বিজিয়াশান্তি টংব্ৰাম
বিজিয়াশান্তি টংব্ৰাম | |
---|---|
যঁতৰৰ সৈতে বিজিয়াশান্তি | |
জন্ম | ১৯৯৩ থাংগা টংব্ৰাম গাঁও, বিষ্ণুপুৰ জিলা, মণিপুৰ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
অন্য নাম | বিজয়শান্তি |
শিক্ষা | স্নাতক (উদ্ভিদ বিজ্ঞান); জিপি মহিলা মহাবিদ্যালয় |
পেচা | উদ্যোগী |
জনা যায় | পদুমৰ কাণ্ডৰ পৰা সূতা তৈয়াৰ কৰা প্ৰথম ভাৰতীয় মহিলা |
পিতৃ-মাতৃ | জয় কুমাৰ টংব্ৰাম (পিতৃ) চানাহাল টংব্ৰাম (মাতৃ) |
বিজিয়াশান্তি টংব্ৰাম (ইংৰাজী: Bijiyashanti Tongbram; জন্ম:১৯৯৩) হৈছে মণিপুৰৰ এগৰাকী ভাৰতীয় মহিলা উদ্যোগী। তেওঁ সৰু আকাৰৰ মাফলাৰ আৰু ষ্টল বনাবলৈ পদুম ফুলৰ কাণ্ড ব্যৱহাৰ কৰে।[1] তেখেতৰ এই প্ৰচেষ্টাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙকে ধৰি বহুলোকৰ দৃষ্টি আকৰ্ষণ কৰে।[1] ইয়াৰোপৰি তেওঁ পদুমৰ ঔষধি গুণাগুণ সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছে। ঔদ্যোগিক ক্ষেত্ৰত প্ৰশিক্ষণ কাৰ্যসূচীত কিছু জ্ঞান আহৰণ কৰাৰ পিছত, তেওঁ সফলতাৰে সুগন্ধি পদুমৰ চাহ পাত উদ্ভাৱন কৰিছিল।[2] তেওঁ নিজৰ ব্যৱসায় গঢ়ি তোলাৰ সংগ্ৰামৰ মাজত ২০১৮ চনত এজন পাৰিবাৰিক বন্ধুৰ পৰা পোৱা পৰামৰ্শই তেওঁৰ জীৱন সলনি কৰি দিয়ে। তেওঁৰ দেউতাকৰ এগৰাকী বন্ধুৱে তেওঁক কেনেকৈ ম্যানমাৰৰ কৃষকসকলে বয়নৰ বাবে হ্ৰদ সমূহত ফুলা পদুমৰ কাণ্ডৰ পৰা সূতা তৈয়াৰ কৰে সেই সম্পৰ্কে অৱগত কৰিছিল।[2]
জন্ম আৰু শিক্ষা
[সম্পাদনা কৰক]ভাৰতৰ উত্তৰ-পূৱৰ মণিপুৰ ৰাজ্যৰ বিষ্ণুপুৰ জিলাৰ থাংগা টংব্ৰাম নামৰ গাঁৱত ১৯৯৩ তাৰিখে বিজিয়াশান্তি টংব্ৰামৰ জন্ম হয়।[2] তেওঁৰ দেউতাক জয় কুমাৰ টংব্ৰাম মণিপুৰ জিলাৰ মীন পালন বিভাগৰ ক্ষেত্ৰ সহায়ক আৰু মাতৃ চানাহাল টংব্ৰাম। বিজিয়াই ২০১৪ চনত ইম্ফলৰ জিপি মহিলা মহাবিদ্যালয়ৰ পৰা উদ্ভিদবিজ্ঞান বিভাগত সন্মান সহকাৰে স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।[2]
ঔদ্যোগিক যাত্ৰা
