চতুৰাৰ্য সত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
চতুৰাৰ্য সত্য শিকাই থকা অৱস্থাত বুদ্ধভাৰতবিহাৰ ৰাজ্যৰ নালন্দাসংস্কৃত হস্তলিপি।

বৌদ্ধ ধৰ্মচতুৰাৰ্য সত্য (সংস্কৃত: catvāri āryasatyāni; পালি: cattāri ariyasaccāni) হ'ল "আৰ্যসকলৰ সত্য" বা "আধ্যাত্মিকভাৱে যোগ্যসকলৰ সত্য"।[1][web 1] এই চাৰি সত্য হ'ল:

  • দুঃখ সংসাৰৰ এটি স্বাভাৱিক গুণ।[web 2][2][3]
  • সমুদায়: দুঃখৰ কাৰণ টান (পালি ভাষাত তন্‌হা, হেঁপাহ, ইচ্ছা আদি)।[web 3][4][5] ই দুঃখৰ কাৰণেই নহয়, আমাক দুঃখৰ সৈতে বান্ধি ৰখা কাৰকো হ'ব পাৰে, বা দুঃখৰ পৰা মুক্তিৰ প্ৰচেষ্টাৰ ফলো হ'ব পাৰে।[6]
  • নিৰোধ: দুঃখ শেষ কৰিবলৈ টান কমাব লাগিব,[7][8][9] বা বাধিত কৰিব লাগিব।[6]
  • মাগ্গ: অষ্টাংগিক আৰ্য মাৰ্গেৰে (পালি ভাষাত আৰিয় অট্ঠাংগিকা মাগ্গ) টান আৰু দুঃখক সীমিত কৰিব পৰা যায়।[10][11][12]

ভূমিকা[সম্পাদনা কৰক]

এই চাৰি সত্য অনেক ৰূপত পুৰণি বৌদ্ধ শাস্ত্ৰত উল্লিখিত।[13] এইকেইটাক সাধাৰণতে গৌতম বুদ্ধৰ প্ৰথম শিক্ষা বোলা হয়।[note 1] বৌদ্ধ ধৰ্মৰ আতাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা বুলি দাবী কৰা হোৱা এই সত্যসমূহৰ[14] প্ৰতীকী আৰু প্ৰস্তাৱনামূলক ভূমিকা আছে।[15] প্ৰতীকী ৰূপত এই সত্যই বুদ্ধৰ জাগৰণ আৰু মুক্তি সূচায়, আৰু এই কথা সূচায় যে বুদ্ধৰ অনুগামীসকলেও একেধৰণৰ আধ্যাত্মিক অনুভৱ লাভ কৰিব পাৰিব।[16] প্ৰস্তাৱনাৰ ৰূপত, এই চাৰি সত্যই পালি ধৰ্মানুশাসন আৰু আগৰ মিশ্ৰিত সংস্কৃত বৌদ্ধ শাস্ত্ৰৰ ধাৰণাগত ৰূপৰেখা বুজায়।[17] তাত ই বহল "শিক্ষাৰ জাল"ৰ বা "ধম্ম আব্যুহ"ৰ এটি অংশ[18] যাৰ সকলো সদস্যকে একেলগে অধ্যয়ন কৰা উচিত।[19] ই এটি ধাৰণাগত কাঠামো প্ৰদান কৰে বৌদ্ধ চিন্তা প্ৰকাশ কৰিবলৈ, যাক ব্যক্ৰিগতভাৱে বুজিব বা "অনুভৱ" কৰিব লাগিব।[20][note 2]

অৰ্থ[সম্পাদনা কৰক]

