মাৰিয়াম মিৰ্জাখানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাৰিয়াম মিৰ্জাখানী

২০১৪ চনত দক্ষিণ কোৰিয়াৰ ছৌলত অনুষ্ঠিত গণিতজ্ঞসকলৰ আন্তৰ্জাতিক সন্মিলত মিৰ্জাখানী। এই সন্মিলনতে তেওঁ ফিল্ডছ্ মেডেল গ্ৰহণ কৰিছিল।
জন্ম ১২ মে' ১৯৭৭[1]
তেহৰাণ, ইৰাণ
মৃত্যু ১৪ জুলাই, ২০১৭ (৪০ বছৰ)
ষ্টেনফ'ৰ্ড, কেলিফ'ৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
জাতীয়তা ইৰাণী[2][3]
ক্ষেত্ৰ গণিত
কৰ্মস্থান
  • প্ৰিন্সটন বিশ্ববিদ্যালয়
  • ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা কাৰ্টিছ টি. মেকমুলেন[4]
আন শৈক্ষিক পৰামৰ্শদাতা চিয়াভাচ শ্বাহশ্বাহানি, এবাডল্লাহ এচ. মাহমুডিয়ান[5]
উল্লেখনীয় বঁটা
  • ব্লুমেন্থেল এৱাৰ্ড (২০০৯)
  • ৰুথ লিটল চেটাৰ প্ৰাইজ ইন মেথমেটিকছ্ (২০১৩)
  • ক্লে' ৰিচাৰ্ছ্ এৱাৰ্ড (২০১৪)
  • ফিল্ডছ মেডেল (২০১৪)
দাম্পত্যসঙ্গী জেন ভনড্ৰাক
সতি-সন্ততি আনাহিটা ভনড্ৰাক

মাৰিয়াম মিৰ্জাখানী (ফাৰ্চী: مریم میرزاخانی, উচ্চাৰণ [mæɾˈjæm miːɾzɑːxɑːˈniː]; ১২ মে' ১৯৭৭ – ১৪ জুলাই ২০১৭) এগৰাকী ইৰাণী গণিতজ্ঞ[2][6][7][8][9] আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক আছিল।[10][11][12] তেওঁৰ গৱেষণা ক্ষেত্ৰসমূহৰ ভিতৰত আছিল- টেইচমুলাৰ তত্ত্ব, হাইপাৰবলিক জ্যামিতি, এৰগ'ডিক তত্ত্ব আৰু চিমপ্লেক্টিক জ্যামিতি।[2] ২০০৫ চনত মিৰ্জাখানীয়ে তেওঁৰ গৱেষণাৰ বাবে পপুলাৰ চায়েন্সৰ চতুৰ্থ বাৰ্ষিক "ব্ৰিলিয়েণ্ট ১০"ত সন্মানিত হৈছিল, য'ত তেওঁ নিজৰ ক্ষেত্ৰখনক উদ্ভাৱনীমূলক দিশত ঠেলি দিয়া শীৰ্ষ ১০ গৰাকী যুৱক-যুৱতীৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি লাভ কৰিছিল।[13]

২০১৪ চনৰ ১৩ আগষ্টত মিৰ্জাখানীক গণিতৰ আটাইতকৈ সন্মানীয় বঁটাসমূহৰ অন্যতম, ফিল্ডছ মেডেলেৰে সন্মানিত কৰা হৈছিল।[14][15] এই বঁটাৰে সন্মানিত হোৱা তেওঁ প্ৰথমগৰাকী ইৰাণী লোক,[16] আৰু এতিয়ালৈকে মাত্ৰ দুগৰাকী মহিলাৰ ভিতৰত প্ৰথমগৰাকী। বঁটাপ্ৰদান সমিতিয়ে তেওঁ "the dynamics and geometry of Riemann surfaces and their moduli spaces" ক্ষেত্ৰত কৰা গৱেষণাকৰ্মৰ কথা উল্লেখ কৰিছিল।[17]

