ভগৱতী প্ৰসাদ বৰুৱা
ভগৱতী প্ৰসাদ বৰুৱা | |
---|---|
জন্ম | মে’, ১৯০০ সোণাৰি, শিৱসাগৰ, অসম |
মৃত্যু | ১৪ অক্টোবৰ, ১৯৩৩ |
পেচা | কবি, মৌজাদাৰ |
ভাষা | অসমীয়া |
আত্মীয়-স্বজন | পাৰ্বতি প্ৰসাদ বৰুৱা (ভাতৃ), যাদুৰাম ডেকা বৰুৱা |
ভগৱতী প্ৰসাদ বৰুৱা (ইংৰাজী: Bhagawati Prasad Barua; জন্ম: ১৯০০ - মৃত্যু: ১৪ অক্টোবৰ, ১৯৩৩ )যাদুৰাম ডেকা বৰুৱাৰ আজো নাতি আৰু পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ জেষ্ঠ ভাতৃ আছিল। তেওঁৰ নামেৰে অসম সাহিত্য সভাৰ গুৱাহাটীস্থ ‘ভগৱতী প্ৰসাদ বৰুৱা ভৱন’ নিৰ্মাণ কৰা হৈছিল। তেওঁ এগৰাকী মৌজাদাৰ আছিল আৰু আইদেওবাৰী চাহবাগিছা প্ৰতিষ্ঠা আৰু পৰিচালনা কৰিছিল।[1]
সংক্ষিপ্ত জীৱনী
[সম্পাদনা কৰক]ভগৱতী প্ৰসাদ বৰুৱাৰ পূৰ্বপুৰুষ আছিল কৃষ্ণদাস। তেওঁ বৰ বাৰভূঞাৰ লহকৰ ভূঞাৰ ফৈদৰ সন্তান আছিল। চন্দ্ৰকান্ত সিংহৰ দিনত কৃষ্ণদাসে 'ভড়ালী বৰুৱা' আৰু কৃষ্ণদাসৰ পুত্ৰ যাদুৰাম বৰুৱাই 'বৰ ভাণ্ডাৰ বিষয়া' পায়।[2] খীণ-মিন শৰীৰৰ বাবে তেওঁক 'লেৰেলি ডেকা বৰুৱা'ও বোলা হৈছিল।[2] যাদুৰাম ডেকা বৰুৱাই ব্ৰিটিছৰ শাসনকালত 'মনসুপ্' আৰু 'সদৰামিন'ৰ বিষয় খাইছিল। যাদুৰাম ডেকাবৰুৱাৰ পুত্ৰদ্বয় ক্ৰমে কৃষ্ণপ্ৰসাদ আৰু দুৰ্গাপ্ৰসাদ। দুৰ্গাপ্ৰসাদৰ তিনিজন পুত্ৰ ৰাধিকাপ্ৰসাদ, ভৱানীপ্ৰসাদ আৰু তাৰিণীপ্ৰসাদ। এই ৰাধিকাপ্ৰসাদে ১৮৯৮ শকত যোৰহাটৰ বিষ্ণুৰাম বৰুৱাৰ দ্বিতীয়া কন্যা হিমলা বৰুৱাক বিয়া কৰায় আৰু তেওঁলোকৰে সন্তান কেইটি হ'ল- ভগৱতীপ্ৰসাদ বৰুৱা, পাৰ্ৱতি প্ৰসাদ বৰুৱা, কামাখ্যাপ্ৰসাদ আৰু মোক্ষদাপ্ৰসাদ ।[2]জীয়ৰী সুধালতা বৰুৱা আৰু প্ৰতিমা। ভগৱতী প্ৰসাদ বৰুৱাৰ পিতৃ ৰাধিকাপ্ৰসাদ এজন মৌজাদাৰ আছিল। কিছু কালৰ বাবে তেওঁ অসম কাউন্সিলৰ সদস্য আছিল আৰু 'ৰায় চাহেব' উপাধি লাভ কৰিছিল।[3]
ভগৱতী প্ৰসাদ সাহিত্য ৰসিক আছিল আৰু অসমীয়া তথা ইংৰাজী সাহিত্যৰ উপৰিও ৰবীন্দ্ৰ সাহিত্যৰ প্ৰতি তেওঁৰ বিশেষ অনুৰাগ আছিল। জোনাকী আলোচনীৰ পৰা তেওঁৰ মৃত্যুৰ সময়লৈকে ওলোৱা সকলো অসমীয়া আলোচনী, অসমীয়া কিতাপ, ইংৰাজী-বঙলা ভাষাৰ শ্ৰেষ্ঠতম গ্ৰন্থ তেওঁ নিজৰ ঘৰত সযতনে সংৰক্ষণ কৰিছিল। স্বভাৱত তেওঁ আছিল ধীৰ, গম্ভীৰ আৰু প্ৰফুল্ল। সম-সাময়িক ছাত্ৰ সমাজত তেওঁ বৰ সৰবৰহী আছিল। সহপাঠী ডিম্বেশ্বৰ নেওগে ভগৱতী প্ৰসাদক ‘স্মৃতি-তৰ্পণ’ শীৰ্ষক এটি টোকাত ‘অসমীয়া নীৰৱ শ্যেলী’ আখ্যা দিছে। ভগৱতী প্ৰসাদ বৰুৱাই গুৱাহাটীৰ কটন কলেজৰ পৰা আই এ পাছ কৰি কলিকতাত বি এ পঢ়িছিল। শিৱসাগৰত (অবিভক্ত শিৱসাগৰ জিলা) পঢ়ি থাকোঁতে স্কুলীয়া ছাত্ৰ অৱস্থাতে তেওঁ বেণুধৰ শৰ্মাৰ সহযোগত ‘জেউতি’ নামৰ এখন আলোচনী উলিয়ায়। তাত তেওঁ কবিতা আৰু প্ৰৱন্ধ লিখিছিল। ১৯১৮ চনত তেওঁ মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হৈছিল। পৰীক্ষা দি উঠি তেওঁ ‘ভুমুকি’ আলোচনীৰ এটি সংখ্যাৰ দায়িত্ব লৈছিল। [4]
১৯৩৩ চনৰ ১৪ অক্টোবৰ তাৰিখে দুৰ্ঘটনাগ্ৰস্ত হৈ ভগৱতী প্ৰসাদ বৰুৱাৰ সপৰিয়ালে মৃত্যু হয়।[4][3]
১৯৬২ চনৰ ৮ জানুৱাৰী তাৰিখে, অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰৰ ৩১৭৬ দাগৰ মাটিখিনি অসম সাহিত্য সভা ভৱন নিৰ্মাণৰ বাবে আৱণ্টন কৰিছিল। মাটি আছিল যদিও পুঁজিৰ অভাৱত কামটো পিছপৰি থকাৰ সময়তে পাৰ্ৱতি প্ৰসাদ বৰুৱাই সাহিত্য সভাৰ পুঁজিলৈ ৫০,০০০ টকা আগবঢ়ায়। এই টকাৰে দীঘলী পুখুৰীৰ পাৰত অসম সাহিত্য সভাৰ কাৰ্যালয় ৰূপে ভগৱতী প্ৰসাদ বৰুৱা ভৱন নিৰ্মাণ কৰা হয়।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ শিৱনাথ বৰ্মন (১৯৯২). "ভগৱতী প্ৰসাদ বৰুৱা". চ’ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাইভেট লিমিটেড. পৃষ্ঠাসমূহ: ১৯৯. https://archive.org/details/in.ernet.dli.2015.451337/page/n199/mode/2up। আহৰণ কৰা হৈছে: ২ জুলাই, ২০২২.
- ↑ 2.0 2.1 2.2 ড॰ বিভা দত্ত নেওগ (১৮ ফেব্ৰুৱাৰী, ২০০৫). "পাৰ্ৱতি প্ৰসাদৰ জীৱন দৰ্শন আৰু সাহিত্য". অসম সাহিত্য সভা. পৃষ্ঠাসমূহ: ৪, ৬, ৭, ৯, ১১.
- ↑ 3.0 3.1 3.2 মহেশ্বৰ নেওগ (দ্বিতীয় প্ৰকাশ: জুন, ২০০০). ভগৱতীপ্ৰসাদ বৰুৱা. প্ৰকাশক যোৰহাট: অসম সাহিত্য সভা. পৃষ্ঠা. ১০৬-১১০.
- ↑ 4.0 4.1 ডিম্বেশ্বৰ নেওগ (দ্বিতীয় প্ৰকাশ: জুন, ২০০০). ভগৱতীপ্ৰসাদ বৰুৱা. প্ৰকাশক যোৰহাট: অসম সাহিত্য সভা. পৃষ্ঠা. ৯১-১০৫.