কিন্নৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ৱাট ফ্ৰা কেও মন্দিৰত কিন্নৰৰ প্ৰতিমূৰ্তি, বেংকক, থাইলেণ্ড

কিন্নৰ হৈছে হিন্দু আৰু বৌদ্ধ ধৰ্মত এক স্বৰ্গীয় সংগীতজ্ঞ। তেওঁলোক আংশিকভাৱে মানুহ আৰু আংশিকভাৱে পক্ষী। উভয় পৰম্পৰাতে কিন্নৰ (পুৰুষ) আৰু কিন্নৰী (নাৰী) আটাইতকৈ প্ৰিয় দুই পৌৰাণিক চৰিত্ৰ। হিমালয়ত বাস কৰা বুলি বিশ্বাস কৰা কিন্নৰসকলে প্ৰায়ে বিপদৰ সময়ত মানুহৰ মংগলৰ ওপৰত চকু ৰাখে। এক প্ৰাচীন ভাৰতীয় তাঁৰ বাদ্য কিন্নৰী বীণা নামেৰে জনাজাত। মহাভাৰতৰ আদি পৰ্বতো তেওঁলোকৰ চৰিত্ৰ স্পষ্ট কৰা হৈছে, য’ত তেওঁলোকে কৈছে:

আমি চিৰপ্ৰেমিক আৰু প্ৰিয়। আমি কেতিয়াও পৃথক নহয়। আমি চিৰকালৰ বাবে স্বামী-স্ত্ৰী; আমি কেতিয়াও মাতৃ আৰু পিতৃ নহওঁ। আমাৰ কোলাত কোনো সন্তান দেখা নাযায়। আমি প্ৰেমিক আৰু প্ৰিয় চিৰ-আলিংগনকাৰী প্ৰিয়। আমাৰ মাজত আমি কোনো তৃতীয় জীৱক মৰম দাবী কৰাৰ অনুমতি নিদিওঁ। আমাৰ জীৱনটো চিৰন্তন সুখৰ জীৱন [1]

জাতকৰ আখ্যান আৰু সদ্ধৰ্ম পুণ্ডৰিক সূত্ৰকে ধৰি বৌদ্ধ ধৰ্মৰ কেইবাখনো গ্ৰন্থত কিন্নৰসকলৰ বিষয়ে উল্লেখ কৰা হৈছে। দক্ষিণ-পূব এছিয়াৰ বৌদ্ধ আখ্যানসমূহত কিন্নৰৰ স্ত্ৰী কিন্নৰীসকলক অৰ্ধপক্ষী আৰু অৰ্ধনাৰী হিচাপে চিত্ৰিত কৰা হৈছে। পৌৰাণিক হিমাৱন্তত বাস কৰা বহুতো জীৱৰ ভিতৰত অন্যতম কিন্নৰিৰ শিৰ, উদৰ আৰু হাত নাৰীৰ আৰু ডেউকা, নেজ আৰু ভৰি হংসৰ। এওঁলোক নৃত্য, গীত আৰু কবিতাৰ বাবে বিখ্যাত হোৱাৰ লগতে নাৰী-সৌন্দৰ্য্য আৰু সাফল্যৰ পৰম্পৰাগত প্ৰতীক।

আমেৰিকান ইতিহাসবিদ, লেখক তথা চীনা-ভাষা সংস্কৃতিৰ পণ্ডিত এডৱাৰ্ড এইচ স্কেফাৰ্ডে লক্ষ্য কৰিছে যে পূব এছিয়াৰ ধৰ্মীয় শিল্পত কিন্নৰক প্ৰায়ে, অৰ্ধমানৱ অৰ্ধপক্ষীৰূপী সংকৰ জীৱ কালবিঙ্কৰ সৈতে বিভ্ৰান্ত কৰা হয়, কিন্তু দুয়ো প্ৰকৃততে সুকীয়া আৰু দুয়োটাৰে মাজত সম্পৰ্ক নাই।[2]

বাৰ্মা[সম্পাদনা কৰক]

শ্বান লোকসকলৰ কিন্নৰ-কিন্নৰী নৃত্য

বাৰ্মাত (ম্যানমাৰ) কিন্নৰক কেইননায়া বা কিন্নায়া বোলা হয়। কিন্নৰীক কেইন্নায়ী বা কিন্নাই বোলা হয়। বাৰ্মিজ বৌদ্ধ ধৰ্মাৱলম্বীসকলে বিশ্বাস কৰে যে বুদ্ধৰ অতীতৰ ১৩৬টা প্ৰাণী জীৱনৰ ভিতৰত চাৰিটা আছিল কিন্নৰ। বুদ্ধৰ পদাংকত থকা ১০৮টা প্ৰতীকৰ ভিতৰতো কিন্নৰী অন্যতম।

বাৰ্মিজ শিল্পত কিন্নৰীক আবৃত স্তনেৰে চিত্ৰিত কৰা হৈছে। ম্যানমাৰৰ একাডেমী বঁটা বিজয়ীসকলৰ বাবে ম্যানমাৰ একাডেমী বঁটা প্ৰদান কৰা মূৰ্তিটো এটা কিন্নৰীৰ।[3] কিন্নৰ আৰু কিন্নৰী দম্পতীক কাৰেন্নি জনগোষ্ঠীৰ প্ৰতীক বুলি গণ্য কৰা হয়।[4]

কম্বোডিয়া[সম্পাদনা কৰক]

কম্বোডিয়াত কিন্নৰসকলক ক্ষ্মেৰ ভাষাত কেনাৰ নামেৰে জনা যায়। কিন্নৰীক কম্বোডিয়াৰ শিল্প আৰু সাহিত্যত কিন্নৰতকৈ অধিক পৰিমাণে চিত্ৰিত কৰা হৈছে। সাধাৰণতে উত্তৰ-এংকোৰিয়ান স্থাপত্যৰ স্তম্ভৰ আধাৰ মূৰ্তিত খোদিত কৰা দেখা যায়। কিন্নৰীক সৌন্দৰ্য্যৰ প্ৰতীক বুলি গণ্য কৰা হয় আৰু তেওঁলোক দক্ষ নৃত্যশিল্পী।[5]

থাইলেণ্ড[সম্পাদনা কৰক]

থাই সাহিত্যত সাধাৰণতে তলত উল্লেখ কৰা ধৰণে ‘কিন্নাৰী’ অৰ্থাৎ কিন্নৰীৰ মূল হৈছে ভাৰত। কিন্তু থাই চিন্তাধাৰাৰ লগত খাপ খুৱাবলৈ এই ৰূপৰ সংশোধন কৰা হৈছিল। থাই কিন্নাৰীক দেৱদূতৰ দৰে সাজ-পোছাক পৰিধান কৰা এগৰাকী যুৱতীৰ ৰূপত চিত্ৰিত কৰা হৈছে। তেওঁলোকৰ শৰীৰৰ তলৰ অংশটো চৰাইৰ দৰেই, আৰু তেওঁলোক মানুহ আৰু ৰহস্যময় জগতৰ মাজত উৰণৰ বাবে সক্ষম। থাই শিল্পত কিন্নৰীৰ আটাইতকৈ জনপ্ৰিয় চিত্ৰণ সম্ভৱতঃ বেংককৰ ৱাট ফ্ৰা কেওত আছে। ইয়াত তেওঁলোকক আধা কুমাৰী, আধা হাঁহৰ আকৃতিত দেখা যায়।[6]

থাইলেণ্ডৰ আটাইতকৈ বিখ্যাত কিন্নৰী হৈছে মনোৰা নামেৰে জনাজাত মূৰ্তি (মনোহৰাৰ পৰা উদ্ভৱ)।[7] তেওঁ চিয়াং মাইৰ এজন বৌদ্ধ সন্ন্যাসী আৰু ঋষিৰ ১৪৫০-১৪৭০ খ্ৰীষ্টাব্দৰ আশে-পাশে ত লিখা পালি ভাষাৰ "পন্নাস জাতক"ৰ এটি কাহিনীৰ নায়িকা।[8] মনোৰা কিন্নাৰীৰ বিষয়ে থকা নিৰ্দিষ্ট কাহিনীটোক ৰাজকুমাৰ সুধনৰ নামেৰে সুধন জাতক বুলি কোৱা হৈছিল। সুধন আছিল আছিল এজন বোধিসত্ত্ব আৰু কাহিনীৰ নায়ক তথা মনোৰাৰ স্বামী।

ভাৰত[সম্পাদনা কৰক]

ৰামেশ্বৰমৰ কিন্নৰীৰ ছবি

সংস্কৃত ভাষাত কিন্নৰ নামটোত এটা প্ৰশ্ন চিহ্ন থাকে (সংস্কৃত: किन्नर?) অৰ্থাৎ 'এইজন নৰ (পুৰুষ) নে?'। হিন্দু আখ্যানসমূহত কিন্নৰক অৰ্ধমানৱ, অৰ্ধঘোঁৰা, অৰ্ধপক্ষী বুলি বৰ্ণনা কৰা হৈছে। বিষ্ণুধৰ্মোত্তৰত কিন্নৰক অৰ্ধমানৱ আৰু অৰ্ধঘোঁৰা বুলি বৰ্ণনা কৰা হৈছে। কিন্তু বৌদ্ধসকলৰ বোধগম্য হোৱাৰ দৰে কিন্নৰৰ শুদ্ধ স্বৰূপটো হ’ল অৰ্ধমানৱ আৰু অৰ্ধপক্ষী যিটো হিন্দু আখ্যানৰ অশ্বমানৱসদৃশ কিন্নৰৰ পৰা পৃথক। বোধ গয়াত চিত্ৰিত ঘোঁৰাৰ শিৰ থকা যক্ষৰ মূৰ্তিটো কিন্নৰীৰ আৰু জাতকত তেওঁক অৰ্ধদেৱতা হিচাপে গণ্য কৰা হয়। জাতকৰ মতে কিন্নৰসকল পৰী আৰু তেওঁলোকক পাৰস্পৰিক প্ৰেম আৰু আনুগত্যৰ বাবে জনাজাত যুটী হিচাপে দেখুওৱা হৈছে। ছন্দ কিন্নৰ জাতকত আঘাতপ্ৰাপ্ত কিন্নৰ স্বামীৰ প্ৰতি থকা কিন্নৰীৰ ভক্তিৰ বলত ইন্দ্ৰ আহি কিন্নৰক সুস্থ কৰি তোলে। কিন্নৰসকল দীৰ্ঘ জীৱনৰ বাবে খ্যাত।[9]

জাতকসমূহে কিন্নৰসকলক নিস্পাপ আৰু নিৰীহ, চৰাইৰ দৰে দুপিয়াই ফুৰা, সংগীত আৰু গীতৰ প্ৰতি আকৰ্ষিত, কিন্নৰীয়ে ঢোল বজোৱা আৰু কিন্নৰে বাঁহী বজোৱা বুলি বৰ্ণনা কৰিছে। ৪৮১ নং জাতকত এনে নিৰীহ জীৱবোৰক ধৰি পিঞ্জৰাত ভৰাই ৰজাৰ সন্মুখত তেওঁলোকৰ আনন্দৰ বাবে উপস্থিত কৰা বুলি বৰ্ণনা কৰা হৈছে। ৫০৪ নং জাতকত এনে এজন কিন্নৰৰ আত্মজীৱনী আছে যি কিন্নৰ শ্ৰেণীটোক বন্য বস্তুবোৰে তেওঁলোকক মানুহৰ দৰে গণ্য কৰে বুলি বৰ্ণনা কৰিছে। চিকাৰীসকলে তেওঁলোকক এতিয়াও গবলিন (ধনগুলৈ) বুলি কয়। কিন্নৰসকলে গান গাব পাৰে, বাঁহী বজাব পাৰে আৰু শৰীৰৰ লয়লাস গতিৰে নাচিব পাৰে। কালিদাসে তেওঁৰ কুমাৰ সম্ভৱ কাব্যত তেওঁলোকক হিমালয়ত বাস কৰা বুলি বৰ্ণনা কৰিছে। কিন্নৰসকল পাণ্ডাৰক, ত্ৰিকুটক, মল্লংগিৰি, চন্দপব্বত, আৰু গান্ধমণ্ডনৰ পাহাৰৰ ওপৰতো বাস কৰিছিল (৪৮৫ জাতক নং)। তেওঁলোক কোমল হৃদয়ৰ আছিল আৰু ৫৪০ নং জাতকত কিন্নৰসকলে পিতৃ-মাতৃ হাবিলৈ আঁতৰি যোৱা এক মানৱ শিশুক স্তনপান কৰা কাহিনীক কোৱা হৈছে। তথাপিও তেওঁলোকক বিচিত্ৰ প্ৰাণী হিচাপে চোৱা হৈছিল আৰু চিকাৰ কৰি, বন্দী কৰি মনোৰঞ্জনৰ আহিলা হিচাপে ৰজাসকলৰ ওচৰত উপস্থাপন কৰা হৈছিল। তেওঁলোকৰ সাজ-পোছাক ফুলৰ। তেওঁলোকৰ খাদ্য ফুলৰ পৰাগ আৰু প্ৰসাধন সামগ্ৰী ফুলৰ সুগন্ধিৰে তৈয়াৰ কৰা হৈছিল।[9]

আদিকালৰ ভাৰতীয় শিল্পত কিন্নৰৰ চিত্ৰণৰ সঘনাই পুনৰাবৃত্তি দেখা যায়। সাঁচি, বৰহুত, অমৰাৱতী, নাগাৰ্জুনকোণ্ড, মথুৰা আদিৰ প্ৰাচীন ভাস্কৰ্য্য, অজন্তাৰ চিত্ৰই কিন্নৰক নীৰৱচ্ছিন্নভাৱে চিত্ৰিত কৰিছে। সঘনাই স্তুপবোৰৰ কাষত থকা ভাস্কৰ্য্যসমূহত তেওঁলোকক দেখা যায়। এনে অৱস্থাত স্তুপ পূজাৰ বাবে হাতত ফুলৰ মালা বা থালি ধাৰণ কৰে। কেতিয়াবা সোঁহাতে মালা আৰু বাওঁহাতত থালি লৈ থকা অৱস্থাত কিন্নৰৰ মূৰ্তিসমূহ দেখা যায়। বোধি-দ্ৰুম, ধৰ্মচক্ৰ, বা বাদ্যযন্ত্ৰৰ সন্মুখতো তেওঁলোকৰ মূৰ্তি দেখা যায়। সেই হিচাপে আদিকালৰ ভাৰতীয় ভাস্কৰ্য্য শিল্পত কিন্নৰৰ চিত্ৰণ অতি সাধাৰণ কথা।[9]

ইণ্ডোনেচিয়া[সম্পাদনা কৰক]

Borobudur sculpture showing kinnaras playing music
তাল আৰু আলাপিনী বীণাৰ সৈতে কিন্নৰ
Kinnaras in relief sculpture at Borobudur
কিন্নৰ, কিন্নৰী, অপ্সৰা, আৰু দেৱতাই পহৰা দি থকা জীৱনৰ ঐশ্বৰিক বৃক্ষ কল্পতৰু, ৮ম শতিকাৰ পাৱন মন্দিৰ, জাভা, ইণ্ডোনেছিয়া।

বড়োবুদুৰ, মেণ্ডুট, পাৱন, সেউ, শাৰী, প্ৰম্বানন মন্দিৰত সংযুক্ত কিন্নৰ আৰু কিন্নৰীৰ ছবি পোৱা যায়। সাধাৰণতে ইহঁতক মানুহৰ শিৰ থকা চৰাই, বা চৰাইৰ নিম্নভাগৰ অংগ থকা মানুহ হিচাপে চিত্ৰিত কৰা হয়। কিন্নগ্ আৰু কিন্নৰীৰ যুটীটোক সাধাৰণতে জীৱন বৃক্ষ কল্পতৰুক পহৰা দি থকা আৰু কেতিয়াবা ধনৰ বাকচ এটা পহৰা দি থকা অৱস্থাত চিত্ৰিত কৰা হয়।[10] সাৰি মন্দিৰৰ এহাল কিন্নৰ-কিন্নৰীৰ দেৱাল-খোদাই এই ক্ষেত্ৰত অনন্য। ইয়াত কিন্নৰক দৈৱ মানৱ হিচাপে চিত্ৰিত কৰা হৈছে যাৰ পিঠিত পক্ষীৰ ডেউকা সংলগ্ন কৰা হৈছে।

বড়োবুদুৰত বিখ্যাত কিন্নাৰী মনোহাৰাৰ কাহিনী চিত্ৰিত কৰা দেৱাল-খোদাই আছে।[11]

ফিলিপাইনছ[সম্পাদনা কৰক]

প্ৰাক-ঔপনিৱেশিক ফিলিপাইনছত কিন্নৰ বা কিন্নৰী সৌন্দৰ্য্য প্ৰেমাস্পদৰ প্ৰতি থকা অমৰ ভক্তিৰ প্ৰতীক। ইয়াত এনে পৰলোকীয় সৌন্দৰ্য্যক চিত্ৰিত কৰা প্ৰাক-ঔপনিৱেশিক সোণৰ টুকুৰা পোৱা গৈছে।[12]

১৯৮১ চনৰ আশে-পাশে চুৰিগাওত কিন্নৰীৰ এখন স্বৰ্ণ প্ৰতিচ্ছবি খনন কৰা হৈছিল। ই এটা সোণৰ শিল্পকৰ্ম যি নাৰীসুলভ সৌন্দৰ্য্যৰ প্ৰতীক। ই এক অৰ্ধ-নাৰী, অৰ্ধ-পক্ষী, আৰু ইয়াৰ ধৰ্মীয় তাৎপৰ্য্য অনুগ্ৰহ আৰু সাফল্য।[13]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Ghosh, Subodh (2005). Love stories from the Mahabharata, transl. Pradip Bhattacharya. প্ৰকাশক New Delhi: Indialog.  p.  71
  2. Schafer, Edward H. (1963). The Golden Peaches of Samarkand: A Study of Tʻang Exotics. University of California Press. পৃষ্ঠা. 103. 
  3. "Archived copy". http://www.mmtimes.com/2010/feature/509/academy02.html। আহৰণ কৰা হৈছে: 1 September 2010. 
  4. "Archived copy". http://www.myanmar.gov.mm/myanmartimes/no68/myanmartimes4-68/Timeouts/6.htm। আহৰণ কৰা হৈছে: 1 September 2010. 
  5. Headley, Robert K. (1997). Modern Cambodian-English Dictionary, Dunwoody Press
  6. Nithi Sthapitanond; Brian Mertens (2012). Architecture of Thailand: A Guide to Tradition and Contemporary Forms. Editions Didier Millet. ISBN 9789814260862. https://books.google.com/books?id=hC5TMZ5QTV0C&q=kinnaree+wat+phra+kaew&pg=PA178. 
  7. Schiefner, Anton; Ralston, William Shedden. Tibetan tales, derived from Indian sources. London, K. Paul, Trench, Trübner & co. ltd. 1906. pp. xlviii-l and 44-74.
  8. Reeja Radhakrishnan (2015). The Big Book of World Mythology. Penguin UK. ISBN 9789352140077. https://books.google.com/books?id=8tctCwAAQBAJ&q=Kinnaree+in+Thai+mythology&pg=PT333. 
  9. 9.0 9.1 9.2 Mythical Animals in Indian Art. Abhinav Publications. 1985. ISBN 9780391032873. https://books.google.com/books?id=dMI4rZuRs1MC&q=Kinnaras&pg=PA14. 
  10. "Pawon". National Library of Indonesia, Temples of Indonesia. http://candi.pnri.go.id/temples_en/deskripsi-central_java-pawon_38. 
  11. Miksic, John (2012). Borobudur: Golden Tales of the Buddhas. Tuttle Publishing. ISBN 9781462909100. https://books.google.com/books?id=jwzQAgAAQBAJ&q=manohara+story+Borobudur&pg=PA77. 
  12. Lucas, Tyrone (en ভাষাত). Others - The Mind of Philippine Folklore. Webnovel. https://www.webnovel.com/book/the-mind-of-philippine-folklore_13857346606790305/others_37200247285399893. 
  13. "A Golden Discovery in the Philippines". https://asiasociety.org/blog/asia/golden-discovery-philippines.