ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২২

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
একাদশ বৰ্ষ| মে' | ২০২২ | পঞ্চম সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
 আজিৰ পৰা প্ৰায় সাত-আঠবছৰ আগৰ কথা। অসমীয়া সংবাদপত্ৰ 'আমাৰ অসম'ৰ পৃষ্ঠা এটাত প্ৰকাশিত এটি সংবাদক লৈ বৰ গৰ্ব অনুভৱ কৰিছিলোঁ। সংবাদটো আছিল এজন জাপানী যুৱ গৱেষক সম্পৰ্কে। হাৰুহিছা আচাদা নামৰ সেই যুৱকজনে তেওঁৰ অসমীয়া শিক্ষাগুৰু এজনলৈ অসমীয়া ভাষাতে এখন চিঠি লিখি তেওঁৰ বিয়ালৈ নিমন্ত্ৰণ জনাইছিল। কিন্তু সেই বিয়াখন অসমত হোৱা বিয়া নাছিল। সেইখন অনুষ্ঠিত হ'বলগীয়া আছিল সুদূৰ জাপানত সম্পূৰ্ণ জাপানী নীতি-পৰম্পৰাৰে। গতিকে বাতৰিটোত লিখা হৈছিল যে যিসময়ত আমি অসমীয়াসকলেই নিজৰ মাতৃভাষাক গুৰুত্ব দিবলৈ পাহৰিছোঁ, নিজ সন্তানক ইংৰাজী মাধ্যমৰ স্কুলত নামভৰ্তি কৰাৰ প্ৰতিযোগিতাত নামি পৰিছোঁ; সেই সময়ত সুদূৰ জাপানৰ এজন গৱেষকে জাপানত অনুষ্ঠিত হ'বলগীয়া তেওঁৰ বিয়াখনৰ বাবে অসমীয়া ভাষাৰে চিঠি লিখাটো সঁচাকৈয়ে তাৎপৰ্য্যপূৰ্ণ। জাপান এখন অতি উন্নত আৰু প্ৰযুক্তি-ক্ষেত্ৰত আগবঢ়া ৰাষ্ট্ৰ। সেই দেশৰ নাগৰিকে আন ভাষা নিশিকিলেও গোটেই জীৱন বিশেষ অসুবিধা নোহোৱাকৈ চলি যাব পাৰে। কিন্তু এইধৰণৰ উদাহৰণৰ পৰা তেওঁলোকৰ জাতীয় চৰিত্ৰ প্ৰকাশ পায়। তেওঁলোকে নিজ মাতৃভাষাক যিদৰে ভাল পায়, ঠিক তেনেদৰেই আন ভাষাকো উপযুক্ত মৰ্য্যাদা দিব জানে।

বাতৰিত প্ৰকাশিত সংবাদটোৰ কথা আজিলৈ মনত থাকি গ'ল, কিয়নো সেই জাপানী লোকজনক ময়ো কেবাবাৰো লগ পোৱাৰ সুযোগ পাইছিলোঁ। ঘৰৰ দাদা এজনৰ লগত একেলগে গৱেষণা কৰিছিল বাবে তেওঁ প্ৰায়েই আমাৰ গাঁৱলৈ আহিছিল। দুবাৰমান তেওঁৰ লগতে আন কেইবাজনো জাপানী গৱেষক আৰু অধ্যাপকো আহিছিল। বিশেষকৈ আচাদাই আমাৰ লগত অসমীয়া ভাষাতে সলসলীয়াকৈ কথা ক'ব পৰা হৈছিল। ভূগোল বিষয়ৰ গৱেষণা হ'লেও তেওঁলোকে নিশ্চয় জানে যে ঠাই এখনৰ ভৌগোলিক পৰিৱেশ, মানুহ আৰু সংস্কৃতিক ভালদৰে জানিবলৈ সেই ঠাইখনৰ স্থানীয় ভাষা শিকাৰ বাহিৰে গত্যন্তৰ নাই। পৃথিৱীৰ প্ৰতিটো অঞ্চলতে মানুহৰ লোকাচাৰ, খাদ্যাভ্যাস, সাজপাৰ, জলবায়ু, উদ্ভিদ আদিৰ লগত জড়িত এনে কিছুমান শব্দ থাকে; যিবোৰৰ প্ৰকৃত মৰ্মাৰ্থ কেৱল সেই অঞ্চলৰ স্থানীয় ভাষাতহে উপলব্ধি কৰা সম্ভৱ। উদাহৰণস্বৰূপে অসমীয়া সমাজত প্ৰচলিত বিভিন্ন পিঠা-পনাৰ নাম; অসমীয়া সমাজ-সংস্কৃতিৰ অভিন্ন অংগ, যেনে- জাপি, শৰাই, গামোচা ইত্যাদিৰ অৰ্থ, গুৰুত্ব আৰু ব্যৱহাৰ কেৱল অসমীয়া শব্দকেইটাইহে বুজাব পাৰে। সকলোখিনিকে প্ৰতিনিধিত্ব কৰিব পৰাকৈ উপযুক্ত সমাৰ্থক শব্দ আন ভাষাত বিচাৰি উলিওৱা অসম্ভৱ। আৰু এইখিনিতেই যিকোনো ঠাইৰ মানুহৰ মাতৃভাষাটোৰ অপৰিসীম গুৰুত্ব আহি পৰে।

