জয় ভগৱান (বক্সাৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জয় ভগৱান

২০১৪ চনত অৰ্জুন বঁটা গ্ৰহণ কৰা অৱস্থাত ভগৱান (বাওঁফালে)
পৰিসংখ্যা
ওজন পৰ্যায় ৬০ কিলোগ্ৰাম
উচ্চতা ১৬৯ ছেণ্টিমিটাৰ
জাতীয়তা ভাৰতীয়
জন্ম ১১ মে', ১৯৮৫ (৩৮ বছৰ)
জন্মস্থান হাৰিয়ানা, ভাৰত[1]

জয় ভগৱান (ইংৰাজী: Jai Bhagwan; জন্ম: ১১ মে' ১৯৮৫), দুবাৰকৈ এছিয়ান চেম্পিয়নশ্বিপ পদক বিজয়ী আৰু ২০১০ চনৰ কমনৱেলথ গেমছত ব্ৰঞ্জ পদক বিজয়ী। তেওঁ ২০১২ চনৰ লণ্ডন অলিম্পিকত বক্সিংত লাইটৱেট (৬০ কিলোগ্ৰাম) শাখাতো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।[2][3] ২০১১ চনত বাকুত অনুষ্ঠিত বিশ্ব অপেশাদাৰী বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি ভগৱানে লণ্ডন গেমছৰ বাবে যোগ্যতা অৰ্জন কৰে।[4] তেওঁৰ প্ৰশিক্ষক আছিল ভাৰতীয় বক্সিং প্ৰশিক্ষক গুৰবক্ষ সিং সান্ধু। ২০১১ চনত শ্বাহৰুখ খানে আয়োজন কৰা জোৰ কা ঝাটকা: টোটেল ৱাইপআউট নামৰ ৰিয়েলিটি গেম শ্ব’ত অভিনয় কৰিছিল আৰু চূড়ান্ত প্ৰতিযোগীসকলৰ ভিতৰত অন্যতম আছিল। ২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ আধিপত্য বিস্তাৰ কৰি ২০১২ চনৰ ২৯ জুলাইত প্ৰথম ৰাউণ্ডত ছিচেলছৰ এণ্ড্ৰিক এলিছপক ১৮—৮ গ'লত পৰাস্ত কৰে।[5] ২০১২ চনৰ ২ আগষ্টত লণ্ডন অলিম্পিকত জয় ভগৱানে কাজাখস্তানৰ যুঁজাৰু গনি ঝাইলাউভৰ হাতত শেষ ১৬ত পৰাস্ত হয়।[6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]