ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২১/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সদস্য ফটো ⵓ মৃদুল সিংহ ফুকন।

 সকলোকে নমস্কাৰ জনাইছোঁ, এই অভাজনক ছেপ্টেম্বৰ মাহৰ ৱিকিপত্ৰিকাৰ “ৱিকিপিডিয়ানৰ মনৰ কথা” শিতানত দুৱাষাৰ লিখিবলৈ দিয়া বাবে প্ৰথমেই “অসমীয়া ৱিকিপিডিয়া” বা “ৱিকিমিডিয়া সমাজ”ক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। পিছে কি লিখিম, ক’ৰ পৰা লিখিম একো উৱাদিহ পোৱা নাই। বাৰু! কিবা এটাৰে আৰম্ভ কৰোঁ। আচলতে কি জানে, ৱিকিপিডিয়াত যোগদান কৰা বহু বছৰেই হ’ল যদিও অভিজ্ঞতাৰ ফালৰ পৰা একেবাৰে নতুন, বহু বছৰ আগতেই অসমীয়া ৱিকিপিডিয়াৰ কথা বাতৰি কাকতত প্ৰকাশিত খবৰৰ যোগে জ্ঞাত হৈছিলোঁ, পিছে ইণ্টাৰনেটৰ সু-ব্যৱস্থা নথকা বাবে দৰ্শন কৰাৰ সৌভাগ্য হোৱা নাছিল। বহু বছৰৰ পিছত ‘টুজি’ (2G) ইণ্টাৰনেট সেৱা উপলব্ধ হোৱাত এদিন ইংৰাজী ৱিকিপিডিয়াত কিবা এটা তথ্য বিচাৰি থাকোঁতে ঘপহকৈ অসমীয়া ৱিকিপিডিয়াৰ কথা মনলৈ আহিল। সেইয়া আছিল ১৮ নৱেম্বৰ, ২০১৩ চনৰ কথা, সেই সময়ত পোনপতীয়াকৈ গুগলত তথ্য বিচাৰি অসমীয়াত টাইপ কৰিবলৈ সুবিধা নথকা বাবে ‘লিপ অফিছ’ত অসমীয়া টাইপ কৰিলৈ সেইয়া ‘কপি’ কৰি গুগলত বিচাৰি চালোঁ আৰু তেনেদৰেই প্ৰথমবাৰৰ বাবে অসমীয়া ৱিকিপিডিয়া দৰ্শন কৰা সৌভাগ্য হ’ল। সেই একেদিনাই ৱিকিপিডিয়াত একাউণ্ট এটাও খোলা হ’ল। অলপ পিছতেই সেইসময়ৰ অন্যতম সক্ৰিয় সদস্য শ্ৰীযুত দীপাংকৰ চেতিয়া দেৱৰ পৰা এটা আদৰণি বাৰ্তা লাভ কৰিলোঁ। সেই বাৰ্তাৰ যোগেদিয়েই “অসমীয়া ৱিকিমিডিয়া সমাজ - Assamese Wikimedia Community” নামৰ ফেচবুক গোটৰ লগত পৰিচিত হ’লোঁ। কিন্তু বহুদিনলৈকে কোনো ধৰণৰ সম্পাদনা কাৰ্যত জড়িত হোৱা নাছিলোঁ। পিছে মাজে মাজে কেতিয়াবা ধুমকেতুৰ দৰে ভূমুকি মাৰি বিভিন্ন তথ্য খুঁচৰিছিলোঁ। প্ৰথম সম্পাদনাটো কৰিছিলোঁ ৮ আগষ্ট, ২০১৫ চনত, সেইদিনা ভূগোলৰ তথ্য এটা বিচাৰি থাকোঁতে অসম্পূৰ্ণ ভূগোলৰ পৃষ্ঠাটো দেখা পাইছিলোঁ। পৃষ্ঠাটোত বিশেষ একো দেখা নাপাই হতাশ হ’লোঁ, মনতে থিৰ কৰিলোঁ যে এই পৃষ্ঠাটো আজি লিখিবলৈ চেষ্টা কৰি চোৱা হওক। অনভিজ্ঞ হোৱা বাবে কেইশাৰী মান বাক্য লিখোঁতেই ক’ব নোৱৰাকৈ তিনিঘণ্টা পাৰ কৰিলোঁ, তথ্যসূত্ৰ দিবলৈ যুঁজ বাগৰ চলিল, বাৰে বাৰে ভুল হ’ল; বুজিলোঁ যে মোৰ দ্বাৰা সম্ভৱ নহ’ব। তথাপিও সেই কেইশাৰী বাক্য লিখিয়েই বন্ধুসকলৰ আগত ৱিকিপিডিয়াৰ লেখক বুলি বিৰাট ফিতাহি এটা মাৰি ফুৰিছিলোঁ। এনেদৰে ১৩ চনৰ পৰা চলি অহা এই ধুমকেতুৰ যাত্ৰা এই বছৰৰ (২০২১ চন) এপ্ৰিলকৈ চলি থাকিল। এপ্ৰিল মাহত হঠাতে ক’ৰ’ণা ভাইৰাছৰ প্ৰকোপ বাঢ়ি কোভিদ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত বিদ্যালয়সমূহ বন্ধ হৈ পৰিল। বিদ্যালয়ত সতাঁৰ পাঠদানৰ আৰম্ভ হৈছিল। হাতত পাঠ্যপুথি নথকা বাবে অসুবিধা আহি পৰিল, বহু ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াৰ সহায় ল’ব লগা হ’ল। সতাঁৰ পাঠদানৰ প্ৰাতঃ সভাত পাঠ কৰা আজিৰ দিনটোৰ বাবে ইংৰাজী দিনপঞ্জীৰ পৃষ্ঠাত বাৰে বাৰে দৰ্শন কৰিবলৈ ধৰিলোঁ। অসম্পাদিত পৃষ্ঠাবোৰ দেখা পাই নিজে সম্পাদনা কৰিবলৈ ধৰিলোঁ। লাহে লাহে অন্য বিষয়ৰ পৃষ্ঠাবোৰলৈ গতি কৰিলোঁ। এনেদৰে ক’ব নোৱৰাকৈ ৱিকিপিডিয়াৰ মাজত সোমাই পৰিলোঁ। যদিও কোনো পদক বিচাৰি ফুৰা নাছিলোঁ, এই বছৰৰ জুলাই মাহত অসমীয়া ৱিকিমিডিয়া সমাজে “অক্লান্ত কৰ্মী পদক” আগবঢ়ালে। আমাৰ দ্বাৰা ফেচবুকত দিয়া ধন্যবাদ সূচক পোষ্ট এটাৰ যোগেদি ৱিকিপিডিয়াৰ সক্ৰিয় আৰু অভিজ্ঞ সদস্যসকলৰ সৈতে চছিয়েল মিডিয়াৰ যোগে পৰিচিত হ’লোঁ আৰু সেই মাহৰে প্ৰথম সপ্তাহত অসমীয়া ৱিকিমিডিয়া সমাজৰ হোৱাটছ এপ্ গোটতো সোমাই পৰিলোঁ। তেওঁলোকৰ পৰা ৱিকিপিডিয়া সম্পাদনাৰ সম্পৰ্কে নিতৌ ন ন কথা শিকিছোঁ। গতিকে ধন্য হৈছোঁ আৰু ধন্যবাদ দিছোঁ। এইয়া আছিল আমাৰ অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িতকৰণ।

 আনহাতে অনুভৱ হিচাপে ক’বলৈ গ’লে ৱিকিপিডিয়াত লিখাটো এক প্ৰকাৰৰ আচৰিত নিচা, এক বুজাব নোৱৰা আত্মপ্ৰসাদ, এই নিচা দিনে দিনে বাঢ়ি গৈয়ে আছে। যিসকলে এই নিচাত আসক্ত হৈছে তেওঁলোকে জ্ঞাত-অজ্ঞাতভাৱে অসমীয়া ভাষাটোৰ মেৰুদণ্ড মজবুত কৰি তোলাত বৃহৎ অৰিহণা যোগাইছে। এইয়া হৈছে নিজ মাতৃভাষাক সেৱা কৰাৰ এক সুৱৰ্ণ সুযোগ। সকলো অসমীয়া বিদ্বান লোকেই এই মহৎ কাৰ্যলৈ ধাৱমান হোৱা উচিত। ৱিকিপিডিয়াত থকা অফুৰন্ত তথ্যই তথ্য বা জ্ঞান-পিপাসুসকলৰ তথ্য বা জ্ঞানৰ ক্ষুধা নিবাৰণ কৰিছে। ছাত্ৰ-ছাত্ৰী, গৱেষক, শিক্ষক আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ সাৰথি হৈছে। ক’বলৈ গ’লে এইয়া অসমীয়া ভাষাৰ “ডিজিটেল জাগৰণ”। এই মহান কাৰ্যত জড়িত সকলোকে কোটি কোটি প্ৰণিপাত জনাইছোঁ। কিন্তু অসমীয়া ৱিকিপিডিয়াৰ “ডিজিটেল জাগৰণ” এতিয়াও সুপ্ত অৱস্থাত। জানিবলৈ পাইছোঁ যে, বৰ্তমানলৈকে অসমীয়া ৱিকিপিডিয়াত পঞ্জীভূত সদস্যৰ সংখ্যা ৩০,৭৪১জন আৰু সক্ৰিয় সদস্যৰ সংখ্যা প্ৰায় ১০০জনৰ আগে-পিছে আছে। অৰ্থাৎ মুঠ সদস্যৰ মাত্ৰ ০.৩৩ শতাংশ সদস্যহে সক্ৰিয়, ফলত অন্য ভাষাৰ তুলনাত আমি বহুত পিছত, এইয়া মুঠেই ভাল খবৰ নহয় বুলি ভাবোঁ। গতিকে সকলোকে সক্ৰিয় হ’বলৈ অনুৰোধ জনালোঁ। এই ক্ষেত্ৰত সচেতনতা সকলোৱে আছে বুলি অনুভৱ কৰোঁ। কিন্তু আমাক প্ৰয়োজন হৈছে “জাগ্ৰত জাগৰণৰ”। আশা ৰাখিছোঁ এই “জাগ্ৰত জাগৰণ” সোনকালেই আহক, অসমীয়া ভাষাৰ “ডিজিটেল জাগৰণৰ” অগ্ৰগতি হওক। তেহে হ’ব পাৰিম আমি প্ৰকৃত অসমীয়া জাতীয়তাবাদী। ধন্যবাদ।