২০১৭ চনৰ ১৪ জুলাইত ৪০ বছৰ বয়সত স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মিৰ্জাখানীৰ মৃত্যু হয়।[18]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৭৭ চনৰ ১২ মে'ত[19][1] ইৰাণৰ তেহৰাণত মিৰ্জাখানীৰ জন্ম হৈছিল।[20] শিশু অৱস্থাত তেওঁ নেচনেল অৰ্গেনাইজেচন ফৰ ডেভেলপমেণ্ট অৱ এক্সেপচনেল টেলেণ্টছ (NODET)ৰ অংশ 'তেহৰাণ ফাৰজানেগান স্কুল'ত পঢ়িছিল। তেওঁ হাইস্কুলৰ নিম্ন আৰু উচ্চ বৰ্ষত ইৰাণৰ ৰাষ্ট্ৰীয় অলিম্পিয়াডত গণিত বিষয়ত সোণৰ পদক লাভ কৰিছিল, যাৰ ফলত তেওঁ ৰাষ্ট্ৰীয় মহাবিদ্যালয় প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা অব্যাহতি পাইছিল।[21] ১৯৯৪ চনত মিৰ্জাখানীয়ে হংকঙত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় গাণিতিক অলিম্পিয়াডত ৪২ পইণ্টৰ ভিতৰত ৪১ পইণ্ট লাভ কৰি সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ইৰাণী মহিলা হিচাপে পৰিগণিত হয়।[22] পিছৰ বছৰ টৰন্টোত তেওঁ সম্পূৰ্ণ স্ক'ৰ লাভ কৰা আৰু আন্তঃৰাষ্ট্ৰীয় গাণিতিক অলিম্পিয়াডত দুটা সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ইৰাণী হিচাপে পৰিগণিত হয়।[23][24] জীৱনৰ পিছৰ কালছোৱাত তেওঁ বন্ধু, সহকৰ্মী আৰু অলিম্পিয়াডৰ ৰূপৰ পদক বিজয়ী ৰয়া বেহেষ্টি জাভাৰেহ (ফাৰ্চী: رؤیا بهشتی زواره)ৰ সৈতে সহযোগিতা কৰি 'এলিমেণ্টৰী নাম্বাৰ থিয়ৰী, চেলেঞ্জিং প্ৰব্লেমছ্' নামৰ কিতাপখন প্ৰস্তুত কৰিছিল, যিখন ১৯৯৯ চনত প্ৰকাশ পাইছিল।[21] মিৰ্জাখানী আৰু জাভাৰেহ ইৰাণৰ ৰাষ্ট্ৰীয় গাণিতিক অলিম্পিয়াডত অংশগ্ৰহণ কৰা প্ৰথম মহিলা আছিল, আৰু ১৯৯৫ চনত দুয়ো যথাক্ৰমে স্বৰ্ণ আৰু ৰূপৰ পদক লাভ কৰিছিল।

১৯৯৮ চনৰ ১৭ মাৰ্চত প্ৰতিভাৱান আৰু প্ৰাক্তন অলিম্পিয়াড প্ৰতিযোগীসকলেৰে গঠিত এখন সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছত মিৰ্জাখানী আৰু জাভাৰেহে উপস্থিত আন লোকসকলৰ সৈতে আহৱাজৰ পৰা তেহৰাণলৈ এখন বাছেৰে যাত্ৰা কৰিছিল। যাত্ৰাপথত বাছখন এক দুৰ্ঘটনাত পতিত হৈছিল। বাছখন থিয় গৰা এটাৰ পৰা বাগৰি পৰিছিল, যাৰ ফলত ৭ গৰাকী যাত্ৰীৰ মৃত্যু হৈছিল। তেওঁলোক আটাইকেইজন শ্বাৰীফ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আছিল। ইৰাণত এই ঘটনাক বহুলভাৱে ৰাষ্ট্ৰীয় ট্ৰেজেডী বুলি গণ্য কৰা হয়। দুৰ্ঘটনাটোৰ পৰা বাচি যোৱা অতি কমসংখ্যক জীৱিত লোকৰ ভিতৰত মিৰ্জাখানী আৰু জাভাৰেহো অন্যতম আছিল।[25]

