এডাম গ্ৰাণ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এডাম গ্ৰাণ্ট
Adam Grant

এডাম গ্ৰাণ্ট(২০২১)
জন্ম ১৩ আগষ্ট, ১৯৮১ (৪২ বছৰ)
ৱেষ্ট ব্লুমফিল্ড টাউনশ্বিপ, মিচিগান, (ৱেষ্ট ব্লুমফিল্ড), মিচিগান, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা
ৰাষ্ট্ৰীয়তা আমেৰিকান
মাতৃশিক্ষায়তন
  • হাৰ্ভাৰ্ড কলেজ
  • মিচিগান বিশ্ববিদ্যালয়
ধৰণ
দাম্পত্যসংগী Allison Grant
সন্তান

স্বাক্ষৰ
ৱেবছাইট www.adamgrant.net

এডাম এম. গ্ৰাণ্ট (ইংৰাজী: Adam Grant), (জন্ম: ১৩ আগষ্ট, ১৯৮১) জনপ্ৰিয় বিজ্ঞানৰ এজন আমেৰিকান লেখক, আৰু পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ ৱাৰ্টন স্কুলৰ অধ্যাপক যি ঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞান(সাংগঠনিক মনোবিজ্ঞান)ত বিশেষজ্ঞ।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৮১ চনৰ ১৩ আগষ্টত মিচিগানৰ ৱেষ্ট ব্লুমফিল্ড টাউনশ্বিপত এজন অধিবক্তা পিতৃ আৰু এগৰাকী শিক্ষয়িত্ৰী মাতৃৰ ঘৰত গ্ৰাণ্টে জন্মগ্ৰহণ কৰিছিল। [1][2]তেওঁ ডেট্ৰাইট, মিচিগানৰ উপকণ্ঠ অঞ্চলত ডাঙৰ-দীঘল হৈছিল। গ্ৰাণ্টে স্প্ৰিংবৰ্ড ডাইভিংত অংশগ্ৰহণ কৰিছিল আৰু ডাঙৰ হৈ এজন পেছাদাৰী বাস্কেটবল খেলুৱৈ হোৱাৰ আকাংক্ষা কৰিছিল।[2] হাইস্কুলৰ সময়ছোৱাত তেওঁ ১৯৯৯ চনত ডাইভিঙৰ ক্ষেত্ৰত অল-আমেৰিকান হিচাপে নিৰ্বাচিত হয়।[3]তেওঁ বি.এ. হাৰ্ভাৰ্ড কলেজৰ পৰা আৰু এম. আৰু মিচিগান বিশ্ববিদ্যালয়ৰ পৰা সাংগঠনিক মনোবিজ্ঞানত পি.এইচ.ডি. লাভ কৰে। [4]কলেজৰ সময়ত তেওঁ পেছাদাৰী যাদুকৰ হিচাপে কাম কৰিছিল।[5]

শৈক্ষিক জীৱন[সম্পাদনা কৰক]

২০০৭ চনত সাংগঠনিক আচৰণৰ সহকাৰী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ ‘ইউনিভাৰ্চিটি অৱ নৰ্থ কেৰ’লিনা এট চেপেল হিলত’ গ্ৰাণ্টক নিযুক্তি দিয়া হৈছিল।একাডেমিক আলোচনীত ধাৰাবাহিক গৱেষণা পত্ৰ প্ৰকাশ কৰাৰ পিছত তেওঁক বিশ্ববিদ্যালয়ৰ ৱাৰ্টন স্কুলত সহযোগী অধ্যাপক হিচাপে ২০০৯ চনত নিযুক্তি দিয়া হৈছিল। পেনচিলভেনিয়াৰ ২৮ বছৰ বয়সত বিদ্যালয়খনৰ আটাইতকৈ কম বয়সীয়া পূৰ্ণাংগ অধ্যাপক হিচাপে তেখেত পৰিগণিত হয়।[6][7]২০১১ চনৰ পৰা ২০১৭ চনলৈকে তেওঁক বিশ্ববিদ্যালয়খনৰ শ্ৰেষ্ঠ অধ্যাপক হিচাপে ছাত্ৰ-ছাত্ৰীসকলে ৰেংকিং কৰিছিল।[8]

ব্যৱসায়[সম্পাদনা কৰক]

গ্ৰাণ্ট ৱৰ্কলাইফ প'ডকাষ্টৰ আয়োজক। [9]

২০১৭ চনত গ্ৰাণ্টে মিচিগান বিশ্ববিদ্যালয়ৰ অধ্যাপক ৱেইন বেকাৰ আৰু উদ্যোগী চেৰিল বেকাৰৰ সৈতে 'গিভ এণ্ড টেক ইনক',এটা কোম্পানী সহ-প্ৰতিষ্ঠা কৰে, যিয়ে Givitas নামৰ এটা চফ্টৱেৰ নিৰ্মাণ কৰে। এইটো এটা ৱেব-ভিত্তিক SaaS প্লেটফৰ্ম যাক, এডামৰ গিভ এণ্ড টেক নামৰ কিতাপখনৰ আধাৰত সংস্থাসমূহৰ নীতি কাৰ্যকৰী কৰাত সহায় কৰিবলৈ ডিজাইন কৰা হৈছে।[10]

গ্ৰাণ্টে লিন ইনৰ ব'ৰ্ডত কাম কৰে আৰু EXILE Contentৰ সৃষ্টিশীল পৰামৰ্শদাতা ব'ৰ্ডৰ অধ্যক্ষতা কৰে।[11] [12]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

স্নাতক বিদ্যালয়ত থাকোঁতে গ্ৰাণ্টে তেওঁৰ পত্নী এলিছনক বিয়া কৰায়। দম্পতীটোৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰ আছে।[13]

গ্ৰন্থ[সম্পাদনা কৰক]

(১) Give and Take: A Revolutionary Approach to Success (2013)
(২) Originals: How Non-Conformists Move the World (2016)
(৩) Option B: Facing Adversity, Building Resilience, and Finding Joy. (2017;শ্বেৰিল ছেণ্ডবাৰ্গৰ সৈতে)
(৪) Think Again: The Power of Knowing What You Don't Know (2021).
Description and preview.

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "eStories" (en ভাষাত). www.estories.com. https://www.estories.com/author/16169/Adam-Grant। আহৰণ কৰা হৈছে: August 30, 2017. 
  2. 2.0 2.1 Dominus, Susan (March 27, 2013). "Is Giving the Secret to Getting Ahead?" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2013/03/31/magazine/is-giving-the-secret-to-getting-ahead.html. 
  3. "1999 Mens Public School All American Divers". USA Diving. http://www.usadiver.com/NISCA_99_list.htm। আহৰণ কৰা হৈছে: July 12, 2017. 
  4. "Adam Grant" (en-US ভাষাত). Management Department. https://mgmt.wharton.upenn.edu/profile/grantad/. 
  5. Give and Take – Adam Grant ইউটিউবত
  6. Dominus, Susan. "Is Giving the Secret to Getting Ahead?". The New York Times. https://www.nytimes.com/2013/03/31/magazine/is-giving-the-secret-to-getting-ahead.html। আহৰণ কৰা হৈছে: April 2, 2013. 
  7. Maurer, Tim. "Are You A Complainer, Consumer Or Contributor?" (en ভাষাত). Forbes. https://www.forbes.com/sites/timmaurer/2018/03/03/are-you-a-complainer-consumer-or-contributor/#3916a0e5113b. 
  8. Clifford, Catherine (May 18, 2017). "Why Wharton's No. 1 professor recommends keeping a resume of your failures". CNBC. https://www.cnbc.com/2017/05/18/wharton-professor-adam-grant-says-keep-a-resume-of-failures.html. 
  9. "WorkLife with Adam Grant". itunes.apple.com. https://itunes.apple.com/us/podcast/worklife-with-adam-grant/id1346314086?mt=2। আহৰণ কৰা হৈছে: January 22, 2019. 
  10. "Givitas – Knowledge Collaboration Software – Give and Take". giveandtakeinc.com. https://giveandtakeinc.com/। আহৰণ কৰা হৈছে: January 22, 2019. 
  11. "Lean In Founders & Advisory Board". leanin.org. https://leanin.org/founders-advisors। আহৰণ কৰা হৈছে: March 19, 2019. 
  12. Ramos, Dino-Ray. "Diego Luna, Gael Garcia Bernal Join Exile's Creative Advisory Board With Chair Adam Grant". PMCDeadline. https://deadline.com/2019/10/diego-luna-gael-garcia-bernal-exile-creative-advisory-board-adam-grant-elizabeth-chai-vasarhelyi-serena-mccalla-1202750778/। আহৰণ কৰা হৈছে: February 19, 2020. 
  13. "Award Citation". American Psychologist. https://faculty.wharton.upenn.edu/wp-content/uploads/2013/04/AdamGrant-AmericanPsychologist.pdf। আহৰণ কৰা হৈছে: March 23, 2017. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]