সাউদ আৰু অন্যান্য গল্প

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাউদ আৰু অন্যান্য গল্প  
লেখক অৰূপ কুমাৰ নাথ
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ গল্প-সংকলন
প্ৰকাশ ২০০৭, প্ৰথম প্ৰকাশ (প্ৰকাশক: আঁক-বাক)
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৪৪
পূৰ্বৱৰ্তী নষ্ট এপিটাফ
পৰৱৰ্তী ইথাৰৰ ঈশ্বৰ

সাউদ আৰু অন্যান্য গল্প হৈছে গল্পকাৰ অৰূপ কুমাৰ নাথৰ এক গল্প সংকলন। ২০০৭ চনত প্ৰথম প্ৰকাশিত এই গল্প সংকলনখনত তেৰটা গল্প সন্নিৱিষ্ট কৰা হৈছে। সাউদ আৰু অন্যান্য গল্প হ'ল নাথৰ দ্বিতীয়খন গল্প সংকলন। ২০১০ চনত মুনীন বৰকটকী বঁটা লাভ কৰা এই সংকলনটিৰ ২০২১ চনত আঁক-বাক প্ৰকাশনে দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰে।

গল্পকাৰৰ চমু পৰিচয়[সম্পাদনা কৰক]

১৯৭৪ চনৰ ১৭ এপ্ৰিলত মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰীত অৰূপ কুমাৰ নাথৰ জন্ম হয়। তেওঁৰ পিতৃ নোৱাৰাম নাথ আৰু মাতৃ সাজেশ্বৰী দেৱী। তেওঁ হাবিবৰঙাবাৰী আদৰ্শ হাইস্কুলৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰে। তেওঁ চৰাইবাহী মহাবিদ্যালয় আৰু হোজাই মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে কাম কৰাৰ পিছত সম্প্ৰতি গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগত সহযোগী অধ্যাপক হিচাপে কৰ্মৰত। তেখেতৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ হ'ল তুমি মোক স্পৰ্শ কৰা (কাব্য গ্ৰন্থ,যুটীয়াভাৱে)। ইয়াৰ পিছত তেওঁৰ নষ্ট এপিটাফ, সাউদ আৰু অন্যান্য গল্প,ইথাৰৰ ঈশ্বৰ আৰু অন্নখন নামৰ চাৰিখন গল্প সংকলন প্ৰকাশিত হয়।

গল্পসমূহ[সম্পাদনা কৰক]

  • গুহা
  • পিণ্ড
  • ক'লী-পুৰাণ
  • জোক
  • নাচ ভালুকী নাচ
  • অংক
  • পুহকৰ
  • ঘৰচিৰিকা
  • দৈৱকী
  • পঠা
  • বাজীকৰ
  • সাউদ
  • শীতনিদ্ৰা

আলোচনা আৰু মন্তব্য[সম্পাদনা কৰক]

সাউদ আৰু অন্যান্য গল্প সংকলনখনৰ গল্পসমূহত বিভিন্ন বিষয় ভিন ভিন ধৰণে উপস্থাপন কৰা হৈছে। এই গল্পসমূহত অঞ্চল বিশেষৰ জাতি বৈষম্যক প্ৰকট কৰাত লোকগীত আৰু অঞ্চলবিশেষৰ উপভাষাই সহায় কৰিছে।[1] মূলতঃ এই গল্পসমূজৰ মাজেৰে সামাজিক বৈষম্য আৰু শোষণ-অন্যায়ৰ ছবি এখন দাঙি ধৰা হৈছে আৰু গল্পসমূহে ভোক, দৰিদ্ৰতা, যৌনতা, অসম আন্দোলনৰ নিৰ্মমতা, শিপা হেৰুওৱা সমাজ এখনৰ দুৰৱস্থা আদি বিভিন্ন বিষয় সামৰি লৈছে।[2]