প্ৰস্তাৱনা হিচাপে, এই চাৰি সত্যৰ কোনো নিশ্চিত সংজ্ঞা নাই। ই বৌদ্ধ ধৰ্মৰ প্ৰাথমিক অভিমুখীতা প্ৰকাশ কৰে:[21] অনাৰক্ষিত সংবেদনশীল সংস্পৰ্শ টান আৰু অস্থায়ী অৱস্থা তথা বস্তু ধৰি ৰখাৰ কাৰণ,[22] যি দুঃখ।[23][web 4][22][24][24] এই টানেই আমাক সংসাৰত বান্ধি ৰাখে,[note 3][note 4] আৰু তাৰ লগতেই দুঃখ বাৰম্বাৰ আমাৰ কাষলৈ আহে।[note 5]জীৱন আৰু মৃত্যুৰ অন্তহীন চক্ৰক বুজায়, কিন্তু লগতে আকৰ্ষণ আৰু প্ৰত্যাখ্যানৰ চক্ৰকো বুজায় যিয়ে অহং-মনক বৰ্তাই ৰাখে।[note 4] এই চক্ৰক শেষ কৰাৰ এটি উপায় আছে:[26][note 6] নিৰ্বাণ প্ৰাপ্তি, টানৰ অন্ত, যাৰ পাছত পুনৰ্জন্ম আৰু তাৰ লগত অহা দুঃখৰ আৰু কেতিয়াও উদয় নহয়।[note 7][27] ইয়াক লাভ কৰিবলৈ অষ্টাংগিক আৰ্য মাৰ্গ অনুসৰণ কৰিব লাগিব: সংবেদনশীল সংস্পৰ্শেৰে হোৱা স্বয়ংক্ৰিয় প্ৰতিক্ৰিয়াক বাধিত কৰি, অনুশাসন বৃদ্ধি কৰি আৰু ধ্যান কৰি।[28][29]

স্থান[সম্পাদনা কৰক]

চতুৰাৰ্য সত্যৰ ভূমিকা আৰু গুৰুত্ব সময়ৰ সৈতে বিকশিত হ'ল, আৰু ইয়াক লাহে লাহে বুদ্ধৰ প্ৰথম শিক্ষা হিচাপে মান্যতা প্ৰদান কৰা হ'ল।[30] এনে হ'ল যেতিয়া প্ৰজ্ঞা, বা "মুক্তিদায়ী অন্তৰ্দৃষ্টি"ক নিজতেই মুক্তিদায়ী জ্ঞান কৰিবলৈ লোৱা হ'ল[31][32] ধ্যানৰ লগত বা ধ্যানৰ স্থানত।[31] প্ৰজ্ঞাই সূত্ৰসমূহত বিশেষ স্থান লাভ কৰিলে, আৰু এই চতুৰাৰ্য সত্যই তাক প্ৰতিনিধিত্ব কৰে, বুদ্ধৰ প্ৰবোধনৰ কাহিনীৰ অংশ হিচাপে।[33][34]