১৯৯৯ চনত মিৰ্জাখানীয়ে শ্বাৰীফ প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ পৰা গণিত শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। তাত থকা সময়ছোৱাত তেওঁ শ্বুৰৰ এটা উপপাদ্যৰ এটা সৰল প্ৰমাণ উলিওৱা বাবে আমেৰিকান মেথেমেটিকেল ছ'চাইটিৰ পৰা স্বীকৃতি লাভ কৰিছিল।[26] ইয়াৰ পিছত তেওঁ স্নাতকোত্তৰ শিক্ষাৰ বাবে আমেৰিকালৈ যায়। তেওঁ ২০০৪ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি লাভ কৰে, য'ত তেওঁ ফিল্ডছ মেডেল বিজয়ী গণিতজ্ঞ কাৰ্টিছ টি মেকমুলেনৰ তত্বাৱধানত কাম কৰে।[27] হাৰ্ভাৰ্ডত তেওঁক "দৃঢ়তা আৰু অবিৰাম প্ৰশ্ন সোধা গুণৰ বাবে পৰিচিত" বুলি কোৱা হয়। শ্ৰেণীত তেওঁ নিজৰ মাতৃভাষা পাৰ্চীত টোকা লৈছিল।[28][29]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

২০০৮ চনত মিৰ্জাখানীয়ে চেক তাত্ত্বিক কম্পিউটাৰ বিজ্ঞানী আৰু ব্যৱহাৰিক গণিতজ্ঞ জেন ভণ্ড্ৰাকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁ বৰ্তমান ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক।[30][31] তেওঁলোকৰ এগৰাকী কন্যা সন্তান আছিল।[32] মিৰ্জাখানীয়ে কেলিফৰ্ণিয়াৰ পালো আল্ট'ত বাস কৰিছিল।[33]

মিৰ্জাখানীয়ে নিজকে এগৰাকী "ধীৰ" গণিতজ্ঞ বুলি বৰ্ণনা কৰি কয় যে "গণিতৰ সৌন্দৰ্য্য চাবলৈ কিছু শক্তি আৰু কষ্ট ব্যয় কৰিব লাগিব।" সমস্যা সমাধানৰ বাবে মিৰ্জাখানীয়ে কাগজৰ শ্বীটত ডুডল আঁকিছিল আৰু অংকনবোৰৰ চাৰিওফালে গাণিতিক সূত্ৰ লিখিছিল। তেওঁৰ ছোৱালীয়ে মাকৰ কামক "চিত্ৰকলা" বুলি বৰ্ণনা কৰিছিল।[28][34]

তেওঁ ঘোষণা কৰিছিল:

মোৰ হাতত কোনো বিশেষ কাৰ্য নিৰ্দেশনা নাই [নতুন প্ৰমাণ বিকাশ কৰিবলৈ] ... ই যেন জংঘলত হেৰাই যোৱাৰ পিছত কিছুমান নতুন কৌশল উলিয়াবলৈ আপুনি গোটাব পৰা সকলো জ্ঞান ব্যৱহাৰৰ চেষ্টা কৰাৰ দৰে কথা। আৰু কিছু ভাগ্য থাকিলে আপুনি হয়তো বাহিৰলৈ ওলাই অহাৰ পথ বিচাৰি পাব পাৰে।[28]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • স্বৰ্ণ পদক, আন্তৰ্জাতিক গাণিতিক অলিম্পিয়াড (হংকং ১৯৯৪)[23]
  • স্বৰ্ণ পদক, আন্তৰ্জাতিক গাণিতিক অলিম্পিয়াড (কানাডা ১৯৯৫)[23]
  • আই পি এম ফেল'শ্বিপ, তেহৰাণ, ইৰাণ, ১৯৯৫–১৯৯৯[2]
  • মেৰিট ফেল'শ্বিপ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়, ২০০৩[2]
  • হাৰ্ভাৰ্ড জুনিয়ৰ ফেল'শ্বিপ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়, ২০০৩[2]
  • ক্লে মেথমেটিকেল ইনষ্টিটিউট ৰিচাৰ্ছ্ ফেলো, ২০০৪[35]
  • এ এম এছ ব্লুমেন্থাল বঁটা, ২০০৯[36]
