কামসূত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কামসূত্ৰ  
লেখক বাৎসায়ন
শিৰোনাম कामसूत्र
অনুবাদক বিভিন্ন
দেশ ভাৰত
ভাষা সংস্কৃত
বিষয় ভালদৰে জীৱন-যাপন কৰাৰ কলা, প্ৰেমৰ প্ৰকৃতি, জীৱন সংগীৰ সন্ধান, নিজৰ জীৱনৰ প্ৰেমৰ দিশটো বজাই ৰখা আৰু মানৱ জীৱনৰ আনন্দমুখিতা সম্পৰ্কীয় অন্যান্য দিশ
প্ৰকাৰ সূত্ৰ
ইংৰাজীত
প্ৰকাশ
১৮৮৩

কামসূত্ৰ (হিন্দী: कामसूत्र; আক্ষৰিক: 'কামনাৰ নীতি') হৈছে এক প্ৰাচীন ভাৰতীয় হিন্দু[1][2] সংস্কৃত গ্ৰন্থ। ইয়াৰ বিষয়বস্তু হৈছে মানৱ জীৱনৰ যৌনতা, কামোদ্দীপনা আৰু আৱেগিক পৰিপূৰ্ণতা। [3][4][5] ইয়াৰ ৰচয়িতা হৈছে বাৎসায়ন[6] কামসূত্ৰ বিষয়ক আটাইতকৈ প্ৰাচীন গ্ৰন্থখন অভিৰা ৰাজ্যত ৰচনা কৰা হৈছিল।[7] কামসূত্ৰ একচেটিয়াভাৱে কেৱল যৌন ভংগিমা বিষয়ক নিয়মাৱলী নহয়। [3] ইয়াত ভালদৰে জীৱন-যাপন কৰাৰ কলা, প্ৰেমৰ প্ৰকৃতি, জীৱন সংগীৰ সন্ধান, নিজৰ জীৱনৰ প্ৰেমৰ দিশটো বজাই ৰখা আৰু মানৱ জীৱনৰ আনন্দমুখিতা সম্পৰ্কীয় অন্যান্য দিশবোৰো সামৰি লোৱা হৈছে। [3][8][9] কামসূত্ৰ হৈছে বিভিন্ন ব্যাখ্যা আৰু ভাষ্যৰ সৈতে সংক্ষিপ্ত পদত নিবন্ধিত আধুনিক যুগতো বৰ্তি থকা এক সূত্ৰ ধাৰাৰ গ্ৰন্থ। গ্ৰন্থখন গদ্য আৰু অনুস্তুভ-অক্ষৰৰ কাব্যিক শ্লোকৰ মিশ্ৰণ। ই হিন্দুধৰ্মৰ পুৰুষাৰ্থৰ ধাৰণাক মান্যতা দিয়াৰ লগতে আকাংক্ষা, যৌনতা আৰু আৱেগিক পৰিপূৰ্ণতাক জীৱনৰ এক সঠিক লক্ষ্য হিচাপে তালিকাভুক্ত কৰিছে। ইয়াৰ অধ্যায়বোৰত প্ৰেমৰ পদ্ধতি, সামাজিক দিশেৰে জড়িত হ’বলৈ কলাৰ প্ৰশিক্ষণ, সঙ্গীৰ সন্ধান, ৰমন্যাস, বিবাহিত জীৱনত ক্ষমতা বজাই ৰখা, ব্যভিচাৰ, যৌন ভংগিমা আৰু অন্যান্য বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে। [10] গ্ৰন্থখনৰ অধিকাংশই প্ৰেমৰ দৰ্শন আৰু তত্ত্ব। আকাংক্ষাক উদ্দীপিত কৰা আৰু ইয়াক বাহাল ৰখাৰ কাৰকৰ লগতে এইসমূহ কেতিয়া আৰু কেনেকৈ ভাল বা বেয়া হয় এই বিষয়ে বৰ্ণনা কৰা হৈছে।[11][12]

এই পুথিখন ভাৰতীয় কামশাস্ত্ৰসমূহৰ অন্যতম।[13] ভাৰতীয় ভাষাৰ লগতে আন ভাষালৈ বহুলভাৱে অনূদিত গ্ৰন্থসমূহৰ ভিতৰতো ই অন্যতম। কামসূত্ৰই খ্ৰীষ্টিয় চতুৰ্থ শতিকাৰ পিছৰ পৰা ভালেসংখ্যক পুথি আৰু হিন্দু মন্দিৰৰ অলংকৰণ তথা ভাস্কৰ্যক প্ৰভাৱিত কৰিছে। ইয়াৰে ভিতৰত মধ্যপ্ৰদেশৰ খাজুৰাহোৰ ভাস্কৰ্যসমূহে ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্যাদা লাভ কৰিছে। [14] উত্তৰ ভাৰতত এতিয়ালৈকে বৰ্তি থকা মন্দিৰসমূহৰ ভিতৰত ৰাজস্থানৰ এটা মন্দিৰত কামসূত্ৰৰ আটাইবোৰ প্ৰধান অধ্যায় আৰু যৌন ভংগিমা চিত্ৰায়িত কৰা হৈছে।[15] ৱেণ্ডি ডোনিগাৰৰ মতে ১৮৮৩ চনত ৰিচাৰ্ড বাৰ্টনে গ্ৰন্থখনৰ ইংৰাজী অনুবাদ প্ৰকাশ কৰাৰ পিছত ই ইংৰাজী ভাষাৰ সৰ্বাধিক ‘পাইৰেটেড’ গ্ৰন্থৰ অন্যতম হৈ পৰে। অৱশ্যে বাৰ্টনৰ সংস্কৰণটো ১৯ শতিকাৰ ভিক্টোৰিয়ান ধাৰাৰ মনঃপুত হোৱাকৈ ভগৱানলাল ইন্দ্ৰজিৎ আৰু শিৱৰাম পৰশুৰাম ভীড়েই কৰা অনুবাদৰ পৰিৱৰ্দ্ধিত সংস্কৰণ হোৱাৰ বাবে উক্ত সংস্কৰণটোৱে মূল কামসূত্ৰক সঠিককৈ প্ৰতিফলিত কৰা নাই।[16]

ৰচনাকাল, ৰচয়িতা আৰু ইতিহাস[সম্পাদনা কৰক]