এই চতুৰাৰ্য সত্য পঞ্চম শতিকালৈ থেৰবাদৰ এক অতিকৈ গুৰুত্বপূৰ্ণ অংগ হৈ পৰিল।[35][36] থেৰবাদত বিশ্বাস কৰা হয় যে এই চাৰি সত্যৰ জ্ঞান নিজতেই মুক্তিদায়ী।[37] এই সত্যকেইটাৰ মহত্ব মহাযানত তুলনামূলকভাৱে কম, য'ত প্ৰজ্ঞাৰ উচ্চতৰ উদ্দেশ্যা শূন্যতা আৰু বোধিসত্ত্ব মাৰ্গ এই যাত্ৰাত গুৰুত্বপূৰ্ণ বুলি বিশ্বাস কৰা হয়।[38] মহাযানত এই চাৰি সত্যৰ পুনৰ্ব্যাখ্যা প্ৰদান কৰা হ'ল, এই কথা বুজাবলৈ যে কিদৰে মুক্ত জীৱো "এই জগতত ব্যাপকভাৱে কাৰ্যক্ষম হ'ব পাৰে"।[39] ঊনবিংশ শতিকাত পশ্চিমীয়া ঔপনিৱেশিকতাবাদীসকলৰ বৌদ্ধ ধৰ্ম আৱিষ্কাৰ আৰু বৌদ্ধ আধুনিকতাবাদৰ উত্থানৰ লগতে পাশ্চাত্যত এই চাৰি সত্যক বৌদ্ধ ধৰ্মৰ মূল শিক্ষা হিচাপে প্ৰচাৰ কৰা হ'ল।[40][41] কেতিয়াবা কেতিয়াবা এই সত্যকেইটাৰ নতুন ব্যাখ্যা পাশ্চাত্যত দেখা যায়, যি পৰম্পৰাগতভাৱে এছিয়াত পোৱা ব্যাখ্যাতকৈ পৃথক।[42][43][43]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Williams, Tribe & Wynne 2002, পৃষ্ঠা. 41.
  2. Anderson 2004, পৃষ্ঠা 295–297. Quote: "This, bhikkhus, is the noble truth that is suffering. Birth is suffering; old age is suffering; illness is suffering; death is suffering; sorrow and grief, physical and mental suffering, and disturbance are suffering. [...] In short, all life is suffering, according to the Buddha’s first sermon."
  3. Anderson 2004, পৃষ্ঠা 295–297. Quote: "This, bhikkhus, is the noble truth that is suffering. Birth is suffering; old age is suffering; illness is suffering; death is suffering; sorrow and grief, physical and mental suffering, and disturbance are suffering. [...] In short, all life is suffering, according to the Buddha’s first sermon."
  4. Anderson 2004, পৃষ্ঠা 295–297. Quote: "The second truth is samudaya (arising or origin). To end suffering, the four noble truths tell us, one needs to know how and why suffering arises. The second noble truth explains that suffering arises because of craving, desire, and attachment."
  5. Anderson 2004, পৃষ্ঠা 295–297. Quote: "The second truth is samudaya (arising or origin). To end suffering, the four noble truths tell us, one needs to know how and why suffering arises. The second noble truth explains that suffering arises because of craving, desire, and attachment."
  6. 6.0 6.1 Brazier 2001.
  7. Batchelor 2012, পৃষ্ঠা. 95–97.
  8. Anderson 2004, পৃষ্ঠা 295–297, Quote: "The third truth follows from the second: If the cause of suffering is desire and attachment to various things, then the way to end suffering is to eliminate craving, desire, and attachment. The third truth is called nirodha, which means “ending” or “cessation.” To stop suffering, one must stop desiring."
  9. Anderson 2004, পৃষ্ঠা 295–297, Quote: "The third truth follows from the second: If the cause of suffering is desire and attachment to various things, then the way to end suffering is to eliminate craving, desire, and attachment. The third truth is called nirodha, which means “ending” or “cessation.” To stop suffering, one must stop desiring."
  10. Anderson 2004, পৃষ্ঠা 295–297, Quote: "This, bhikkhus, is the noble truth that is the way leading to the ending of suffering. This is the eightfold path of the noble ones: right view, right intention, right speech, right action, right livelihood, right effort, right mindfulness, and right concentration.[..] The Buddha taught the fourth truth, maarga (Pali, magga), the path that has eight parts, as the means to end suffering."
  11. Anderson 2004, পৃষ্ঠা 295–297, Quote: "This, bhikkhus, is the noble truth that is the way leading to the ending of suffering. This is the eightfold path of the noble ones: right view, right intention, right speech, right action, right livelihood, right effort, right mindfulness, and right concentration.[..] The Buddha taught the fourth truth, maarga (Pali, magga), the path that has eight parts, as the means to end suffering."
  12. Norman 2003, পৃষ্ঠা. 219, 222.
  13. Anderson 1999, পৃষ্ঠা. 56, Quote: "There are different grammatical forms in which the four noble truths appear throughout the canonical corpus; there is no one formula for the four noble truths.".
  14. Anderson 1999, পৃষ্ঠা. 55, Quote: "As the context of the Buddha's first talk on dhamma, the four noble truths are recognized as perhaps the most important teaching of the Buddha.".
  15. Anderson 1999, পৃষ্ঠা. 223–231.
  16. Anderson 1999, পৃষ্ঠা. 56.
  17. Anderson 1999, পৃষ্ঠা. 55, Quote: "The four noble truths are an important part of the Buddha's biography that is recorded partially in the Pali Tipitaka as well as in the Tripitaka recorded in Buddhist Hybrid Sanskrit. [... They] were at the center of a specific set of teaching about the Buddha, his teachings, and the path.".
  18. Anderson 2001, পৃষ্ঠা. 86.
  19. Anderson 2001, পৃষ্ঠা. 85.
  20. Makransky 1997, পৃষ্ঠা. 27–28.
  21. Gethin 1998, পৃষ্ঠা. 59.
  22. 22.0 22.1 Nyanatiloka 1980, পৃষ্ঠা. 65.
  23. Khantipalo 2003, পৃষ্ঠা. 41.
  24. 24.0 24.1 Emmanuel 2015, পৃষ্ঠা. 30.
  25. Payutto, Dependent Origination: the Buddhist Law of Causality
  26. Warder 1999, পৃষ্ঠা. 45–46.
  27. Buswell & Lopez 2003, পৃষ্ঠা. 304.
  28. Raju 1985, পৃষ্ঠা. 147–151.
  29. Eliot 2014, পৃষ্ঠা. 39–41.
  30. Anderson 1999, পৃষ্ঠা. 55, Quote: "However, the four noble truths do not always appear in the stories of the Buddha's enlightenment where we might expect to find them. This feature may indicate that the four noble truths emerged into the canonical tradition at some point and slowly became recognized as the first teaching of the Buddha, [...].".
  31. 31.0 31.1 Bronkhorst 1993, পৃষ্ঠা. 99–100, 102–111.
  32. Anderson 1999, পৃষ্ঠা. [পৃষ্ঠা নং প্ৰয়োজন].
  33. Gombrich 1997, পৃষ্ঠা. 99–102.
  34. Bronkhorst 1993, পৃষ্ঠা. 93–111.
  35. Anderson 1999, পৃষ্ঠা. 55–56.
  36. Anderson 1999, পৃষ্ঠা. 230–231.
  37. Carter 1987, পৃষ্ঠা. 3179.
  38. Carter 1987, পৃষ্ঠা. 3179–3180.
  39. Makransky 1997, পৃষ্ঠা. 346–347.
  40. Harris 2006, পৃষ্ঠা. 72–73.
  41. Anderson 2001, পৃষ্ঠা. 196.
  42. Keown 2009, পৃষ্ঠা. 60–63, 74–85, 185–187.
  43. 43.0 43.1 Konik 2009, পৃষ্ঠা. ix.