  • ২০১০ চনত আন্তৰ্জাতিক গণিতজ্ঞ সন্মিলনত  "ট'প'লজি এণ্ড ডাইনামিকেল চিষ্টেমছ এণ্ড অ'ডিই" বিষয়ত বক্তৃতা দিবলৈ আমন্ত্ৰণ লাভ।[37]
  • গণিতত ২০১৩ চনৰ এ এম এছ ৰুথ লিটল চেটাৰ বঁটা। "আমেৰিকান গণিত সমিতিৰ দ্বাৰা প্ৰতি দুবছৰৰ মূৰে মূৰে প্ৰদান কৰা এই ছেটাৰ বঁটাটোৱে পূৰ্বৰ ছয় বছৰত এগৰাকী মহিলাই গণিতৰ গৱেষণাত কৰা এক অসাধাৰণ অৱদানক স্বীকৃতি দিয়ে। ২০১৩ চনৰ ১০ জানুৱাৰীত ছান ডিয়েগোত অনুষ্ঠিত হোৱা যৌথ গণিত সভাত এই বঁটা প্ৰদান কৰা হয়।"[36]
  • চাইমনছ্ ইনভেষ্টিগেটৰ বঁটা ২০১৩[38]
  • ২০১৪ চনৰ নেচাৰ আলোচনীয়ে নিৰ্বাচন কৰা দহগৰাকী "গুৰুত্বপূৰ্ণ ব্যক্তি"ৰ ভিতৰত এগৰাকী।[39]
  • ক্লে' ৰিচাৰ্ছ্ এৱাৰ্ড ২০১৪[40]
  • ফিল্ডছ্ মেডেল ২০১৪[15][41]
  • ২০১৫ চনত ফৰাচী বিজ্ঞান একাডেমীৰ বিদেশী সহযোগী নিৰ্বাচিত।[42]
  • ২০১৫ চনত আমেৰিকান ফিল'চফিকেল ছ'চাইটিলৈ নিৰ্বাচিত।[43]
  • নেচনেল একাডেমী অৱ চাইন্স ২০১৬[44]
  • ২০১৭ চনত আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড চাইন্সেছলৈ নিৰ্বাচিত।[45]
  • "৩২১৩৫৭ মিৰ্জাখানী" গ্ৰহাণুটোৰ নাম তেওঁৰ স্মৃতিত ৰখা হৈছিল।[46] আনুষ্ঠানিক নামকৰণৰ উদ্ধৃতিটো মাইনাৰ্ছ প্লেনেট চেণ্টাৰে (এমপিচি ১০৮৬৯৮) প্ৰকাশ কৰিছিল।[47]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 O'Connor, John; Robertson, Edmund (August 2017). "Maryam Mirzakhani" (en ভাষাত). MacTutor History of Mathematics Archive. https://mathshistory.st-andrews.ac.uk/Biographies/Mirzakhani/। আহৰণ কৰা হৈছে: 2021-05-03. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 Mirzakhani, Maryam. "Curriculum Vitae". Archived from the original on 24 November 2005. https://web.archive.org/web/20051124105510/http://www.claymath.org/fas/research_fellows/Mirzakhani/cv.pdf। আহৰণ কৰা হৈছে: 13 August 2014. 
  3. Valette, Alain. "The Fields Medalists 2014". প্ৰকাশক Neuchâtel, Switzerland: Institut de mathématiques, Université de Neuchâtel. https://www.unine.ch/files/live/sites/math/files/shared/documents/prepublications/2014/Fields2014%20english%20light.pdf। আহৰণ কৰা হৈছে: 15 July 2017. 
  4. Jonathan, Webb (2014). "First female winner for Fields maths medal". BBC News. https://www.bbc.co.uk/news/science-environment-28739373. 
