আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
see caption
আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ সন্মুখৰ পৰা হেলনীয়াকৈ লোৱা এটি দৃশ্য (নৱেম্বৰ ২০২১)

International Space Station program insignia.
মহাকাশ কেন্দ্ৰ পৰিসংখ্যা
COSPAR ID 1998-067A
SATCAT সংখ্যা ২৫৫৪৪
কল চিহ্ণ আলফা, ষ্টেচন
দল সম্পূৰ্ণ ভৰ্তি অৱস্থাত: ৭
বৰ্তমান: ৭
উৎক্ষেপণ ২৩ নৱেম্বৰ, ১৯৯৮
উৎক্ষেপণস্থলী
  • বৈকানুৰ, চাইট ১/৫ আৰু চাইট ৮১/২৩
  • কেনেডী মহাকাশ কেন্দ্ৰ, এল চি-৩৯ আৰু কেপ কেনেভেৰাল স্পেছ ফ'ৰ্ছ ষ্টেচন, এচ এল চি-৪১ (ভৱিষ্যতে)
ভৰ ৪,৪৪,৬১৫ কিলোগ্ৰাম[1]
দৈৰ্ঘ্য ৭৩ মিটাৰ (২৩৯.৪ ফুট)[1]
প্ৰস্থ ১০৯ মিটাৰ (৩৫৭.৫ ফুট)[1]
আয়তন ৯১৫.৬ ঘনমিটাৰ (৩২,৩৩৩ ঘনফুট)[1]
বায়ুমণ্ডলীয় চাপ ১০১.৩ কিলো পাস্কেল
(৭৯% নাইট্ৰ'জেন, ২১% অক্সিজেন)
নিকটতম উচ্চতা ৪১৩ কিল'মিটাৰ (সমুদ্ৰপৃষ্ঠৰ গড় উচ্চতাৰ পৰা)[2]
দূৰতম উচ্চতা ৪২২ কিল'মিটাৰ (সমুদ্ৰপৃষ্ঠৰ গড় উচ্চতাৰ পৰা)[2]
কক্ষীয় নতি ৫১.৬৪°[2]
কক্ষীয় দ্ৰুতি ৭.৬৬ কিল'মিটাৰ/ছেকেণ্ড (২৭,৬০০ কিল'মিটাৰ/ঘণ্টা)[2]
প্ৰদক্ষিণকাল ৯২.৬৮ মিনিট[2][বিসংগতিপূৰ্ণ উৎস]
দৈনিক প্ৰদক্ষিণ সংখ্যা ১৫.৪৯[2]
Orbit epoch 24 April 2022 16:30:11 [2]
কক্ষপথত থকা দিন 25 years, 3 months, 8 days
(29 February 2024)
মহাকাশচাৰী থকা দিন 23 years, 3 months, 26 days
(29 February 2024)
মুঠ প্ৰদক্ষিণ সংখ্যা ১৩১,৪৪০ (২০২০ চনৰ ডিচেম্বৰ মাহলৈ)[3]
কক্ষীয় অৱক্ষয় ২ কিল'মিটাৰ/মাহ
Statistics as of 9 March 2011
(unless noted otherwise)
References: [1][2][4][5][6]
গাঁথনি
The components of the ISS in an exploded diagram, with modules on-orbit highlighted in orange, and those still awaiting launch in blue or pink
মহাকাশ কেন্দ্ৰটোৰ অংশসমূহ (নৱেম্বৰ ২০২১ৰ তথ্য অনুসৰি)
(খণ্ডিত দৃশ্য)

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (ISS) হৈছে পৃথিৱীৰ নিম্ন কক্ষপথত থকা এটা গোটবিভক্ত মহাকাশ কেন্দ্ৰ (বাসযোগ্য কৃত্ৰিম উপগ্ৰহ)। ই এক বহুজাতিক সহযোগিতামূলক প্ৰকল্প য'ত পাঁচটা অংশগ্ৰহণকাৰী মহাকাশ সংস্থা জড়িত হৈ আছে: নাছা (আমেৰিকা যুক্তৰাষ্ট্ৰ), ৰস্কচমছ (ৰাছিয়া), জাক্সা (জাপান), ই এছ এ (ইউৰোপ), আৰু চি এছ এ (কানাডা)।[7][8] মহাকাশ কেন্দ্ৰটোৰ মালিকীস্বত্ব আৰু ব্যৱহাৰ আন্তঃচৰকাৰী চুক্তি আৰু সন্মতি অনুসৰি পৰিচালিত হয়।[9] এই কেন্দ্ৰটোৱে এটা মাইক্ৰ'গ্ৰেভিটি আৰু মহাকাশীয় পৰিৱেশৰ গৱেষণাগাৰ হিচাপে কাম কৰে য'ত জ্যোতিৰ্জীৱবিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, বতৰ বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু অন্যান্য ক্ষেত্ৰত বৈজ্ঞানিক গৱেষণা কৰা হয়।[10][11][12] চন্দ্ৰ আৰু মংগল গ্ৰহলৈ ভৱিষ্যতৰ সম্ভাৱ্য দীৰ্ঘম্যাদী অভিযানৰ বাবে প্ৰয়োজনীয় মহাকাশযান ব্যৱস্থা আৰু সঁজুলি পৰীক্ষাৰ বাবে আই এছ এছ এক সুবিধাজনক স্থান।[13]

আই এছ এছৰ কাৰ্যসূচীৰ বিকাশ ঘটিছিল ১৯৮৪ চনত স্থায়ীভাৱে মানৱ-বসতিপূৰ্ণ আৰু পৃথিৱী-প্ৰদক্ষিণশীল উপগ্ৰহ নিৰ্মাণৰ বাবে আমেৰিকাই প্ৰস্তাৱ কৰা 'ফ্ৰিডম' নামৰ মহাকাশ কেন্দ্ৰটো,[14] আৰু একে লক্ষ্যৰে ১৯৭৬ চনত ছোভিয়েট/ৰাছিয়াই প্ৰস্তাৱ কৰা মিৰ-২ৰ পৰা। আই এছ এছ হৈছে ছোভিয়েটৰ (পিছলৈ ৰাছিয়াৰ) ছাল্যুট, আলমাজ, আৰু মিৰ ষ্টেচন আৰু আমেৰিকান স্কাইলেবৰ পিছত মহাকাশচাৰীয়ে বসবাস কৰা নৱমটো মহাকাশ কেন্দ্ৰ। ই মহাকাশত থকা আটাইতকৈ ডাঙৰ কৃত্ৰিম বস্তু আৰু পৃথিৱীৰ নিম্ন কক্ষপথত থকা আটাইতকৈ ডাঙৰ উপগ্ৰহ। মহাকাশ কেন্দ্ৰটোক ভূ-পৃষ্ঠৰ পৰা নিয়মিতভাৱে খালী চকুৰে দেখা যায়।[15][16] ঝভেজডা চাৰ্ভিচ মডিউল বা ভ্ৰমণকাৰী মহাকাশযানৰ ইঞ্জিন ব্যৱহাৰ কৰি কেন্দ্ৰটোৱে পৃথিৱীৰ পৰা গড়ে ৪০০ কিলোমিটাৰৰ (২৫০ মাইল) উচ্চতা বজাই ৰাখি প্ৰদক্ষিণ কৰে।[17] আই এছ এছে প্ৰায় ৯৩ মিনিটত পৃথিৱীক প্ৰদক্ষিণ কৰি প্ৰতিদিনে ১৫.৫ বাৰকৈ কক্ষপথ সম্পূৰ্ণ কৰে।[18]

মহাকাশ কেন্দ্ৰটো দুটা ভাগত ভাগ কৰা হৈছে: ইয়াৰে ৰাছিয়ান কক্ষীয় খণ্ড (ROS) ৰাছিয়াই পৰিচালনা কৰে, আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কক্ষীয় খণ্ডটো (USOS) আমেৰিকাৰ লগতে আন ৰাষ্ট্ৰসমূহে পৰিচালনা কৰে। ৰাছিয়ান খণ্ডত ছটা খোটালি আছে। আমেৰিকাৰ খণ্ডটোত দহটা খোটালি অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ সহায়ক সেৱাসমূহ নাছাৰ বাবে ৭৬.৬%, জাক্সাৰ বাবে ১২.৮%, ইএছএৰ বাবে ৮.৩% আৰু চিএছএৰ বাবে ২.৩% বিতৰণ কৰা হৈছে।