ওপৰত উল্লেখ কৰা জাপানী গৱেষক আচাদা সম্প্ৰতি জাপানৰ নাৰা মহিলা বিশ্ববিদ্যালয়ৰ অধ্যাপক। ক'ৰোণাৰ প্ৰাদুৰ্ভাৱ হোৱাৰেপৰা তেওঁ অসমলৈ অহা নাই যদিও এতিয়াও নৱবৰ্ষ, বিহু আদিত সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ অসমীয়া ভাষাত শুভেচ্ছা জনায়। যদি আচাদাৰ দৰে লোকেই অসমীয়া ভাষাক ইমানখিনি গুৰুত্ব দিব পাৰে, অসমীয়া হিচাপে আমি নিজৰ ভাষাটো ভালদৰে শিকাত, নিজৰ ভাষাক লৈ গৌৰৱ কৰাটো আমাৰ দায়িত্ব নহয়নে? যিসময়ত কেন্দ্ৰীয় চৰকাৰ আৰু বৰমূৰীয়াসকলৰ হঠকাৰী সিদ্ধান্তই প্ৰতিক্ষণে ভাষাটোৰ প্ৰতি অশনি সংকট কঢ়িয়াই আনিব খোজে, তেনেসময়ত প্ৰতিগৰাকী অসমীয়াই নিজ মাতৃভাষাৰ প্ৰতি দায়িত্বশীল হোৱাটো, ভাষাটো শুদ্ধভাৱে জীয়াই ৰখাত গুৰুত্ব দিয়াটো আমাৰ সকলোৰে নৈতিক কৰ্তব্য হ'ব নোৱাৰেনে? অসমীয়া ৱিকিপ্ৰকল্পসমূহত অৱদান আগবঢ়োৱাও হ'ব পাৰে তেনে দায়িত্ববোধৰেই এক নীৰৱ প্ৰকাশ। আজিৰ দিনলৈ ৱিকিপ্ৰকল্পসমূহত নিঃস্বাৰ্থভাৱে কাম কৰি অহা অগ্ৰজ-অনুজ সকলো স্বেচ্ছাসেৱীলৈ এইখিনিতে মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ। ব্যক্তিগতভাৱে মই এতিয়ালৈকে বিশেষ বৰঙণি আগবঢ়াব নোৱাৰিলেও অসমীয়া ৱিকিপৰিয়ালৰ সদস্য হ'ব পৰাটো মোৰ সৌভাগ্য বুলি ভাবোঁ। ৱিকিপৰিয়ালৰ সদস্য হিচাপেই বিগত বছৰকেইটাত বহুতো নজনা কথা জনাৰ সুযোগ পাইছোঁ। আগলৈ অধিক সক্ৰিয়তাৰে বৰঙণি আগবঢ়োৱাৰ প্ৰত্যাশাৰে শেষত আটাইলৈ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

Priyankush Deka (বাৰ্তা) 16:26, 30 April 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
Lachit Borphukan and His Army.jpg