  5. "Private Funeral of Professor Mirzakhani to be held in the United States" (fa ভাষাত), Iranian Students News Agency, 19 July 2017, 96042715699, http://www.isna.ir/news/96042715699/%D8%A8%D8%B1%DA%AF%D8%B2%D8%A7%D8%B1%DB%8C-%D9%85%D8%B1%D8%A7%D8%B3%D9%85-%D8%AE%D8%B5%D9%88%D8%B5%DB%8C-%D8%AE%D8%A7%DA%A9%D8%B3%D9%BE%D8%A7%D8%B1%DB%8C-%D9%BE%D8%B1%D9%88%D9%81%D8%B3%D9%88%D8%B1-%D9%85%DB%8C%D8%B1%D8%B2%D8%A7%D8%AE%D8%A7%D9%86%DB%8C-%D8%AF%D8%B1-%D8%A7%D9%85%D8%B1%DB%8C%DA%A9%D8%A7, আহৰণ কৰা হৈছে: 19 July 2017 
  6. "Archived copy" (fa ভাষাত). mmirzakhani.com. Archived from the original on 8 September 2018. https://web.archive.org/web/20180908124127/http://www.mmirzakhani.com/biography/। আহৰণ কৰা হৈছে: 6 September 2018. 
  7. "Maryam Mirzakhani, first woman to win maths' Fields Medal, dies". BBC News (bbc.com). 12 August 2014. https://www.bbc.com/news/science-environment-40617094. 
  8. Valette, Alain. "The Fields Medalists 2014". প্ৰকাশক Neuchâtel, Switzerland: Institut de mathématiques, Université de Neuchâtel. https://www.unine.ch/files/live/sites/math/files/shared/documents/prepublications/2014/Fields2014%20english%20light.pdf। আহৰণ কৰা হৈছে: 15 July 2017. 
  9. Chang, Kenneth (16 July 2017). "Maryam Mirzakhani, only woman to win a Fields Medal, dies at 40". The New York Times. https://www.nytimes.com/2017/07/16/us/maryam-mirzakhani-dead.html. 
  10. Mirzakhani, Maryam (2007). "Weil-Petersson volumes and intersection theory on the moduli space of curves". Journal of the American Mathematical Society খণ্ড 20 (1): 1–23. doi:10.1090/S0894-0347-06-00526-1. https://www.ams.org/journals/jams/2007-20-01/S0894-0347-06-00526-1/S0894-0347-06-00526-1.pdf। আহৰণ কৰা হৈছে: 2 September 2015. 
  11. Mirzakhani, Maryam (January 2007). "Simple geodesics and Weil-Petersson volumes of moduli spaces of bordered Riemann surfaces". Inventiones Mathematicae খণ্ড 167 (1): 179–222. doi:10.1007/s00222-006-0013-2. ISSN 1432-1297. 
  12. "Report of the President to the Board of Trustees". Stanford University. 9 April 2008. http://news.stanford.edu/news/2008/april9/prezreport-040908.html। আহৰণ কৰা হৈছে: 12 August 2014. 
  13. Newhall, Marissa (13 September 2005). "'Brilliant' minds honored". USA Today (USA Today). https://usatoday30.usatoday.com/tech/science/2005-09-13-brilliant-minds_x.htm. 
  14. "President Rouhani Congratulates Iranian Woman for Winning Math Nobel Prize". Fars News Agency. 14 August 2014. http://english.farsnews.com/newstext.aspx?nn=13930523000321. 
  15. 15.0 15.1 "IMU Prizes 2014". International Mathematical Union. Archived from the original on 26 December 2018. https://web.archive.org/web/20181226060901/https://www.mathunion.org/general/prizes/2014%0A। আহৰণ কৰা হৈছে: 12 August 2014. 
  16. Iran correspondent Saeed Kamali Dehghan (16 July 2017). "Maryam Mirzakhani: Iranian newspapers break hijab taboo in tributes" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/world/2017/jul/16/maryam-mirzakhani-iranian-newspapers-break-hijab-taboo-in-tributes#img-2. 
  17. Sample, Ian (13 August 2014). "Fields Medal mathematics prize won by woman for first time in its history". The Guardian. https://www.theguardian.com/science/2014/aug/13/fields-medal-mathematics-prize-woman-maryam-mirzakhani. 