ৰস্কোচমছে ৰাছিয়ান খণ্ডটোৰ কাৰ্য্যকলাপ ২০২৪ চনলৈকে অব্যাহত ৰাখিবলৈ অনুমোদন জনাইছিল। লগতে এই খণ্ডৰ উপাদানসমূহ ব্যৱহাৰ কৰি পূৰ্বতে অপচেক (OPSEK) নামৰ এটা নতুন ৰাছিয়ান মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ প্ৰস্তাৱ দিছিল। কিন্তু ২০২২ চনত ৰাছিয়াই কৰা ইউক্ৰেইন আক্ৰমণ আৰু তাৰ পিছত ৰাছিয়াৰ ওপৰত আৰোপিত আন্তৰ্জাতিক নিষেধাজ্ঞাৰ ফলত অবিৰত সহযোগিতা অনিশ্চিত হৈ পৰিছে। ৰাছিয়াৰ ওপৰত নিৰ্ধাৰিত নিষেধাজ্ঞাৰ বাবে তেওঁলোকে সম্ভৱতঃ মহাকাশ কেন্দ্ৰটোৰ নিজৰ পক্ষৰ পুঁজি কমাব পাৰে, পুনৰ্নিৰ্দেশ কৰিব পাৰে বা কৰ্তন কৰিব পাৰে।

১৯৯৮ চনত আই এছ এছৰ প্ৰথমটো উপাংশ উৎক্ষেপণ কৰা হয়। ২০০০ চনৰ ৩১ অক্টোবৰত বৈকানুৰ কচম'ড্ৰমৰ পৰা হোৱা উৎপেক্ষণৰ জৰিয়তে দীৰ্ঘদিনীয়াকৈ থাকিবলৈ যোৱা প্ৰথমটো বাসিন্দাৰ দল মহাকাশলৈ উৰা মাৰে। ২০০০ চনৰ ২ নৱেম্বৰত তেওঁলোক আই এছ এছত গৈ উপস্থিত হয়। তেতিয়াৰ পৰা এই মহাকাশ কেন্দ্ৰটোত অবিৰতভাৱে ২১ বছৰ ১৯৫ দিন ধৰি মানুহে বাস কৰি আহিছে। ইয়াৰ জৰিয়তে ই মীৰ মহাকাশ কেন্দ্ৰৰ হাতত থকা পূৰ্বৰ ৯ বছৰ ৩৫৭ দিনৰ অভিলেখ অতিক্ৰম কৰি পৃথিৱীৰ নিম্ন কক্ষপথত মানুহৰ আটাইতকৈ দীঘলীয়া অবিৰত উপস্থিতিৰ অভিলেখ গঢ়িছে। ২০১১ চনত 'লিঅ'নাৰ্ডো' নামৰ ডাঙৰ খোটালিটো সংযোগ কৰাৰ প্ৰায় দহ বছৰ পাছত শেহতীয়াকৈ ২০২১ চনত 'নৌকা' নামৰ ডাঙৰ চাপযুক্ত খোটালি এটা সংযোগ কৰা হৈছে। কেন্দ্ৰটোৰ উন্নয়ন আৰু সংযোজন অব্যাহত আছে। ২০১৬ চনত এটা পৰীক্ষামূলক ফুলিব পৰা মহাকাশীয় নিৱাসস্থল যোগ কৰা হৈছে। ২০২১ চনৰ পৰা আৰম্ভ কৰি কেইবাটাও ডাঙৰ আৰু নতুন ৰাছিয়ান উপাদান উৎক্ষেপণ কৰাৰ কথা আছিল। ২০২২ চনৰ জানুৱাৰী মাহত কেন্দ্ৰটো পৰিচালনাৰ অনুমোদন ২০৩০ চনলৈ বৃদ্ধি কৰা হয়, লগতে সেই বছৰলৈ পুঁজিৰ যোগানো সুনিশ্চিত কৰা হয়। তাৰ পৰৱৰ্তী সময়ত, ভৱিষ্যতে চন্দ্ৰ আৰু মংগল অভিযানৰ সুবিধা হোৱাকৈ আই এছ এছৰ কাৰ্য্যকলাপ চলাই নিবলৈ, ইয়াৰ ব্যক্তিগতকৰণৰ আহ্বান জনোৱা হৈছে। নাছাৰ প্ৰাক্তন প্ৰশাসক জিম ব্ৰাইডেনষ্টাইনে এইসম্পৰ্কে কৈছে: “আমাৰ বৰ্তমানৰ বাজেটৰ সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি, যদি আমি চন্দ্ৰ আৰু মংগল গ্ৰহলৈ যাব বিচাৰোঁ, তেন্তে আমি পৃথিৱীৰ নিম্ন কক্ষপথৰ বাণিজ্যিকীকৰণ কৰিব লাগিব আৰু পৰৱৰ্তী পদক্ষেপলৈ আগবাঢ়িব লাগিব।"

ইতিহাস[সম্পাদনা কৰক]

১৯৮০ চনৰ আৰম্ভণিতে নাছাই ছোভিয়েট সংঘৰ ছাল্যুট আৰু মিৰ মহাকাশ কেন্দ্ৰৰ সমকক্ষ হিচাপে ফ্ৰিডম নামৰ খোটালিযুক্ত মহাকাশ কেন্দ্ৰ এটা উৎক্ষেপণ কৰাৰ পৰিকল্পনা কৰিছিল। ১৯৮৪ চনত ই এছ এক স্পেচ ষ্টেচন ফ্ৰিডমত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হয় আৰু ১৯৮৭ চনৰ ভিতৰত ই এছ এয়ে কলম্বাছ পৰীক্ষাগাৰত অনুমোদন জনায়। ১৯৮২ চনত নাছাৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ফ্ৰিডম মহাকাশ কেন্দ্ৰৰ অংশ হিচাপে ১৯৮৫ চনত জাপানীজ এক্সপেৰিমেণ্ট মডিউল (JEM), বা কিবো, ঘোষণা কৰা হৈছিল।

১৯৮৫ চনৰ আৰম্ভণিতে ইউৰোপীয় মহাকাশ সংস্থাৰ (ESA) অন্তৰ্গত দেশসমূহৰ বিজ্ঞান মন্ত্ৰীসকলে কলম্বাছ কাৰ্যসূচীত অনুমোদন জনায়, যিটো সেই সময়ত সেই সংস্থাটোৱে মহাকাশৰ ক্ষেত্ৰত গ্ৰহণ কৰা আটাইতকৈ অভিলাষী প্ৰচেষ্টা। জাৰ্মানী আৰু ইটালীয়ে নেতৃত্ব দিয়া পৰিকল্পনাটোত এটা খোটালি অন্তৰ্ভুক্ত কৰা হৈছিল যিটো ফ্ৰিডমৰ সৈতে সংযুক্ত হ'ব, আৰু শতিকাটো শেষৰ পূৰ্বে ইউৰোপৰ এটা পূৰ্ণাংগ কক্ষীয় চকীলৈ বিকশিত হোৱাৰ ক্ষমতা থাকিব। মহাকাশ কেন্দ্ৰটোৱে উদীয়মান ইউৰোপীয় আৰু জাপানৰ ৰাষ্ট্ৰীয় মহাকাশ কাৰ্যসূচীসমূহকো আমেৰিকাৰ নেতৃত্বত প্ৰকল্পটোৰ সৈতে বান্ধি ৰাখিবলৈ ওলাইছিল, যাৰ ফলত সেই ৰাষ্ট্ৰসমূহো প্ৰধান, স্বাধীন প্ৰতিযোগী হোৱাত বাধা আহিছিল।

১৯৯৩ চনৰ ছেপ্টেম্বৰ মাহত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি আল গোৰ আৰু ৰাছিয়াৰ প্ৰধানমন্ত্ৰী ভিক্টৰ চেৰনোমিৰ্ডিনে নতুন মহাকাশ কেন্দ্ৰ এটাৰ পৰিকল্পনা সম্পৰ্কে ঘোষণা কৰিছিল, যিটো অৱশেষত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ হিচাপে পৰিগণিত হয়। এই নতুন প্ৰকল্পৰ প্ৰস্তুতিৰ বাবে তেওঁলোকে ইয়াতো সন্মত হয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই আমেৰিকান শ্বাটলছ্ আস্থানৰ জৰিয়তে মিৰ মহাকাশযান কাৰ্যসূচীৰ সৈতে জড়িত হ'ব।