[সম্পাদনা কৰক]২০১৪ চনত স্নাত ডিগ্ৰী লাভ কৰাৰ পিছত বিজিয়াশান্তিৰ প্ৰাৰম্ভিক পৰিকল্পনা আছিল তেওঁৰ অঞ্চলত কৃষি পৰ্যটন প্ৰতিষ্ঠা কৰা। কিন্তু সম্পদৰ অভাৱত তেওঁৰ পৰিকল্পনাই পৰিকল্পিত উচ্চতা আৰোহণ কৰিব পৰা নাছিল। তথাপিও পদুমৰ ঔষধি গুণৰ ওপৰত তেওঁৰ পৰীক্ষা অব্যাহত থাকিল। পিছলৈ ২০১৯ চনৰ মে’ মাহত তেওঁ নিজৰ স্থানীয় অঞ্চলৰ এমুঠিমান মহিলাৰ সহায়ত পদুমৰ ঠাৰিৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰে আৰু নেকটাই, মাফলাৰ আদি বোৱা আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেওঁ সনাজিং সনা থাম্বল নামৰ এটা উদ্যোগ স্থাপন কৰে, য’ত এতিয়া তেওঁকে ধৰি ১০ গৰাকী মহিলা আছে।[3] শেহতীয়াকৈ ষ্টাৰ্ট-আপ মণিপুৰৰ বাবে তেওঁলোকৰ এই প্ৰতিষ্ঠানটো নিৰ্বাচিত হৈছে। [1]
পদুমক সূতালৈ ৰূপান্তৰ কৰণ
[সম্পাদনা কৰক]নিজা উদ্যোগ ‘সনাজিং সনা থাম্বাল’ৰ মহিলা দলৰ সৈতে তেওঁৰ বুঢ়া আঙুলিৰ দৈৰ্ঘ্যত পদুমৰ ঠাৰি ভাঙি ইয়াৰ আঁহ টানি প্ৰসাৰিত কৰে। এই কামৰ বাবে তেওঁলোকে হাতৰ তলুৱা আৰু কাঠৰ তক্তা ব্যৱহাৰ কৰে। তাৰ পিছত আঁহবোৰ নিজৰ আকাংক্ষিত আকাৰত হাতেৰে গুটিয়াই লোৱা হয়। এই কামত তেওঁলোকে পানী ব্যৱহাৰৰ দ্বাৰা আঁহৰ স্থায়িত্ব বৃদ্ধি কৰে।
উদ্যোগটোত কাম কৰা এগৰাকী শিপিনী আইয়িংবিৰ মতে:
পদুমৰ সূতা, মুগা ৰেচমৰ দৰেই যদিও পাৰ্থক্যটো একমাত্ৰ শক্তিৰ ক্ষেত্ৰত। পদুমতকৈ মুগা ৰেচম শক্তিশালী। কিন্তু ফিনিচিং প্ৰডাক্টবোৰ ৰেচমৰ দৰেই ভাল। যিহেতু পদুমৰ সূতাবোৰ সূক্ষ্ম, সেয়েহে এতিয়ালৈকে মেচিন ব্যৱহাৰ কৰাটো সম্ভৱপৰ হোৱা নাই। গতিকে, আমি পৰম্পৰাগত হস্ততাঁত ব্যৱহাৰ কৰিছো।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 Team Prakati (6 November, 2020). "Clothes made from lotus stem fibres". Prakati. https://www.prakati.in/clothes-made-from-lotus-stem-fibers-bijiyashanti-tongbram-from-manipur/। আহৰণ কৰা হৈছে: 17 June 2022.
- ↑ 2.0 2.1 2.2 2.3 Leivon Jimmy (October 8, 2020). "Spinning a success story:How a Manipur women is getting noticed for her lotus fibre products". The Indian Express. https://indianexpress.com/article/north-east-india/manipur/how-a-manipur-woman-is-getting-noticed-for-her-lotus-fibre-products-6716389/। আহৰণ কৰা হৈছে: 17 June 2022.
- ↑ Jain Vanshika (10 November, 2020). "Bijiyashanti Tongbram’s Story Of Weaving Success". Famina. https://m.femina.in/trending/achievers/bijiyashanti-tongbrams-story-of-weaving-success-176711-3.html। আহৰণ কৰা হৈছে: 17 June 2022.