আলাবৈৰ ৰণ আছিল আহোম আৰু মোগল সেনাৰ মাজত হোৱা এখন অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ৰক্তক্ষয়ী যুদ্ধ। ১৬৬৯ চনৰ ৫ আগষ্ট তাৰিখে বৰ্তমান উত্তৰ গুৱাহাটীৰ দাদৰা অঞ্চলৰ আলাবৈ পাহাৰৰ সমীপত এই ৰণ সংঘটিত হৈছিল; অসমীয়া বুৰঞ্জীৰ মত অনুসৰি এই যুদ্ধৰ সময়কাল ১৫৯১ শকৰ ১৭ শাওণ। আলাবৈৰ ৰণ হৈছে আহোম আৰু মোগল সাম্ৰাজ্যৰ মাজত ১৬৬৭ চনৰ পৰা আৰম্ভ হোৱা তৃতীয়লানি যুদ্ধৰ এক ঐতিহাসিক অংশ। আলাবৈ ৰণৰ কিছুদিনৰ পিছতেই সংঘটিত হোৱা বিখ্যাত শৰাইঘাটৰ যুদ্ধই (১৬৭১ চন) যদিও এই ৰণৰ ঐতিহাসিক মাত্ৰাক কিছু পৰিমাণে ম্লান পেলালে তথাপিও এই ৰণে সদায়ে অসমৰ ইতিহাসৰ পাতত বিখ্যাত ট্ৰাফেলগাৰ যুদ্ধৰ দৰেই অসমীয়া সেনাৰ সাহস আৰু বলিদানৰ কথা সোঁৱৰাই থাকিব। আলাবৈৰ ৰণক সাধাৰণতে অসমৰ ইতিহাসৰ এক ক'লা অধ্যায় বুলি গণ্য কৰা হয়। এই যুদ্ধতেই আহোম সেনাই বৰ দুবিধাজনক পৰিস্থিতিৰ পৰা যুঁজ দিব লগা হৈছিল; সেনাপতি লাচিত বৰফুকনৰ বিৰোধিতাৰ পিছতো, স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ কঠোৰ আদেশ অমান্য কৰিব নোৱাৰি যুদ্ধত অৱতীৰ্ণ হৈ একেদিনাই ১০,০০০ অসমীয়া সেনাই মৃত্যুবৰণ কৰিব লগা হৈছিল বুলি আহোম বুৰঞ্জীত উল্লেখ আছে। সবিশেষ ইয়াত পঢ়ক...

যোৱা মাহৰ ভাল প্ৰবন্ধ ত্ৰিভংগৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
এপ্ৰিল-২০২২ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ৪৭

বিশ্বৰ প্ৰেক্ষাপট World Map (political).svg

ব্যক্তি বিষয়ক

  1. ডেনিছ চুলিভান

অন্যান্য

  1. নাগোয়া প্ৰট'কল
  2. কংগো গণৰাজ্য

ভাৰতীয় পটভূমি Flag of India (Pantone).png

ব্যক্তি বিষয়ক

  1. প্ৰতীক বব্বৰ
  2. ফাংনন কন্যাক
  3. ৱাজিদা তাবাচ্চুম
  4. দীপক ধৰ
  5. কদুৰী শ্ৰীছাইলা শ্ৰী ৰাজামৌলী
  6. প্ৰশান্ত নীল
  7. আতিশী

পৌৰাণিক ভাৰতীয় আখ্যান

  1. চক্ৰবেহু

অন্যান্য

  1. কচ্ছী ঘোড়ী নৃত্য
  2. আকবৰনামা
  3. কোবাল্ট ব্লু (চলচ্চিত্ৰ)
  4. তক্ষশীলা

অসম বিষয়ক Rhino logo Assam.png

ব্যক্তি বিষয়ক

  1. লুৰিন জ্যোতি গগৈ
  2. পবিত্ৰ মাৰ্ঘেৰিটা
  3. জগদীশ ভূঞা
  4. পুৰেন্দ্ৰ প্ৰসাদ শইকীয়া
  5. গৌৰৱ চৌধুৰী
  6. মৌচুমী কন্দলী
  7. সঞ্জীৱ হাজৰিকা
  8. মনোৰঞ্জন তালুকদাৰ
  9. অৰূপ মান্না
  10. সঞ্জীৱ সভাপণ্ডিত
  11. হেমেন দাস

চলচ্চিত্ৰ বিষয়ক

  1. জেতুকী (চলচ্চিত্ৰ)
  2. হান্দুক (চলচ্চিত্ৰ)
  3. ৰতনলাল

অন্যান্য

  1. বাৰ্তালাপ
  2. ত্ৰিমূৰ্তি উদ্যান
  3. অসম বিধান পৰিষদ
  4. বাহনা মহাবিদ্যালয়
  5. লক্ষীমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়
  6. গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ
  7. জেউৰা দিয়া
  8. আলাবৈৰ ৰণ
  9. মোলাই কাঠনি
  10. ‎মাজুলী মহাবিদ্যালয়

