লীলাৱতী শইকীয়া বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লীলাৱতী শইকীয়া বৰা
জন্ম ১৯৪৮
নগাঁও
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়
পেচা অধ্যাপক, ভাষাবিদ
পিতৃ-মাতৃ মোহন চন্দ্ৰ শইকীয়া (পিতৃ)
নিসাৰী শইকীয়া (মাতৃ)


লীলাৱতী শইকীয়া বৰা একাধাৰে ভাষাবিদ,অনুবাদক, গল্পকাৰ, কবি, সম্পাদক, অধ্যাপক৷ তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে৷ তেখেতে অসমীয়া ভাষা-সাহিত্য বিষয়ক ১০খন তাত্ত্বিক গ্ৰন্থ প্ৰণয়ন কৰাৰ লগতে ৮খন গ্ৰন্থ সম্পাদনা কৰিছে৷ সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰখনতো তেওঁৰ অৱদান আছে৷ তেখেতে এখন চুটিগল্প বিষয়ক গ্ৰন্থ, তিনিখন কবিতা পুথি লিখাৰ উপৰি দুখনকৈ চুটিগল্পৰ গ্ৰন্থ, এখন উপন্যাস অনুবাদ কৰিছে৷

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

তেখেতৰ জন্ম হয় ১৯৪৮ চনৰ ২৭ নৱেম্বৰত৷ জন্ম স্থান- চলচলি হালোৱাগাঁও, নগাঁও৷ পিতৃৰ নাম মোহন চন্দ্ৰ শইকীয়া আৰু মাতৃৰ নাম নিসাৰী শইকীয়া

বৈবাহিক জীৱন[সম্পাদনা কৰক]

তেখেতৰ বিবাহ হয় ১৯৭৪ চনৰ ৮ ডিচেম্বৰ তাৰিখে৷ স্বামীৰ নাম গল্প সৌৰভ খ্যাত যতীন বৰা৷

শিক্ষা[সম্পাদনা কৰক]

  • হাইস্কুল শিক্ষান্তঃ ১৯৬৬ চন৷ হালোৱাগাঁও গাৰ্লছ হাইস্কুল৷
  • প্ৰাক্ স্নাতকঃ ১৯৬৭ চন৷ নগাঁও গাৰ্লছ কলেজ
  • স্নাতকঃ ১৯৭০ চন,নগাঁও গাৰ্লছ কলেজ৷ অসমীয়া বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ৷
  • স্নাতকোত্তৰঃ ১৭৭২ চন৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ভাষা বিষয়ত বিশ্ববিদ্যালয়ৰ প্ৰথম শ্ৰণীৰ প্ৰথম৷

প্ৰকাশিত সাহিত্যৰাজি[সম্পাদনা কৰক]

  • ভাষা সাহিত্যৰ সুবাস, চন্দ্ৰ প্ৰকাশ, ১৯৯২
  • মাধৱ কন্দলিৰ ৰামায়ণৰ ভাষা, অসম সাহিত্য সভা, ১৯৯৩
  • সংস্কৃত পালি প্ৰাকৃত আৰু অসমীয়া ব্যাকৰণ, বনলতা, ২০০২
  • অসমীয়া ভাষাৰ ৰূপতত্ত্ব, বনলতা, ২০০৬
  • সাহিত্য আৰু সাহিত্যিকৰ ভাষা, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, ২০০৭
  • ভাষা-সাহিত্য-বিচিত্ৰা, চন্দ্ৰ প্ৰকাশ, ২০১০
  • গ্ৰন্থ সুবাস, বিশাল প্ৰকাশন, ২০১১
  • Development of Assamese Prose, Panchajanya, 2015
  • অসমীয়া ব্যাকৰণ আৰু ব্যৱহাৰ, অসম সাহিত্য সভা, ২০১৬
  • সোঁৱৰণীৰ সঁফুৰা, পাঞ্চজন্য, ২০১৭

কবিতা পুথি[সম্পাদনা কৰক]