জম্মু আৰু কাশ্মীৰৰ ৰঘূনাথ মন্দিৰৰ সুৰক্ষা কক্ষত সংৰক্ষিত কৰি ৰখা কামসূত্ৰৰ এখন পৃষ্ঠা।

মূল কামসূত্ৰৰ ৰচনাকালৰ (তাৰিখ বা শতিকা) বিষয়ে জনা নাযায়। ইতিহাসবিদসকলে পুথিখনৰ ৰচনাকাল খ্ৰীষ্টপূৰ্ব ৪০০-ৰ পৰা খ্ৰীষ্টিয় ৩০০-ৰ ভিতৰত বুলি ঠাৱৰ কৰিছে।[17]জন কেৰ মত অনুসৰি খ্ৰীষ্টিয় দ্বিতীয় শতিকাত কামসূত্ৰই সংকলিত হৈ বৰ্তমানৰ ৰূপ লাভ কৰে। [18] ইয়াৰ বিপৰীতে, কামসূত্ৰক সহ-অনুবাদ কৰা ইণ্ডোল’জিষ্ট ৱেণ্ডি ডোনিগাৰৰ মতে বৰ্মানে উপলব্ধ কামসূত্ৰ ২২৫ চনৰ পিছতহে সংকলিত কৰা হৈছে কিয়নো ইয়াত অভিৰা বা অন্ধ্ৰ সাম্ৰাজ্যৰ বিষয়ে উল্লেখ আছে আৰু এই সাম্ৰাজ্যই ২২৫ চনৰ আগতে প্ৰাচীন ভাৰতৰ প্ৰধান অঞ্চলসমূহত শাসন কৰা নাছিল। [19] পুথিখনত ৪ৰ্থৰ পৰা ৬ষ্ঠ শতিকালৈ প্ৰাচীন ভাৰতৰ কলা, হিন্দু সংস্কৃতি আৰু অৰ্থনীতিক নতুন ৰূপত গঢ় দিয়া গুপ্ত সাম্ৰাজ্যৰ বিষয়ে উল্লেখ নাই। সেয়ে তেওঁ কামসূত্ৰৰ কালছোৱা খ্ৰীষ্টিয় ৩য় শতিকাৰ বুলি সিদ্ধান্ত দিছে। [19]

কামসূত্ৰৰ ৰচনাৰ স্থানৰ বিষয়েই স্পষ্টকৈ পোৱা নাযায়। প্ৰাচীন ভাৰতৰ উত্তৰ বা উত্তৰ-পশ্চিমৰ নগৰ কেন্দ্ৰসমূহ ইয়াৰ ৰচনাৰ স্থান হ’ব পাৰে। পূবৰ নগৰ কেন্দ্ৰ পাটলিপুত্ৰ বা বৰ্তমানৰ পাটনাতো পুথিখন ৰচনা ক্ৰা হ’ব পাৰে। [20]

বাৎসায়ন মল্লনাগকেই কামসূত্ৰৰ ৰচনাৰ কৃতিত্ব দিয়া যায় যদিও তেওঁৰ বিষয়ে বিশেষ জনা নাযায়। [20] বাৎসায়নে উল্লেখ কৰিছে যে তেওঁ পুথিখন যথেষ্ট ধ্যানৰ অন্তত ৰচনা কৰিছিল। [21] ইয়াৰ পাতনিত তেওঁ উল্লেখ কৰিছে যে তেওঁ বহুতো প্ৰাচীন পুথি আহৰণ কৰিছিল কিন্তু সেয়া বৰ্তি থকা নাই। [21] তেওঁ ঔদ্দালকি, বভ্ৰভ্য, দত্তক, সুৱৰ্ননাভ, ঘটকামুখ, গোনাৰ্দিয়, গণিকাপুত্ৰ, চাৰায়ন, কুচুমাৰ আদিৰ লগতে অন্য লেখকৰ কৰ্মৰ সূত্ৰ দিছে আৰু তেওঁলোকক শিক্ষক বা পণ্ডিত বুলি অভিহিত কৰিছে। [21] বৰাহমিহিৰৰ বৃহৎসংহিতা আৰু কালিদাসৰ কাব্যত বাৎসায়নৰ কামসূত্ৰৰ উল্লেখ থকাৰ লগতে ইয়াৰ শ্লোকৰ উদ্ধৃতি দিয়া হৈছে। এই কথাই সূচায় যে তেওঁ খ্ৰীষ্টিয় ৫ম শতিকাৰ আগৰ আছিল। [22][23]

পৃষ্ঠভূমি[সম্পাদনা কৰক]

হিন্দু মন্দিৰসমূহত কাম বিষয়ক কাৰুকাৰ্য সুলভ। চিত্ৰত ষষ্ঠৰ পৰা চতুৰ্দশ শতিকাৰ মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, ৰাজস্থান, গুজৰাট, কৰ্ণাটক, চত্তিছগড়, উৰিষ্যা, তামিলনাডু, অন্দ্ৰপ্ৰদেশ আৰু নেপালৰ মন্দিৰৰ চিত্ৰায়ন।

হিন্দু পৰম্পৰাৰ পুৰুষাৰ্থৰ ধাৰণাত জীৱনৰ চাৰিটা উদ্দেশ্যৰ কথা কোৱা হৈছে।[24][25] পুৰুষাৰ্থৰ মতে প্ৰতিগৰাকী ব্যক্তিৰ পৰিপূৰ্ণ আৰু সুখী জীৱনৰ বাবে এই চাৰিটা উদ্দেশ্য প্ৰয়োজনীয়।[26]

