সমললৈ যাওক

মধ্বাচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উদ্ধৃতি

বাস্তৱ দ্বৈত: স্বাধীন আৰু পৰাধীন। কেৱল বিষ্ণুহে স্বাধীন।[1]

মধ্বাচাৰ্য (১১৯৯ - ১২৭৮[2] বা ১২৩৮ - ১৩১৭[3]) বা পূৰ্ণ প্ৰজ্ঞ বা আনন্দ তীৰ্থ এগৰাকী ভাৰতীয় দাৰ্শনিক, ঈশ্বৰবিদ আৰু দ্বৈত বেদান্তৰ মুখ্য প্ৰৱক্তা।[4] [5] তেওঁৰ দৰ্শনক তত্ত্ববাদো বোলা হয়, যাৰ অৰ্থ "বাস্তৱ দৃষ্টিভংগীৰ পৰা কৰা তৰ্ক"।[5]

মধ্বাচাৰ্যৰ জন্ম ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ পশ্চিম তটত ত্ৰয়োদশ শতিকাত হৈছিল।[6] ডেকা অৱস্থাতে তেওঁ এগৰাকী সন্ন্যাসী হৈ পৰিছিল, আৰু গুৰু অচ্যুতপ্ৰেক্ষৰ ব্ৰহ্ম-সম্প্ৰদায়ত যোগদান কৰিছিল।[4][7] মধ্বাচাৰ্যে হিন্দু দৰ্শনৰ শাস্ত্ৰীয় কৰ্মসমূহ, বিশেষকৈ মুখ্য উপনিষদসমূহ, ভাগৱদ্গীতা আৰু ব্ৰহ্ম সূত্ৰ (প্ৰস্থনত্ৰয়ী) অধ্যয়ন কৰিছিল।[4] তেওঁ এই পাঠ্যসমূহৰ ওপৰত ভাষ্য লিখি উলিয়াইছিল, ৩৭ সংস্কৃত লেখত।[8] তেওঁ অতিকৈ চুটিকৈ লিখিছিল আৰু যিমান পাৰি কম শব্দত নিজৰ চিন্তা প্ৰকাশ কৰিছিল। তেওঁৰ শ্ৰেষ্ট কৰ্ম অণুব্যাখ্যান, যি ব্ৰহ্ম সূত্ৰৰ এক ভাষ্য।[6] কোনো কোনো লেখত তেওঁ নিজকে বায়ুৰ অৱতাৰ বুলি দাবী কৰিছে।[9]

মধ্বাচাৰ্য আছিল শংকৰাচাৰ্যৰ অদ্বৈত বেদান্ত আৰু ৰামানুজাচাৰ্যবিশিষ্টাদ্বৈত বেদান্তৰ সমালোচক।[5][6] তেওঁ কেইবাবাৰো ভাৰত ভ্ৰমণ কৰিছিল, বংগ, বাৰাণসী, দ্বাৰকা, গোৱা আৰু কণ্যাকুমাৰী আদি গৈছিল আৰু বিভিন্ন হিন্দু শিক্ষা-কেন্দ্ৰত তৰ্ক কৰিছিল।[8] ১২৮৫ চনত তেওঁ উডুপীকৃষ্ণ মঠ প্ৰতিষ্ঠা কৰিছিল।[6][10]

মধ্বাচাৰ্যৰ মতে, আত্মন আৰু ব্ৰহ্মন একেই নহয়, দুয়োৰে মাজত এক মৌলিক পাৰ্থক্য আছে।[5] আত্মন ব্ৰহ্মনৰ ওপৰত নিৰ্ভৰশীল, কিন্তু ব্ৰহ্মনৰ সৈতে একেই নহয়। এই দ্বৈতবাদী ধাৰণা শংকৰাচাৰ্যৰ অদ্বৈত বেদান্ত[11] আৰু ৰামানুজাচাৰ্যৰ বিশিষ্টাদ্বৈত বেদান্তৰ বিপৰীত।[12] মধ্বাচাৰ্যৰ মতে মুক্তি কেৱল ঈশ্বৰৰ মাধ্যমেৰেহে পাব পাৰি।[5][13] অদ্বৈত বেদান্ত আৰু বিশিষ্টাদ্বৈত বেদান্তৰ লগতে মধ্বাচাৰ্যৰ দ্বৈত বেদান্ত মধ্যকালীন ভাৰতত দেখা দিয়া ভক্তি আন্দোলনৰ তিনি আতাইতকৈ প্ৰভাৱশালী বৈষ্ণৱ দৰ্শন।[11][12]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Bryant 2007, পৃষ্ঠা. 361.
  2. https://www.britannica.com/biography/Madhva
  3. Sharma 2000, পৃষ্ঠা. 103.
  4. 4.0 4.1 4.2 Sharma 1962, পৃষ্ঠা. xv.
  5. 5.0 5.1 5.2 5.3 5.4 Stoker 2011.
  6. 6.0 6.1 6.2 6.3 Sharma 1962, পৃষ্ঠা. xv-xvii.
  7. Sheridan 1991, পৃষ্ঠা. 117.
  8. 8.0 8.1 Sharma 1962, পৃষ্ঠা. xv-xvi.
  9. Sarma 2000, পৃষ্ঠা. 20 with footnotes 3 and 4.
  10. Sabapathy Kulandran and Hendrik Kraemer (2004), Grace in Christianity and Hinduism, James Clarke, আই.এচ.বি.এন. 978-0227172360ISBN 978-0227172360, pages 177-179
  11. 11.0 11.1 Sharma 1962.
  12. 12.0 12.1 Bryant 2007.
  13. James Lochtefeld (2002), Madhva, The Illustrated Encyclopedia of Hinduism, Vol. 1: A–M, Rosen Publishing. আই.এচ.বি.এন. 978-0823931798, page 396