ইতিহাসৰ ছাঁ-পোহৰত পুৰণি গুৱাহাটী
ইতিহাসৰ ছাঁ-পোহৰত পুৰণি গুৱাহাটী | |
---|---|
গ্ৰন্থখনৰ বেটুপাত | |
লেখক | কুমুদেশ্বৰ হাজৰিকা |
দেশ | অসম, ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | থলুৱা ইতিহাস |
প্ৰকাশক | অসম পাব্লিচিং কোম্পানী |
প্ৰকাশ | ডিচেম্বৰ, ২০০২ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পৃষ্ঠা সংখ্যা | ২২০ (পুনৰ্মুদ্ৰণ অক্টোবৰ, ২০২০) |
আই.এচ.বি.এন. | ৯৭৮-৮১-৮৬৩৮৪-৯১-X |
ইতিহাসৰ ছাঁ-পোহৰত পুৰণি গুৱাহাটী (ইংৰাজী: Itihaaxor Saa-Puhorot Puroni Guwahati) হৈছে অসমীয়া ভাষাত ৰচিত আৰু অসমৰ থলুৱা বা স্থানীয় ইতিহাসক আধাৰ কৰি লিখা এখনি ইতিহাস-নিৰ্ভৰ গ্ৰন্থ৷ গ্ৰন্থখনৰ লেখক হৈছে কুমুদেশ্বৰ হাজৰিকা৷ প্ৰধানকৈ এই গ্ৰন্থখনে অসমৰ গুৱাহাটী চহৰৰ ইতিহাসক আলোকপাত কৰিছে৷ গ্ৰন্থখন পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল ২০০২ চনৰ ডিচেম্বৰ মাহত৷ ২০১৩ চনৰ জানুৱাৰী মাহত অসম পাব্লিচিং কোম্পানীয়ে গ্ৰন্থখনৰ মূল বিষয়বস্তু সাল-সলনি নকৰাকৈ নতুন ৰূপত প্ৰকাশ কৰে৷ [1]
লিখকৰ চমু পৰিচয়
[সম্পাদনা কৰক]লিখক কুমুদেশ্বৰ হাজৰিকাৰ জন্ম হৈছিল অসমৰ গুৱাহাটীত৷ তেখেতৰ বৃত্তি শিক্ষক৷ গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দীৰ্ঘদিন শিক্ষকতা কৰি তেখেতে ১৯৯৫ চনত অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে৷ কুমুদেশ্বৰ হাজৰিকা অসম সাহিত্য সভা, অসম একাডেমী, অসম নাট্য সন্মিলন, ছেভ গুৱাহাটী, বিল্ড গুৱাহাটী আদি অনুষ্ঠানৰ লগত বিভিন্নধৰণে জড়িত৷ তেখেতৰ আন দুখন গ্ৰন্থ হৈছে মোৰ চিনাকী গুৱাহাটী কতজন কত কথা আৰু স্মৃতি বিচিত্ৰা৷ [1]
গ্ৰন্থৰ নেপথ্য
[সম্পাদনা কৰক]গুৱাহাটীতে জন্মগ্ৰহণ কৰা লেখক কুমুদেশ্বৰ হাজৰিকা শৈশৱতে অসমৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ [1] সান্নিধ্যলৈ আহিছিল৷ সেইসকলৰ ভিতৰত লেখকে ৰঘুনাথ চৌধাৰী, মৃৎশিল্পী মীনধৰ বৰদলৈ আৰু খানচাহাব খলিলুৰ ৰহমানৰ কথা মনত পৰে বুলি গ্ৰন্থৰ পাতনিতে উল্লেখ কৰিছে৷ তেওঁলোকৰ মুখত লেখকে পুৰণি গুৱাহাটীৰ নানান কথা শুনিছিল৷ কুমুদেশ্বৰ হাজৰিকাৰ ককাদেউতাক আছিল (মাতামহ) মহেন্দ্ৰলাল বৰুৱা (১৮৭৮-১৯৬৬)৷ তেখেতেও পুৰণি গুৱাহাটীৰ প্ৰতি লেখকক আকৰ্ষিত কৰিছিল৷ এই আকৰ্ষণ আৰু ইতিহাস-সন্ধানৰ দ্বাৰা প্ৰভাৱিত হৈ লেখকে পুৰণি কাকত-আলোচনীত গুৱাহাটী সম্পৰ্কে কিবা তথ্য পালে সংৰক্ষণ কৰিবলৈ ধৰিলে৷ কিন্তু হঠাতে অহা গুৱাহাটীৰ কৃত্ৰিম বানপানীয়ে তেখেতৰ কিছু আপুৰুগীয়া সম্বল নষ্ট কৰিলে৷ [1]