  • ধৰ্ম – ই ঋত (সজ) অনুসৰি কৰা আচৰণক সূচায় যি জীৱন আৰু ব্ৰহ্মাণ্ডক সম্ভৱ কৰি তোলে।[27] ধৰ্মত কৰ্তব্য, অধিকাৰ, নীতি, আচাৰ, মূল্যবোধ আৰু জীৱন যাপনৰ শুদ্ধ পথ অন্তৰ্ভুক্ত।[28] হিন্দু ধৰ্মই প্ৰতিগৰাকী ব্যক্তিৰে ধৰ্মীয় কৰ্তব্য, নৈতিক অধিকাৰ আৰু কৰ্তব্যৰ লগতে সামাজিক ভাৰসাম্য বজাই ৰখা আচাৰ, সজ আচৰণ আৰু মূল্যবোধ সামৰি লয়।[28][29]
  • অৰ্থ – ই জীৱন জীৱিকাৰ মাধ্যমক সূচায়। যিসমূহ কাৰ্য আৰু সংসাধনৰ জৰিয়তে এজন লোকে তেওঁ বিচৰা এক অৱস্থা প্ৰাপ্ত কৰিব পাৰে সেয়াই অৰ্থ।[30] অৰ্থই ধন, কেৰিয়াৰ, জীৱিকা, বিত্তীয় সুৰক্ষা আৰু অৰ্থনৈতিক স্বচ্ছন্দক বুজায়।[31][32]
  • কাম – কামৰ অৰ্থ হৈছে কামনা-বাসনা, অনুভৱ, সুখানুভূতি, প্ৰেম আৰু জীৱনৰ উদযাপন। ই যৌনতাৰ সামৰি ল'বও পাৰে বা নল'বও পাৰে।[33] গেভিন ফ্লাডে বৰ্ণনা কৰিছে যে[34] কাম হৈছে ধৰ্ম, অৰ্থ আৰু মোক্ষক (আত্মিক মুক্তি) ভংগ নকৰাকৈ কৰা প্ৰেম।
  • মোক্ষ – মোক্ষই মুক্তি বা নিৰ্বাণক সূচায়।[35] হিন্দুধৰ্মৰ কোনো কোনো শিক্ষণৰ মতে মোক্ষৰ অৰ্থ হৈছে সংসাৰ তথা জন্ম-মৃত্যুৰ চক্ৰৰ পৰা মুক্তিলাভ। আন কিছু শিক্ষণ অনুযায়ী মোক্ষৰ অৰ্থ হৈছে জীৱনৰ স্বাধীনতা, আত্ম-উপলব্ধি আৰু নিৰ্বাণ।[36][37]

এই আটাইকেইটা উদ্দেশ্য অধ্যয়নৰ বিষয়বস্তু হৈ পৰাৰ হেতুকে ই প্ৰাচীন ভাৰতৰ সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ সাহিত্যলৈ দিকনিৰ্দেশ কৰিছিল। ধৰ্মশাস্ত্ৰ, অৰ্থশাস্ত্ৰ আৰু মোক্ষশাস্ত্ৰৰ লগতে কামশাস্ত্ৰৰ ধাৰাটোকো তালপাতৰ পুথিৰ আকাৰত সংৰক্ষিত কৰা হৈছিল। কামসূত্ৰ কামশাস্ত্ৰ ধাৰাৰ সাহিত্য। যৌনতা আৰু অনুভৱ সম্পৰ্কীয় অন্যান্য সংস্কৃত পুথিৰ ভিতৰত ৰতিৰহস্য, অনঙ্গৰঙ্গ, নগৰসৰ্বস্ব, কন্দৰ্পচূড়মণি আৰু পঞ্চশায়ক আদি উল্লেখযোগ্য।[38][39][40] নৃতত্ত্ববিদ তথা ধৰ্মীয় অধ্যয়নৰ অধ্যাপক ল'ৰা ডেচমণ্ডৰ মতে ভাৰতীয় কামশাস্ত্ৰৰ সংজ্ঞাত্মক উদ্দেশ্য হৈছে "নিজৰ সৈতে জগতৰ" এক ভাল সম্পৰ্কৰ মাজেৰে দুয়োপক্ষৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ আৱিষ্কাৰ তথা পৰিৱৰ্দ্ধিত অনুভৱৰ যোগেদি এক "সমন্বিত অনুভূতিশীল অভিজ্ঞতা" লাভ কৰা। [40] বাৎসায়নে মূলতঃ ধৰ্ম আৰু অৰ্থৰ সৈতে কামৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিছে। জীৱনৰ চতুৰ্থ উদ্দেশ্যৰ বিষয়ে তেওঁ কিছুসংখ্যক শ্লোকত উল্লেখ কৰিছে।[41]

বৈদিক ঐতিহ্য[সম্পাদনা কৰক]

কামসূত্ৰৰ আটাইতকৈ পুৰণি কাঠামোৰ উদাহৰণ বৈদিক যুগৰ হিন্দু সাহিত্যত পোৱা যায়। [42][43] বাৎসায়নে এই বিষয়ে শ্লোক ১.১.৯ ত কৈছে আৰু কামসূত্ৰৰ প্ৰথমগৰাকী ৰচয়িতা হিচাপে শ্বেতকেতু উদ্দালকৰ নাম উল্লেখ কৰিছে। উদ্দালক হৈছে প্ৰত্ন-উপনিষদ যুগৰ এগৰাকী ঋষি। তেওঁৰ ধাৰণাসমূহৰ বিষয়ে বৃহদাৰণ্যক উপনিষদ ভাগ ৬.২ আৰু ছান্দোগ্য উপনিষদৰ শ্লোক ৫.৩ আৰু ৫.১০-ত পোৱা যায়। [42] ইণ্ডোল'জিষ্ট আৰু সংস্কৃতৰ বিদ্বান পেট্ৰিক অলিভেলৰ মতে এই হিন্দু সাহিত্যসমূহৰ ৰচনাকাল খ্ৰীষ্টপূৰ্ব ৯০০-৭০০। অন্যান্য ধাৰণা যেনে লগতে আত্ম, ব্ৰহ্ম আদিৰ লগতে এই উপনিষদসমূহে মানৱ জীৱন, কাৰ্যকলাপ আৰু অস্তিত্বৰ প্ৰকৃতিৰ বিষয়ে আলোচনা কৰিছে য'ত যৌনতাক যজ্ঞৰ সৈতে সম্পৰ্কিত কৰি ইয়াত আধ্যাত্মিক ভাৱ সংৰোপণ কৰা হৈছে। [42]

একুৰা জুই – এয়া হৈছে নাৰী, গৌতম।
তেওঁৰ অগ্নিদণ্ডিকা হৈছে যোনিমুখ,
তেওঁৰ ধুম্ৰ হৈছে যৌনকেশ,
তেওঁৰ অগ্নিশিখা হৈছে যোনি,
যেতিয়া কোনোবাই তেওঁক ৰমণ কৰে, সেয়া তেওঁৰ অঙঠা,
তেওঁৰ ফিৰিঙতি হৈছে ৰাগমোচন।
সেইকুৰা জুইতে দেৱতাসকলে ৰেতঃ নিক্ষেপ কৰে,
আৰু সেই আহুতিৰ পৰা এক মানৱৰ জন্ম হয়।

