দীপামণি হালৈ মহন্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দীপামণি হালৈ মহন্ত
জন্ম ২৭ আগষ্ট ১৯৮৩
নলবাৰী জিলা, খাটাৰূপীয়া বাথান গাঁও
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অধ্যাপক, লেখক
পিতৃ-মাতৃ ড॰ প্ৰমোদ হালৈ আৰু মিনু হালৈ


দীপামণি হালৈ মহন্ত এগৰাকী লেখক, অধ্যাপক৷ তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত৷ বৰ্তমানলৈকে তেখেতৰ ৬খন গৱেষণামূলক গ্ৰন্থ প্ৰকাশ হৈছে৷[1]


জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

তেখেতৰ জন্ম হয় ১৯৮৩ ইং চনৰ ২৭ আগষ্টত; স্থান- নলবাৰী জিলাৰ খাটাৰূপীয়া বাথান গাঁও৷ তেখেতৰ পিতৃৰ নাম ড॰ প্ৰমোদ হালৈ আৰু মাতৃৰ নাম মিনু হালৈ৷ পিতৃ নলবাৰী জিলাৰ বিশিষ্ট ভাষাবিদ, শিক্ষাবিদ, সমাজকৰ্মী৷ [1]

শিক্ষা[সম্পাদনা কৰক]

  • প্ৰাথমিকঃ ১৭৫ নং কুলবিল বালক প্ৰাথমিক বিদ্যালয়
  • মাধ্যমিক শিক্ষাঃ কুলবিল উত্তম সুন্দৰী মজলীয়া বিদ্যালয় (জিলাভিত্তিত মেধা বৃত্তি লাভ)
  • উচ্চ মাধ্যমিক শিক্ষাঃ চামতা ছোৱালী উচ্ছ মাধ্যমিক বিদ্যালয়; ১৯৯৮ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমাজবিদ্যা আৰু বিজ্ঞান বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ৷
  • উচ্চতৰ মাধ্যমিক শিক্ষাঃ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়, নলবাৰী ২০০০ ইং চনত উচ্ছতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত অসমৰ ভিতৰত সপ্তম স্থান অধিকাৰ; লগতে অসমীয়া বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্ব্বোচ্ছ নম্বৰ লাভ৷
  • স্নাতক ডিগ্ৰীঃ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰপৰা ইং ২০০৩ চনত অসমীয়া (গুৰু বিষয়)ত ডিষ্টিংচনসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লৈ স্নাতক ডিগ্ৰী লাভ৷
  • স্নাতকোত্তৰ ডিগ্ৰীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত ইং ২০০৫ চনত প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভ৷
  • পিএইচ. ডিৰ বিষয়ঃ ড॰ লীলাৱতী শইকীয়া বৰাৰ তত্ত্বাৱধানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইং ২০১৩ চনত “Assamese and Maithili Verb System : A Comparative Study” বিষয়ত পিএইচ. ডি. ডিগ্ৰী লাভ৷

প্ৰকাশিত গ্ৰন্থ[সম্পাদনা কৰক]

  • নাট্য সমীক্ষা, ২০০৭
  • ভাষা বিশ্লেষণ, ২০১০
  • সাহিত্যত লোক সাংস্কৃতিক সমল, ২০১০
  • Assamese & Maithili Verb System A Contrastive Study, ২০১৭
  • অসমীয়া আৰু মৈথিলী ভাষাৰ বিৰোধমূলক বিশ্লেষণ, ২০২১[2]
  • ভাষা সাহিত্য জিজ্ঞাসা, ২০২২[3]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • অসম সাহিত্য সভাৰ ‘ৰামদেউ শৰ্মা বঁটা’ লাভ৷
  • বিনয় ভূষণ চৌধুৰী স্মাৰক বঁটা৷
  • অনা-মৈথিলী গৱেষক হিচাপে মৈথিলী ভাষা-সাহিত্য-সংস্কৃতিৰ অধ্যয়নৰ বাবে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমাদৃত৷

তথ্য উৎস[সম্পাদনা কৰক]