১৯৮৭-৮৮ চনত কুমুদেশ্বৰ হাজৰিকাৰ ডাঙৰ ভিনিহি ফণী তালুকদাৰে 'অসম বাণী' কাকতৰ সম্পাদনাৰ দায়িত্বত আছিল৷ তেখেতৰ পৰামৰ্শ মানি কুমুদেশ্বৰ হাজৰিকাই 'অতীতে ৰিঙিয়ায়' নামেৰে পুৰণি গুৱাহাটীৰ কথাবোৰ ধাৰাবাহিকভাৱে সেইখন কাকততে লিখিবলৈ ধৰিলে৷ তাৎপৰ্যপূৰ্ণভাৱে, তেখেতে ৰঞ্জন কাশ্যপ ছদ্মনামেৰেহে সেইবোৰ লেখা লিখিছিল৷ অৱশ্যে তিনিটামান লেখাৰ পাছত তেখেতে নিজৰ নামত সেইবোৰ প্ৰবন্ধ লিখিবলৈ ধৰিলে৷ ফণী তালুকদাৰে কাকতৰপৰা অৱসৰ লোৱাৰ পাছত অৱশ্যে কুমুদেশ্বৰ হাজৰিকাইও অতীতে ৰিঙিয়ায় লিখিবলৈ বাদ দিলে৷ [1]
১৯৯৫ চনত চাকৰিৰ পৰা অৱসৰ লৈ কুমুদেশ্বৰ হাজৰিকাই লিখা-মেলাত পুনৰ ব্ৰতী হ'বলৈ মন মেলে৷ সেই সময়তে দৈনিক অসম কাকতৰ সাংবাদিক-বন্ধু প্ৰেমধৰ শৰ্মাই তেওঁক আহি প্ৰতি মঙলবাৰে মহানগৰীৰ ৰেহ-ৰূপ নামেৰে নতুনকৈ আৰম্ভ হ'বলগীয়া নিয়মীয়া শিতান এটাত লিখাৰ প্ৰসংগ উলিয়ালে৷ ইয়াৰ পিছত দুটা বছৰ তেখেতে দৈনিক অসমত গুৱাহাটী-সম্পৰ্কীয় ইতিহাস-আশ্ৰিত লেখা লিখিবলৈ ধৰিলে৷ অৱশ্যে একাংশ লেখক-চিন্তাবিদে তেওঁৰ লেখা তথ্যভিত্তিক নহয় বুলিও মন্তব্য কৰিছিল৷ [2] কিন্তু অসমৰ সাংবাদিক-সাহিত্যিক জগতৰ অগ্ৰণী ব্যক্তি কীৰ্তিনাথ হাজৰিকা, সতীশ চন্দ্ৰ কাকতি, তিলক হাজৰিকা, কবি হীৰেন ভট্টাচাৰ্য, সাহিত্যিক-কবি-অধ্যাপক নৱকান্ত বৰুৱাই তেওঁক লিখা-মেলা কৰিবলৈ উদ্গনি যোগাবলৈ ধৰিলে৷ নৱকান্ত বৰুৱাই তেওঁৰ কিতাপখনৰ পাতনি লিখাৰ কথা আছিল যদিও কিতাপখন প্ৰকাশিত হোৱাৰ আগতেই কবিগৰাকীৰ দেহাৱসান হয়৷ মূল পাণ্ডুলিপিটো কুমুদেশ্বৰ হাজৰিকাই তিনিবাৰ সংশধোন-পৰিমাৰ্জন কৰিছিল৷ তথ্য সংগ্ৰহৰ বাবে লেখকে গুৱাহাটীৰ বিভিন্ন ঠাইৰ, বিভিন্ন চুবুৰীৰ, বহু ব্যক্তিক সাক্ষাৎ কৰিছিল৷ কিতাপৰ নামটো পোনপ্ৰথমে অতীতে ৰিঙিয়ায়:পুৰণি গুৱাহাটী দিয়া হৈছিল যদিও লেখকে ভাগিনজোঁৱাই তথা নগাঁও ছোৱালী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী প্ৰবক্তা ৰাজেন শইকীয়াৰ দিহামতে কিতাপৰ নামটো ইতিহাসৰ ছাঁ-পোহৰত পুৰণি গুৱাহাটীলৈ সলোৱা হয়৷
লেখকে এই গ্ৰন্থখনক গৱেষণামূলক গ্ৰন্থ বুলি ক'ব খোজা নাই৷ [2]
গ্ৰন্থখনত উল্লেখ কৰা পুৰণি গুৱাহাটীৰ সীমা ১৯৭৩ চনলৈকে বৰ্তি আছিল৷ ১৯৭২ চনত শ্বিলঙৰ পৰা ৰাজধানী অসমৰ গুৱাহাটীলৈ লৈ অহা হয়৷ ১৯৭৩ চনত এক অধ্যাদেশযোগে গুৱাহাটী পৌৰ সভাক পৌৰ নিগমলৈ উন্নীত কৰা হয়৷ নতুন ঠাই কিছুমান গুৱাহাটীত অন্তৰ্ভুক্ত হ'ল৷ তাৰে ভিতৰত নৱগ্ৰহ, কামাখ্যা, গড়পাণ্ডু, বেলতলা, বশিষ্ঠ, গণেশগুৰি, দিশপুৰ, নুনমাটি, বামুণীমৈদাম আদি প্ৰধান৷ গুৱাহাটীৰ পৰিসীমা ২৫৭.৯ বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি পালে৷ অৱশ্যে ১৯৭২ চনৰ গুৱাহাটীৰ পৌৰসভাৰ সীমাই কুমুদেশ্বৰ হাজৰিকাৰ পুৰণি গুৱাহাটীৰ সীমা৷ [2]