নিথিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিথিন

২০২০ত নিথিন
জন্ম নিথিন কুমাৰ ৰেড্ডী
৩০ মাৰ্চ, ১৯৮৩ (৪০ বছৰ)
নিজামাবাদ, অন্ধ্ৰ প্ৰদেশ (বৰ্তমান তেলেংগানা), ভাৰত
শিক্ষানুষ্ঠান শদন অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা মহাবিদ্যালয়
পেচা
  • অভিনেতা
  • চলচ্চিত্ৰ প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ২০০২ – বৰ্তমান
দাম্পত্যসঙ্গী শালিনী কাণ্ডুকুৰি (বি. ২০২০)

পেছাগতভাৱে নিথিন নামেৰে পৰিচিত, নিথিন কুমাৰ ৰেড্ডী (ইংৰাজী: Nithin Kumar Reddy; জন্ম: ৩০ মাৰ্চ ১৯৮৩)[1] এজন ভাৰতীয় অভিনেতা আৰু প্ৰযোজক। তেওঁ প্ৰধানকৈ তেলেগু চিনেমাৰ সৈতে জড়িত। নিথিনৰ চিনেমা জগতৰ পাৰদৰ্শিতাৰ বাবে তেওঁ এবাৰ ফিল্মফেয়াৰ বঁটা আৰু দুবাৰ তেলেগু ভাষাৰ চিনেমাৰ শ্ৰেষ্ঠ অভিনেতা শিতানত ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে।


২০০২ চনত ৰোমাণ্টিক একচন ছবি জয়ম(২০০২) ৰ জৰিয়তে নিথিনে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল। উৎকৃষ্ট অভিনয়ৰ বাবে তেওঁ দক্ষিণৰ শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ ফিল্মফেয়াৰ বঁ‌টা লাভ কৰে।[2]তাৰ পিছত নিথিনে দিল (২০০৩), শ্ৰী অঞ্জনেয়াম (২০০৪), আৰু ছ্যে (২০০৪)ত অভিনয় কৰে। বক্স-অফিচত ধাৰাবাহিকভাৱে বিফলতাৰ পিছত নিথিনে ৰোমাঞ্চ ছবি ইছক' (২০১২) ৰ জৰিয়তে সফলতা অৰ্জন কৰে। তেওঁৰ আন আন সফল চলচ্চিত্ৰসমূহৰ ভিতৰত আছে গুণ্ডে জাৰি গলানথায়িন্দে (২০১৩), হাৰ্ট এটেক (২০১৪), এ আ (২০১৬), ভীষ্ম (২০২০), আৰু ৰং দে (২০২১)। ২০১৩ চনত নিথিনে নিজস্ব চলচ্চিত্ৰ প্ৰডাকচন ষ্টুডিঅ’ শ্ৰেষ্ট মুভিজ প্ৰতিষ্ঠা কৰে। নিথিন বৰ্তমান তেলেংগানাস্বচ্ছ ভাৰত অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ।[3][4]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

