সমললৈ যাওক

মধ্বাচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উদ্ধৃতি

বাস্তৱ দ্বৈত: স্বাধীন আৰু পৰাধীন। কেৱল বিষ্ণুহে স্বাধীন।[1]

মধ্বাচাৰ্য (১১৯৯ - ১২৭৮[2] বা ১২৩৮ - ১৩১৭[3]) বা পূৰ্ণ প্ৰজ্ঞ বা আনন্দ তীৰ্থ এগৰাকী ভাৰতীয় দাৰ্শনিক, ঈশ্বৰবিদ আৰু দ্বৈত বেদান্তৰ মুখ্য প্ৰৱক্তা।[4] [5] তেওঁৰ দৰ্শনক তত্ত্ববাদো বোলা হয়, যাৰ অৰ্থ "বাস্তৱ দৃষ্টিভংগীৰ পৰা কৰা তৰ্ক"।[5]

মধ্বাচাৰ্যৰ জন্ম ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ পশ্চিম তটত ত্ৰয়োদশ শতিকাত হৈছিল।[6] ডেকা অৱস্থাতে তেওঁ এগৰাকী সন্ন্যাসী হৈ পৰিছিল, আৰু গুৰু অচ্যুতপ্ৰেক্ষৰ ব্ৰহ্ম-সম্প্ৰদায়ত যোগদান কৰিছিল।[4][7] মধ্বাচাৰ্যে হিন্দু দৰ্শনৰ শাস্ত্ৰীয় কৰ্মসমূহ, বিশেষকৈ মুখ্য উপনিষদসমূহ, ভাগৱদ্গীতা আৰু ব্ৰহ্ম সূত্ৰ (প্ৰস্থনত্ৰয়ী) অধ্যয়ন কৰিছিল।[4] তেওঁ এই পাঠ্যসমূহৰ ওপৰত ভাষ্য লিখি উলিয়াইছিল, ৩৭ সংস্কৃত লেখত।[8] তেওঁ অতিকৈ চুটিকৈ লিখিছিল আৰু যিমান পাৰি কম শব্দত নিজৰ চিন্তা প্ৰকাশ কৰিছিল। তেওঁৰ শ্ৰেষ্ট কৰ্ম অণুব্যাখ্যান, যি ব্ৰহ্ম সূত্ৰৰ এক ভাষ্য।[6] কোনো কোনো লেখত তেওঁ নিজকে বায়ুৰ অৱতাৰ বুলি দাবী কৰিছে।[9]

মধ্বাচাৰ্য আছিল শংকৰাচাৰ্যৰ অদ্বৈত বেদান্ত আৰু ৰামানুজাচাৰ্যবিশিষ্টাদ্বৈত বেদান্তৰ সমালোচক।[5][6] তেওঁ কেইবাবাৰো ভাৰত ভ্ৰমণ কৰিছিল, বংগ, বাৰাণসী, দ্বাৰকা, গোৱা আৰু কণ্যাকুমাৰী আদি গৈছিল আৰু বিভিন্ন হিন্দু শিক্ষা-কেন্দ্ৰত তৰ্ক কৰিছিল।[8] ১২৮৫ চনত তেওঁ উডুপীকৃষ্ণ মঠ প্ৰতিষ্ঠা কৰিছিল।[6][10]

মধ্বাচাৰ্যৰ মতে, আত্মন আৰু ব্ৰহ্মন একেই নহয়, দুয়োৰে মাজত এক মৌলিক পাৰ্থক্য আছে।[5] আত্মন ব্ৰহ্মনৰ ওপৰত নিৰ্ভৰশীল, কিন্তু ব্ৰহ্মনৰ সৈতে একেই নহয়। এই দ্বৈতবাদী ধাৰণা শংকৰাচাৰ্যৰ অদ্বৈত বেদান্ত[11] আৰু ৰামানুজাচাৰ্যৰ বিশিষ্টাদ্বৈত বেদান্তৰ বিপৰীত।[12] মধ্বাচাৰ্যৰ মতে মুক্তি কেৱল ঈশ্বৰৰ মাধ্যমেৰেহে পাব পাৰি।[5][13] অদ্বৈত বেদান্ত আৰু বিশিষ্টাদ্বৈত বেদান্তৰ লগতে মধ্বাচাৰ্যৰ দ্বৈত বেদান্ত মধ্যকালীন ভাৰতত দেখা দিয়া ভক্তি আন্দোলনৰ তিনি আতাইতকৈ প্ৰভাৱশালী বৈষ্ণৱ দৰ্শন।[11][12]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Bryant 2007, পৃষ্ঠা. 361.
  2. https://www.britannica.com/biography/Madhva
  3. Sharma 2000, পৃষ্ঠা. 103.
  4. 1 2 3 Sharma 1962, পৃষ্ঠা. xv.
  5. 1 2 3 4 5 Stoker 2011.
  6. 1 2 3 4 Sharma 1962, পৃষ্ঠা. xv-xvii.
  7. Sheridan 1991, পৃষ্ঠা. 117.
  8. 1 2 Sharma 1962, পৃষ্ঠা. xv-xvi.
  9. Sarma 2000, পৃষ্ঠা. 20 with footnotes 3 and 4.
  10. Sabapathy Kulandran and Hendrik Kraemer (2004), Grace in Christianity and Hinduism, James Clarke, আই.এচ.বি.এন. 978-0227172360ISBN 978-0227172360, pages 177-179
  11. 1 2 Sharma 1962.
  12. 1 2 Bryant 2007.
  13. James Lochtefeld (2002), Madhva, The Illustrated Encyclopedia of Hinduism, Vol. 1: A–M, Rosen Publishing. আই.এচ.বি.এন. 978-0823931798, page 396