বৃহদাৰণ্যক উপনিষদ ৬.২.১৩, ৭০০ খ্ৰীষ্টপূৰ্ব[44][45]

ইণ্ডোল'জিষ্ট ডিৰ মতে কামসূত্ৰ বৈদিক যুগৰ ধৰ্মীয় সাহিত্যৰ পৰা আৰম্ভ হোৱাৰ ই বহুকেইটা প্ৰমাণৰ এটা আৰু এই ধাৰণাসমূহক পৰৱৰ্ত্তী কালত পৰিশোধন কৰি বাৎসায়নে এক সূত্ৰ ধাৰাৰ সাহিত্যৰ ৰূপ দিয়ে। ডোবিগাৰেও এই ধাৰণাটোৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে। [43] ডোনিগাৰৰ মতে সুখভোগ আৰু যৌনতাক উদযাপন কৰাৰ এই প্ৰক্ৰিয়া ধাৰ্মিক কাৰ্য হিচাপে ঋকবেদৰ পৰাই আৰম্ভ হয়। [46] কামসূত্ৰ আৰু যৌনতাৰ উদযাপন হিন্দুধৰ্মৰ অবিচ্ছেদ্য অংগ আৰু ই মন্দিৰসমূহত বিদ্যমান।[47][48]

মহাকাব্য[সম্পাদনা কৰক]

মানৱ সম্পৰ্ক, যৌনতা আৰু অনুভূতিৰ পূৰ্তিকৰণ বৈদিক যুগৰ পৰৱৰ্তী কালৰ সংস্কৃত সাহিত্য যেনে প্ৰধান হিন্দু মহাকাব্য মহাভাৰত আৰু ৰামায়ণৰ এক তাৎপৰ্যপূৰ্ন অংগ। জোহান মেয়েৰে বক্তব্য আগবঢ়াইছে যে প্ৰেম আৰু যৌনতা প্ৰাচীন ভাৰতীয় দৃষ্টিকোণত এক আনন্দদায়ক প্ৰয়োজনীয়তাৰূপে পৰিগণিত হৈ আহিছে। যদিও নাৰী অন্তৰ্মুখী আৰু চয়নাত্মক, "এগৰাকী নাৰী সুৰতৰ (কামুক বা যৌন তৃপ্তি) তীব্ৰ আকাংক্ষী" আৰু "এগৰাকী নাৰীৰ অতিশয় তীব্ৰ উত্তেজনাময় প্ৰকৃত্ৰি থাকে, যৌনকাৰ্যত তেওঁৰ তৃপ্তি এজন পুৰুষতকৈ অধিক।" [49]

পুৰালিপি[সম্পাদনা কৰক]

সমগ্ৰ ভাৰততে কামসূত্ৰৰ বিভিন্ন সংস্কৰণৰ পুৰালিপি সিঁ‌চৰতি হৈ বৰি আছে। বিভিন্ন ভাৰতীয় আঞ্চলিক ভাষা যেনে মাৰাঠী আদিলৈ বহুলভাৱে অনূদিত সংস্কৃত কামশাস্ত্ৰৰ পুথি অনঙ্গৰঙ্গৰ অনুবাদ কৰিবলৈ গৈ ইংৰাজ অ'ৰিয়েণ্টেলিষ্ট ৰিচাৰ্ড বাৰ্টন কামসূত্ৰৰ পুৰালিপিৰ কেইটামান অংশত থমকি ৰ'ব লগা হয়। তেওঁ কামসূত্ৰৰ সম্পূৰ্ণ পুৰালিপিৰ সন্ধান উলিয়াবৰ বাবে সংস্কৃত পণ্ডিত ভগৱানলাল ইন্দ্ৰজীৰ কাষ চাপে। ইন্দ্ৰজীয়ে বাৰণসী, কলকাতা আৰু জয়পুৰৰ বিভিন্ন পুথিভঁ‌ৰাল আৰু মন্দিৰৰ পৰা বিভিন্ন পুৰালিপি সংগ্ৰহ কৰে। বাৰ্টনে এই পুৰালিপিসমূহৰ সম্পাদিত ইংৰাজী অনুবাদ প্ৰকাশ কৰি উলিয়ায় যদিও সংস্কৃত ভাষাৰ এক সমালোচনাত্মক সংস্কৰণ উলিওৱাৰ পৰা বিৰত থাকে। [50]

১৯৬১ চনত কৰা কামসূত্ৰৰ পাণ্ডিত্যমূলক অধ্যয়ন আৰু অধিক শুদ্ধ অনুবাদৰ বাবে জনাজাত এছ চি উপাধ্যায়ৰ মতে এই পুৰালিপিসমূহত কিছু সমস্যা আছে আৰু এইসমূহৰ পাঠ্য সময় বাগৰাৰ লগে লগে সংশোধনৰ সন্মুখীন হৈছে।[51] কাম বিষয়ক প্ৰথম সহস্ৰাব্দৰ হিন্দু পাঠ্যসমূহত কামসূত্ৰৰ কথা তথ্যসূত্ৰ হিচাপে উল্লেখ কৰা হৈছে যদিও তাত উল্লিখিত উদ্ধৃতিসমূহ কামসূত্ৰত পোৱা নোযোৱালৈ চাই উপৰোক্ত কথাষাৰৰ সত্যতা নিশ্চিত হয়।[51][52]

বিষয়সূচী[সম্পাদনা কৰক]

বাৎসায়নৰ কামসূত্ৰত উল্লেখ আছে যে ইয়াত ৭টা খণ্ডত ৩৬টা অধ্যায়ৰ ৬৪টা অংশত মুঠ ১,২৫০টা শ্লোক আছে। [53] এই বক্তব্যটো পুথিখনৰ আৰম্ভণিৰ অধ্যায়তেই সন্নিৱিষ্ট হৈ আছে। [54] আধুনিক যুগলৈকে বৰ্তি থকা সংস্কৰণটোত ৬৭টা অংশ আছে আৰু এই তালিকাখন সপ্তম অধ্যায়ত পুথিখনৰ ওপৰত যশোধৰাৰ সংস্কৃত ভাষ্যৰ সৈতে দিয়া হৈছে। [54]

