ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২১/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গেম অফ থ্ৰোনছ (ইংৰাজী: Game of Thrones) হৈছে এইচবিঅ'ৰ বাবে ডেভিদ বেনিঅ'ফ আৰু ডেনিয়েল ব্ৰেট ৱেইছৰদ্বাৰা সৃষ্ট এখন ইংৰাজী ভাষাৰ আমেৰিকান ফেণ্টাচী ড্ৰামা টেলিভিছন শৃংখলা। ই জৰ্জ আৰ. আৰ. মাৰ্টিনৰ এক কাল্পনিক উপন্যাস শৃংখলা এ ছং অফ আইচ এণ্ড ফায়াৰৰ এক টেলিভিছন অভিযোজন। মাৰ্টিনৰ শৃংখলাটোৰ প্ৰথমখন গ্ৰন্থ হৈছে এ গেম অফ থ্ৰোনছ। গেম অফ থ্ৰোনছৰ দৃশ্যগ্ৰহণ যুক্তৰাজ্য, কানাডা, ক্ৰোৱেছিয়া, আইচলেণ্ড, মালটা, মৰক্কো আৰু স্পেইনত সম্পন্ন কৰা হৈছিল। ২০১১ চনৰ ১৭ এপ্ৰিল তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এইচবিঅ'ত প্ৰিমিয়াৰ হোৱা শৃংখলাটো ২০১৯ চনৰ ১৯ মে' তাৰিখে সমাপ্ত হয়। আঠটা ছিজনৰ শৃংখলাটোত মুঠ ৭৩টা খণ্ড সম্প্ৰচাৰিত হয়।

ৱেষ্টেৰোচ আৰু এছ'ছ নামৰ কাল্পনিক মহাদেশৰ পটভূমিত ৰচিত আৰু নিৰ্মিত গেম অফ থ্ৰোনছত কলাকুশলীৰ এক বৃহৎ গোট আছিল। গোটেই কালছোৱাত শৃংখলাটোৱে সমান্তৰালভাৱে কাহিনীৰ কেইবাটাও মোৰক আগবঢ়াই লৈ যায়। প্ৰথম আৰু মুখ্য কাহিনীটো ৱেষ্টেৰোচৰ সাতখন ৰাজ্যৰ আইৰন থ্ৰোন বা লৌহ সিংহাসনক কেন্দ্ৰ কৰি সম্ভ্ৰান্ত পৰিয়ালবোৰৰ মাজত ৰাজনৈতিক সংঘাতৰ বিষয়ে দেখুওৱা হৈছে। ক্ষমতাত অধিষ্ঠিত ৰাজপৰিয়ালৰ সাৰ্বভৌমতা অক্ষুণ্ণ ৰখাৰ প্ৰচেষ্টা আৰু অন্যান্য সম্ভ্ৰান্ত পৰিয়ালসমূহৰ মাজত সিংহাসনৰ প্ৰতিদ্বন্দ্বিতাকে ইয়াত মূলতঃ উপস্থাপন কৰা হৈছে। কাহিনীৰ দ্বিতীয়টো মোৰত ৰাজ্যৰ ক্ষমতাচ্যুত ৰাজবংশৰ অন্তিম বংশধৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে। তেওঁক এছ'ছলৈ নিৰ্বাসিত কৰা হৈছে যদিও তেওঁ পুনৰ সিংহাসন পুনৰুদ্ধাৰ কৰাৰ ষড়যন্ত্ৰ কৰি আছে। তৃতীয়টো ভাগত ৱেষ্টেৰোচৰ উত্তৰ সীমান্তৰ বহিৰাগত ভাবুকিৰ বিৰুদ্ধে ৰাজ্যখনক ৰক্ষা কৰা এক সামৰিক বাহিনী নাইটচ ৱাটচৰ কথা উপস্থাপন কৰা হৈছে। ইয়াত বিতংকৈ পঢ়ক


যোৱা মাহৰ ভাল প্ৰবন্ধ তাৰাৰ বিষয়ে ইয়াত পঢ়ক