ইদ্ৰিছ আলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইদ্ৰিছ আলি
জন্ম ১৯৪১
শিঙিমাৰী দৰং, অসম
পেচা সাহিত্যিক, গীতিকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতকোত্তৰ
মাতৃশিক্ষায়তন গুৱাহাটী বিশ্ববিদ্যালয়

ইদ্ৰিছ আলি (ইংৰাজী: ; জন্ম: ১৯৪১ ) অসমৰ এগৰাকী সাহিত্যিক আৰু প্ৰসিদ্ধ গীতিকাৰ।[1] তফজ্জুল আলিৰ প্ৰেৰণাৰে তেওঁ সাহিত্য আৰু সংগীত জগতত প্ৰৱেশ কৰিছিল যদিও ঘাইকৈ তেওঁ গীতিকাৰ ৰূপে পৰিচিত।[2]চাকৰিসূত্ৰে তেওঁ এগৰাকী অধ্যাপক আছিল।

সংক্ষিপ্ত জীৱনী[সম্পাদনা কৰক]

১৯৪১ চনৰ ১ মে' তাৰিখে [[দৰং জিলা|দৰং জিলাৰ শিঙিমাৰীত ইদ্ৰিছ আলিৰ জন্ম হয়। ১৯৬৫ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। কিছু বছৰ অসম প্ৰকাশন পৰিষদৰ সহায়ক ৰূপে কাম কৰাৰ পিছত তেওঁ মঙলদৈ মহাবিদ্যালয়ত প্ৰবক্তা ৰূপে যোগদান কৰে। ১৯৮৭ চনৰ পৰা ২০০১ চনলৈ তেওঁ এই মহাবিদ্যালয়ত চাকৰি কৰি ইয়াৰ পৰাই অৱসৰ গ্ৰহণ কৰিছিল। গীত ৰচনাৰ উপৰিও ইদ্ৰিছ আলিয়ে বহুসংখ্যক কবিতা আৰু প্ৰৱন্ধ, কেইবাখনো উপন্যাস আৰু শিশু গ্ৰন্থ ৰচনা কৰিছে। ‘নিৰিবিলি’ আৰু ‘সুৰনিতা’ ইদ্ৰিছ আলিৰ দুখন প্ৰকাশিত গীতৰ পুথি।[1] লিখা-মেলাৰ উপৰিও আলি বিভিন্ন সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠানৰ সৈতে জড়িত আছিল। ২০০৫ চনত তেওঁ অসম চৰকাৰে প্ৰদান কৰা সাহিত্যিক পেঞ্চন লাভ কৰে। [2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 শান্তনু কৌশিক বৰুৱা (আগষ্ট, ২০২০). অসম ইয়েৰ বুক, ২০২১. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৮৫৯. ISBN 978-93-81485-82-8৮৮. 
  2. 2.0 2.1 সম্পাদক : শোণিত বিজয় দাস, মুনীন বায়ন (২০০৬). কথা বৰণ্য ১০০. প্ৰকাশক গুৱাহাটী: কথা. পৃষ্ঠা. ২৭৯. ISBN 81-89148-14-1.