কবি,সমালোচক হৰেকৃষ্ণ ডেকাই কৈছে

সমসাময়িক সাৰ্থক অনুশীলনকাৰী কেইগৰাকীমানৰ দৰে নাথে কিন্তু তেওঁৰ গল্পৰ ক্ষেত্ৰত কাহিনীক গৌণ কৰি পেলোৱা নাই। তেওঁ নিজৰ অঞ্চলৰ লোকাচাৰ, লোকানুভূতি আৰু সাধাৰণ লোকজীৱন ইমান নিবিড়ভাৱে পৰ্যবেক্ষণ কৰিছে যে এই সমাজৰ জীৱনবোধৰ প্ৰয়োজনতেই তেওঁ নিজৰ গল্পৰ কথকক লোকসমাজৰ সৰু-বৰ নাটবোৰ অতিক্ৰম কৰি আত্মমগ্ন হৈ পৰিবলৈ নিদিয়ে। তেওঁৰ গল্পৰ ভাৱবস্তু এই লোকসমাজৰ জীৱন-যাত্ৰাৰ খলা-বমা, সুখ-দুখ, মানুহৰ অন্যায় আচৰণ, মানুহৰ সহানুভূতি অন্ধবিশ্বাস বা সংস্কাৰৰ গৃহীত পৰম্পৰা আৰু তাৰ বাস্তৱতাৰ তাৎপৰ্য প্ৰকাশৰ উদেশ্যে পৰিচালিত হয়। তেওঁৰ গল্পৰ কথক এক সৰ্বদৰ্শী পৰ্যবেক্ষক; এই কথক সংবেদনশীল ... মোৰ ধাৰণা হৈছে, অসমীয়া গল্প সাহিত্যত অৰূপ কুমাৰ নাথৰ ‘সাউদ আৰু অন্যান্য গল্প' এক গুৰুত্বপূৰ্ণ সংযোজন।[3] সংকলনখনৰ গল্পসমূহে ভোক,দৰিদ্ৰতা, যৌনতা, অসম আন্দোলনৰ নিৰ্মমতা, শিপা হেৰুওৱা সমাজ এখনৰ দুৰৱস্থা আদি বিভিন্ন বিষয় সামৰি লৈছে।[4]

গল্পকাৰ, সমালোচক ইমৰান হুছেইনে লিখিছে -

অৰূপ কুমাৰ নাথৰ গল্পৰ আন এটা উল্লেখযোগ্য দিশ হ'ল সমাজৰ নিম্ন শ্ৰেণীৰ মানুহৰ প্ৰতি বিৰল সহমৰ্মিতা। গল্প পঢ়িলে এনে লাগে যেন এই দাৰিদ্ৰ্যপীড়িত মানুহবোৰৰ গধুৰ হুমুনিয়াহবোৰক তেওঁ নিজৰ ধমনীৰে উজাই নিছে। তদুপৰি সাবলীল বৰ্ণনাৰ লগতে মৰিগঞা উপভাষাৰ সংলাপৰ ব্যৱহাৰে তেওঁৰ গল্প-ভাষাক ভিন্নস্বাদৰ মাধুৰ্য প্ৰদান কৰিছে। প্ৰান্তীয় মানুহৰ জীৱন-যাত্ৰাৰ এনে সূক্ষ্ম বিৱৰণ অসমীয়া সাহিত্যত সহজলভ্য নহয়।[3]

বঁ‌টা আৰু সন্মান[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. অসমীয়া সাহিত্যত উত্তৰ আধুনিক প্ৰৱণতা : তৰুণ গল্পকাৰৰ উল্লিখনেৰে, আনন্দ বৰমুদৈ, অসমীয়া সাহিত্যৰ বুৰঞ্জী, সম্পদনা; হোমেন বৰগোহাঞি, প্ৰকাশক : আনন্দ ৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংস্থা
  2. অসমীয়া গল্প, এম কামালুদ্দিন আহমেদ, অসমীয়া গল্প ঐতিহ্য আৰু বিৱৰ্তন, সম্পাদনা অপূৰ্ব শৰ্মা, পৃষ্ঠা ৬৬৭
  3. 3.0 3.1 সাউদ আৰু অন্যান্য গল্প, বেটুপাতৰ চতুৰ্থ পৃষ্ঠা, প্ৰকাশক - আঁ‌ক-বাক, ২০২১ চন
  4. অসমীয়া গল্প, এম কামালুদ্দিন আহমেদ, অসমীয়া গল্প ঐতিহ্য আৰু বিৱৰ্তন, সম্পাদনা অপূৰ্ব শৰ্মা, পৃষ্ঠা ৬৬৭