ইমৰান হুছেইন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইমৰান হুছেইন
জন্ম ধুবুৰী
পেচা অধ্যাপক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
বংশদ্ভূত গল্পকাৰ
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতকোত্তৰ
বিষয় গল্প
উল্লেখনীয় কৰ্মৰাজি হুদুমদেও আৰু অন্যান্য (গল্প সংকলন)
উল্লেখযোগ্য বঁটা কথা সাহিত্য বঁটা

ইমৰান হুছেইন (১৯৬৬) এজন লেখক, সমালোচক, অধ্যাপক। ২০০৩ চনত সাহিত্য একাডেমীয়ে অসমীয়া ভাষাত প্ৰকাশ কৰা তেওঁৰ প্ৰথম গল্পপুথিখনৰ নাম হৈছে- হুদুমদেও আৰু অন্যান্য৷ তেওঁ অসমৰ সাহিত্য আলোচনী ভূমিৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল৷ তেওঁ অসমৰ ছিপাঝাৰ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক৷ তেওঁৰ ‘বাঁক’ শীৰ্ষক গল্পটোক লৈ অসমীয়া চলচিত্ৰ ‘বাঁকৰ পুতেক’ নিৰ্মাণ কৰা হৈছে৷ তেওঁৰ গল্প অসমৰ দুখন বিশ্ববিদ্যালয়ৰ লগতে কলেজ পৰ্যায়তো পাঠ্যপুথি হিচাপে নিৰ্বাচিত হৈছে৷

সংক্ষিপ্ত জীৱন[সম্পাদনা কৰক]

তেওঁৰ জন্ম হয় ১৯৬৬ চনত৷ ধুবুৰী জিলাত৷ তেওঁৰ পিতৃৰ নাম ইয়াকত হুছেইন আৰু মাতৃৰ নাম নুৰ্ আফৰোজ৷ তেওঁ চিপাঝাৰ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক৷

সাহিত্যৰাজি[সম্পাদনা কৰক]

  • ৰূপান্তৰৰ গদ্য, সম্পা, ২০০৬
  • হুদুমদেও আৰু অন্যান্য, গল্প সংকলন, ২০০৩
  • অস্থিৰ প্ৰান্তৰ, সম্পাদনা, ২০১১
  • আধুনিক আৰু উত্তৰ আধুনিক পৰিভাষাকোষ, ২০১১[1]
  • অসমীয়া অশিষ্ট শব্দকোষ আৰু গালি শপনি, ২০২০[2]

সামাজিক অৱদান[সম্পাদনা কৰক]

তেওঁ অসম মাদ্ৰাছা বৰ্ডৰ চেয়াৰমেন হিচাপে ২০১৮ চনৰপৰা ২০২১ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৫ চনৰপৰা ২০২০ চনলৈকে অসম চৰকাৰৰ উচ্চ শিক্ষাৰ প্ৰকাশন বিভাগৰ সদস্য হিচাপে সেৱা আগবঢ়াইছিল। তেওঁ অসম প্ৰকাশন পৰিষদৰ ‘প্ৰকাশ’ আলোচনীৰ উপদেষ্টা পৰিষদৰ সদস্য হিচাপেও ২০১৫ চনৰপৰা ২০২০ চনলৈকে কাম কৰিছিল। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ‘কালছাৰ আইডেনটিটি গ্ৰুপ’ৰ সদস্য হিচাপেও তেওঁ ২০২১ বৰ্ষৰপৰা জড়িত হৈ আছে।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • কথা সাহিত্য বঁটা, ১৯৯৯
  • চন্দ্ৰপ্ৰভা বৰুৱা মেম’ৰিয়েল সাহিত্য বঁটা, ২০০১
  • জেহিৰুল হুছেইন মেম’ৰিয়েল এৱাৰ্ড, ২০০৭

তথ্যসূত্ৰ[সম্পাদনা কৰক]