২০২১ চনৰ ১২ এপ্ৰিলত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হোৱা বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে ২০২৫ চনত ৰাছিয়াই আই এছ এছৰ কাৰ্যসূচীৰ পৰা আঁতৰি যাব পাৰে। ৰাছিয়ান কৰ্তৃপক্ষৰ মতে, মহাকাশ কেন্দ্ৰটোৰ কাম-কাজৰ সময়সীমা শেষ হৈছে।

উদ্দেশ্য[সম্পাদনা কৰক]

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰটো প্ৰথমে চন্দ্ৰ, মংগল আৰু গ্ৰহাণুলৈ ভৱিষ্যতৰ সম্ভাব্য অভিযানৰ বাবে পৰিবহণ, পৰিচালনা আৰু পৃথিৱীৰ নিম্ন কক্ষপথত থকা এক আশ্ৰয়স্থল হিচাপে কাম কৰাৰ লগতে এটা পৰীক্ষাগাৰ, নিৰীক্ষণ কেন্দ্ৰ আৰু কাৰখানা হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু নাছা আৰু ৰস্কচমছৰ মাজত প্ৰাৰম্ভিক বুজাবুজিৰ সময়ত নিৰ্ধাৰণ কৰি লোৱা সকলো ব্যৱহাৰ বাস্তৱায়িত হোৱা নাই। ২০১০ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰীয় মহাকাশ নীতিত আই এছ এছক বাণিজ্যিক, কূটনৈতিক আৰু শৈক্ষিক উদ্দেশ্য পূৰণৰ অতিৰিক্ত ভূমিকা দিয়া হৈছিল।

বৈজ্ঞানিক গৱেষণা[সম্পাদনা কৰক]

আই এছ এছে বৈজ্ঞানিক গৱেষণা চলাবলৈ এক মঞ্চ প্ৰদান কৰে; য’ত পৰীক্ষাসমূহ সুকলমে সম্পন্ন কৰিবলৈ শক্তি, তথ্য, শীতল পৰিৱেশ, আৰু মানুহ উপলব্ধ। শূন্য মাধ্যাকৰ্ষণ আৰু মহাকাশৰ পৰিৱেশ প্ৰয়োজন হোৱা পৰীক্ষাসমূহ সৰু সৰু মানৱবিহীন মহাকাশযানসমূহৰ জৰিয়তেও কৰিব পৰা যায়। কিন্তু মহাকাশ কেন্দ্ৰসমূহে এইক্ষেত্ৰত এক দীৰ্ঘম্যাদী পৰিৱেশ প্ৰদান কৰে, য'ত মানৱ গৱেষকৰ দ্বাৰা দশক দশক ধৰি অবিৰতভাৱে অধ্যয়ন অব্যাহত ৰাখিব পৰা যায়।[19][20]

অভিযান-৩০ৰ অধিনায়ক ডান বুৰবেংকে তোলা লাভজয় ধুমকেতুৰ চিত্ৰ
চিত্ৰত কেবাটাও গৱেষণাগাৰক একেলগে দেখা গৈছে

আই এছ এছে বিভিন্ন প্ৰকাৰৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে একে উৎক্ষেপণ আৰু যাত্ৰী-সময় ভাগ-বতৰা কৰাৰ অনুমতি দি ব্যক্তিগত পৰীক্ষাসমূহ সৰল কৰে। ইয়াত জ্যোতিৰ্জীৱবিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, ভৌতিক বিজ্ঞান, পদাৰ্থ বিজ্ঞান, মহাকাশ বতৰ, বতৰ বিজ্ঞান, মহাকাশ চিকিৎসা আৰু জীৱ বিজ্ঞানকে ধৰি বিভিন্ন ক্ষেত্ৰত গৱেষণা কৰা হয়।[10][11][12][21][22] পৃথিৱীৰ বিজ্ঞানীসকলে সময়মতে তথ্যসমূহ লাভ কৰিব পাৰে আৰু মহাকাশচাৰীকেইজনক পৰীক্ষামূলক পৰিৱৰ্তনৰ পৰামৰ্শ দিব পাৰে। যদি পৰৱৰ্তী পৰ্য্যায়ৰ পৰীক্ষাৰো প্ৰয়োজন হয়, নিয়মিতভাৱে উৎক্ষেপণ হ'বলগীয়া যোগানকাৰী যানৰ জৰিয়তে তুলনামূলকভাৱে সহজেই নতুন হাৰ্ডৱেৰবোৰ পঠিয়াব পাৰি। যাত্ৰীসকলে কেইবামহীয়া কালৰ অভিযান চলায়। ছয়জনীয়া যাত্ৰীৰ এটা দলে সৈতে প্ৰতি সপ্তাহত প্ৰায় ১৬০ ব্যক্তি-ঘণ্টাৰ শ্ৰম কৰিব পাৰে। কিন্তু ইয়াৰে ভালেখিনি যাত্ৰী-সময় মহাকাশ কেন্দ্ৰটোৰ ৰক্ষণাবেক্ষণৰ নামত ব্যয় হয়।[10][23]

সম্ভৱতঃ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত কৰা আটাইতকৈ উল্লেখযোগ্য পৰীক্ষাটো হ’ল আলফা মেগনেটিক স্পেক্ট্ৰ’মিটাৰ (AMS), যাৰ উদ্দেশ্য হৈছে কৃষ্ণ পদাৰ্থ ধৰা পেলোৱা আৰু আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ অন্যান্য মৌলিক প্ৰশ্নৰ উত্তৰ দিয়া। নাছাৰ মতে এইটো হাবল স্পেচ টেলিস্কোপৰ দৰেই গুৰুত্বপূৰ্ণ। বৰ্তমান মহাকাশ কেন্দ্ৰত স্থাপন কৰা এই স্পেক্ট্ৰ'মিটাৰটো ইয়াৰ শক্তি আৰু প্ৰয়োজনীয় বেণ্ডৱিথৰ বাবে ইয়াক মুক্ত উৰণীয়া উপগ্ৰহত সহজে ৰাখিব পৰা নগ'লহেঁতেন।[24][25] ২০১৩ চনৰ ৩ এপ্ৰিলত বিজ্ঞানীসকলে প্ৰকাশ কৰিছিল যে হয়তো এ এম এছৰ দ্বাৰা কৃষ্ণ পদাৰ্থৰ আভাস ধৰা পৰিছে।[26][27][28][29][30][31] বিজ্ঞানীসকলৰ মতে, "মহাকাশত উপঙি থকা আলফা মেগনেটিক স্পেক্ট্ৰমিটাৰটোৰ জৰিয়তে পোৱা প্ৰথম ফলাফলে পৃথিৱী অভিমুখী মহাজাগতিক ৰশ্মিত উচ্চ শক্তিৰ পজিট্ৰনৰ এক ব্যাখ্যাতীতভাৱে অতিৰিক্ত পৰিমাণৰ উপস্থিতি নিশ্চিত কৰে।"

মহাকাশৰ পৰিৱেশটো জীৱৰ বাবে প্ৰতিকূল। মহাকাশত অসুৰক্ষিতভাৱে উপস্থিত থাকিলে তীব্ৰ বিকিৰণ ক্ষেত্ৰ (যিটো প্ৰধানকৈ মহাজাগতিক ৰশ্মিৰ উপৰিও সৌৰ বতাহৰ পৰা অহা প্ৰ'টন আৰু অন্যান্য উপপাৰমাণৱিক আধানযুক্ত কণাৰে গঠিত), উচ্চ শূন্যতা, চৰম উষ্ণতা আৰু অণুমাধ্যাকৰ্ষণিক (microgravity) পৰিৱেশৰ সন্মুখীন হোৱা যায়।[32] এক্সট্ৰিম'ফাইল নামৰ কিছুমান সৰল জীৱ, লগতে টাৰ্ডিগ্ৰেড নামৰ এবিধ সৰু অমেৰুদণ্ডী প্ৰাণী এই পৰিৱেশতো এক অতি শুকান অৱস্থাত জীয়াই থাকিব পাৰে।