উৎস[সম্পাদনা কৰক]

  1. [a] Four Noble Truths: BUDDHIST PHILOSOPHY, Encyclopaedia Britannica, Quote: "Although the term Four Noble Truths is well known in English, it is a misleading translation of the Pali term Chattari-ariya-saccani (Sanskrit: Chatvari-arya-satyani), because noble (Pali: ariya; Sanskrit: arya) refers not to the truths themselves but to those who recognize and understand them. A more accurate rendering, therefore, might be “four truths for the [spiritually] noble” [...]"; [b]Arhat (Buddhism), Encyclopædia Britannica
  2. Four Noble Truths: BUDDHIST PHILOSOPHY, Encyclopaedia Britannica, Quote: "The first truth, suffering (Pali: dukkha; Sanskrit: duhkha), is characteristic of existence in the realm of rebirth, called samsara (literally “wandering”)."
  3. Four Noble Truths: BUDDHIST PHILOSOPHY, Encyclopaedia Britannica, Quote: "The second truth is the origin (Pali and Sanskrit: samudaya) or cause of suffering, which the Buddha associated with craving or attachment in his first sermon."
  4. Ajahn Sumedho, The First Noble Truth
  5. Buddhadasa, Bhikkhu. "Paticcasamuppada: Practical dependent Origination". http://www.dhammatalks.net/Books6/Bhikkhu_Buddhadasa_Paticcasamuppada.htm. 


উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "note" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="note"/> টেগ্‌ পোৱা নগ'ল