আমাগি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আমাগি (ইংৰাজী: Amagi) এটি ভাৰতীয় কোম্পানী যিয়ে কেবল, অভাৰ দ্য টপ (অ' টি টি) আদি মাধ্যমৰ বাবে চেনেল আদি সৃষ্টি কৰি দিয়ে।[1] ই এটি SaaS বা চফ্টৱেৰ এজ এ' চাৰ্ভিছ কোম্পানী। কোম্পানীটো ২০২২ চনত এটি একশৃংগ কোম্পানী হৈ পৰিল।

প্ৰতিষ্ঠা আৰু সেৱা[সম্পাদনা কৰক]

ভাস্কৰ সুব্ৰমণিয়ন, শ্ৰীনিবাস কে এ' আৰু শ্ৰীবিদ্যা শ্ৰীনিবাসনে এই কোম্পানীৰ প্ৰতিষ্ঠা ২০০৮ চনত কৰিছিল।[2] কোম্পানীটোৰ মুখ্য কাৰ্যালয় বেংগালুৰুত আছে।

এই কোম্পানীয়ে ব্ৰডকাষ্টিং সম্বন্ধীয় বিভিন্ন সেৱা প্ৰদান কৰে। দূৰদৰ্শনৰ বিজ্ঞাপনসমূহ ভৌগোলিকভাৱে নিৰ্দিষ্ট স্থানত প্ৰদৰ্শিত কৰাত ই সহায় কৰে।[2] তদুপৰি, ই দূৰদৰ্শন (কেবল টিভি) আৰু অন্যান্য মাধ্যমত চেনেল সৃষ্টিটো সহায় কৰে। ২০২২ চনত ৭০০তকৈ অধিক ব্ৰেণ্ড আৰু এশতকৈ অধিক ফাষ্ট আৰু অ' টি টি প্লেটফৰ্ম এই কোম্পানীৰ সৈতে জড়িত।[3] এন বি চি ইউনিভাৰ্ছেল, চেমচাং টিভি প্লাছ আৰু ৰকুও আমাগিৰ গ্ৰাহক।[4]

ফাষ্ট কোম্পানীৰ ১০ আতাইতকৈ সৃষ্টিশীল কোম্পানীৰ তালিকাত (২০২২) ই সন্নিৱিষ্ট। তদুপৰি, ই ২০২২ চনৰ বিগ ইন'ভেচন এৱাৰ্ডো লাভ কৰিছে।[5]

বিনিয়োগ[সম্পাদনা কৰক]

আমাগিৰ বিনিয়োগকাৰীসকলৰ ভিতৰত আছে নৰ্ৱেষ্ট ভেঞ্চাৰ পাৰ্টনাৰ্ছ আৰু অৱতাৰ ভেঞ্চাৰ্ছ।[4] ২০২২ চনত এক্সেলৰ নেতৃত্বত আৰু আন পূৰ্বৰ বিনিয়োগকাৰীৰ অংশগ্ৰহণত হোৱা ৰাউণ্ডত ২৫০ নিযুত ডলাৰ আমাগিয়ে বিনিয়োগ হিচাপে লাভ কৰিলে। এই ৰাউণ্ডত আমাগিৰ মূল্য নিৰ্ণয় হ'ল ১ বিলিয়ন ডলাৰতকৈ অধিক, আৰু এই কোম্পানী এটি একশৃংগ কোম্পানী বিবেচিত হ'ল।[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ইংক ৪২ https://inc42.com/features/indias-unicorn-club-the-comprehensive-list-of-unicorns-in-india/
  2. 2.0 2.1 ক্ৰাঞ্চ বে'চ https://www.crunchbase.com/organization/amagi-media-labs
  3. আমাগিৰ মূল ৱেবছাইট https://www.amagi.com/
  4. 4.0 4.1 টাইমছ অৱ ইণ্ডিয়া https://timesofindia.indiatimes.com/city/bengaluru/amagi-raises-95-million-turns-unicorn/articleshow/90278944.cms
  5. আমাগিৰ এবাউট পৃষ্ঠা https://www.amagi.com/about
  6. লাইভ মিণ্ট https://www.livemint.com/companies/start-ups/cloudbased-media-saas-company-amagi-turns-unicorn-after-accel-funding-11647436907441.html