নিথিন কুমাৰ ৰেড্ডীৰ জন্ম হৈছিল চলচ্চিত্ৰ বিতৰক সুধাকাৰ ৰেড্ডী আৰু লক্ষ্মী ৰেড্ডীৰ ঘৰত।[5][6] তেওঁৰ এগৰাকী বায়েক (নিকিতা ৰেড্ডী) আছে।[7] গীতাঞ্জলি স্কুল,বেগুমপেতৰত শিক্ষা সমাপ্ত কৰি ৰত্ন জুনিয়ৰ কলেজৰ পৰা মধ্যমীয়া শিক্ষা গ্ৰহণ কৰে। নিথিনে গণ্ডীপেটৰ শদন অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[8]পিছলৈ তেওঁৰ পিতৃয়ে প্ৰযোজনা কৰিবলৈ লয় আৰু তেওঁৰ সৈতে দুখন চিনেমা গুণ্ডে জাৰি গলানথায়িন্দে আৰু চিন্নাদনা নী কোছাম নিৰ্মাণ কৰে। ২০২০ চনত নিথিনৰ প্ৰেমিকা শালিনী কাণ্ডুকুৰিৰ সৈতে বাগদান সম্পন্ন হয়।[9][10] ২৬ জুলাইত হায়দৰাবাদৰ ফলকনুমা পেলেচত তেওঁলোকৰ বিবাহ হয়।[11] প্ৰথমে একে বছৰৰে ১৬ এপ্ৰিলত ডুবাইত এই বিবাহ অনুষ্ঠিত হোৱাৰ কথা আছিল[10] কিন্তু ক'ভিড-১৯ মহামাৰীৰ বাবে লকডাউনৰ প্ৰতিবন্ধকতা আৰোপ কৰাত এই বিবাহ পিছুৱাই দিয়া হৈছিল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Rang De posters unveiled on Nithiin's birthday, also feature Keerthy Suresh" (en ভাষাত). Hindustan Times. 2020-03-30. https://www.hindustantimes.com/regional-movies/rang-de-posters-unveiled-on-nithiin-s-birthday-also-feature-keerthy-suresh/story-Q8eoKhlPYuDRJjOhOwZWII.html। আহৰণ কৰা হৈছে: 2020-11-22. 
  2. "Exclusive biography of @actor_nithiin and on his life.". http://www.filmibeat.com/celebs/nitin-telugu-actor/biography.html। আহৰণ কৰা হৈছে: 2015-09-16. 
  3. Telangana (2015-01-04). "swachh bharat brand ambassador List" (en-US ভাষাত). www.telanganastateofficial.com. https://www.telanganastateofficial.com/swachh-bharat-brand-ambassador-list/। আহৰণ কৰা হৈছে: 2016-06-04. 
  4. "18 Telugu People as Swachh Bharat Ambassadors | 9 people each in AP and Telangana as Swachh Bharat Ambassadors" (en-US ভাষাত). Andhra Pradesh Political News, Telugu Cinema News - APToday. 2015-01-05. Archived from the original on 2016-08-04. https://web.archive.org/web/20160804210216/http://www.aptoday.com/newsnpolitics/18-telugu-people-as-swachh-bharat-ambassadors/6070/। আহৰণ কৰা হৈছে: 2016-06-04. 
  5. Rao, Nagarjuna (19 February 2020). "Nithin's 'Bheeshma' releases in the UAE: What to know". Gulf News. https://gulfnews.com/entertainment/south-indian/nithins-bheeshma-releases-in-the-uae-what-to-know-1.69802377. 
  6. Palisetty, Ramya (৬ মে',২০২১). "Nithiin's warm birthday wish for mom is all about love and patience" (en ভাষাত). India Today. https://www.indiatoday.in/movies/regional-cinema/story/nithiin-s-warm-birthday-wish-for-mom-is-all-about-love-and-patience-1799422-2021-05-06। আহৰণ কৰা হৈছে: ১৮ me',২০২১. 
  7. "Nithiin's Sister Nikitha Reddy Getting Engaged Today; Wedding on 15 March" (en ভাষাত). International Business Times, India Edition. 10 March 2015. http://www.ibtimes.co.in/nithiins-sister-nikitha-reddy-getting-engaged-today-wedding-15-march-625732। আহৰণ কৰা হৈছে: ২০২২-০৫-১৮. 
  8. Jeevi (5 February 2003). "Interview with Nitin by Jeevi". Idlebrain.com. http://www.idlebrain.com/celeb/interview/interview_nitin.html। আহৰণ কৰা হৈছে: 23 September 2021. 
  9. "Nithiin engaged to girlfriend Shalini Kandukuri, wedding on July 26" (en-IN ভাষাত). The Hindu. 23 July 2020. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/nithiin-engaged-to-girlfriend-shalini-kandukuri-wedding-on-july-26/article32171768.ece. 
  10. 10.0 10.1 "Nithiin postpones April wedding, following COVID-19 outbreak and lockdown" (en-IN ভাষাত). The Hindu. 30 March 2020. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/nithiin-postpones-wedding-following-covid-19-outbreak-and-lockdown/article31205023.ece. 
  11. "Celebrity social media photos: Hina Khan, Shehnaaz Gill, Neha Kakkar and others" (en ভাষাত). The Indian Express. 26 July 2020. https://indianexpress.com/photos/entertainment-gallery/hina-khan-shehnaaz-gill-neha-kakkar-6524371/। আহৰণ কৰা হৈছে: ২০২২-০৫-১৮.