কিশোৰ দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা


কিশোৰ দাস
জন্ম ২৩ নৱেম্বৰ, ১৯৯১[1]
মিৰ্জা, কামৰূপ, অসম, ভাৰত
মৃত্যু ২ জুলাই, ২০২২ (৩০ বছৰ)[2]
চেন্নাই, তামিলনাডু, ভাৰত
মৃত্যুৰ কাৰণ কৰ্কট ৰোগ[3]
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান দক্ষিণ কামৰূপ মহাবিদ্যালয় [4]
পেচা
  • অভিনেতা
  • মডেল
জনা যায় বিধাতা, দাদা তুমি দুষ্ট বৰ
উচ্চতা ৫ ফুট ১০ ইঞ্চি (১.৭৮ মিটাৰ)[1]
পিতৃ-মাতৃ দেবেন দাস (পিতৃ)
নলিনী দাস (মাতৃ)[1]


কিশোৰ দাস (ইংৰাজী: Kishor Das) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা।[5] তেওঁ বহুকেইটা অসমীয়া মিউজিক ভিডিঅ’, ধাৰাবাহিক তথা চলচ্চিত্ৰত অভিনয় কৰিছিল৷[6] তেওঁ গুৱাহাটীস্থিত আঞ্চলিক টেলিভিচন চেনেলত প্ৰচাৰিত বিধাতা, বান্ধোন, নেদেখা ফাগুনৰ দৰে জনপ্ৰিয় অসমীয়া টেলিভিছন অনুষ্ঠানবোৰত কৰা অভিনয়ৰ বাবে অধিক পৰিচিত আছিল।[2] তেওঁ অভিনয় কৰা ৩০০ৰো অধিক মিউজিক ভিডিঅ’ৰ ভিতৰত “তুৰুত তুৰুত” গীতটো অসমীয়া উদ্যোগত এক নম্বৰ গীত বুলি প্ৰমাণিত হৈছে।[7]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৯১ চনৰ ২৩ নৱেম্বৰ তাৰিখে কামৰূপ গ্ৰাম্য জিলাৰ মিৰ্জাত কিশোৰ দাসৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃৰ নাম দেবেন দাস আৰু মাতৃ নলিনী দাস৷ তেওঁ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল৷[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

কিশোৰে ২০১৯ চনত ৰং চেনেলত সম্প্ৰচাৰিত অসমীয়া টেলিভিচন অনুষ্ঠান বিধাতা আৰু বন্ধোনৰ যোগেদি প্ৰথম চৰিত্ৰ ভূমিকাত অভিনয় কৰিছিল৷ পিছলৈ তেওঁ ২০২১ চনত “নেদেখা ফাগুন”ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ অভিনয় কৰা অন্তিমখন ছবি “দাদা তুমি দুষ্ট বৰ” মুক্তিলাভ কৰে ২০২২ চনৰ ২৪ জুনত৷[2] কৰ্মজীৱনৰ খুব কম সময়ৰ ভিতৰতে কিশোৰ দাসে ৩০০তকৈও অধিক সংগীত ভিডিঅ’ত অভিনয় কৰাৰ লগতে আৰু বহুটো চুটি ছবিত কাম কৰিছিল।[8][5]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তেওঁ ২০১৯ চনত “কেণ্ডিড ইয়ং এচিভমেণ্ট এৱাৰ্ড” আৰু এছিয়ানেট আইকন বঁটাত “আটাইতকৈ জনপ্ৰিয় অভিনেতা ২০২০-২০২১” বঁটা লাভ কৰিছিল।[9][5]

মৃত্যু[সম্পাদনা কৰক]

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ ২০২২ চনৰ ২ জুলাই তাৰিখে চেন্নাইৰ এপ’লো চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩০ বছৰ৷[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 Bidhata -বিধাতা megaserial ' fame Actor Kishor Das Full biography. Bhukhan Pathakৰ সৈতে সাক্ষাৎকাৰ. 6 May 2018. Interview. 
  2. 2.0 2.1 2.2 2.3 "Assamese actor Kishor Das dies at 30 after battling cancer". india today. https://www.indiatoday.in/movies/regional-cinema/story/assamese-actor-kishor-das-dies-at-30-after-battling-cancer-1969554-2022-07-02। আহৰণ কৰা হৈছে: 2nd July 2022. 
  3. "Young Assamese Actor Kishore Das Loses Battle against Cancer". DY365. 2 July 2022. https://dy365.in/topstories/young-assamese-actor-kishore-das-loses-battle-against-cancer--11753#:~:text=Assamese%20model%2C%20actor%20and%20dancer,He%20was%20only%2028। আহৰণ কৰা হৈছে: 3 July 2022. 
  4. Interview with assamese popular song Selfi Le Le Re Fame Actor Kishor Kumar Das. Fulfill your dreamৰ সৈতে সাক্ষাৎকাৰ. 4 Nov 2018. Interview. 
  5. 5.0 5.1 5.2 "Assam Actor Kishor Das Passes Away in Chennai". Sentinelassam.com/. 3 July 2022. https://www.sentinelassam.com/north-east-india-news/assam-news/assam-actor-kishor-das-passes-away-in-chennai-600375। আহৰণ কৰা হৈছে: 3 July 2022. 
  6. বৰুৱা, জাহ্নৱী (2 July 2022). "Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস". https://assam.nenow.in. https://assam.nenow.in/popular-actor-of-the-state-kishore-das-passed-away/। আহৰণ কৰা হৈছে: 3 July 2022. 
  7. "Big shock to the entertainment industry, this famous actor passed away". News Track. https://english.newstracklive.com/news/assamese-actor-kishor-das-dies--assam-sc89-nu612-ta322-1237470-1.html। আহৰণ কৰা হৈছে: 2nd July 2022. 
  8. "Assamese Actor Kishore Das Died Of Cancer, Breathed His Last At The Age Of 30!". womansera.com. https://womansera.com/assamese-actor-kishore-das-died-of-cancer-breathed-his-last-at-the-age-of-30/। আহৰণ কৰা হৈছে: 2nd July 2022. 
  9. "Actor Kishor Das passes away". The Assam Rising. 3 July 2022. পৃষ্ঠা 3. https://portal.dainandinbartagroup.in/epaper/file/934। আহৰণ কৰা হৈছে: 3 July 2022. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]