বাদামী টুনি
অৱয়ব
বাদামী টুনি (ইংৰাজী: Chestnut Munia বৈজ্ঞানিক নাম - Lonchura atricapilla) টুনি চৰাইৰ প্ৰজাতিৰ এবিধ সৰু চৰাই।
| বাদামী টুনি | |
|---|---|
| অসমৰ আজাৰাত তোলা বাদামী টুনিৰ ছবি | |
| সংৰক্ষণ স্থিতি | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Animalia |
| পৰ্ব: | Chordata |
| শ্ৰেণী: | Aves |
| বৰ্গ: | Passeriformes |
| পৰিয়াল: | Estrildidae |
| গণ: | Lonchura |
| প্ৰজাতি: | atricapilla |
বিৱৰণ
[সম্পাদনা কৰক]ফুটুকী টুনিৰ দেহৰ দৈৰ্ঘ্য সাধাৰণতে ১১-১২ ছে:মি: আৰু ওজন প্ৰায় ১৬ গ্ৰাম মান হয়। পূৰ্ণবয়স্ক ফুটুকী টুনিৰ ঠোঁটটো চুটি আৰু জোঙা হয়। ইয়াৰ মুৰ ক’লা, পাখি আৰু বুকু বাদামী, ঠোট নীল-ধোৱা বৰণৰ হয়।
বিতৰণ
[সম্পাদনা কৰক]বাদামী টুনি ইণ্ডোনেছিয়া, কম্বোডিয়া, চিঙ্গাপুৰ, চীন, টাইৱান, থাইলেণ্ড, নেপাল, ফিলিপাইন, বাংলাদেশ, ব্ৰুণেই, ভাৰত, ভিয়েটনাম, মালয়েছিয়া, ম্যানমাৰ, লাওচ আৰু হাৱাই দেশত পোৱা যায়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ BirdLife International (2016). Lonchura atricapilla. 2016. p. e.T22729138A95007301. doi:10.2305/IUCN.UK.2016-3.RLTS.T22729138A95007301.en.