  18. "Maryam Mirzakhani's Pioneering Mathematical Legacy". The New Yorker. 17 July 2017. http://www.newyorker.com/tech/elements/maryam-mirzakhanis-pioneering-mathematical-legacy। আহৰণ কৰা হৈছে: 18 July 2017. 
  19. "Why May12?" (en ভাষাত). Celebrating Women in Mathematics. https://may12.womeninmaths.org/why। আহৰণ কৰা হৈছে: 2021-05-03. 
  20. Bridson, Martin (2017-07-19). "Maryam Mirzakhani obituary" (en ভাষাত). The Guardian. http://www.theguardian.com/science/2017/jul/19/maryam-mirzakhani-obituary। আহৰণ কৰা হৈছে: 2021-05-03. 
  21. 21.0 21.1 "ریاضی به درست فکرکردن کمک می‌کند". Donya-e-Eghtesaad. 21 August 2014. https://donya-e-eqtesad.com/%D8%A8%D8%AE%D8%B4-%D9%88%DB%8C%DA%98%D9%87-%D9%86%D8%A7%D9%85%D9%87-63/3266185-%D8%B1%DB%8C%D8%A7%D8%B6%DB%8C-%D8%A8%D9%87-%D8%AF%D8%B1%D8%B3%D8%AA-%D9%81%DA%A9%D8%B1%DA%A9%D8%B1%D8%AF%D9%86-%DA%A9%D9%85%DA%A9-%D9%85%DB%8C-%DA%A9%D9%86%D8%AF. 
  22. "The 57th International Mathematical Olympiad Successfully Completed in Hong Kong" (en-US ভাষাত). PrNewsWire. 15 July 2016. https://en.prnasia.com/releases/apac/The_57th_International_Mathematical_Olympiad_Successfully_Completed_in_Hong_Kong-154234.shtml. 
  23. 23.0 23.1 23.2 সাঁচ:IMO results
  24. "Iranian woman wins maths' top prize". New Scientist. 12 August 2014. https://www.newscientist.com/article/dn26044-iranian-woman-wins-maths-top-prize-the-fields-medal.html। আহৰণ কৰা হৈছে: 13 August 2014. 
  25. "بازخوانی یک پرونده کهنه". Sharif University of Technology Newspaper. Archived from the original on 14 August 2014. https://archive.ph/20140814183347/http://sharifdaily.net/fa/node/128. 
  26. Karamzadeh, Omid Ali Shahni. "آهسته و پیوسته در راهی دشوار". Sharq News. https://taaghche.ir/book/766/%D8%B3%D8%A7%D9%84%D9%86%D8%A7%D9%85%D9%87-%D8%B4%D8%B1%D9%82-%DB%B1%DB%B3%DB%B9%DB%B3. 
  27. "Maryam Mirzakhani". The Mathematics Genealogy Project. Genealogy.math.ndsu.nodak.edu. https://www.genealogy.math.ndsu.nodak.edu/id.php?id=91093। আহৰণ কৰা হৈছে: 21 October 2017. 
  28. 28.0 28.1 28.2 Myers, Andrew; Carey, Bjorn (15 July 2017). "Maryam Mirzakhani, Stanford mathematician and Fields Medal winner, dies". Stanford News. http://news.stanford.edu/press-releases/2017/07/15/maryam-mirzakhanedal-winner-dies/। আহৰণ কৰা হৈছে: 21 October 2017. 
  29. Ahmed Khan, Sameen (December 2017). "Fields Medallist Maryam Mirzakhani". 7. Asia Pacific Mathematics Newsletters. পৃষ্ঠা 37. http://www.asiapacific-mathnews.com/07/preserved-docs/0701/0036_0039.pdf. "She noted the responses of her professors in her native language Farsi (Persian)." 
  30. "بیوگرافی مریم میرزاخانی؛ ستاره پرفروغ دنیای ریاضیات [Biography Maryam Mirzakhani; the best-selling star of the world of mathematics"] (fa ভাষাত). Zoomit. 24 July 2011. Archived from the original on 20 July 2017. https://web.archive.org/web/20170720020716/http://www.zoomit.ir/2017/7/15/189155/maryam-mirzakhani-biography/। আহৰণ কৰা হৈছে: 19 July 2017. 
