ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২৩/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এহাজাৰ এনিশা বা আলিফ লেইলা (ইংৰাজী: One Thousand and One Nights) হৈছে ইছলামিক সোণালী যুগত আৰবী ভাষাত সংকলিত মধ্যপ্ৰাচ্যৰ লোককথাৰ সংকলন। ইয়াৰ প্ৰথম ইংৰাজী ভাষাৰ সংস্কৰণৰ পৰা (প্ৰায় ১৭০৬–১৭২১) ইংৰাজীত ইয়াক প্ৰায়ে আৰবীয়ান নাইটছ (ইংৰাজী: Arabian Nights) বুলি জনা যায়।

এই সংকলনখন বহু শতিকাজুৰি সমগ্ৰ পশ্চিম এছিয়া, মধ্য এছিয়া, দক্ষিণ এছিয়া আৰু উত্তৰ আফ্ৰিকাৰ বিভিন্ন লেখক, অনুবাদক আৰু পণ্ডিতে সংগ্ৰহ কৰিছিল। ইয়াৰে কিছুমান কাহিনীৰ মূল প্ৰাচীন আৰু মধ্যযুগীয় আৰবী, মিচৰীয়, সংস্কৃত, পাৰ্চী, আৰু মেছ'পটেমিয়ান সাহিত্যত পোৱা যায়। বহুতো সাধু মূলতঃ আব্বাছি আৰু মামলুক যুগৰ লোককথা আছিল। আনহাতে আন কিছুমান সাধু, বিশেষকৈ মূল কাহিনীটো সম্ভৱতঃ পৰৱৰ্তী কালত আংশিকভাৱে ভাৰতীয় উপাদানৰ ওপৰত নিৰ্ভৰশীল পাহলৱী পাৰ্চী গ্ৰন্থ হেজাৰ আফছানৰ (ফাৰ্চী: هزار افسان) পৰা লোৱা হৈছে। এহেজাৰ এনিশাৰ সকলোবোৰ সংস্কৰণৰে উমৈহতীয়া উপাদান হৈছে শাসক শ্বাহৰিয়াৰক তেওঁৰ পত্নী শ্বেহেৰাজাদেই প্ৰতিটো নিশা এটাকৈ এই সাধুসমূহ কোৱাৰ কাহিনী। বিতংকৈ ইয়াত পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ নন্-বাইনেৰীৰ বিষয়ে ইয়াত পঢ়ক...