কামসূত্ৰত গদ্য আৰু পদ্যৰ সংমিশ্ৰণ দেখা যায় আৰু ইয়াৰ বৃতান্ত দুই চৰিত্ৰ ক্ৰমে নায়ক আৰু নায়িকাৰ নাটকীয় কাহিনীৰ মাজেৰে পিতামৰ্দ, ভিটা আৰু বিদূষক নামৰ চৰিত্ৰৰ সহায়ত আগবাঢ়িছে। সংস্কৃত গ্ৰন্থ নাট্য শাস্ত্ৰৰ শিক্ষণতো এই সজ্জা দেখা যায়। [55] কামসূত্ৰৰ শিক্ষণ আৰু আলোচনাত হিন্দু কিংবদন্তিয়ে ব্যাপক ৰূপত স্থান পাইছে।[56]

কামসূত্ৰ
খণ্ড.অধ্যায় শ্লোক বিষয়[57][58][59]
সাধাৰণ মন্তব্য
১.১ ১–২৪ পাতনি, কাম বিষয়ক সাহিত্যৰ ইতিহাস, বিষয়সমূহৰ থূলমূল আভাস
১.২ ১–৪০ কাম বিষয়ক জ্ঞানৰ উপযুক্ত বয়স, জীৱনৰ তিনিটা লক্ষ্য: ধৰ্ম, অৰ্থ, কাম; এইসমূহৰ প্ৰয়োজনীয় পাৰস্পৰিক সম্পৰ্ক, মানুহৰ স্বাভাৱিক প্ৰশ্ন
১.৩ ১–২২ কামৰ আয়োজন, উন্নতমানৰ জীৱন যাপনৰ বাবে চৌষষ্ঠী কলা, যুৱতিসকলে কেনেদৰে এই কলাসমূহ আয়ত্ত কৰিব আৰু ইয়াৰ প্ৰশিক্ষণ ল'ব পাৰে, এইসমূহৰ জীৱনজোৰা উপযোগিতা আৰু উন্নত কামৰ বাবে ইয়াৰ অৱদান
১.৪ ১–৩৯ এজন নগৰীয়া ভদ্ৰলোকৰ জীৱন, কৰ্মসূচী, বিনোদন আৰু উৎসৱ, ক্ৰীড়া, বনভোজ, সামাজিকীকৰণ, আমোদ-প্ৰমোদ আৰু মদ্যপান, কামৰ সফলতাৰ বাবে সহায়কাৰীৰ (বাৰ্তাবাহক, বন্ধু, সহায়ক) সন্ধান, গ্ৰাম্য ভদ্ৰলোকৰ বাবে বিকল্প, কামৰ চৰিতাৰ্থৰ বাবে কি কৰা অনুচিত
১.৫ ১–৩৭ নাৰীৰ প্ৰকাৰ, যৌন সংগীৰ সন্ধান, যৌনতা, প্ৰেমাস্পদ হোৱা, বিশ্বাসী হোৱা, বৈধ নাৰী, ব্যভিচাৰ আৰু কেতিয়া ইয়াক কৰা যায়, গমন কৰিব নলগীয়া নাৰী, বাৰ্তাবাহক আৰু সহায়কাৰীৰ সৈতে ব্যৱহাৰ, জীৱনত কিছু কৰিবলগীয়া আৰু কৰিব নলগীয়া কাৰ্য
কামভাৱৰ পদক্ষেপ/যৌন মিলন
২.১ ১–৪৫ যৌন সম্পৰ্ক আৰু যৌনসুখ, প্ৰতিগৰাকী প্ৰেমাস্পদৰ অনন্যতা, স্বাভাৱ, আকাৰ, স্থায়িত্ব, পূৰ্বৰাগ, প্ৰেম আৰু প্ৰেমাস্পদৰ প্ৰকাৰ, যৌনকাৰ্যৰ সময়সীমা, ৰাগমোচনৰ প্ৰকাৰ, ঘনিষ্ঠতা, আনন্দ
২.২ ১–৩১ কোনো লোক আগ্ৰহী হয় নে নহয় তাৰ বিচাৰ, আলাপ, প্ৰাথমিকতা আৰু আয়োজন, পৰস্পৰ স্পৰ্শ, হাত ফুৰোৱা, আলিংগন
২.৩–৫ ১–৩২, ১–৩১, ১–৪৩ চুম্বন, ক'ত আৰু কিদৰে চুম্বন কৰিব, পৰস্পৰ চতুওৱা আৰু ক্ৰীড়া, আনজনৰ বাবে ইঙ্গিত, চাফ-চিকুণতা, দাঁ‌তৰ যত্ন, চুলি, শৰীৰ, নখ, শাৰীৰিক অযৌন ঘনিষ্ঠতাৰ প্ৰকাৰ (নখচ্ছেদ, খোচা, দংশন, চপৰিওৱা, ধৰা)
২.৬–১০ ১–৫২ যৌন মিলন, কি আৰু কেনেকৈ, ভংগিমা, বিভিন্ন পদ্ধতি, ভিন্নতাৰ প্ৰয়োগ, সাধাৰণ আৰু অসাধাৰণ যৌন মিলন, মিলনৰ সময়ত আৰু পূৰ্বতে কৰা ভাৱৰ আদান (মৃদু হুমকি), ভিন্ন আঞ্চলিক প্ৰথা, পুৰুষজনৰ প্ৰয়োজনসমূহ, নাৰীগৰাকীৰ প্ৰয়োজনসমূহ, ভিন্নতা আৰু বিস্মিতকৰণ, নাৰীৰ বাবে মুখমেহন, পুৰুষৰ বাবে মুখমেহন, মতামত, মতভেদ, পৰস্পৰৰ প্ৰতি পৰীক্ষা-নিৰীক্ষা, প্ৰথমবাৰ, যৌন উত্তেজনা কিয় স্তিমিত হয়, উত্তেজনা পুনৰ ঘূৰাই অনা, হতাহতি, মিলন উত্তেজনাময় কৰি ৰখা, নিভৃত সম্পৰ্কত আনন্দ বজাই ৰাখিবলৈ চৌষষ্ঠিটা উপায়
এগৰাকী পত্নী আহৰণ
৩.১ ১-২৪ বিবাহ, উপযুক্ত পাত্ৰীৰ সন্ধান, কাক এৰাই চলিব লাগে, কাক সৈমান কৰাব লাগে, কিদৰে সিদ্ধান্ত ল'ব, কিদৰে আগবাঢ়িব, মিত্ৰতা স্থাপন