চিকিৎসা গৱেষণাই মানৱ শৰীৰত মহাকাশৰ দীৰ্ঘম্যাদী প্ৰভাৱৰ বিষয়ে জ্ঞান লাভত সহায় কৰে; যাৰ ভিতৰত পেশীৰ ক্ষয়, হাড়ৰ ক্ষয়, তৰল পদাৰ্থৰ পৰিৱৰ্তন আদি অন্তৰ্ভুক্ত। এই তথ্যসমূহৰ সহায়ত দীঘলীয়া সময়ৰ মানৱ মহাকাশ উৰণ আৰু মহাকাশ উপনিবেশকৰণ সম্ভৱপৰ নেকি, সেয়া নিৰ্ণয় কৰা হ’ব। ২০০৬ চনত হাড়ৰ ক্ষয় আৰু পেশীৰ ক্ষয়ৰ তথ্যৰ পৰা অনুমান কৰা হৈছিল যে যদি মহাকাশচাৰীয়ে কোনো গ্ৰহত দীঘলীয়া আন্তঃগ্ৰহীয় যাত্ৰাৰ পিছত অৱতৰণ কৰে (যেনে মংগল গ্ৰহলৈ যাত্ৰা কৰিবলৈ প্ৰয়োজন হোৱা ছমাহৰ ব্যৱধান), তেন্তে হাড় ভঙাৰ আৰু খোজকঢ়াৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱাৰ যথেষ্ট আশংকা থাকিব।[33][34]

মুক্ত পতন[সম্পাদনা কৰক]

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ যাত্ৰী এজনক নমুনা জমা কৰি ৰখা অৱস্থাত দেখা গৈছে
এডাল মমবাতিৰ পৃথিৱীত (বাওফালে) আৰু আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ (সোঁফালে) দৰে এক মুক্ত পতন পৰিৱেশত হোৱা দহনৰ তুলনা

আই এছ এছৰ উচ্চতাত মাধ্যাকৰ্ষণ শক্তি ভূপৃষ্ঠৰ তুলনাত প্ৰায় ৯০%। কিন্তু কক্ষপথত থকা বস্তুবোৰ অবিৰতভাৱে মুক্ত পতন অৱস্থাত থাকে, যাৰ ফলত এক আপাত ওজনহীনতাৰ অৱস্থা দেখা যায়।[35] এই ওজনহীনতাৰ অনুভৱ কেইটামান প্ৰভাৱৰ দ্বাৰা বিঘ্নিত হয়:[36]

  • অৱশিষ্ট বায়ুমণ্ডলৰ টান।
  • যান্ত্ৰিক ব্যৱস্থা আৰু মহাকাশচাৰীৰ গতিবিধিৰ পৰা হোৱা কম্পন।
  • উচ্চতা বা কক্ষপথ পৰিৱৰ্তনৰ বাবে কৰা থ্ৰাষ্টাৰৰ প্ৰজ্বলন।
  • মাধ্যাকৰ্ষণ-নতি (Gravity-gradient) প্ৰভাৱ, যাক জোৱাৰ-ভাটাৰ প্ৰভাৱ বুলিও কোৱা হয়। আই এছ এছৰ ভিতৰত বিভিন্ন স্থানত থকা বস্তুবোৰ যদি কেন্দ্ৰটোৰ সৈতে সংযোগ কৰি ৰখা নহয়, তেন্তে প্ৰত্যেকেই সামান্য বেলেগ কক্ষপথ অনুসৰণ কৰিব। যান্ত্ৰিকভাৱে সংযুক্ত হোৱাৰ বাবে এই বস্তুবোৰে সৰু সৰু বলৰ সন্মুখীন হয় যিয়ে মহাকাশ কেন্দ্ৰটোক এটা কঠিন বস্তু হিচাপে গতিশীল কৰি ৰাখে।

গৱেষকসকলে উদ্ভিদ আৰু প্ৰাণীৰ বিৱৰ্তন, বিকাশ, বৃদ্ধি আৰু অভ্যন্তৰীণ প্ৰক্ৰিয়াৰ ওপৰত মহাকাশ কেন্দ্ৰটোৰ প্ৰায় ওজনহীন পৰিৱেশৰ প্ৰভাৱৰ বিষয়ে অনুসন্ধান কৰি আছে। কিছুমান তথ্যৰ প্ৰতিক্ৰিয়া স্বৰূপে নাছাই ত্ৰিমাত্ৰিক, মানুহৰ দৰে কলা আৰু মহাকাশত গঠন হ'ব পৰা অস্বাভাৱিক প্ৰটিন স্ফটিকৰ বৃদ্ধিৰ ওপৰত মাইক্ৰ'গ্ৰেভিটিৰ প্ৰভাৱৰ বিষয়ে অনুসন্ধান কৰিব বিচাৰিছে।[11]

মাইক্ৰ’গ্ৰেভিটিত তৰল পদাৰ্থৰ পদাৰ্থ বিজ্ঞান অনুসন্ধান কৰিলে তৰল পদাৰ্থৰ আচৰণৰ উন্নত আৰ্হি পোৱা যাব। যিহেতু মাইক্ৰ’গ্ৰেভিটিত তৰল পদাৰ্থ প্ৰায় সম্পূৰ্ণৰূপে একত্ৰিত কৰিব পৰা যায়, সেয়েহে পদাৰ্থবিজ্ঞানীসকলে পৃথিৱীত ভালদৰে মিহলি নোহোৱা তৰল পদাৰ্থৰ অনুসন্ধান কৰে। কম মাধ্যাকৰ্ষণ আৰু কম উষ্ণতাৰ ফলত মন্থৰ হোৱা বিক্ৰিয়াসমূহ পৰীক্ষা কৰিলে অতি পৰিবাহিতা সম্পৰ্কেও বুজাত সহায়ক হ'ব।[11]

বস্তু বিজ্ঞানৰ অধ্যয়ন আই এছ এছৰ এক গুৰুত্বপূৰ্ণ গৱেষণা কাৰ্য্যকলাপ, যাৰ উদ্দেশ্য হৈছে স্থলভাগত ব্যৱহৃত কৌশলৰ উন্নতিৰ জৰিয়তে অৰ্থনৈতিক লাভ আহৰণ কৰা।[37] আন আন আকৰ্ষণীয় ক্ষেত্ৰসমূহৰ ভিতৰত আছে- জ্বলনৰ কাৰ্যক্ষমতাৰ অধ্যয়ন, আৰু নিৰ্গমন আৰু প্ৰদূষক নিয়ন্ত্ৰণৰ জৰিয়তে দহনৰ ওপৰত কম মাধ্যাকৰ্ষণৰ প্ৰভাৱ অধ্যয়ন। এই তথ্যসমূহে শক্তি উৎপাদনৰ বিষয়ে জ্ঞান বৃদ্ধি কৰিব পাৰে, লগতে অৰ্থনৈতিক আৰু পৰিৱেশগত লাভৰ সূচনা কৰিব পাৰে।[11]

আই এছ এছত মানৱ জীৱন[সম্পাদনা কৰক]

মহাকাশচাৰী যাত্ৰীসকলৰ কাৰ্য্যকলাপ[সম্পাদনা কৰক]

অভিযন্তা গ্ৰেগ'ৰি চেমিটফে এখন খিৰিকীৰে বাহিৰলৈ চাইছে
স্পেছ শ্বাটল মিছন-১২২ৰ বিশেষজ্ঞসকলে আমেৰিকান গৱেষণাগাৰটোত ৰব'টিক সৰঞ্জামসমূহৰ ওপৰত কাম কৰি আছে

মহাকাশ কেন্দ্ৰটোত থকা যাত্ৰীসকলৰ গতানুগতিক দিন এটা পুৱা ০৬:০০ বজাত সাৰ পোৱাৰ পৰা লগে লগে আৰম্ভ হয়। টোপনিৰ পিছৰ কাৰ্য্যকলাপখিনি সমাপ্তিৰ পাছত পুৱাৰ ভাগত এবাৰ কেন্দ্ৰটো পৰিদৰ্শন কৰা হয়। তাৰ পিছত যাত্ৰীসকলে প্ৰাতঃভোজন কৰে আৰু প্ৰায় ০৮:১০ বজাত কাম আৰম্ভ কৰাৰ পূৰ্বে মিছন কণ্ট্ৰ’লৰ সৈতে দৈনিক পৰিকল্পনা সন্মিলনত অংশগ্ৰহণ কৰে। ইয়াৰ পিছত দিনটোৰ প্ৰথম নিৰ্ধাৰিত ব্যায়াম কৰা হয়। তাৰ পিছত যাত্ৰীসকলে ১৩:০৫ বজালৈকে কাম অব্যাহত ৰাখে। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে এঘণ্টাৰ বিৰতি লোৱাৰ পিছত, বিয়লি পুনৰ ব্যায়াম আৰু কাম কৰা হয়। ১৯:৩০ বজাৰ পৰা যাত্ৰীসকলে নিজৰ প্ৰাক-নিদ্ৰা কাৰ্য্যকলাপ আৰম্ভ কৰে, য’ত ৰাতিৰ আহাৰ আৰু যাত্ৰী সন্মিলনো অন্তৰ্ভুক্ত। নিৰ্ধাৰিত টোপনিৰ সময় ২১:৩০ বজাৰ পৰা আৰম্ভ হয়। সাধাৰণতে যাত্ৰীসকলে সপ্তাহৰ এটা দিনত দহ ঘণ্টাকৈ কাম কৰে। শনিবাৰে পাঁচ ঘণ্টা কাম কৰে, আৰু দিনটোৰ বাকী সময়খিনি জিৰণি বা আধৰুৱা কাম সমাপ্ত কৰিবলৈ ব্যৱহাৰ কৰে। [38]

