ashwamedhika-parva/। আহৰণ কৰা হৈছে: 2021-03-01. 
  10. K.T. Telang (Editor: Max Müller),The Bhagavadgîtâ: With the Sanatsugâtîya and the Anugîtâ, p. 198, গুগুল বুকচ্‌ত, Oxford University Press, See pages 198-212
  11. (reached after Yoga and hospitality to Rishis, see the preceding verses for context; see cited K.M. Ganguli source)
  12. awareness and knowledge of one's body (from Sanskrit: Kshetra-jna); see: Bhawuk (2010), A Perspective on Epistemology and Ontology of Indian Psychology: A Synthesis of Theory, Method and Practice; Psychology & Developing Societies, 22(1), pages 157-190
  13. Aswamedhika Parva The Mahabharata, Translated by Kisari Mohan Ganguli (1893), Chapter 27, page 69-70 Abridged
  14. Aswamedhika Parva The Mahabharata, Translated by Kisari Mohan Ganguli (1893), Chapter 44, page 110 Abridged
  15. Bibek Debroy, The Mahabharata : Volume 3, আই.এচ.বি.এন. 978-0143100157, Penguin Books, page xxiii - xxiv of Introduction