সানমিহলি

  1. নেক্ৰোমেন্সি
  2. জি বোৰ্ড
  3. পাৰিপাৰ্শ্বিক সংঘাত
  4. ভৱিষ্যত প্ৰজন্ম
  5. ফৰজ
  6. কেৰাচিন লেম্প
  7. কবি
  8. টৰ্চ লাইট
Camera font awesome.svg
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
Center
অসমৰ বৈঠালাংচু অঞ্চলৰ এখন আদৰ্শ তামোলৰ বাৰী।
আলোকচিত্ৰ শিল্পী:পল্লৱ কুমাৰ নাথ
উল্লেখনীয় ৱিকিমিডিয়ান
Emblem-person-red.svg

চাণক্য কুমাৰ দাস: ২০১৯ চনৰ পৰা ৱিকিপিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। কামৰূপ জিলাৰ এই ৱিকিমিডিয়ান গৰাকীয়ে অসমীয়া ৱিকিপিডিয়াত কৰা সম্পাদনাৰ সংখ্যা ৫,৭৪৫ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ২৮। অসমীয়া ৱিকিপিডিয়াৰ লগতে তেওঁ অসমীয়া ৱিকিউৎস, ইংৰাজী ৱিকিপিডিয়া, ৱিকিমিডিয়া কমন্স আদি কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে মুঠ ১৫,৮৮১টা সম্পাদনা কৰিছে। তেওঁ ৱিকিমিডিয়া প্ৰকল্পসমূহত বিশেষ কাৰিকৰী সহযোগিতা আগবঢ়াই অহাৰ লগতে বৰ্তমান ইনকিউবেটৰ পৰ্যায়ত থকা অসমীয়া ৱিকিউদ্ধৃতিৰো প্ৰশাসকৰ দায়িত্ব পালন কৰি আহিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক "মাহটোৰ ৱিকিপিডিয়ান", "অক্লান্ত কৰ্মী পদক", "কাৰিকৰী বিশেষজ্ঞ সহযোগী পদক", "বিশেষ পদক", "কৰ্কট সচেতক পদক" আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

Trophy font awesome.svg
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
Jury icon rus.pngবিচাৰক পদক
দিব্য দত্ত
ঈশান জ্যোতি বৰা
New editor delivery.pngপ্ৰতিভাবান ন-সম্পাদকৰ পদক
ৰনোজ জ্যোতি বৰুৱা
Tireless Contributor Barnstar.gifঅক্লান্ত-কৰ্মী পদক
প্ৰণামিকা অধিকাৰী
দীপকজ্যোতি মহন্ত
Wikiquote barnstar.pngৱিকিউদ্ধৃতিৰ ভোটাতৰা পদক
প্ৰণামিকা অধিকাৰী






নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথন ২০২২ প্ৰবন্ধ লিখন প্ৰতিযোগিতাত অসমীয়া ভাষাত স্থান প্ৰাপ্তসকল
স্থান
স্থানপ্ৰাপ্তৰ নাম
Golden Barnstar.svgপ্ৰথম স্থান
নয়নজ্যোতি নাথ
Silver Barnstar.svgদ্বিতীয় স্থান
প্ৰণামিকা অধিকাৰী
Original Barnstar Hires 2.svgতৃতীয় স্থান
অজয় দাস
উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১০,১৮৯ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৩৭১ খনলৈ বৃদ্ধি পালে।


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • Instagram logo 2022.svg ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


Bullhorn font awesome.svg ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
অজয় দাস ৫৭ - - ১৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা ৩৯ - ১৩ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা ৩৩ - ৩৯ ১১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন ১৫৭ ১২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ৬২ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নয়নজ্যোতি নাথ ১৪৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰণামিকা অধিকাৰী ১৩ ৭৬ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বাবুল বৈশ্য ১৪৪ - ৫২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৰনোজ বৰুৱা ৪৫ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


ইনকুবেটৰ (Wq/as): কুলধৰ ৰাভা (১১), চন্দন চিৰিং ফুকন (৪০), চাণক্য কুমাৰ দাস (১১), দিব্য দত্ত (১৩), দীপকজ্যোতি মহন্ত (২০), প্ৰণামিকা অধিকাৰী (৯৮), প্ৰিয়াংকুশ ডেকা (১৩), বাবুল বৈশ্য (১৩)৷


মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল: গীতাৰ্থ বৰদলৈ, জলী ৰুমী বৰা, পল্লৱী দত্ত বৰুৱা, প্ৰাণজ্যোতি নাথ, ভাস্কৰজ্যোতি ভূঞা, হানিফ আলী, ৰাম কৃষ্ণ দত্ত, ৰুমী বৰা, Ridedanny, Shmlakrishna, Usoejw9

বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।