আই এছ এছত ব্যৱহৃত সময় মণ্ডল হৈছে সমন্বিত বিশ্বজনীন সময় (UTC)।[39] কেন্দ্ৰটোত প্ৰতিদিনে ১৬ বাৰ সূৰ্য্য উদয় আৰু সূৰ্যাস্ত হয়। সেইবাবে নিশাৰ ভাগত খিৰিকীবোৰ ঢাকি থোৱা থাকে যাতে আন্ধাৰৰ আভাস পোৱা যায়। স্পেচ শ্বাটল অভিযানসমূহে ভ্ৰমণ কৰাৰ সময়ত আই এছ এছৰ যাত্ৰীসকলে প্ৰধানকৈ শ্বাটলৰ মিছন ইলেপছড্ টাইম (MET) অনুসৰণ কৰিছিল, যিটো স্পেচ শ্বাটল অভিযানৰ উৎক্ষেপণৰ সময়ৰ ওপৰত ভিত্তিশীল এটা নমনীয় সময় মণ্ডল আছিল।[40][41][42]

মহাকাশকেন্দ্ৰটোৱে অভিযানৰ প্ৰতিজন সদস্যৰ বাবে যাত্ৰী আৱাসগৃহ প্ৰদান কৰে। ঝভেজডাত দুটা, নৌকাত এটা আৰু হাৰমনিত চাৰিটা 'নিদ্ৰা কেন্দ্ৰ' স্থাপন কৰা হৈছে।[43][44][45][46] আমেৰিকা যুক্তৰাষ্ট্ৰ পৰিচালিত আৱাসগৃহবোৰ ব্যক্তিগত। প্ৰায় ব্যক্তিৰ আকাৰৰ এই ক্ষুদ্ৰ কুঠৰীবোৰ শব্দৰোধী। ঝভেজডাত থকা ৰাছিয়া পৰিচালিত যাত্ৰী আৱাসবোৰত এখনকৈ সৰু খিৰিকী আছে, কিন্তু বায়ু চলাচল আৰু শব্দৰোধৰ ব্যৱস্থা কম। এগৰাকী সদস্যই এটা যাত্ৰী আৱাসত এটা বান্ধি থোৱা শয়ন বেগত শুব পাৰে, সংগীত শুনিব পাৰে, লেপটপ ব্যৱহাৰ কৰিব পাৰে, আৰু ব্যক্তিগত সামগ্ৰীসমূহ এটা ডাঙৰ ড্ৰয়াৰত বা খোটালিৰ দেৱালত সংলগ্ন জালত সংৰক্ষণ কৰিব পাৰে। খোটালিবোৰত এটা পঢ়া লেম্প, এটা আলমাৰী আৰু এটা ডেস্কটপৰ ব্যৱস্থাও আছে।[47][48][49] ভ্ৰমণকাৰী যাত্ৰীসকলৰ বাবে কোনো আবণ্টিত নিদ্ৰা-খোটালি নাই। তেওঁলোকে খালী ঠাইৰ ওচৰৰ এখন বেৰত নিজৰ শয়ন বেগ সংলগ্ন কৰি ল'ব লাগে। কেন্দ্ৰটোৰ মাজেৰে মুক্তভাৱে ওপঙি শুই থকাটো সম্ভৱ, কিন্তু সংবেদনশীল সঁজুলিৰ সৈতে খুন্দা মৰাৰ সম্ভাৱনাৰ বাবে সাধাৰণতে এইটো এৰাই চলা হয়।[50] যাত্ৰীৰ বাসস্থানত ভালদৰে বায়ু চলাচল কৰাটো গুৰুত্বপূৰ্ণ; অন্যথা মহাকাশচাৰীসকলে অক্সিজেনৰ পৰা বঞ্চিত হৈ সাৰ পাই উঠিব পাৰে আৰু বায়ুৰ বাবে হাঁহাকাৰ কৰিব পাৰে। কাৰণ তেওঁলোকৰ মূৰৰ চাৰিওফালে নিজৰ উশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইডৰ এটা বুদবুদ গঠন হয়।[47] কেন্দ্ৰটোৰ বিভিন্ন কাৰ্য্যকলাপ আৰু যাত্ৰীৰ জিৰণিৰ সময়ত আই এছ এছৰ লাইটবোৰ নিস্প্ৰভ কৰিব পাৰি, বন্ধ কৰিব পাৰি আৰু ৰঙৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিব পাৰি।[51][52]

খাদ্য আৰু ব্যক্তিগত স্বাস্থ্যবিধি[সম্পাদনা কৰক]

আমেৰিকা যুক্তৰাষ্ট্ৰ পৰিচালিত খণ্ডটোত থকা বেছিভাগ খাদ্য প্লাষ্টিকৰ বেগত বায়ুৰুদ্ধ অৱস্থাত ৰখা হয়। বায়ুনিৰুদ্ধ টেমাৰ (can) ব্যৱহাৰ বিৰল, কাৰণ সেইবোৰ বৰ গধুৰ আৰু ব্যয়বহুল। সংৰক্ষিত খাদ্যক যাত্ৰীসকলে বিশেষ ভাল নাপায়, আৰু মাইক্ৰ'গ্ৰেভিটিত ইয়াৰ সোৱাদো হ্ৰাস পায়।[47] গতিকে খাদ্যক অধিক সুস্বাদু কৰি তোলাৰ প্ৰচেষ্টা চলোৱা হয়। তাৰ অংশস্বৰূপে, যাত্ৰীসকলে নিয়মীয়া ৰন্ধা-বঢ়াতকৈ মহাকাশ কেন্দ্ৰত অধিক মছলা ব্যৱহাৰ কৰে। পৃথিৱীৰ পৰা যিকোনো মহাকাশযানৰ আগমনৰ বাবে যাত্ৰীসকলে আগ্ৰহেৰে বাট চাই থাকে, কিয়নো তেওঁলোকে সতেজ ফল-মূল আৰু শাক-পাচলি কঢ়িয়াই আনে। খাদ্যবোৰ যাতে টুকুৰা টুকুৰ হৈ নপৰে, তাৰ প্ৰতি লক্ষ্য ৰখা হয়। মহাকাশ কেন্দ্ৰৰ সঁজুলিবোৰ যাতে দূষিত হ'ব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি গোটাতকৈ তৰল মছলাক প্ৰাধান্য দিয়া হয়। প্ৰতিজন সদস্যৰ হাতত ব্যক্তিগত খাদ্যৰ পেকেট থাকে আৰু তেওঁলোকে কেন্দ্ৰত থকা ৰন্ধনশালা ব্যৱহাৰ কৰে। ৰন্ধনশালাত দুটা খাদ্য গৰম কৰা সঁজুলি, এটা ফ্ৰীজ (২০০৮ চনৰ নৱেম্বৰ মাহত যোগ কৰা হৈছিল), আৰু এটা পানী বিতৰক আছে, যিয়ে গৰম আৰু গৰম নকৰা- দুয়োপ্ৰকাৰৰ পানী যোগান ধৰে।[48] পানীয়সমূহ শুকান গুড়ি হিচাপে যোগান ধৰা হয়, যিবোৰ খোৱাৰ আগতে পানীৰ সৈতে মিহলাই লোৱা হয়।[48][49] পানীয় আৰু চুৰুহাসমূহ প্লাষ্টিকৰ বেগৰ পৰা নলিকাৰে শোহা মাৰি খোৱা যায়। আনহাতে গোটা খাদ্যবোৰ চুম্বক থকা ট্ৰে' এখনত ছুৰী আৰু কাঁটাচামুচ লগাই খোৱা হয় যাতে সেইবোৰ ওপঙি নুফুৰে। খাদ্যৰ সৰু সৰু টুকুৰাকে ধৰি ওপঙি ফুৰা যিকোনো খাদ্য সংগ্ৰহ কৰিব লাগে, যাতে মহাকাশ কেন্দ্ৰৰ বায়ু পৰিস্ৰাৱক আৰু আন সঁজুলি চলাত বাধাৰ সৃষ্টি নকৰে।[49]

১৯৭০ চনৰ আৰম্ভণিতে স্কাইলেব আৰু ছাল্যুট ৩  মহাকাশ কেন্দ্ৰকেইটাত গা ধোৱা শ্বাৱাৰ প্ৰৱৰ্তন কৰা হৈছিল।[53]:139 ছাল্যুট ৬ অহালৈকে, ১৯৮০ চনৰ আৰম্ভণিতে মহাকাশত গা ধোৱাৰ ক্ষেত্ৰত সন্মুখীন হোৱা জটিলতাৰ বিষয়ে যাত্ৰীসকলে অভিযোগ কৰিছিল, যিটো তেতিয়া এটা মাহেকীয়া কাৰ্য্যকলাপ আছিল।[54] আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত কোনো শ্বাৱাৰ নাই। ইয়াৰ পৰিৱৰ্তে সদস্যসকলে পানীৰ জেট আৰু তিতা কাপোৰ ব্যৱহাৰ কৰি গা ধোৱে। টুথপেষ্টৰ নলীৰ দৰে পাত্ৰৰ পৰা চাবোন ব্যৱহাৰ কৰে। পানী ৰাহি কৰিবলৈ সদস্যসকলক চাবোন-পানী বিহীন চেম্পু আৰু খাব পৰা টুথপেষ্টো প্ৰদান কৰা হয়।[50][55]

আন্তৰ্জাতিক সহযোগিতা[সম্পাদনা কৰক]

পাঁচটা মহাকাশ সংস্থা আৰু পোন্ধৰখন দেশৰ সৈতে জড়িত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰটো ৰাজনৈতিক আৰু আইনীভাৱে ইতিহাসৰ আটাইতকৈ জটিল মহাকাশ অন্বেষণ কাৰ্যসূচী।[56][57] ১৯৯৮ চনৰ মহাকাশ কেন্দ্ৰ আন্তঃচৰকাৰী চুক্তিত পক্ষসমূহৰ মাজত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে প্ৰাথমিক কাঠামো উল্লেখ কৰা হৈছে। পৰৱৰ্তী চুক্তিসমূহৰ শৃংখলাটোৱে কেন্দ্ৰটোৰ অন্যান্য দিশসমূহ নিয়ন্ত্ৰণ কৰে, য'ত বিচাৰ-ক্ষমতাৰ বিষয়সমূহৰ পৰা আৰম্ভ কৰি ভ্ৰমণকাৰী মহাকাশচাৰীসকলৰ মাজত আচৰণ বিধিলৈকে অম্তৰ্ভুক্ত হৈছে।[58]

২০২২ চনত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ ক্ষেত্ৰত ৰাছিয়া আৰু অন্যান্য দেশসমূহৰ মাজত অব্যাহত থকা সহযোগিতাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে সহযোগিতাৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে মন্তব্য কৰি কয় যে "মই মূলতঃ কলাত্মক আৰু বৈজ্ঞানিক সহযোগিতা অব্যাহত ৰখাৰ পক্ষত আছোঁ, কিন্তু বৰ্তমানৰ পৰিস্থিতিত সেইবোৰো কেনেকৈ স্বাভাৱিকভাৱে চলি থাকিব পাৰে সেয়া আশা কৰাটো কঠিন।" [59] একেদিনাই ৰস্কচমছৰ সঞ্চালকপ্ৰধান দিমিত্ৰী ৰ’গোজিনে ইংগিত দিছিল যে ৰাছিয়াৰ প্ৰত্যাহাৰৰ ফলত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰটো শক্তি-যোগানকাৰী (reboost) ক্ষমতাৰ অভাৱত কক্ষপথচ্যুত হ’ব পাৰে। তেওঁ টুইটৰ শ্ৰেণী এটাত লিখিছিল, “যদি আপোনালোকে আমাৰ সৈতে সহযোগিতা বন্ধ কৰে, তেন্তে আই এছ এছক নিয়ন্ত্ৰণহীন অৱস্থাৰে আমেৰিকা বা ইউৰোপত ভূপতিত হোৱাৰ পৰা কোনে ৰক্ষা কৰিব? এই ৫০০ টনৰ গাঁথনিটো ভাৰত বা চীনত ভূপতিত হোৱাৰো সম্ভাৱনা আছে। আপোনালোকে তেওঁলোকক এনে এক সম্ভাৱনাৰে ভাবুকি দিব বিচাৰে নেকি? আই এছ এছ ৰাছিয়াৰ ওপৰেৰে প্ৰদক্ষিণ নকৰে, গতিকে সকলো বিপদ আপোনালোকৰ। আপোনালোক ইয়াৰ বাবে সাজুনে?"[60] পিছত ৰ'জ'গিনে টুইট কৰিছিল যে আই এছ এছৰ অংশীদাৰসকলৰ মাজত স্বাভাৱিক সম্পৰ্কসমূহ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পিছতহে পুনৰুদ্ধাৰ কৰিব পৰা যাব, আৰু ইংগিত দিছিল যে ৰস্কচমছে সহযোগিতা সমাপ্ত কৰাৰ বাবে ৰাছিয়া চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়াব।[61] নাছাই কয় যে, প্ৰয়োজন হ’লে আমেৰিকাৰ নৰ্থ্ৰপ গ্ৰুমেন কোম্পানীটোৱে এনে এক শক্তি যোগানকাৰী (reboost) ক্ষমতা আগবঢ়াইছে, যিয়ে আই এছ এছক তাৰ কক্ষপথত অক্ষত অৱস্থাত ৰাখিব পাৰে।[62]

অংশীদাৰী ৰাষ্ট্ৰসমূহ[সম্পাদনা কৰক]

ব্যয়[সম্পাদনা কৰক]

আই এছ এছক এতিয়ালৈকে নিৰ্মাণ কৰা আটাইতকৈ ব্যয়বহুল একক বস্তু বুলি অভিহিত কৰা হয়।[63] ২০১০ চনলৈকে ইয়াৰ মুঠ ব্যয় আছিল ১৫০ বিলিয়ন মাৰ্কিন ডলাৰ। ইয়াৰ ভিতৰত আছে ১৯৮৫ চনৰ পৰা ২০১৫ চনলৈ নাছাৰ ৫৮.৭ বিলিয়ন ডলাৰ (২০২১ চনৰ ডলাৰ নিৰিখত ৮৯.৭৩ বিলিয়ন ডলাৰ), ৰাছিয়াৰ ১২ বিলিয়ন ডলাৰ, ইউৰোপৰ ৫ বিলিয়ন ডলাৰ, জাপানৰ ৫ বিলিয়ন ডলাৰ আৰু কানাডাৰ ২ বিলিয়ন ডলাৰ বাজেট। লগতে মহাকাশ কেন্দ্ৰটো নিৰ্মাণৰ বাবে ৩৬খন শ্বাটল বিমানৰ প্ৰতিখনৰ ব্যয় প্ৰায় ১.৪ বিলিয়ন ডলাৰকৈ, মুঠ ৫০.৪ বিলিয়ন ডলাৰ ব্যয় হোৱা বুলি অনুমান কৰা হৈছে। ২০০০ চনৰ পৰা ২০১৫ চনলৈকে দুজনৰ পৰা ছয়জনীয়া মহাকাশচাৰীৰ দলে মুঠ ২০,০০০ ব্যক্তি-দিন ব্যৱহাৰ কৰা বুলি ধৰি ল’লে, প্ৰতিটো ব্যক্তি-দিনৰ বাবে ৭৫ লাখ ডলাৰকৈ খৰচ হৈছে।[64]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 Garcia, Mark (9 May 2018). "About the Space Station: Facts and Figures". NASA. https://www.nasa.gov/feature/facts-and-figures। আহৰণ কৰা হৈছে: 17 Jul 2020. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 Peat, Chris (21 May 2021). "ISS – Orbit". Heavens-Above. http://www.heavens-above.com/orbit.aspx?satid=25544। আহৰণ কৰা হৈছে: 21 May 2021. 
  3. "celestrak". https://www.celestrak.com/NORAD/elements/stations.txt. 
  4. NASA (18 February 2010). "On-Orbit Elements". NASA. Archived from the original on 29 October 2009. https://web.archive.org/web/20091029013438/http://www.nasa.gov/externalflash/ISSRG/pdfs/on_orbit.pdf। আহৰণ কৰা হৈছে: 19 June 2010. 
  5. "STS-132 Press Kit". NASA. 7 May 2010. Archived from the original on 25 December 2018. https://web.archive.org/web/20181225055516/https://www.nasa.gov/pdf/451029main_sts132_press_kit.pdf%20। আহৰণ কৰা হৈছে: 19 June 2010. 
  6. "STS-133 FD 04 Execute Package". NASA. 27 February 2011. Archived from the original on 25 December 2018. https://web.archive.org/web/20181225055518/https://www.nasa.gov/pdf/521138main_fd04_ep.pdf%20। আহৰণ কৰা হৈছে: 27 February 2011. 
  7. Gary Kitmacher (2006). Reference Guide to the International Space Station. প্ৰকাশক Canada: Apogee Books. পৃষ্ঠা. 71–80. ISBN 978-1-894959-34-6. ISSN 1496-6921. 
  8. "Human Spaceflight and Exploration – European Participating States". European Space Agency (ESA). 2009. http://www.esa.int/esaHS/partstates.html। আহৰণ কৰা হৈছে: 17 January 2009. 
  9. "International Space Station legal framework". European Space Agency (ESA). 19 November 2013. http://www.esa.int/Our_Activities/Human_Spaceflight/International_Space_Station/International_Space_Station_legal_framework। আহৰণ কৰা হৈছে: 21 February 2015. 
  10. 10.0 10.1 10.2 "International Space Station Overview". ShuttlePressKit.com. 3 June 1999. http://www.shuttlepresskit.com/ISS_OVR/index.htm। আহৰণ কৰা হৈছে: 17 February 2009. 
  11. 11.0 11.1 11.2 11.3 11.4 "Fields of Research". NASA. 26 June 2007. Archived from the original on 23 January 2008. https://web.archive.org/web/20080123150641/http://pdlprod3.hosc.msfc.nasa.gov/A-fieldsresearch/index.html। আহৰণ কৰা হৈছে: 16 May 2022. 
  12. 12.0 12.1 "Getting on Board". NASA. 26 June 2007. Archived from the original on 8 December 2007. https://web.archive.org/web/20071208091537/http://pdlprod3.hosc.msfc.nasa.gov/B-gettingonboard/index.html। আহৰণ কৰা হৈছে: 16 May 2022.  এই প্ৰবন্ধত এই উৎসৰ পৰা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে, যি ৰাজহুৱা ক্ষেত্ৰত আছে।
  13. "ISS Research Program". NASA. Archived from the original on 13 February 2009. https://web.archive.org/web/20090213140014/http://spaceflightsystems.grc.nasa.gov/Advanced/ISSResearch/। আহৰণ কৰা হৈছে: 27 February 2009. 
  14. Roberts, Jason (19 June 2020). "Celebrating the International Space Station (ISS)". NASA. http://www.nasa.gov/image-feature/celebrating-the-international-space-station-iss-0. 
  15. "Central Research Institute for Machine Building (FGUP TSNIIMASH) Control of manned and unmanned space vehicles from Mission Control Centre Moscow". Russian Federal Space Agency. ftp://130.206.92.88/Espacio/Mesa%20Redonda%205%20-%20R3%20-%20TSNIIMASH%20-%20V%20M%20IVANOV.pdf। আহৰণ কৰা হৈছে: 26 September 2011. [সংযোগবিহীন উৎস]
  16. "NASA Sightings Help Page". Spaceflight.nasa.gov. 30 November 2011. Archived from the original on 5 September 2016. https://web.archive.org/web/20160905161117/http://spaceflight.nasa.gov/realdata/sightings/help.html। আহৰণ কৰা হৈছে: 1 May 2012. 
  17. "NASA – Higher Altitude Improves Station's Fuel Economy" (en ভাষাত). nasa.gov. 2019-02-14. Archived from the original on 2021-12-25. https://web.archive.org/web/20211225215323/https://www.nasa.gov/mission_pages/station/expeditions/expedition26/iss_altitude.html। আহৰণ কৰা হৈছে: 2019-05-29. 
  18. "Current ISS Tracking data". NASA. 15 December 2008. Archived from the original on 25 December 2015. https://web.archive.org/web/20151225022741/http://spaceflight.nasa.gov/realdata/tracking/index.html। আহৰণ কৰা হৈছে: 28 January 2009.  এই প্ৰবন্ধত এই উৎসৰ পৰা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে, যি ৰাজহুৱা ক্ষেত্ৰত আছে।
  19. "Nations Around the World Mark 10th Anniversary of International Space Station". NASA. 17 November 2008. http://www.nasa.gov/mission_pages/station/main/10th_anniversary.html। আহৰণ কৰা হৈছে: 6 March 2009.  এই প্ৰবন্ধত এই উৎসৰ পৰা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে, যি ৰাজহুৱা ক্ষেত্ৰত আছে।
  20. Oberg, James (2005). "International Space Station". World Book Online Reference Center. http://www.worldbookonline.com/pl/referencecenter/article?id=ar279523। আহৰণ কৰা হৈছে: 3 April 2016. [সংযোগবিহীন উৎস]
  21. "Monitor of All-sky X-ray Image (MAXI)". JAXA. 2008. http://www.isas.jaxa.jp/e/forefront/2009/ueno/index.shtml। আহৰণ কৰা হৈছে: 12 March 2011. 
  22. ESA via SPACEREF[সংযোগবিহীন উৎস] "SOLAR: three years observing and ready for solar maximum", 14 March 2011
  23. "The International Space Station: life in space". Science in School. 10 December 2008. http://www.scienceinschool.org/2008/issue10/iss। আহৰণ কৰা হৈছে: 17 February 2009. 
  24. NASA – AMS to Focus on Invisible Universe Archived 2013-04-06 at the Wayback Machine. Nasa.gov (18 March 2011). Retrieved 8 October 2011. এই প্ৰবন্ধত এই উৎসৰ পৰা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে, যি ৰাজহুৱা ক্ষেত্ৰত আছে।
  25. In Search of Antimatter Galaxies – NASA Science Archived 2022-05-21 at the Wayback Machine. Science.nasa.gov (16 May 2011). Retrieved 8 October 2011. এই প্ৰবন্ধত এই উৎসৰ পৰা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে, যি ৰাজহুৱা ক্ষেত্ৰত আছে।
  26. Aguilar, M. et al. (AMS Collaboration) (3 April 2013). "First Result from the Alpha Magnetic Spectrometer on the International Space Station: Precision Measurement of the Positron Fraction in Primary Cosmic Rays of 0.5–350 GeV". Physical Review Letters খণ্ড 110 (14): 141102. doi:10.1103/PhysRevLett.110.141102. PMID 25166975. https://boa.unimib.it/bitstream/10281/44680/1/2013_PhysRevLett.110.141102_positron_fraction.pdf. 
  27. Staff (3 April 2013). "First Result from the Alpha Magnetic Spectrometer Experiment". AMS Collaboration. http://www.ams02.org/2013/04/first-results-from-the-alpha-magnetic-spectrometer-ams-experiment/। আহৰণ কৰা হৈছে: 3 April 2013. 
  28. Heilprin, John; Borenstein, Seth (3 April 2013). "Scientists find hint of dark matter from cosmos". Associated Press. http://apnews.excite.com/article/20130403/DA5E6JAG3.html. 
  29. Amos, Jonathan (3 April 2013). "Alpha Magnetic Spectrometer zeroes in on dark matter". BBC News. https://www.bbc.co.uk/news/science-environment-22016504. 
  30. Perrotto, Trent J.; Byerly, Josh (2 April 2013). "NASA TV Briefing Discusses Alpha Magnetic Spectrometer Results". NASA. http://www.nasa.gov/home/hqnews/2013/apr/HQ_M13-054_AMS_Findings_Briefing.html। আহৰণ কৰা হৈছে: 3 April 2013.  এই প্ৰবন্ধত এই উৎসৰ পৰা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে, যি ৰাজহুৱা ক্ষেত্ৰত আছে।
  31. Overbye, Dennis (3 April 2013). "Tantalizing New Clues Into the Mysteries of Dark Matter". The New York Times. https://www.nytimes.com/2013/04/04/science/space/new-clues-to-the-mystery-of-dark-matter.html. 
  32. Horneck, Gerda; Klaus, David M.; Mancinelli, Rocco L. (March 2010). "Space Microbiology". Microbiology and Molecular Biology Reviews (American Society for Microbiology) খণ্ড 74 (1): 121–156. doi:10.1128/MMBR.00016-09. PMID 20197502. PMC 2832349. Archived from the original on 30 August 2011. https://web.archive.org/web/20110830095643/http://syntheticbiology.arc.nasa.gov/files/SpaceMicrobiology%20MMBR%201.pdf। আহৰণ কৰা হৈছে: 4 June 2011.  (see Space Environment on page 122)
  33. Buckey, Jay (23 February 2006). Space Physiology. Oxford University Press USA. ISBN 978-0-19-513725-5. 
  34. Grossman, List (24 July 2009). "Ion engine could one day power 39-day trips to Mars". New Scientist. https://www.newscientist.com/article/dn17476-ion-engine-could-one-day-power-39day-trips-to-mars.html?full=true। আহৰণ কৰা হৈছে: 8 January 2010. 
  35. May, Sandra, ed (15 February 2012). "What Is Microgravity?". https://www.nasa.gov/audience/forstudents/5-8/features/nasa-knows/what-is-microgravity-58.html। আহৰণ কৰা হৈছে: 3 September 2018.  এই প্ৰবন্ধত এই উৎসৰ পৰা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে, যি ৰাজহুৱা ক্ষেত্ৰত আছে।
  36. "European Users Guide to Low Gravity Platforms". European Space Agency. 6 December 2005. http://www.esa.int/Our_Activities/Human_Spaceflight/Human_Spaceflight_Research/European_User_Guide_to_Low-Gravity_Platforms। আহৰণ কৰা হৈছে: 22 March 2013. 
  37. "Materials Science 101". Science@NASA. 15 September 1999. Archived from the original on 14 June 2009. https://web.archive.org/web/20090614033947/http://science.nasa.gov/newhome/headlines/msad15sep99_1.htm। আহৰণ কৰা হৈছে: 18 June 2009.  এই প্ৰবন্ধত এই উৎসৰ পৰা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে, যি ৰাজহুৱা ক্ষেত্ৰত আছে।
  38. "ISS Crew Timeline". NASA. 5 November 2008. Archived from the original on 30 July 2016. https://web.archive.org/web/20160730044854/http://www.nasa.gov/pdf/287386main_110508_tl.pdf। আহৰণ কৰা হৈছে: 5 November 2008. 
  39. "What time zone do they use on the International Space Station? – BBC Science Focus Magazine". Science Focus. https://www.sciencefocus.com/space/what-time-zone-do-they-use-on-the-international-space-station/। আহৰণ কৰা হৈছে: 26 May 2021. 
  40. "NASA – Time in Space, A Space in Time". nasa.gov. Archived from the original on 20 April 2015. https://web.archive.org/web/20150420050836/http://www.nasa.gov/mission_pages/station/research/news/time_in_space.html। আহৰণ কৰা হৈছে: 5 May 2015. 
  41. "A Slice of Time Pie". 17 March 2013. Archived from the original on 17 March 2013. https://web.archive.org/web/20130317075600/http://blogs.nasa.gov/cm/blog/ISS%20Science%20Blog/posts/post_1340820317951.html। আহৰণ কৰা হৈছে: 5 May 2015. 
  42. "Human Space Flight (HSF) – Crew Answers". spaceflight.nasa.gov. Archived from the original on 21 July 2011. https://web.archive.org/web/20110721054011/http://spaceflight.nasa.gov/feedback/expert/answer/crew/sts-113/index_2.html। আহৰণ কৰা হৈছে: 5 May 2015. 
  43. "Новости. Космонавт рассказал, кто может первым заселиться в модуль "Наука" на МКС". www.roscosmos.ru. https://www.roscosmos.ru/32150/। আহৰণ কৰা হৈছে: 2021-08-12. 
  44. "At Home with Commander Scott Kelly (Video)". প্ৰকাশক International Space Station: NASA. 6 December 2010. https://www.youtube.com/watch?v=Q4dG9vSyUFQ। আহৰণ কৰা হৈছে: 8 May 2011. 
  45. "Nauka module prelaunch booklet". Roscosmos. https://www.roscosmos.ru/media/files/nauka.pdf. 
  46. Broyan, James Lee; Borrego, Melissa Ann; Bahr, Juergen F. (2008). "International Space Station USOS Crew Quarters Development". SAE International. https://ntrs.nasa.gov/archive/nasa/casi.ntrs.nasa.gov/20080013462_2008012884.pdf। আহৰণ কৰা হৈছে: 8 May 2011. 
  47. 47.0 47.1 47.2 "Daily life". ESA. 19 July 2004. http://www.esa.int/esaHS/ESAH1V0VMOC_astronauts_0.html। আহৰণ কৰা হৈছে: 28 October 2009. 
  48. 48.0 48.1 48.2 Mansfield, Cheryl L. (7 November 2008). "Station Prepares for Expanding Crew". NASA. Archived from the original on 4 December 2008. https://web.archive.org/web/20081204054653/http://www.nasa.gov/mission_pages/station/behindscenes/126_payload.html। আহৰণ কৰা হৈছে: 17 September 2009. 
  49. 49.0 49.1 49.2 "Living and Working on the International Space Station". CSA. Archived from the original on 19 April 2009. https://web.archive.org/web/20090419045323/http://www.asc-csa.gc.ca/pdf/educator-liv_wor_iss.pdf। আহৰণ কৰা হৈছে: 28 October 2009. 
  50. 50.0 50.1 Malik, Tariq (27 July 2009). "Sleeping in Space is Easy, But There's No Shower". Space.com. http://www.space.com/missionlaunches/090827-sts127-space-sleeping.html। আহৰণ কৰা হৈছে: 29 October 2009. 
  51. Bedtime in space. youtube.com. Event occurs at সাঁচ:Time needed. Archived from the original on 2021-12-11. Retrieved 2019-09-21.  Unknown parameter |url-status= ignored (help)
  52. "STEMonstrations: Sleep Science" (AV media). NASAimages.nasa.gov. 2018-12-13. https://images.nasa.gov/details-jsc2018m000902-STEMonstrations_Sleep_Science_MP4। আহৰণ কৰা হৈছে: 2020-06-13. 
  53. Benson, Charles Dunlap and William David Compton. Living and Working in Space: A History of Skylab. NASA publication SP-4208.
  54. Portree, David S. F. (March 1995). Mir Hardware Heritage. NASA. পৃষ্ঠা. 86. Reference Publication 1357. OCLC 755272548. https://history.nasa.gov/SP-4225/documentation/mhh/mirheritage.pdf. 
  55. Nyberg, Karen (12 July 2013). Karen Nyberg Shows How You Wash Hair in Space. YouTube.com. NASA. Archived from the original on 2021-12-11. Retrieved 6 June 2015.  Unknown parameter |url-status= ignored (help)
  56. "International Cooperation". NASA. 25 March 2015. https://www.nasa.gov/mission_pages/station/cooperation/index.html। আহৰণ কৰা হৈছে: 12 April 2020. 
  57. Garcia, Mark (2015-03-25). "International Cooperation". NASA. http://www.nasa.gov/mission_pages/station/cooperation/index.html। আহৰণ কৰা হৈছে: 2020-05-02. 
  58. Farand, Andre. "Astronauts' behaviour onboard the International Space Station: regulatory framework" (PDF). International Space Station. UNESCO.
  59. "Boris Johnson to Announce New Russia Sanctions After Ukraine Invasion". https://www.youtube.com/watch?v=F_CLi5CKxpc. 
  60. "The Russian invasion of Ukraine will have myriad impacts on spaceflight" (en ভাষাত). Ars Technica. 2022-02-25. https://arstechnica.com/science/2022/02/the-russian-invasion-of-ukraine-will-have-myriad-impacts-on-spaceflight/। আহৰণ কৰা হৈছে: 2022-03-04. 
  61. Berger, Eric (2 April 2022). "Russia asked NASA to end sanctions to save the ISS, but the West didn't blink" (en-us ভাষাত). Ars Technica. https://arstechnica.com/science/2022/04/no-no-no-russia-is-not-halting-cooperation-on-the-space-station/. 
  62. "Nasa explores how to keep international space station in orbit without Russian help" (en ভাষাত). the Guardian. Agence France-Presse. 1 March 2022. https://www.theguardian.com/science/2022/mar/01/nasa-explores-how-to-keep-international-space-station-in-orbit-without-russian-help. 
  63. Zidbits (6 November 2010). "What Is The Most Expensive Object Ever Built?". Zidbits.com. http://zidbits.com/?p=19। আহৰণ কৰা হৈছে: 22 October 2013. 
  64. Lafleur, Claude (8 March 2010). "Costs of US piloted programs". The Space Review. http://www.thespacereview.com/article/1579/1.  See author correction in comments.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]