  • সোণালী পৃথিৱী, ১৯৮৮
  • সোণালী সুঘ্ৰাণ, ২০০৪
  • ত্ৰিতৰঙ্গ, ২০২০

গল্প সংকলন[সম্পাদনা কৰক]

  • বেলি লহিওৱাৰ পৰত, পাঞ্চজন্য প্ৰকাশন, ২০১৩

অনূদিত উপন্যাস[সম্পাদনা কৰক]

  • এতোৱা মুণ্ডাৰ যুদ্ধজয় (মূলঃ মহাশ্বেতা দেৱীৰ Etoa Munda won the Battle ), নেচনেল বুক ট্ৰাষ্ট, ১৯৯৮

অনূদিত চুটিগল্প[সম্পাদনা কৰক]

  • ৰক্তাক্ত ভল্গা, চন্দ্ৰ প্ৰকাশ, ২০২২
  • ৰুছ যুদ্ধৰ শ্ৰেষ্ঠ গল্প, ষ্টুডেণ্টছ্ ষ্ট’ৰ্চ, ২০০৮

সম্পাদিত গ্ৰন্থ[সম্পাদনা কৰক]

  • প্ৰবন্ধাৱলী, চন্দ্ৰ প্ৰকাশ, ১৯৯৯
  • ভাষা-জিজ্ঞাসা, বনলতা, ২০০২
  • জ্যোতি অন্বেষা, বাণী মন্দিৰ, ২০০৩
  • অসমীয়া চুটিগল্পৰ সুবাস, গুৱাহাটী বিশ্ববিদ্যালয় প্ৰকাশন, ২০০৩[1]
  • বডু চণ্ডীদাসৰ শ্ৰীকৃষ্ণকীৰ্তন, অসম প্ৰকাশন পৰিষদ, ২০০৭[2]
  • ডঃ গোলোক চন্দ্ৰ গোস্বামীঃ ভাষাৰ আজীৱন সাধক, ২০১০
  • আধুনিক অসমীয়া গদ্য,প্ৰথম খণ্ড, ২০১৩
  • গল্প সৌৰভ, যতীন বৰা ৰচনাৱলী, পাঞ্চজন্য প্ৰকাশন, ২০১৪

সম্পাদিত আলোচনী[সম্পাদনা কৰক]

  • উদ্দীপনাঃ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ জালুকবাৰী শাখাৰ মুখপত্ৰ, ১৯৯৮,২০০০
  • অন্বেষণ, গুৱাহাটী বিশ্ববিদ্যায়ৰ অসমীয়া বিভাগৰ গৱেষণা পত্ৰিকা, ২০০০
  • The Ramayana: Its Impact of Life and Culture, ২০০৩

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • ২০১২ চনত অসম সাহিত্য সভাৰ ‘শ্ৰমিকপ্ৰাণ সৰ্বেশ্বৰ বৰদলৈ অসম সাহিত্য সভা বঁটা’
  • ২০১৪ চনত ‘মাণিক চন্দ্ৰ বৰুৱা বঁটা’
  • ২০১৭-১৮ চনত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ‘কাব্যশ্ৰী নলিনীবালা দেৱী বঁটা’
  • অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন, ২০১৯-২০ বৰ্ষ

ৰাজহুৱা কাম-কাজ[সম্পাদনা কৰক]

১০ বছৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সাহিত্য চ’ৰাৰ সভানেত্ৰী (১৯৯৫-২০০৫) ১৮ বছৰ জালুকবাৰী শাখা লেখিকা সমাৰোহ সমিতিৰ প্ৰিতষ্ঠাপক সভানেত্ৰী (১৯৯৬-২০১৩) হাতীগাঁও মহিলা অধ্যয়ন চক্ৰৰ প্ৰতিষ্ঠাপক সভানেত্ৰী, ২০১৫ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষ্টাফ কলেজত তিনিটা অনুশীলন পাঠ্যক্ৰমৰ সংযোজক৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক

তথ্যসূত্ৰ[সম্পাদনা কৰক]