  31. "Jan Vondrák, CV". Stanford University. http://theory.stanford.edu/~jvondrak/data/cv.pdf। আহৰণ কৰা হৈছে: 14 July 2017. 
  32. "A Tenacious Explorer of Abstract Surfaces" Archived 13 August 2014 at the Wayback Machine, simonsfoundation.org. Retrieved 13 April 2014.
  33. Putic, George (13 August 2014). "Iranian-American Woman Wins Top Mathematics Prize". Voice of America. https://www.voanews.com/a/iranian-becomes-first-woman-to-win-maths-top-prize/2411610.html. 
  34. Jacobson, Howard (29 July 2017). "The world has lost a great artist in mathematician Maryam Mirzakhani". The Guardian. https://www.theguardian.com/science/2017/jul/29/maryam-mirzakhani-great-artist-mathematician-fields-medal-howard-jacobson. 
  35. "Interview with Research Fellow Maryam Mirzakhani". Oxford University. 2008. http://www2.maths.ox.ac.uk/cmi/library/annual_report/ar2008/08Interview.pdf। আহৰণ কৰা হৈছে: 14 August 2014. 
  36. 36.0 36.1 American Mathematical Society Archived 12 January 2013 at Archive.today. Retrieved 6 January 2009
  37. "ICM Plenary and Invited Speakers since 1897". International Congress of Mathematicians. Archived from the original on 8 November 2017. https://web.archive.org/web/20171108012153/http://www.mathunion.org/db/ICM/Speakers/SortedByCongress.php। আহৰণ কৰা হৈছে: 13 August 2014. 
  38. "2013 Simons Investigators Awardees | Simons Foundation" (en-US ভাষাত). Simonsfoundation.org. https://www.simonsfoundation.org/mathematics-and-physical-science/simons-investigators/simons-investigators-2013/। আহৰণ কৰা হৈছে: 3 August 2017. 
  39. Gibney, E.; Leford, H.; Lok, C.; Hayden, E.C.; Cowen, R.; Klarreich, E.; Reardon, S.; Padma, T.V. et al. (18 December 2014). "Nature's 10 Ten people who mattered this year". Nature খণ্ড 516 (7531): 311–319. doi:10.1038/516311a. PMID 25519114. 
  40. "2014 Clay Research Awards – Clay Mathematics Institute". Claymath.org. http://www.claymath.org/events/news/2014-clay-research-awards। আহৰণ কৰা হৈছে: 21 October 2017. 
  41. Larousserie, David (12 August 2014). "Médaille Fields de mathématiques : une femme promue pour la première fois" (fr ভাষাত). Le Monde. http://www.lemonde.fr/planete/article/2014/08/12/medaille-fields-de-mathematiques-une-femme-promue-pour-la-premiere-fois_4470640_3244.html. 
  42. "Quinze nouveaux associés étrangers à l'Académie des sciences". Institute de France Académie des Sciences. http://www.academie-sciences.fr/pdf/communique/election_AE_2015.pdf। আহৰণ কৰা হৈছে: 16 July 2017. 
  43. Newly Elected, American Philosophical Society, April 2015, https://www.amphilsoc.org/members/electedApril2015, আহৰণ কৰা হৈছে: 28 August 2015 
  44. "National Academy of Sciences Members and Foreign Associates Elected". http://www.nasonline.org/news-and-multimedia/news/may-3-2016-NAS-Election.html। আহৰণ কৰা হৈছে: 5 May 2016. 
  45. Maryam Mirzakhani elected to American Academy of Arts and Sciences, Department of Mathematics, Stanford University, May 2017, archived from the original on 11 June 2017, https://web.archive.org/web/20170611024311/https://mathematics.stanford.edu/2017/04/14/maryam-mirzakhani-elected-to-american-academy-of-arts-and-sciences/, আহৰণ কৰা হৈছে: 6 May 2017 
  46. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; MPC-asteroid নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  47. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; MPC-Circulars-Archive নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই