নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা  

আঁক-বাক প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনৰ বেটুপাত
লেখক নীলমণি ফুকন
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ কাব্যপুথি
প্ৰকাশক প্ৰথম প্ৰকাশক-অৰ্থাৎ (২০০৬),
দ্বিতীয় প্ৰকাশ(পৰিবৰ্ধিত) - আঁক-বাক (২০১৩)
প্ৰকাশ ২০০৬ (প্ৰথম সংস্কৰণ, অৰ্থাৎ প্ৰকাশন)
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৪৩৮ (আঁক-বাক সংস্কৰণ, ডিচেম্বৰ ২০২১)
আই.এচ.বি.এন. ৯৭৮-৯৩-৮২৭২৬-০৯-৮

নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা (ইংৰাজী: Nilomani Phookanar Xampurna Kabita) হৈছে অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী কবি-সাহিত্যিক নীলমণি ফুকনৰ দ্বাৰা লিপিবদ্ধ কবিতাৰ একত্ৰ সংকলন৷ এই সংকলনত কবিৰ আটাইবোৰ কবিতা সংৰক্ষিত হৈছে৷ ২০০৬ চনত অৰ্থাৎ সংস্কৰণে সম্পূৰ্ণ কবিতা নামেৰে প্ৰকাশিত কৰা এই সংকলকখন আঁক-বাক প্ৰকাশনে ২০১৩ চনত নতুনকৈ মুদ্ৰণ কৰে৷ ৷[1]

কবিৰ চমু পৰিচয়[সম্পাদনা কৰক]

নীলমণি ফুকন অসমীয়া ভাষাৰ এজন কবি, কলা-সমালোচক, অধ্যাপক আৰু সাহিত্যিক। তেখেতৰ উল্লেখযোগ্য কৰ্ম হ'ল 'সূৰ্য হেনো নামি আহে এই নদীয়েদি', 'কবিতা', আৰু 'গোলাপী জামুৰ লগ্ন'।

'কবিতা' শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে তেওঁক ১৯৮১ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়। ১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। ইয়াৰোপৰি ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল' ২০০২ চনত প্ৰদান কৰা হয়।[2] কবি ফুুুুকনক ২০১৯ বৰ্ষৰ ১৯ আগষ্ট তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় 'ডি লীট' উপাধি প্ৰদান কৰে। নতুন দিল্লী স্থিত ভাৰতীয় জ্ঞানপীঠে ২০২১ চনত, নীলমণি ফুকনক সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অসামান্য অৱদানৰ বাবে ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰে।[3] এই বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী অসমীয়া সাহিত্যিক।

গ্ৰন্থৰ নেপথ্য[সম্পাদনা কৰক]

অৰ্থাৎ সংস্কৰণৰ উদ্যোগত প্ৰকাশিত হোৱা কবিতা-পুথিখনৰ প্ৰথমটো সংস্কৰণৰ (২০০৬) 'আগকথা'ত কবি নীলমণি ফুকনে নিজৰ দুকুৰি বছৰীয়া জীৱনত লিখি উলিওৱা কবিতাসমূহ আঠখন ভিন্ন পুথিত একত্ৰিত হৈ থকা বুলি মত ব্যক্ত কৰিছিল৷ এই প্ৰসংগত তেখেতে কৈছে- আচম্বিতে এদিন 'অৰ্থাৎ' প্ৰকাশন আহি মোৰ গোটেইখিনি কবিতাৰ এটা সংগ্ৰহ প্ৰকাশ কৰিবলৈ বিচৰাত মই ততালিকে সন্মতি দিলোঁ'৷ [4] গ্ৰন্থখনৰ আঁক-বাক সংস্কৰণটো ২০১৩ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হয়৷ ইয়াত বিশেষ সংযোজন হোৱা নাই৷ কেৱল উপেন্দ্ৰনাথ শৰ্মাৰ সমালোচনাত্মক নিবন্ধ এটা সংযোজিত হৈছে৷

গ্ৰন্থখনৰ বিষয়বস্তু[সম্পাদনা কৰক]

উল্লেখ্য যে, সম্পূৰ্ণ কবিতাৰ এই সংকলনত কবিৰ প্ৰথমখন কাব্য-সংকলন গোলাপী জামুৰ লগ্নত অপ্ৰকাশিত কবিতাখিনিও সংকলিত হৈছে৷ সংকলনত সন্নিৱিষ্ট হোৱা কবিতাসমূহ কবিৰ কাব্য-পুথিৰ নাম অনুযায়ী খণ্ডিত কৰা হৈছে৷ সেইবোৰ হৈছে-(১) গোলাপী জামুৰ লগ্ন, (২) কবিতা, (৩) নৃত্যৰতা পৃথিৱী, (৪) অলপ আগতে আমি কি কথা পাতি আছিলোঁ, (৫) আৰু চাৰিটা কবিতা, (৬) সূৰ্য হেনো নামি আহে এই নদীয়েদি, (৭) নিৰ্জনতাৰ শব্দ, (৮) আৰু কি নৈ:শব্দ্য, (৯) ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে, (১০) কাঁইট আৰু গোলাপ আৰু কাঁইট৷ ইয়াৰ উপৰি গ্ৰন্থখনত কবি-সমালোচক হৰেকৃষ্ণ ডেকা আৰু উপেন্দ্ৰনাথ শৰ্মাৰ একোটা সমালোচনাত্মক প্ৰবন্ধ, কবিৰ তিনিটা বক্তৃতা আৰু তিনিটা গদ্য সন্নিৱিষ্ট হৈছে৷ [4]

অসমৰ কবি-সাহিত্যিক হৰেকৃষ্ণ ডেকাই নীলমণি ফুকনৰ কাব্যৰীতিৰ বিষয়ে গ্ৰন্থখনৰ সমালোচনাত্মক প্ৰবন্ধটোত মন্তব্য কৰিছে-

...নীলমণি ফুকনৰ কবিতা বহুমুখী ব্যঞ্জনাৰে সমৃদ্ধ৷ কবিয়ে নিজেও শিৰোনাম আৰু যচিতিহ্ন ত্যাগ কৰি পাঠকৰ বিশ্লেষণৰ কাৰণে পাঠৰ দুৱাৰ সম্পূৰ্ণ উন্মুক্ত কৰি থৈছে৷[5]..

১৯৫৩ চনত নীলমণি ফুকনে কটন কলেজৰ প্ৰথম বাৰ্ষিকত পঢ়ি থাকোঁতে লিখা জাৰুৱালীৰ গান আৰু তাৰ পৰৱৰ্তী বৰ্ষত অৰ্থাৎ ১৯৫৪ চনত লিখা বুৰঞ্জী কবিতা দুটাক সমালোচক হৰেকৃষ্ণ ডেকাই আধুনিক কবিতাত দুই ধৰণৰ পদক্ষেপ বুলি কৈছে৷ [5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ফুকন, নীলমণি (২০২১). নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা. প্ৰকাশক গুৱাহাটী: আঁক-বাক. ISBN ৯৭৮-৯৩-৮২৭২৬-০৯-৮. 
  2. জানানে, শান্তনু কৌশিক বৰুৱা, ২০০৬
  3. "Damodar Mauzo, critic of ‘right-wing terror’ & Nilmani Phookan win Jnanpith award". https://thefederal.com/.+7 December 2021. https://thefederal.com/news/damodar-mauzo-critic-of-right-wing-terror-nilmani-phookan-win-jnanpith-award/। আহৰণ কৰা হৈছে: 7 December 2021. 
  4. 4.0 4.1 ফুকন, নীলমণি (২০২১, ডিচেম্বৰ). নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা. প্ৰকাশক গুৱাহাটী: আঁক-বাক. পৃষ্ঠা. ৭-৮. ISBN ৯৭৮-৯৩-৮২৭২৬-০৯-৮. 
  5. 5.0 5.1 ফুকন, নীলমণি (২০২১, ডিচেম্বৰ). নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা. প্ৰকাশক গুৱাহাটী: আঁক-বাক. পৃষ্ঠা. ১৩-৩৯. ISBN ৯৭৮-৯৩-৮২৭২৬-০৯-৮.