কবি অমূল্য বৰুৱাৰ জীৱন আৰু সমকালীন সময়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কবি অমূল্য বৰুৱাৰ জীৱন আৰু সমকালীন সময়  
লেখক গুণীন হাজৰিকা
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ জীৱনী
প্ৰকাশক চিৰন্তন প্ৰকাশন
প্ৰকাশ আগষ্ট, ২০২০

কবি অমূল্য বৰুৱাৰ জীৱনৰ আধাৰত সাহিত্যিক গুণীন হাজৰিকাই লিখি উলিওৱা এই কিতাপখন কলিয়াবৰৰ চিৰন্তন প্ৰকাশে প্ৰকাশ কৰি উলিয়ায় ২০২০ চনত৷ মুঠ পৃষ্ঠা সংখ্যা ১৪৪৷ সৰ্বস্বত্ব লেখকৰ নামত থকা কিতাপখনৰ আৰম্ভণিতে ’মোৰ মনৰ কথাত’ লেখকে লিখিছে, “কবিজনৰ বিষয়ে লিখিম বুলি কেতিয়া চিন্তা কৰিছিলোঁ সঠিক মনত নাই৷ অসম সাহিত্য সভাৰ ৰহা অধিবেশনত (১৯৮০) যোৰহাট সাহিত্য সভাই প্ৰকাশ কৰা “অমূল্য বৰুৱা : পৰিচয় আৰু প্ৰতিভা (প্ৰথম প্ৰকাশ, ১৯৭৭) নামৰ কিতাপখন বুক ষ্টলৰ পৰা কিনি আনিছিলোঁ৷ কিতাপখনে উদীপ্ত মনৰ প্ৰদীপ্ত প্ৰতিভাৰ কবিজনৰ বিষয়ে মোক বহুখিনি নতুন কথা জানিবলৈ দিলে৷ তেওঁৰ মৰ্মন্তুদ, নিষ্ঠুৰ হত্যাকাণ্ডৰ বৰ্ণনাই মোৰ হৃদয় বিদ্ধ কৰিলে৷...’’[1]

বিৱৰণ[সম্পাদনা কৰক]

কবি অমূল্য বৰুৱাৰ জীৱন আৰু সমকালীন সময়ৰ শেষৰ ফালে সংযোগ কৰা পৰিশিষ্ট, নিৰ্ঘণ্ট আৰু লিখকৰ পৰিচিতি বাদ দি মূল কিতাপখন দহটা অধ্যায়ত ভাগ কৰা আছে৷ ’সেই সময়’ নামৰ প্ৰথম অধ্যায়ত কবিগৰাকীৰ জন্মৰ ঠিক আগৰ সময়খিনিৰ পৰা কবিগৰাকীৰ সমকালীন সময়ৰ সামাজিক, ৰাজনৈতিক পৰিৱেশ ডাঙি ধৰা হৈছে৷

’ভোগদৈৰ পাৰৰ দিন’ত অমূল্য বৰুৱাৰ জন্মৰে পৰা যুৱক অৱস্থালৈ সময়খিনিত লগ পোৱা সমনীয়া, শিক্ষাগুৰুসকলৰ উপৰি সেই ঠাইৰ প্ৰাকৃতিক, সামাজিক পৰিৱেশৰ অৱতাৰণা কৰিছে৷

’জেহিৰুদ্দিন হেডমাষ্টৰৰ বিদ্যালয়ত’ নামে তৃতীয় অধ্যায়ত যোৰহাটৰ শিক্ষাৰ পৰিৱেশ আৰু অসমৰ আন দুগৰাকী কবি গণেশ গগৈ আৰু যতীন্দ্ৰনাথ দুৱৰাৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰিছে৷

অমূল্য বৰুৱাৰ বন্ধুমহলত আছিল, বীৰেন ভট্টাচাৰ্য, অজিত শৰ্মা, আনন্দেশ্বৰ বৰঠাকুৰ, ৰাজেন হাজৰিকা, যতিনাৰায়ণ শৰ্মা আদি আৰু তেওঁলোকৰ মাজত অমূল্যই এখন সাহিত্য সৃষ্টিৰ কঠীয়াতলি নিৰ্মাণহে যেন কৰিছিল, সেইবিষয়ে লিখা আছে ’সৃষ্টিৰ কঠীয়াতলিত’ নামৰ চতুৰ্থ অধ্যায়ত৷

জে বি কলেজৰ পৰা বি এ পাছ কৰি ইংৰাজীত এম এ পঢ়িবলৈ যোৱা অমূল্যই সেইসময়ত কলিকতাত অসমৰ ছাত্ৰসমাজৰ দ্বাৰা গঢ়ি উঠা পৰিৱেশ আৰু মহানগৰৰ জীৱনৰ মাজত তালমিল ৰাখি নিজৰ সাধনা অটুট ৰাখিছিল৷ কবি যতীন্দ্ৰনাথ দুৱৰাৰ লগত সৌহাৰ্দ্য, কলকতাৰ অনাতাঁৰ কেন্দ্ৰত নাটক প্ৰচাৰ আদিৰে পঞ্চম অধ্যায় লিখা হৈছে৷

ষষ্ঠ অধ্যায়ত ’মডাৰ্ণমেন আই চিং’ নাম দি লেখকে যুদ্ধকালীন পৰিৱেশৰ মাজত দেশবিদেশৰ সাহিত্যৰ ধাৰা আৰু ৰাজনৈতিক মতবাদবোৰ আলোচিত হৈছে৷

সপ্তম অধ্যায়ত ’বিপন্ন সময়’৷ ৰাজনৈতিক সমীকৰণৰ সন্ধিক্ষণ৷ কবিয়ে তাৰ ভয়াবহ ৰূপ দেখি ঘৰলৈ তাৰ বৰ্ণনাৰে চিঠি লিখিছিল৷

অষ্টম অধ্যায় ’বধ্যভূমি’৷ ১৯৪৬ চনৰ সাম্প্ৰদায়িক উত্তেজনাৰ ভয় লগা সময়৷ এই সময়তে অমূল্য বৰুৱাৰ লগতে হেৰাই যায়৷

নৱম অধ্যায়ত লেখকে ’মহাপ্ৰস্থানৰ পথিক’ নামেৰে কবিগৰাকীৰ মৃত্যুৰ পিছৰ পৰিৱেশ বৰ্ণনা কৰিছে৷

’হেঙুল বৰণীয়া কবি’ নামেৰে মূল কিতাপখনৰ দশম অধ্যায়ত লেখকে আন এগৰাকী কবি আনন্দ চন্দ্ৰ বৰুৱাই লিখা কবিতাৰে অমূল্য বৰুৱাৰ জীৱনৰ পৰিসমাপ্তিৰ কথা পুনৰ আলোচনা কৰিছে৷ ইয়াৰ পিছত পৰিশিষ্টত আছে অমূল্য বৰুৱাই হাতে লিখা চিঠি, শোকবাৰ্তা আৰু উল্লেখযোগ্য আলোকচিত্ৰ৷[2]

অমূল্য বৰুৱাৰ এটি কবিতা[সম্পাদনা কৰক]

“ছাই হৈ যাব এই পুৰণি পৃথিৱী
নতুন সৃষ্টিত হ’ব নতুন সূচনা৷
হে বীৰ নহ’বা বিব্ৰত
পৰিৱৰ্তনৰ নতুন তালত নাচি
হাঁহি আছে আদৰ্শৰ উদয়াচলত
সৃষ্টিকাৰী অন্তৰত ধ্যানৰত৷
চিন্তাৰত সৰ্বজিত মহাশক্তি মোৰ
অহিংসাৰ জোৰ লৈ মৰমৰ সুৱদী বাণীৰে
জগতৰ মুক্তিকামী দূত
আগত গৈছে সৌৱা
যোৱা বীৰ আগবাঢ়ি
মোৰ তপস্যাৰ মহা সাধনৰ ধন
যুগে যুগে তুমি হ’বা
বুকুৰ সন্তান৷
হে হিন্দু হে মুছলমান
মুক্ত ভাৰতীৰ
কৰি উচ্চ শিৰ
মুক্তিৰ আলোক ব্ৰতী
বিশ্বজিত সত্যৰ পূজাৰী৷[3]

মূল্যায়ন[সম্পাদনা কৰক]

কবি অমূল্য বৰুৱাৰ জীৱন আৰু সমকালীন সময়ত স্বাধীনতাৰ প্ৰাকক্ষণত কলিকতাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ ছবিখনৰ লগতে সেই সময়ৰ ৰাজনৈতিক পৰিৱেশ অধ্যয়নৰ সুবিধা পোৱা যায়৷ কিতাপখন বৰ্ণিত ১৭ আৰু ১৮ আগষ্টৰ ব্যাপক হিংসাত্মক ঘটনা সন্নিবিষ্ট হোৱাত ই ইতিহাসৰ দলিল স্বৰূপ হৈ পৰিছে৷ পুথিখনত কবিগৰাকীৰ বিষয়ে সকলো কথা জনাৰ পিছত সেইসময়ৰ আধুনিক কবিসকলৰ নতুন মনৰ সুন্দৰ বিৱৰণৰ লগতে নলিনীবালা দেৱী যতীন্দ্ৰনাথ দুৱৰা আদিৰ সম্পৰ্কেও বহু কথা জানিব পাৰি৷ সকলোতকৈ ডাঙৰ কথা, অমূল্য বৰুৱাৰ মৃত্যুৰ তাৰিখ সম্পৰ্কে থকা মতদ্বৈধতা লেখকে তথ্যসহকাৰে দূৰ কৰিবলৈ সক্ষম হৈছে৷ [4]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. কবি অমূল্য বৰুৱাৰ জীৱন আৰু সমকালীন সময়, গুণীন হাজৰিকা, পৃ:নং; ৫, চিৰন্তন প্ৰকাশন, ২০২০
  2. কবি অমূল্য বৰুৱাৰ জীৱন আৰু সমকালীন সময়, গুণীন হাজৰিকা, চিৰন্তন প্ৰকাশন, ২০২০
  3. কবি অমূল্য বৰুৱাৰ জীৱন আৰু সমকালীন সময়, গুণীন হাজৰিকা, পৃ:নং; ৮৫, চিৰন্তন প্ৰকাশন, ২০২০
  4. কবি অমূল্য বৰুৱা আৰু বিপন্ন সময়ৰ কিছু তথ্য, জয়কান্ত শৰ্মা, সাতসৰী, মাৰ্চ, ২০২২