৩.২-৩ ১-৩৫, ১-৩২ নাৰীগৰাকীৰ বিশ্বাস আদায়, খৰধৰ নকৰি নৰম হোৱাৰ গুৰুত্ব, দীৰে ধীৰে যৌন উন্মুক্ততাৰ দিশে গমন, কিদৰে এগৰাকী নাৰীৰ কাষ চাপিব, বন্ধুত্বৰ দিশে খোজ, বন্ধুত্বৰ পৰা ঘনিষ্ঠতালৈ, এগৰাকী যুৱতীৰ বিভিন্ন সঁহাৰিৰ অৰ্থ প্ৰকাশ
৩.৪-৫ ১-৫৫, ১-৩০ এজন পুৰুষৰ বিশ্বাস আদায়, পুৰুষজন আৰু তেওঁৰ গতিবিধিৰ জ্ঞান, কেনেদৰে এগৰাকী নাৰী আগবাঢ়িব পাৰে, হৃদয় জয় কৰা, প্ৰেমাস্পদৰ অন্তৰংগ লোকৰ সদব্যৱহাৰ, বিবাহৰ প্ৰকাৰ, বিবাহৰ আনুষ্ঠানিকতা, পলাই যোৱা বা হৰণ
এগৰাকী পত্নীৰ কৰ্তব্য আৰু বিশেষাধিকাৰ
৪.১-২ ১-৪৮, ১-৪০ এগৰাকী পত্নী, তেওঁৰ জীৱন, ব্যৱহাৰ, গৃহস্থিৰ ওপৰত ক্ষমতা, স্বামী আঁতৰত থাকোঁতে কৰণীয়, একক আৰু যৌথ পৰিয়াল, কেতিয়া গৃহস্থিৰ ভাৰ হাতত লোৱা উচিত আৰু কেতিয়া অনুচিত
৪.২ ৩০-৭২ পুনৰ্বিবাহ, দুৰ্ভাগ্যশালী হোৱা, হেৰেম,[note 1] বহুবিবাহ
আন পুৰুষৰ পত্নী
৫.১ ১-৫৬ মানৱ আচৰণ, পুৰুষৰ ক্ষুধা, মহিলাৰ ক্ষুধা, মহিলা সকলৰ কিয় কাৰোবাৰ প্ৰতি আকৰ্ষণ কমি যায় আৰু আন কাৰোবাৰ সন্ধান আৰম্ভ কৰে,ব্যভিচাৰ পৰিহাৰ কৰা, ব্যভিচাৰ কৰা, বিবাহ বহিৰ্ভূত যৌন সম্পৰ্কত আগ্ৰহী মহিলা বিচাৰি পোৱা
৫.২-৫ ১-২৮, ১-২৮, ১-৬৬, ১-৩৭ বহু প্ৰেমিক বিচৰা, বাৰ্তাবাহক নিয়োজিত কৰা, তেওঁলোকৰ প্ৰয়োজনীয়তা সমূহ আৰু কেনেদৰে তেওঁলোকৰ মাজত সকলো সন্তুলিত সম্পৰ্ক বজাই ৰাখিব পাৰি, অৱগত কৰোৱা, কেনেদৰে উপেক্ষা কৰিব বা সহ্য কৰিব, কিদৰে উপহাৰ আৰু প্ৰেমৰ টোকেন বনাব লাগে, লগপোৱাৰ ব্যৱস্থা কৰিব লাগে, এগৰাকী মহিলা উপলব্ধ আৰু আগ্ৰহী হয় নে নাই, সতৰ্কবাণী আৰু কেতিয়া কেনে পৰিস্থিতিত ৰ'ব লাগে সেই বিষয়ে জনা।
৫.৬ ১-৪৮ ৰাজহুৱা মহিলা [পতিতাবৃত্তি], তেওঁলোকৰ জীৱন, কি আশা কৰিব লাগে আৰু কি আশা কৰিব নালাগে, তেওঁলোকক কেনেদৰে বিচাৰিব লাগে,ক্ষেত্ৰীয় অভ্যাস, তেওঁলোকক সুৰক্ষা দিয়া আৰু সন্মান কৰা
গণিকাসকলৰ বিষয়ে
৬.১ ১-৩৩ গণিকা, কিহে তেওঁলোকক অনুপ্ৰাণিত কৰে, গ্ৰাহক কেনেদৰে বিচাৰিব লাগে, কোনোৱে বন্ধু বা প্ৰেমিক হ'ব বিচাৰিলে সিদ্ধান্ত লোৱা, কোনবোৰ প্ৰেমিকক এৰাই চলিব লাগে, এগৰাকী প্ৰেমিক পোৱা আৰু তেওঁক আগ্ৰহী কৰি ৰখা।
৬.২ ১-৭৬ আপোনাৰ প্ৰেমিকক কেনেকৈ সন্তুষ্ট কৰিব
৬.৩ ১-৪৬ এগৰাকী প্ৰেমিকক আপোনাৰ প্ৰতি বলিয়া কৰা। যদি প্ৰেম জীৱন পৰিপূৰ্ণ নহয় তেন্তে তেওঁৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব
৬.৪-৫ ১-৪৩, ১-৩৯ এগাৰকী প্ৰাক্তন প্ৰেমিকক আপোনাৰ প্ৰতি পুনৰ আকৰ্ষিত কৰাৰ পদ্ধতি, পুনঃমিলন, পদ্ধতি, চেষ্টাৰ কৃতকাৰ্যতা সম্পৰ্কে পূৰ্ব পৰীক্ষণ, প্ৰেমিকৰ প্ৰকাৰ, বিবেচিত বিষয়
৬.৬ ১-৫২ প্ৰেমেৰ জীৱন কিয় নিস্তেজ হৈ যায়, উদাহৰণ, পৰিচিতি আৰু সন্দেহ
গোপন আচাৰ
৭.১–২ ১–৫১, ১–৫১ দেখনিয়াৰ হোৱা, ভাল অনুভৱ কৰা, কিয় আৰু কেনেদৰে আকৰ্ষণীয় হ'ব লাগে, মোহময়ী হোৱা, বীৰ্যময় হোৱা, মনোযোগ দিয়া, প্ৰকৃততা আৰু কৃত্ৰিমতা, শৰীৰ কলা, নিজৰ যৌন অঙ্গৰ যত্ন লোৱা, উদ্দীপক, প্ৰেছক্ৰিপচন আৰু অস্বাভাৱিক অভ্যাসৰ প্ৰতি সচেতন হোৱা।

