নাগোয়া প্ৰট'কল
আনুবংশিক সম্পদৰ প্ৰৱেশাধিকাৰৰ ওপৰত নাগোয়া প্ৰট'কল আৰু জৈৱিক বৈচিত্ৰ্যৰ সন্মিলনলৈ তেওঁলোকৰ ব্যৱহাৰৰ পৰা উদ্ভৱ হোৱা লাভালাভৰ ন্যায্য আৰু ন্যায়সঙ্গত ভাগ-বতৰা | |
---|---|
অনুমোদিত
স্বাক্ষৰকাৰী
স্বাক্ষৰ নকৰা, জৈৱিক বৈচিত্ৰ সন্মিলনৰ অংশীদাৰ
স্বাক্ষৰ নকৰা, জৈৱিক বৈচিত্ৰ সন্মিলনৰ অংশীদাৰ নহয়
কেইবাখনো সদস্য ৰাষ্ট্ৰৰ উপৰিও, ইউৰোপীয় ইউনিয়নও এটা দল (মানচিত্ৰত দেখুৱা নাই) | |
প্ৰকাৰ | Environmental |
স্বাক্ষৰ | ২৯ অক্টোবৰ ২০১০ |
অৱস্থিতি | নাগোয়া, জাপান |
প্ৰযোজ্য | ১২ অক্টোবৰ ২০১৪ |
স্থিতি | ৫০ অনুমোদন |
স্বাক্ষৰকাৰীসকল | ৯২ |
দলসমূহ | ১২৮ |
Depositary | ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান |
ভাষাসমূহ | আৰবী, চীনা, ইংৰাজী, ৰাছিয়ান আৰু স্পেনিছ |
আনুবংশিক সম্পদৰ প্ৰৱেশাধিকাৰৰ ওপৰত নাগোয়া প্ৰট'কল আৰু জৈৱিক বৈচিত্ৰ্যৰ সন্মিলনলৈ তেওঁলোকৰ ব্যৱহাৰৰ পৰা উদ্ভৱ হোৱা লাভালাভৰ ন্যায্য আৰু ন্যায়সঙ্গত ভাগ-বতৰা চমুকৈ নাগোয়া প্ৰট'কল (ইংৰাজী: Nagoya Protocol) ১৯৯২ চনত অনুষ্ঠিত জৈৱবৈচিত্ৰৰ সন্মিলনৰ পৰিপূৰক চুক্তি হিচাপে ২০১০ চনত স্বাক্ষৰিত এখন চুক্তি। ইয়াৰ লক্ষ্য হৈছে জৈৱবৈচিত্ৰৰ সন্মিলনৰ তিনিটা মুখ্য উদ্দেশ্যৰ অন্যতম উদেশ্য আনুবংশিক সম্পদৰ ব্যৱহাৰৰ ফলত উদ্ভৱ হোৱা লাভালাভৰ ন্যায্য আৰু ন্যায়সঙ্গত ভাগ-বতৰা কৰাক বিশ্বব্যাপী ৰূপায়ন কৰা। এই চুক্তিয়ে জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু বহনক্ষম ব্যৱহাৰত অৰিহণা যোগায়। ই ইয়াৰ চুক্তিবদ্ধ পক্ষবোৰৰ বাবে আনুবংশিক সম্পদৰ প্ৰৱেশাধিকাৰ, লাভালাভ-ভাগ-বতৰা আৰু অনুপালনৰ সন্দৰ্ভত ব্যৱস্থা লোৱাৰ আইনী বাধ্যবাধকতা নিৰ্ধাৰণ কৰে। ইয়াক প্ৰৱেশাধিকাৰ আৰু লাভালাভ ভাগ বতৰাৰ ওপৰত নাগোয়া প্ৰট'কল বুলিও জনা যায়।
২০১০ চনৰ ২৯ অক্টোবৰ তাৰিখে জাপানৰ নাগোয়া চহৰত নাগোয়া প্ৰট'কল গৃহীত কৰা হৈছিল আৰু ২০১৪ চনৰ ১২ অক্টোবৰ তাৰিখে কাৰ্যকৰী হৈছিল। ২০২০ চনৰ অক্টোবৰ মাহলৈকে ইয়াক বিশ্বব্যাপী ১২৮টা দলে অনুমোদন জনাইছে। অনুমোদন জনোৱা দলৰ ভিতৰত ১২৭ খন ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ আৰু ইউৰোপীয় সংঘ। লগতে অতিৰিক্ত আমোলাতন্ত্ৰ আৰু আইনে জৈৱ বৈচিত্ৰ্যৰ নিৰীক্ষণ আৰু সংগ্ৰহ, সংৰক্ষণ, সংক্ৰামক ৰোগৰ প্ৰতি আন্তৰ্জাতিক সঁহাৰি আৰু গৱেষণাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰা হৈছে।[1][2]