ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২০/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
COVID-19ৰ লক্ষণসমূহ

ক'ৰ'ণা ভাইৰাছ ৰোগ ২০১৯ (ইংৰাজী: Coronavirus disease 2019; চমুকৈ COVID-19) হ'ল severe acute respiratory syndrome coronavirus ২ (SARS-CoV-২)-এ কৰা এক সংক্ৰামক ৰোগ। ২০১৯ চনত চীনৰ হুবেই প্ৰদেশৰ ৱুহান চহৰৰ পৰা এই ৰোগবিধ সমগ্ৰ বিশ্বতে বিয়পি পৰি ২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ বৈশ্বিক মহামাৰীৰ সৃষ্টি কৰে। জ্বৰ, কাহ, উশাহ লওঁতে কষ্ট হোৱা এই ৰোগৰ সাধাৰণ লক্ষণ। মাংসপেশীৰ বিষ, খেকাৰ ওলোৱা আৰু ডিঙিৰ বিষ কমকৈ হোৱা লক্ষণ। অধিকাংশতে ৰোগীৰে অলপীয়া লক্ষণ দেখা যায় যদিও একাংশৰ নিউম'নিয়া আৰু দেহৰ অংগসমূহ বিকল হোৱা দেখা যায়। ২৩ মাৰ্চ, ২০২০ লৈকে মৃত্যুৰ হাৰ ৪.৪%; বয়স আৰু স্বাস্থ্যৰ আন সমস্যাৰ ওপৰত নিৰ্ভৰ কৰি এই হাৰ ০.২ ৰ পৰা ১৫% হ'ব পাৰে।

সাধাৰণতে এই ভাইৰাছ মানুহৰ সংস্পৰ্শত আৰু কাহ বা হাঁচি মাৰিলে ওলোৱা শ্বসন ড্ৰপ্‌লেটৰ জৰিয়তে বিয়পে। উশা-নিশাহ লওঁতে এনে ড্ৰপ্‌লেট সৃষ্টি হয় কিন্তু ই বতাহত নাভাঁহে। দূষিত পৃষ্ঠ চুই মুখমণ্ডলত হাত লগালেও ই বিয়পে। ৰোগৰ লক্ষণ থকা অৱস্থাত ই আটাইতকৈ বেছি সোঁচৰে, কিন্তু লক্ষণ ওলোৱাৰ আগতেই ৰোগ সোঁচৰা সম্ভৱ। ভাইৰাছটোৱে পৃষ্ঠত ৭২ ঘণ্টালৈকে থাকিব পাৰে। ভাইৰাছ সংস্পৰ্শৰ পৰা লক্ষণ ফুটি উঠালৈকে সাধাৰণতে দুদিনৰ পৰা চৈধ্যদিন সময় লাগে (গড়ে পাঁচ দিন)। নাসিকা গ্ৰসনীৰ পৰা কপাহেৰে লোৱা নমুনা (nasopharyngeal swab) reverse transcription polymerase chain reaction (rRT-PCR) পৰীক্ষা কৰি এই ৰোগ নিৰ্ণয় কৰা হয়। লক্ষণ, বিপদাশংকাৰ কাৰক (risk factors) আৰু চি টি স্কেনত নিম'নিয়াৰ চিন পালেও ৰোগ নিৰ্ণয় কৰা হয়।

ঘনাই হাত ধোৱা, সামাজিক দূৰত্ব স্থাপন (লক্ষণ থকা লোককে ধৰি সকলোৰে পৰা দৈহিকভাৱে আঁতৰি থকা) আৰু নুধুৱা হাত মুখমণ্ডলৰ পৰা আঁতৰাই ৰখা এই ৰোগ প্ৰতিৰোধৰ অনুমোদিত বিধি। কেতবোৰ ৰাষ্ট্ৰীয় স্বাস্থ্য কতৃপক্ষই ৰোগ হোৱা বুলি সন্দেহ কৰা লোক আৰু তেওঁলোকৰ শুশ্ৰূষা কৰা লোকক মাস্ক পিন্ধিবলৈ পৰামৰ্শ দিয়ে, কিন্তু সাধাৰণ ৰাইজৰ বাবে ইয়াৰ প্ৰয়োজন নাই বুলি কয়। COVID-19ৰ কোনো নিৰ্দিষ্ট প্ৰতিষেধক বা এণ্টিভাইৰেল ঔষধ নাই। লক্ষণৰ প্ৰতিকাৰ, সামৰ্থক শুশ্ৰূষা, ৰোগীক আঁতৰাই ৰখা (isolation) আৰু পৰীক্ষামূলক ঔষধেই ইয়াৰ বৰ্তমানৰ চিকিৎসা।

বিতংকৈ পঢ়ক...