টোকা[সম্পাদনা কৰক]

  1. According to Jyoti Puri, the Burton version of Kamasutra "appears to have borrowed material concerning the functioning of the harem in Damascus (Syria)" as he edited the text for his colonial era British audience in the late 19th-century.[60]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Doniger, Wendy (2003). Kamasutra - Oxford World's Classics. Oxford University Press. পৃষ্ঠা. i. ISBN 9780192839824. "The Kamasutra is the oldest extant Hindu textbook of erotic love. It was composed in Sanskrit, the literary language of ancient India, probably in North India and probably sometime in the third century" 
  2. Coltrane, Scott (1998). Gender and families. Rowman & Littlefield. পৃষ্ঠা. 36. ISBN 9780803990364. https://books.google.com/books?id=KzoNruN9jC0C&pg=PA36. 
  3. 3.0 3.1 3.2 Wendy Doniger & Sudhir Kakar 2002, পৃষ্ঠা. xi.
  4. Coltrane, Scott (1998). Gender and families. Rowman & Littlefield. পৃষ্ঠা. 36. ISBN 978-0-8039-9036-4. https://books.google.com/books?id=KzoNruN9jC0C&pg=PA36. 
  5. Wendy Doniger (2003). "The "Kamasutra": It Isn't All about Sex". The Kenyon Review. New Series খণ্ড 25 (1): 18–37. 
  6. Haksar & Favre 2011, পৃষ্ঠা. Introduction, 1-5.
  7. Sircar, Dineschandra (1971) (en ভাষাত). Studies in the Geography of Ancient and Medieval India. Motilal Banarsidass Publ.. ISBN 978-81-208-0690-0. https://books.google.com/books?id=AqKw1Mn8WcwC&dq=kamasutra+in+abhira+kingdom&pg=PA98. 
  8. Carroll, Janell (2009). Sexuality Now: Embracing Diversity. Cengage Learning. পৃষ্ঠা. 7. ISBN 978-0-495-60274-3. https://books.google.com/books?id=5f8mQx7ULs4C&pg=PA7. 
  9. Devi, Chandi (2008). From Om to Orgasm: The Tantra Primer for Living in Bliss. AuthorHouse. পৃষ্ঠা. 288. ISBN 978-1-4343-4960-6. https://books.google.com/books?id=gIqhh84DGToC&pg=PA288. 
  10. Wendy Doniger & Sudhir Kakar 2002, পৃষ্ঠা. xi-xiii.
  11. Alain Daniélou, The Complete Kama Sutra: The First Unabridged Modern Translation of the Classic Indian Text, আই.এচ.বি.এন. 978-0-89281-525-8.
  12. Jacob Levy (2010), Kama sense marketing, iUniverse, আই.এচ.বি.এন. 978-1-4401-9556-3, see Introduction
  13. Flood (1996), p. 65.
  14. Khajuraho Group of Monuments UNESCO World Heritage Site
  15. Ramgarh temple Archived 2022-01-09 at the Wayback Machine, The British Library
  16. Wendy Doniger (2016). Redeeming the Kamasutra. Oxford University Press. পৃষ্ঠা. 155–157. ISBN 978-0-19-049928-0. https://books.google.com/books?id=TrVjDQAAQBAJ. 
  17. Sengupta, J. (2006). Refractions of Desire, Feminist Perspectives in the Novels of Toni Morrison, Michèle Roberts, and Anita Desai. Atlantic Publishers & Distributors. পৃষ্ঠা. 21. ISBN 978-81-269-0629-1. https://books.google.com/books?id=V9Y_tQfm_WgC। আহৰণ কৰা হৈছে: 7 December 2014. 
  18. John Keay (2010). India: A History: from the Earliest Civilisations to the Boom of the Twenty-first Century. Grove Press. পৃষ্ঠা. 81–103. ISBN 978-0-8021-9550-0. https://books.google.com/books?id=AUPZt-4yqzQC. 
  19. 19.0 19.1 Wendy Doniger & Sudhir Kakar 2002, পৃষ্ঠা. xi-xii with footnote 2.
  20. 20.0 20.1 Wendy Doniger & Sudhir Kakar 2002, পৃষ্ঠা. xi-xii.
  21. 21.0 21.1 21.2 Wendy Doniger & Sudhir Kakar 2002, পৃষ্ঠা. xii.
  22. Daniélou 1993, পৃষ্ঠা. 3-4.
  23. Varahamihira; M Ramakrishna Bhat (1996). Brhat Samhita of Varahamihira. Motilal Banarsidass. পৃষ্ঠা. 720–721. ISBN 978-81-208-1060-0. https://books.google.com/books?id=7VR8iriWmzUC. 
  24. Hopkins, p. 78.
  25. Flood (1996), p. 17.
  26. [a] A. Sharma (1982), The Puruṣārthas: a study in Hindu axiology, Michigan State University, আই.এচ.বি.এন. 978-99936-24-31-8, pp 9–12; See review by Frank Whaling in Numen, Vol. 31, 1 (Jul., 1984), pp. 140–142;
    [b] A. Sharma (1999), The Puruṣārthas: An Axiological Exploration of Hinduism, The Journal of Religious Ethics, Vol. 27, No. 2 (Summer, 1999), pp. 223–256;
    [c] Chris Bartley (2001), Encyclopedia of Asian Philosophy, Editor: Oliver Learman, আই.এচ.বি.এন. 0-415-17281-0, Routledge, Article on Purushartha, pp 443
  27. The Oxford Dictionary of World Religions, Dharma, The Oxford Dictionary of World Religions: "In Hinduism, dharma is a fundamental concept, referring to the order and custom which make life and a universe possible, and thus to the behaviours appropriate to the maintenance of that order."
  28. 28.0 28.1 Dharma, The Columbia Encyclopedia, 6th Ed. (2013), Columbia University Press, Gale, আই.এচ.বি.এন. 978-0-7876-5015-5
  29. J. A. B. Van Buitenen, Dharma and Moksa, Philosophy East and West, Vol. 7, No. 1/2 (Apr. - Jul., 1957), pp 33–40
  30. John Koller, Puruṣārtha as Human Aims, Philosophy East and West, Vol. 18, No. 4 (Oct., 1968), pp. 315–319
  31. James Lochtefeld (2002), The Illustrated Encyclopedia of Hinduism, Rosen Publishing, New York, আই.এচ.বি.এন. 0-8239-2287-1, pp 55–56
  32. Bruce Sullivan (1997), Historical Dictionary of Hinduism, আই.এচ.বি.এন. 978-0-8108-3327-2, pp 29–30
  33. Macy, Joanna (1975). "The Dialectics of Desire". Numen (BRILL) খণ্ড 22 (2): 145–60. doi:10.1163/156852775X00095. 
  34. Gavin Flood (1996), The meaning and context of the Purusarthas, in Julius Lipner (Editor) - The Fruits of Our Desiring, আই.এচ.বি.এন. 978-1-896209-30-2, pp 11–13
  35. John Bowker, The Oxford Dictionary of World Religions, Oxford University Press, আই.এচ.বি.এন. 978-0-19-213965-8, pp. 650
  36. See:
  37. See:
  38. Wendy Doniger & Sudhir Kakar 2002, পৃষ্ঠা. xii-xiii.
  39. [a] Daud Ali (2011). "Rethinking the History of the "Kāma" World in Early India". Journal of Indian Philosophy খণ্ড 39 (1): 1–13. doi:10.1007/s10781-010-9115-7. ;
    [b] Daud Ali (2011). "Padmaśrī's "Nāgarasarvasva" and the World of Medieval Kāmaśāstra". Journal of Indian Philosophy খণ্ড 39 (1): 41–62. doi:10.1007/s10781-010-9116-6. 
  40. 40.0 40.1 Laura Desmond (2011). "The Pleasure is Mine: The Changing Subject of Erotic Science". Journal of Indian Philosophy (Springer) খণ্ড 39 (1): 15–39. doi:10.1007/s10781-010-9117-5. 
  41. Wendy Doniger & Sudhir Kakar 2002, পৃষ্ঠা. xi-xvi.
  42. 42.0 42.1 42.2 Wendy Doniger & Sudhir Kakar 2002, পৃষ্ঠা. xiv with footnote 8.
  43. 43.0 43.1 Sushil Kumar De (1969). Ancient Indian Erotics and Erotic Literature. K.L. Mukhopadhyay. পৃষ্ঠা. 89–92. https://archive.org/details/in.gov.ignca.71326. 
  44. The Early Upanishads. Oxford University Press. 1998. পৃষ্ঠা. 149, context: pp. 143–149. ISBN 0-19-512435-9. 
  45. योषा वा आग्निर् गौतम। तस्या उपस्थ एव समिल् लोमानि धूमो योनिरर्चिर् यदन्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गास् तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुत्यै पुरुषः सम्भवति। स जीवति यावज्जीवत्य् अथ यदा म्रियते। १३, – 6.2.13, For the context and other verses: Wikisource
  46. Wendy Doniger & Sudhir Kakar 2002, পৃষ্ঠা. xiii.
  47. Y. Krishan (1972). "The Erotic Sculptures of India". Artibus Asiae খণ্ড 34 (4): 331–343. doi:10.2307/3249625. 
  48. Wendy Doniger & Sudhir Kakar 2002, পৃষ্ঠা. xi-xvii.
  49. Johann Jakob Meyer (1989). Sexual Life in Ancient India: A Study in the Comparative History of Indian Culture. Motilal Banarsidass (Orig: 1953). পৃষ্ঠা. 229–230, 240–244, context: 229–257 with footnotes. ISBN 978-81-208-0638-2. https://books.google.com/books?id=izFNswlJ9LMC. 
  50. Jyoti Puri 2002, পৃষ্ঠা. 614–615.
  51. 51.0 51.1 Vatsyayana; SC Upadhyaya (transl) (1965). Kama sutra of Vatsyayana Complete translation from the original Sanskrit. DB Taraporevala (Orig publication year: 1961). পৃষ্ঠা. 52–54. OCLC 150688197. 
  52. Jyoti Puri 2002, পৃষ্ঠা. 623–624.
  53. Wendy Doniger & Sudhir Kakar 2002, পৃষ্ঠা. xxii.
  54. 54.0 54.1 Wendy Doniger & Sudhir Kakar 2002, পৃষ্ঠা. xxii-xxiii with footnotes.
  55. Wendy Doniger & Sudhir Kakar 2002, পৃষ্ঠা. xxv-xxvi with footnotes.
  56. Wendy Doniger (2011). "The Mythology of the Kāmasūtra". In H. L. Seneviratne. The Anthropologist and the Native: Essays for Gananath Obeyesekere. Anthem Press. পৃষ্ঠা. 293–316. ISBN 978-0-85728-435-8. https://books.google.com/books?id=FjRV7rZdZlAC. 
  57. Wendy Doniger & Sudhir Kakar 2002, পৃষ্ঠা. 3–27 (Book 1), 28-73 (Book 2), 74–93 (Book 3), 94–103 (Book 4), 104–129 (Book 5), 131-159 (Book 6), 161-172 (Book 7).
  58. Haksar & Favre 2011.
  59. Vatsyayana; SC Upadhyaya (transl) (1965). Kama sutra of Vatsyayana Complete translation from the original Sanskrit. DB Taraporevala (Orig publication year: 1961). পৃষ্ঠা. 68–70. OCLC 150688197. 
  60. Puri, Jyoti (2002). "Concerning Kamasutras: Challenging Narratives of History and Sexuality". Signs: Journal of Women in Culture and Society (University of Chicago Press) খণ্ড 27 (3): 614–616. doi:10.1086/337937. https://www.researchgate.net/publication/240553467. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]